Dipshikha

3128 Posts
অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । শুকুৰবাৰে কংগ্ৰেছ নেত্ৰীগৰাকী উপস্থিত হয় সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত । প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ সন্মান আৰু আদৰ প্ৰদৰ্শন কৰে । জুবিন ক্ষেত্ৰত উপস্থিত হৈয়েই প্ৰিয়ংকা গান্ধীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ সেৱা জনায় । তেওঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গৰ অৱদানৰ শলাগ লয় । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়,"মই আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে, জুবিন গাৰ্গ একপ্ৰকাৰে অসমৰ আত্মাৰ কণ্ঠ আছিল, অসমৰ অভিব্যক্তি আছিল । অসমৰ যি সভ্যতা তাৰ বিষয়ে জুবিন গাৰ্গে গাইছিল । তেওঁৰ যিসমূহ গীত আছিল এটাও গানত এইটো নাছিল…
Read More
বিপদত ৰাহুল গান্ধী

বিপদত ৰাহুল গান্ধী

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ এক গোচৰত বৃহস্পতিবাৰে চুলতানপুৰ আদালতত হাজিৰ হয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী । ভাষ্য প্ৰদানৰ বাবে আদালতত হাজিৰ হোৱাৰ লগে লগে আদালতৰ বাহিৰত বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ভিৰ কৰে । আদালত চৌহদৰ বাহিৰতো বহু কৰ্মী সমবেত হয় ।ইফালে ৰাহুল গান্ধীৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনী । নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয় । ডগ স্কোৱাডৰ দলেও আদালত চৌহদ তন্ন-তন্নকৈ পৰীক্ষা কৰে । ইফালে ৰাহুল গান্ধীয়ে আদালতত প্ৰৱেশ কৰি নিজৰ ভাষ্য প্ৰদান কৰে । তেওঁৰ লগত কেইবাগৰাকী অধিবক্তাও উপস্থিত থাকে ।
Read More
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ গৌৰৱ গগৈসহ দলৰ জ্যেষ্ঠ নেতাই জনালে আদৰণি ৷বৃহস্পতিবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয়, য’ত তেওঁ অসম নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে কেবাখনো বৈঠকত মিলিত হ’ব ।প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে জনোৱা মতে, তেওঁ দলটোৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰাৰ লগতে বিধায়ক, জিলা সভাপতি আৰু সাংসদসকলৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হ’ব । যিহেতু তেওঁ দলৰ স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা ।
Read More
বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। ২০১৮ চনৰ এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমর্পণ কৰিবলৈ নির্দেশ দিছিল। অভিনেতাগৰাকীয়ে ১১ দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল। অভিযোগকাৰীৰ বেংক একাউণ্টত ১.৫ কোটি টকা জমা কৰাৰ পাছত ৰাজপাল যাদৱৰ আইনী সকাহৰ পথ মুকলি হোৱা বুলি আদালতে উল্লেখ কৰে ।
Read More
ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনিও

ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনিও

কাঠফুলা, আমাৰ বহুতেই কাঠফুলাক কেৱল বিষাক্ত বুলিয়েই গণ্য কৰি আহিছো। যাৰ বাবে আমি কাঠফুলা খোৱাৰ পৰা নিজকে আতৰাই ৰাখো। কিন্তু এই ধাৰণা একেবাৰেই অৰ্থহীন। কাঠফুলা (Mushroom) প্ৰটিন, ভিটামিন (B, C, D), আৰু খনিজ পদাৰ্থ (পটাছিয়াম, চেলেনিয়াম) সমৃদ্ধ এক উচ্চ পুষ্টিগুণসম্পন্ন উপকাৰী খাদ্য। ই ৰক্তহীনতা দূৰ কৰে, হজম শক্তি বৃদ্ধি কৰে, উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ এণ্টি-অক্সিডেণ্ট গুণবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আলঝেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰে।কাঠফুলাৰ প্ৰধান উপকাৰী গুণসমূহ:উচ্চ পুষ্টিগুণ: কাঠফুলা প্ৰটিন আৰু আঁহৰ এক উৎকৃষ্ট উৎস, যি নিৰামিষভোজীসকলৰ বাবে অত্যন্ত উপকাৰী।ৰক্তহীনতা দূৰ কৰা: ইয়াত থকা ফলিক এচিডে তেজ গঠনত সহায় কৰে।ৰোগ প্ৰতিৰোধ…
Read More
বিপদত অনিল আম্বানী

