Dipshikha

3136 Posts
বলিউডত আহিল ভাল খবৰ

বলিউডত আহিল ভাল খবৰ

সুখ পুনৰ আহিছে কমেডী কুইন ভাৰতী সিং আৰু তেওঁৰ স্বামী লেখক হৰ্ষ লিম্বাচিয়াৰ ঘৰত। দ্বিতীয় সন্তানক আদৰণি জনাইছে দম্পতীয়ে। ভাৰতী আৰু হৰ্ষৰ পৰিয়ালটো আৰু ডাঙৰ হৈ হ’ল, তেওঁলোকৰ ঘৰখন আনন্দৰে ভৰি পৰিছে। অৱশ্যে দুয়ো আনুষ্ঠানিক ঘোষণাৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।
Read More
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নগাঁও জিলাৰ কামপুৰত যোৱা মাজনিশা সংঘটিত ভয়ংকৰ পথ দুঘটনাই ৰাজ্যজুৰি এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত শোকাৱহভাৱে মৃত্যু ঘটে ৭টাকৈ বন্য হস্তীয়ে। আনহাতে গুৰুতৰভাৱে আহত হয় আন এটা হাতী।এই ভয়ংকৰ দুৰ্ঘটনাত ৰাজধানী এক্সপ্ৰেছৰ ৫টা ডবা ৰে’ল লাইনৰ পৰা নামি যায়। ইফালে এই দুৰ্ঘটনাৰ পিছত উজনি-নামনিৰ কেইবাখনো ৰে'ল বিভিন্ন ষ্টেচনত আৱদ্ধ হৈ পৰে। আনহাতে দুৰ্ঘটনাৰ বাবে ৬খন ৰে’লৰ চলাচলো বাতিল কৰা হৈছে। চাওক বাতিল হোৱা ৰে’লৰ তালিকা।আনহাতে দুৰ্ঘটনাৰ বাবে ৬খন ৰে’লৰ চলাচলো বাতিল কৰা হৈছে। কৰ্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি দুৰ্ঘটনাৰ পিছত ৰঙিয়া-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, গুৱাহাটী-যোৰহাট টাউন সংযোগী জনশতাব্দী এক্সপ্ৰেছ বাতিল কৰা হৈছে। গুৱাহাটী-বদৰপুৰ সংযোগী…
Read More
পুনৰ আটক তিনি ৰোহিংগীয়া

পুনৰ আটক তিনি ৰোহিংগীয়া

পুনৰ আটক তিনি ৰোহিংগীয়া। জানিব পৰা মতে, তিনিজনকৈ বাৰ্মাৰ নাগৰিকে সীমান্ত পাৰ হৈ দেশত প্ৰৱেশ কৰিছিল। পাছত তেওঁলোকে অসমত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল। তাৰ মাজতে তিনিওকে ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰে।ত্ৰিপুৰা ধৰ্মনগৰত আটক তিনি ৰোহিংগীয়া নাগৰিক। আই এছ বি টি (ISBT) এলেকাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিছে এই তিনিগৰাকীকৈ ৰোহিংগীয়া নাগৰিকক।আটকাধীন লোককেইজনৰ জেৰাৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে তিনিওজন বাৰ্মাৰ। তেওঁলোকৰ নাম আব্দুল ৰহিম, জেচমিন বেগম আৰু ৰামি আলী। সম্প্ৰতি ধৰ্মনগৰ আৰক্ষী থানাত বন্দীসকলক জেৰা অব্যাহত ৰাখিছে।
Read More
প্ৰতিবাদৰ মাজতে সংবাদমেল

প্ৰতিবাদৰ মাজতে সংবাদমেল

১০৮ কৰ্মীৰ প্ৰতিবাদে ১৭দিন অতিক্ৰম কৰিলে। আজি প্ৰতিবাদৰ মাজতে সংবাদমেল সম্বোধন ১০৮ৰ কৰ্মচাৰীৰ। আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ।অৱশেষত আজি স্বাস্থ্যমন্ত্ৰীৰ সৈতে বিশেষ আলোচনা হৈছে ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ। কিন্তু কি কি আলোচনা কৰিলে জানো আহক…১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰাঞ্জল শৰ্মাই। তেওঁ কয়, ‘১৭ দিন ধৰি আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰৰ কোনো সহযোগিতা নাই। আমাৰ প্ৰতিবাদৰ ভাষা বুজি পোৱা নাই। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। আমি এম্বুলেন্স ৰখাই ৰোগীক কেতিয়াও হাৰাশাস্তি কৰা নাই। স্বাস্থ্যমন্ত্রীক আজি আমি সাক্ষাৎ কৰিছোঁ। তেওঁ আমাক গোটেই বিষয় সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছে । কিন্তু আমি সন্তুষ্ট নহয়। আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ।’
Read More
এইবিধ খাদ্যই বহু বেমাৰৰ পৰা দিয়ে পৰিত্ৰাণ

