Dipshikha

3401 Posts
বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

মধ্যপ্ৰাচ্যত পুনৰ সৃষ্টি হোৱা তীব্ৰ সামৰিক উত্তেজনাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনীতিত এক ডাঙৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে।আমেৰিকাই ইৰানৰ ওপৰত চলোৱা নতুন সামৰিক আক্ৰমণৰ পাছতেই দুয়োখন দেশৰ মাজত বৰ্তি থকা যুদ্ধবিৰতি চুক্তিৰ অন্ত পৰা বুলি স্পষ্ট ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বিস্ফোৰক ঘোষণাৰ লগে লগেই বিশ্ব বজাৰত খাৰুৱা তেলৰ (Crude Oil) মূল্য হঠাতে ৫ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু মুদ্ৰাস্ফীতিৰ আশংকা ঘনীভূত হৈ পৰিছে।তুৰস্কৰ আংকাৰাত অনুষ্ঠিত নাট’ (NATO) সন্মিলনত এক সংবাদ মেল সম্বোধন কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অত্যন্ত আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে।এই সামৰিক সংঘাতৰ কু-প্ৰভাৱ কেৱল তেলৰ বজাৰতে সীমাবদ্ধ থকা নাই, বৰঞ্চ…
Read More
নিজৰ মাটিতে মই মৰিব খোজো ৷’’

নিজৰ মাটিতে মই মৰিব খোজো ৷’’

‘‘নিজৰ মাটিতে মই মৰিব খোজো ৷’’ দেশ এৰি পলায়ন কৰি থকা শ্বেখ হাছিনাই বাংলাদেশলৈ পুনৰ উভতি যোৱাৰ বাবে যো-জা চলাইছে বুলি ANI-ত প্ৰকাশ পাইছে ৷অৱশ্যে তেওঁ নিজৰ দেশলৈ উভতি অহাৰ পৰিকল্পনা সন্দৰ্ভত ঢাকাৰ বৰ্তমানৰ কৰ্তৃপক্ষৰ সৈতে কোনো আলোচনা হোৱা নাই । শ্বেখ হাছিনাই কয়, "মই উভতি আহিলে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, আনকি মোক হত্যা কৰিব পাৰে । তথাপিও মই ঘৰৰ মাটিলৈ উভতি যাব লাগিব ।"তেওঁ কয়, "মোৰ দলৰ নেতা-কৰ্মীসকলৰ ওপৰত অত্যধিক হেঁচা পৰিছে । যদি মৃত্যু আহে তেন্তে মই বিচাৰো যে সেয়া মোৰ মাতৃভূমিতেই হওক, য ঠাইত মোৰ পিতৃ-মাতৃক সমাধিস্থ কৰা হৈছিল আৰু যিঠাইত তেওঁলোকৰ তেজ বৈছিল ।"
Read More
স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ। স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত নতুনকৈ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। এই সন্দৰ্ভত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহৰ বাবে ৬,৮১৪ গৰাকী এম বি বি এছচিকিৎসক, ৮২ গৰাকী আয়ুষ চিকিৎসক, ২২ গৰাকী দন্ত চিকিৎসক, ১০,৯৪২ গৰাকী ষ্টাফ নাৰ্ছ, ৪,৬৬৯ গৰাকী ফার্মাচিষ্ট, ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান, ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ, ১,২৮৩ গৰাকী এ এন এম, ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক/একাউন্টটেন্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্রায় ৩৩,২৪০ টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ।
Read More
পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি

পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি

এতিয়াৰে পৰা সন্তান জন্মহোৱাৰ পাছত কেৱল মহিলাই নহয়, পুৰুষেও লাভ কৰিব ছুটি। ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি। অচিৰেই এই নতুন নিয়ম কাৰ্যকৰী হ'ব অসমত। জয়ন্ত মল্ল বৰুৱাই এই ঘোষণা কৰি কয় যে, সন্তানৰ জন্মত উতসাহিত কৰিবলৈ আমাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Read More
ইমাম ৰেজাৰ মছজিদত সমাধিষ্ঠ আলী খোমেনেইক

ইমাম ৰেজাৰ মছজিদত সমাধিষ্ঠ আলী খোমেনেইক

লাখ লাখ জনতাৰ সমাগমৰ মাজতে পূব ইৰাণত থকা খোমেনেইৰ গৃহ চহৰ মাছহাদৰ ইমাম ৰেজাৰ মছজিদলৈ লৈ যোৱা হৈছিল পতাকাৰে আবৃত তেওঁৰ কফিনটো ৷খোমেনেইৰ পুত্ৰ তথা উত্তৰাধিকাৰী মোজতাবা খোমেনেই ৰাজহুৱাভাৱে উপস্থিত থকা কোনেও দেখা নাপালে এই অনুষ্ঠানত ।ছয়দিনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষৰ দিনটোত মাছহাদত খোমেনেইৰ সমাধিস্থলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছিল ৷ নিযুক্তি পোৱাৰ পিছত এতিয়াও ৰাজহুৱা স্থানত হাজিৰ নোহোৱা মোজতাবা খোমেনেই এই অনুষ্ঠানলৈ আহিছিল নে নাই তাৰ ওপৰত নজৰ ৰখা হয় ।
Read More
লখিমপুৰত নিশা গৰজিল আৰক্ষীৰ বন্দুক