বিপদত অনিল আম্বানী

২৬ ফেব্ৰুৱাৰীত জেৰাৰ বাবে ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব অনিল আম্বানী । ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে এই সপ্তাহত জবানবন্দী দিয়াৰ পৰা বিৰত থকাৰ পিছত এইবাৰ নতুনকৈ চমন জাৰি কৰিছে ই ডিয়ে । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । তেওঁৰ পত্নী তথা পূৰ্বৰ অভিনেত্ৰী টিনা আম্বানীয়েও ইয়াৰ পূৰ্বে দুবাৰকৈ স্থগিতাদেশ বিচাৰিছে আৰু ১০ ফেব্ৰুৱাৰী আৰু ১৭ ফেব্ৰুৱাৰীৰ নিৰ্ধাৰিত তাৰিখত ই ডিৰ সন্মুখত তেওঁ হাজিৰ হোৱা নাই ।ই ডিয়ে পূৰ্বে এক বিবৃতিত দাবী কৰিছিল যে ২০২৩ চনত আৰ কমৰ কৰ্প'ৰেট ইনছলভেন্সী ৰিজ’লিউচন প্ৰচেছ (চি আই আৰ পি)ৰ সময়ত গাৰ্গে নিউয়ৰ্কৰ এই সম্পত্তি 'প্ৰৱঞ্চনামূলকভাৱে' বিক্ৰী কৰিছিল ।
Read More
প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ৷ ১৮-১৯ ফেব্ৰুৱাৰীত ৰাজ্যখন ভ্ৰমণ কৰিব ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৷শাসকীয় দলটোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নবীনে ১৮ ফেব্ৰুৱাৰীত অসমত উপস্থিত হৈ ডিব্ৰুগড়ত বুথ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তাৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাতেই বাৰেকুৰিৰ বৰগাঁৱত অৱস্থিত বৰনামঘৰত উপস্থিত হৈ ভকতবৃন্দৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বাৰ্তালাপত মিলিত হ’ব ৷ তাৰ পাছতে গুইজানত অৱস্থিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত আশীৰ্বাদ গ্ৰহণ কৰিব ।
Read More
কেঁচা কণীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কেঁচা কণীৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস। সেয়েহে মানুহে প্ৰায়ে খাদ্য তালিকাত এই খাদ্য বিধ অন্তৰ্ভুক্ত কৰে। কণী বহু ধৰণে সেৱন কৰা হয়। কোনোৱে বইল, কোনোৱে অমলেট বনায়। অৱশ্যে কিছুমান মানুহে কেঁচাকৈ খায়। ইয়াৰ পৰা প্ৰশ্ন উত্থাপন হয় যে, কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা যায় নেকি, নে কেঁচা কণীয়ে অধিক উপকাৰ দিয়ে ? কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা বুলি ধাৰণাটো সম্পূৰ্ণ সঁচা নহয়, বৰঞ্চ সিজোৱা কণীহে শৰীৰে অধিক হজম আৰু গ্ৰহণ কৰিব পাৰে। কেঁচা কণীয়ে পেশী আৰু চুলিৰ বাবে কিছু উপকাৰ দিলেও, ইয়াত থকা 'এভিদিন' (avidin) নামৰ প্ৰ’টিনে বায়’টিন শোষণত বাধা দিয়ে আৰু চালমোনেলা বেক্টেৰিয়াৰ ফলত ফুড পইজনিং হোৱাৰ সম্ভাৱনা…
Read More
প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ চমক

প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ চমক

প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ চমক । ২০ ফেব্ৰুৱাৰীত তেওঁ গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ৷ এই কথা সদৰী কৰিছে বৰাৰ ঘনিষ্ঠই ৷বিধানসভা নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি কংগ্রেছ এৰিলে ভূপেন বৰাই । অসম প্ৰদেশ কংগ্রেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই এৰিলে কংগ্রেছ দল । সোমবাৰে পুৱা ৮ বজাত অসন্তুষ্টি প্ৰকাশেৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী লৈ লিখিলে পদত্যাগ পত্র ।কংগ্ৰেছ দল ত্যাগ কৰি কি কৰিব ভূপেন বৰাই ? বিজেপিত বা আন দলত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত ভূপেন বৰাই কয় যে তেওঁ ৰাজনীতি নেৰে । ৰাজনীতিৰ অব্যাহত…
Read More
চচল প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই

চচল প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই

চচল প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই।বে আইনী বাবে ভাৰতীয় নাগৰিকক হাৰাহাস্তি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই। মিঞাৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে২৬ ৰাজনৈতিক বৈতৰণী পাৰ হ'বলৈ হাতত কোনো ইছু নাই। যাৰ ফলত বাৰম্বাৰ দুখীয়া নিচলা মুচলমান জনসাধাৰণক বাছি বাছি অত্যাচাৰ আৰু নিৰ্যাতন কৰি আছে । মুছলিম ছাত্ৰ সন্থাই চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় মুছলমানৰ কি অসমত থকাৰ অধিকাৰ নাই নেকি বুলি প্ৰশ্ন কৰে মুছাৰ সভাপতি।আশ্বিক ৰাব্বানীয়ে মুছলিম ছাত্ৰ সন্থা ফালৰ পৰা কয় উচ্ছেদ কৰক আপত্তি নাই কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক সংস্থাপন অবিহনে উচ্ছেদক লৈ গৰজি উঠিল মুছা। মুছলমানৰ লগত হোৱা অন্যায় অত্যাচাৰ বে আইনী উচ্ছেদক আৰু জনবীৰুধী কামৰ…
Read More