এইবিধ খাদ্যই বহু বেমাৰৰ পৰা দিয়ে পৰিত্ৰাণ

আনাৰস এক পুষ্টিকৰ ফল। ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিয়ে শৰীৰক বিভিন্ন ধৰণৰ ৰোগৰ পৰা দূৰত ৰাখে। গতিকে আনাৰস খালে কি কি সমস্যা কম হ'ব পাৰে সেয়া জনা দৰকাৰ।আনাৰস হৈছে পুষ্টিৰে ভৰপূৰ ফল, যিয়ে হজমশক্তি উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, আৰু ভিটামিন চি, মেংগানিজ আদি দি শৰীৰক শক্তি যোগায়; ই বমি, পেটৰ কৃমি, ডিঙিৰ সংক্ৰমণ, আৰু উচ্চ তাপত উপকাৰী, লগতে গ্ৰীষ্মকালত দেহক ঠাণ্ডা ৰাখে। আনাৰসৰ উপকাৰিতা সমূহ হ'ল----- হজম সহায়ক: ইয়াত থকা ব্ৰোমেলেন নামৰ উৎসেচকে (enzyme) হজমশক্তি বঢ়ায় আৰু বদহজম কমায়।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন চি আৰু মেংগানিজ সমৃদ্ধ হোৱাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।পেটৰ কৃমি:…
Read More
আজিৰে পৰা দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহন নিষিদ্ধ

আজিৰে পৰা দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহন নিষিদ্ধ

দিল্লীত শেহতীয়াকৈ বৃদ্ধি পোৱা বায়ু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। বিষাক্ত ধোঁৱাৰে আবৃত দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আজিৰে পৰা দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহন নিষিদ্ধ কৰা হৈছে।লগতে, বৈধ প্ৰদূষণৰ প্ৰমাণ পত্ৰ (পিইউচি) নথকা বাহনসমূহক ইন্ধন প্ৰদান বন্ধ কৰাৰ দৰে প্ৰদূষণ বিৰোধী পদক্ষেপ হাতত লৈছে চৰকাৰে। চৰকাৰে স্পষ্ট কৰি দিয়ে যে, দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত নন-বিএছ VI বাহনৰ প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা GRAP-IV চলি থকালৈকে বলবৎ থাকিব।
Read More
শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক দেখা গ’ল ব্যতিক্ৰমী ৰূপত

শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক দেখা গ’ল ব্যতিক্ৰমী ৰূপত

শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল।বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা যোৱা সপ্তাহত দুই সন্তানৰ সৈতে লণ্ডনৰ পৰা ঘৰলৈ উভতি আহিছিল। আৰু সপ্তাহটো শেষ হোৱাৰ লগে লগে লৰালৰিকৈ গ’ল প্ৰেমানন্দ মহাৰাজক লগ কৰিবলৈ।অনুৰাগীৰ মাজত এটাই প্ৰশ্ন, প্ৰেমানন্দজী মহাৰাজৰ লগত দুয়োজনে কি কথা পাতিলে? ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত কোহলী আৰু অনুষ্কাক প্ৰেমানন্দজী মহাৰাজৰ সৈতে আধ্যাত্মিক বাৰ্তালাপত অংশগ্ৰহণ কৰা দেখা গৈছে।
Read More
হঠাৎ এনে বিপদ আহিব বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল…

হঠাৎ এনে বিপদ আহিব বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল…

হঠাৎ এনে বিপদ আহিব বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল। তেওঁ ভাবিছিল যে ফুটবল তাৰকা লিয়নেল মেছিৰ সৈতে পুত্ৰৰ ফটো তুলি ছ’চিয়েল মিডিয়াক দিব। ফটোখন তুলিলে যদিও বিপদত পৰিল।পুনৰ বিপদত পৰিছে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী।অভিনেত্ৰীগৰাকীয়ে ভাবিছিল ফুটবল তাৰকা লিয়নেল মেছিৰ সৈতে পুত্ৰৰ ফটো তুলি ছ’চিয়েল মিডিয়া দিলে সেয়া ভাইৰেল হৈ পৰিব। ফটোখন তুলিছিল ঠিকেই, কিন্তু ধুমুহা সৃষ্টি হোৱাৰ পূৰ্বেই তেওঁ বিপদত পৰে। আচলতে এই ঘটনাৰ লগত মেছিৰ কোনো সম্পৰ্ক নাই। শিল্পা বিপদত পৰিছে বেংগালুৰুৰ এখন ৰেষ্টুৰেণ্টত।শিল্পা আৰু তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৬০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ আছে। দৰাচলতে দুয়োৰে বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰা হৈছিল। শিল্পাই আইনী…
Read More
২০ ডিচেম্বৰত অসমত আহিব মোদী

২০ ডিচেম্বৰত অসমত আহিব মোদী

২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব।বিয়লি ৩ বজাত কেইবাটাও কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। এই সময়চোৱাত মোদীয়ে বৰঝাৰত নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেল মুকলি কৰাৰ লগতে নতুন বিমান বন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পাছতে ৭০ হাজাৰ জনতাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব তেওঁ। ইয়াক লৈ এতিয়া ব্যস্ত হৈ পৰিছে শাসকীয় দলৰ নেতা-মন্ত্ৰীসকল।
Read More
আমাৰ শৰীৰৰ বাবে বহু প্ৰয়োজনীয় এইবিধ খাদ্য

আমাৰ শৰীৰৰ বাবে বহু প্ৰয়োজনীয় এইবিধ খাদ্য

কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কেঁচা নহৰু খালে আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো সেই বিষয়ে জানো আহক- মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় হৈছে নহৰু । মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও নহৰুত ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ।নহৰুত মেগনেছিয়াম, কেলচিয়াম, জিংক আৰু চেলেনিয়ামৰ উপৰিও ভিটামিন চি, ভিটামিন এ আৰু ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যিহেতু ইউৰিক এচিড আৰু উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে ই উপকাৰী, গতিকে ইয়াক কেতিয়া আৰু কেনেকৈ গ্ৰহণ কৰিব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয় । ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু চালফাৰ যৌগে…
Read More