লখিমপুৰত নিশা গৰজিল আৰক্ষীৰ বন্দুক

লখিমপুৰত বৃহস্পতিবাৰে নিশা গৰজিল আৰক্ষীৰ বন্দুক । ধৰাশায়ী হ’ল দুই জালনোট সৰবৰাহকাৰী ।শেহতীয়া খবৰ অনুসৰি, কেইদিনমানৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত লাখ লাখ জালনোট উদ্ধাৰ, সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত বৃহস্পতিবাৰে নিশা গৰজিল উঠিল আৰক্ষীৰ বন্দুক ।আৰক্ষীৰ গুলীত আহত হয় মুকছিদুল আলম আৰু মতিবুৰ ৰহমান নামৰ দুই অভিযুক্ত ৷ সম্প্ৰতি আহত ধৃত দুই অভিযুক্ত চিকিৎসাধীন হৈ আছে ৷
Read More
পিতৃ-মাতৃক কোনো সন্তানে কৰিব নোৱাৰিব অবহেলা

পিতৃ-মাতৃক কোনো সন্তানে কৰিব নোৱাৰিব অবহেলা

বৃদ্ধকালত পিতৃ-মাতৃক কোনো সন্তানে অনাদৰ কৰিলে তেনে সন্তানক সকলো পৈতিক সা-সম্পত্তি পৰা আইনগতভাৱে বঞ্চিত কৰিব পাৰিব। বম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে যদি সন্তানৰ লালন-পালন কৰাৰ পিছতো তেওঁলোকে বৃদ্ধ বয়সত পিতৃ-মাতৃৰ চোৱাচিতা নকৰে, তেন্তে পিতৃ-মাতৃয়ে সন্তানক দিয়া নিজৰ সম্পত্তি ঘূৰাই লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। আনকি পিতৃ-মাতৃ আৰ্থিকভাৱে স্বাৱলম্বী হ’লেও এই নিয়ম প্ৰযোজ্য হ’ব বুলি আদালতে কয়।
Read More
ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে

ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে

অখিল গগৈয়ে এইবাৰ ঠেলাত আনিলে মাছ, ব্ৰইলাৰ মুৰ্গী, কণী, চুপাৰী আদি সামগ্ৰী । দেখুৱালে কি দৰে ছিণ্ডিকেটৰ বাবেহে ৰাজ্য়ত মূল্যবৃদ্ধি হৈছে…। বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা সদনৰ বাহিৰত ছিণ্ডিকেট বাবে মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বিধায়ক গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।লগতে কাৰ্টুনৰ যোগেদি কিদৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেট চলাই আছে তাক দাঙি ধৰে ।সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, "প্ৰতিটো সামগ্ৰীতে ছিণ্ডিকেট চলাই থকা হৈছে । যাৰ বাবে মূল্যবৃদ্ধি হৈছে । বাৰ্মাৰ এক কেজি চুপাৰীত ৬০ টকাকৈ গুণ্ডাটেক্স লোৱা হয় । চুপাৰীৰ এক ট্ৰাকত ২৪ লাখ টকাৰ…
Read More
অৰুণাচল প্ৰদেশত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

অৰুণাচল প্ৰদেশত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

এইবাৰ অৰুণাচল প্ৰদেশত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, বুধবাৰে লোহিত জিলাৰ লোহিতপুৰত এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছে, যাৰ ফলত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা গৈছে ।অৰুণাচলৰ লোহিতপুৰত হোৱা ভূমিস্খলনৰ ফলত বিহাৰৰ দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা গৈছে ৷তেওঁ উল্লেখ কৰা মতে, মৃত শ্ৰমিক দুজন হৈছে বিহাৰৰ ভাগলপুৰ জিলাৰ শিককুণ্ড গাঁৱৰ বাসিন্দা ২৬ বছৰীয়া ৰাহুল কুমাৰ আৰু ভাগলপুৰ জিলাৰ নৱগছিয়া, প্ৰতাপ নগৰৰ বাসিন্দা প্ৰায় ৩৩ বছৰীয়া বিপিন কুমাৰ । দুয়ো লোহিতপুৰত শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত আছিল ।
Read More
গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম । নিয়ম পালন নকৰাসকলৰ বাবে ৩০০-২৫,০০০ টকাৰ জৰিমনাৰ ব্যৱস্থা ।মহানগৰীৰ য'তে-ত'তে আৱৰ্জনা পেলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰাকৃতিক জলাশয় প্ৰদূষিত কৰা কাৰ্য ৰোধ কৰিবলৈ পৌৰ নিগমে এক নতুন ৰাজহুৱা জাননী জাৰি কৰিছে ।এতিয়াৰে পৰা ৰাস্তাই ঘাটে আৱৰ্জনাই নহয়, পিক পেলালেও জৰিমনা ভৰিব লাগিব ।
Read More