Dipshikha

3128 Posts
প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব

প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব

আজি মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ো কয় যে- বিহু,দুৰ্গা পূজাৰ সময়ত একোটাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে- প্ৰতিটো পৰিয়াললৈ দুটাকৈ ফ্ৰী চিলিণ্ডাৰৰ প্ৰদান কৰিব বুলি।
Read More
একেটা পৰিয়ালৰে ৯ জন লোকৰ থিতাতে মৃত্যু

একেটা পৰিয়ালৰে ৯ জন লোকৰ থিতাতে মৃত্যু

মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাহন নিয়ন্ত্ৰণ হেৰুৱাই এটা দকৈ খান্দি থকা কুঁৱাত বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰে ৯ জন লোকৰ থিতাতে মৃত্যু হয়। মৃতকৰ ভিতৰত ৬টি শিশু আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় ৰাইজ তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ক্ৰেনৰ সহায়ত কুঁৱাটোৰ পৰা বাহনখন আৰু মৃতদেহসমূহ উদ্ধাৰ কৰে। দ কুঁৱাটোত পানী থকাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে।
Read More
আমেৰিকাৰ পৰা আহিছে ডাঙৰ খবৰ

আমেৰিকাৰ পৰা আহিছে ডাঙৰ খবৰ

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইৰানৰ আকাশমাৰ্গত শুকুৰবাৰে ধ্বংস কৰে আমেৰিকাৰ F-15E বিমান। এই বিমান ধ্বংসৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ট্ৰাম্পে উল্লেখ কৰিছে যে- ''এই ঘটনাবোৰে কূটনীতি আৰু আলোচনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে। এইখন এখন যুদ্ধ আৰু যুদ্ধত এনে ঘটনা ঘটে।" লগতে কয়- ট্ৰাম্পে কয় -বৰ্তমানৰ পৰিস্থিতি জটিল আৰু স্পৰ্শকাতৰ। গতিকে চলি থকা অনুসন্ধান আৰু উদ্ধাৰ অভিযান সন্দৰ্ভত তেওