Dipshikha

3128 Posts
অসমবাসীৰ বাবে আহিল এক অতিকৈ ভাল খবৰ

অসমবাসীৰ বাবে আহিল এক অতিকৈ ভাল খবৰ

ৰিয়ান পৰাগ। ভাৰতীয় ক্ৰিকেট খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগে এইবাৰ লাভ কৰিছে গুৰুত্বপূৰ্ণ দায়িত্ব। আজি ঘোষণা কৰা হয় যে- ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে নেতৃত্ব প্ৰদান কৰিব খেলুৱৈগৰাকীয়ে।এই লীগ আৰম্ভ হোৱাৰ পূৰ্বেই অসমবাসীৰ বাবে আহিল এক অতিকৈ ভাল খবৰ। ২০২৬ৰ আইপিএলত শক্তিশালী দল ৰাজস্থান ৰয়েলছৰ অধিনায়ক পদত অসম সন্তান ৰিয়ান পৰাগ। ২০১৯চনত প্ৰথমবাৰৰ বাবে আইপিএলত খেলিছিল খেলুৱৈগৰাকীয়ে। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত খেলি আহিছে পৰাগে। সমুখৰ পৰা এইবাৰ ৰাজস্থান ৰয়েলছক নেতৃত্ব দিবলৈ ওলোৱা ৰিয়ান পৰাগে নিজৰ দলটোক ২০২৬ৰ IPLৰ চেম্পিয়ন ট্ৰফী হাতত দাঙি ধৰিব বুলি আশাবাদী ৰাজস্থান ৰয়েলছ আৰু খেলুৱৈগৰাকীৰ প্ৰতিগৰাকী অনুৰাগী। ইফালে, দলটোৰ অধিনায়কৰ দায়িত্ব লাভ…
Read More
ৰানৱেলৈ উন্নীত হ’ল মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ

ৰানৱেলৈ উন্নীত হ’ল মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ

ৰানৱেলৈ উন্নীত হ’ল মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে মৰাণৰ ৰাজপথত নিৰ্মাণ কৰা ELF ৷ মৰাণৰ ৰাজপথত বায়ু সেনাই দেখুৱালে শক্তি ৷ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মীয়মান চাৰিলেনযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ অত্যাধুনিক উন্নতমানৰ ইমাৰজেন্সী লেণ্ডিং ফিল্ডত (ELF) আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উল্লেখ্য যে আজি মৰাণত আয়োজিত এই বিশেষ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বায়ুসেনাৰ মুখ্য মাৰ্শ্বাল এ পি সিঙে (Air Chief Marshal A P Singh) । মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰীক অসমৰ স্বাভিমান এখন গামোচা, এটি ফুলাম জাপি আৰু আমাৰ চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী…
Read More
আজি ক’লা দিৱস

আজি ক’লা দিৱস

১৪ ফেব্ৰুৱাৰী… বিশ্বৰ বহু ঠাইত আজিৰ এই দিনটো ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰা হয় ৷ কিন্তু ১৪ ফেব্ৰুৱাৰীৰ এই দিনটোৱে প্ৰতিজন ভাৰতীয়ক ২০১৯ চনৰ সেই গভীৰ বিষাদৰ কথাহে মনত পেলাই দিয়ে ।২০১৯চনৰ ১৪ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন CRPF জোৱান শ্বহীদ হয় । তেতিয়াৰ পৰা ভাৰতত এই দিনটোক "ক’লা দিৱস" হিচাপে স্মৰণ কৰা হয় ।সেইদিনা বিয়লি প্ৰায় ৩:১০ বজাত পুলৱামাৰ লেথপোৰা অঞ্চলত চি আৰ পি এফৰ বাহনৰ সৈতে বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি এখন গাড়ী বাছৰ সংঘৰ্ষ হয় ৷ জানিব পৰা মতে, বাছখনত ৩০০ কিলোগ্ৰামতকৈ অধিক আৰ ডি এক্স ভৰ্তি হৈ আছিল । সেই সংঘৰ্ষত এক ভয়ংকৰ বিস্ফোৰণ ঘটে ৷ যি…
Read More
বন্ধ হৈ পৰিব হোৱাটছ এপ

বন্ধ হৈ পৰিব হোৱাটছ এপ

বন্ধ হৈ পৰিব হোৱাটছ এপ। চৰকাৰে এইক্ষেত্ৰত জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। ইতিমধ্যে পৰ্যায়ক্ৰমে হোৱাটছ এপৰ ভিন্ন সেৱা বন্ধ কৰিছে চৰকাৰে। ইয়াৰ ফলত লাখ লাখ লোকৰ জীৱনলৈ আহিছে ব্যাপক পৰিৱৰ্তন। পিছে হোৱাটছ এপ বন্ধ কৰাৰ এই নিৰ্দেশনা আমাৰ দেশৰ চৰকাৰে নহয়, ৰাছিয়া চৰকাৰেহে জাৰি কৰিছে।ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াই আমেৰিকাৰ কোম্পানীসমূহক এফালৰ পৰা এৰি আহিছে। তদুপৰি ৰাছিয়া চৰকাৰে বিচাৰে যে অধিক নাগৰিকে থলুৱা MAX নামৰ চৰকাৰী এপ এটা ব্যৱহাৰ কৰক । সমালোচকসকলে কয় যে চৰকাৰে নাগৰিকক ট্ৰেক কৰিবলৈ এই এপটো ব্যৱহাৰ কৰে।
Read More
বাংলাদেশত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন

বাংলাদেশত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন

: বাংলাদেশত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন । ২০২৪ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শাসনৰ অন্ত পেলোৱা বৃহৎ গণ বিদ্ৰোহৰ পিছত অনুষ্ঠিত প্ৰথমটো নিৰ্বাচন তাৰিক ৰহমানৰ নেতৃত্বাধীন বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে শুকুৰবাৰে জয়লাভ কৰাৰ দাবী কৰিছে ।অৱশ্যে নিৰ্বাচন আয়োগে চূড়ান্ত ফলাফল সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও বি এন পিৰ মিডিয়া চেলে X পোষ্টত দলটোৰ বিজয়ৰ দাবী কৰি কয়, “বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে সংখ্যাগৰিষ্ঠ আসনত জয়লাভ কৰাৰ পিছত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে ।”
Read More
ৰাজ্যলৈ আহিল সুখবৰ

ৰাজ্যলৈ আহিল সুখবৰ

অসমৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্বাচনী টোপ ! নিৰ্বাচনৰ আগে আগে কেন্দ্ৰই ৰাজ্যখনৰ বাবে ঘোষণা কৰিলে প্ৰায় ৭৪৮ কোটি টকাৰ পুঁজি । এই পুঁজিৰে ৰাজ্যখনত নিৰ্মাণ কৰা হ'ব পথ আৰু দলং । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি (চি আৰ আই এফ) আঁচনিৰ অধীনত অসমৰ ১০ টা পথৰ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকাৰ অনুমোদন দিয়াৰ লগতে চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬ খন দলং প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন জনোৱা হৈছে ।
Read More
আজিৰে পৰা সেৱা তীৰ্থ হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা

আজিৰে পৰা সেৱা তীৰ্থ হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা

আজি অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ আজিৰে পৰা সেৱা তীৰ্থ হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা ৷প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো নতুন ঠিকনালৈ স্থানান্তৰিত হ’লে অৱসান ঘটিব এটা যুগৰ ৷ ১৯৪৭ চনত দেশৰ স্বাধীনতাৰ পিছৰে পৰা ৰাইছিনা হিলছৰ দক্ষিণ ব্লকতে আছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো ।
Read More
ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ

ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচ খেলাৰ সিদ্ধান্ত লৈছে পাকিস্তানে৷ পাকিস্তান চৰকাৰে নিজৰ দলটোক অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ খেলখন খেলিবলৈ কয় ৷পাকিস্তান চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, “বিভিন্ন দেশৰ সৈতে হোৱা আলোচনাৰ ফলাফল আৰু বন্ধুত্বপূৰ্ণ দেশৰ অনুৰোধত পাকিস্তান চৰকাৰে পাকিস্তান ৰাষ্ট্ৰীয় ক্ৰিকেট দলক ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত, আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচৰ বাবে খেলপথাৰত নামিবলৈ নিৰ্দেশ দিছে ৷”
Read More
আজিৰে পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা

আজিৰে পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা

আজিৰে(মঙলবাৰ)ৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা । ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব । ৰাজ্যৰ মুঠ ১,০৪৬ টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰ ভিতৰত ১,৯০,২৪৩ জন ছাত্ৰ আৰু ২,৪৮,৩২২ গৰাকী ছাত্ৰী ৷এই তথ্য সদৰী কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে মুঠ ৪৫ টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰবহীসমূহ মূল্যায়ন কৰা হ'ব । আনহাতে, ১১ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।
Read More
নলবাৰীত একেলগে পাঁচ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম

নলবাৰীত একেলগে পাঁচ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম

একেলগে পাঁচ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম । অসমৰ পৰম্পৰাগত লোক পৰিৱেশ্য কলা তথা নামনি অসমৰ অন্যতম লোক-সংস্কৃতি নাগাৰা নামেৰে ৰজনজনালে নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰি । সোমবাৰে সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ হাজাৰ শিল্পীয়ে সমূহীয়াভাবে নাগাৰা আৰু তাল বজাই ৰজনজনাই তোলে হৰিমন্দিৰ বাকৰি ।ভক্তিমূলক গীত,পদ আৰু কাহিনী পৰিবেশন কৰি এক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰিলে পাঁচ হাজাৰ শিল্পীয়ে । উল্লেখ্য় যে জিলাখনৰ নাগাৰা সূৰ্য প্ৰয়াত ৰামচৰণ ভৰালীৰ দল, কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আদিৰ লগতে প্ৰায় ৩০০ টা নাগাৰা নাম দলৰ পাঁচহাজাৰ শিল্পীয়ে এই নাগাৰা নাম পৰিবেশন কৰে ।
Read More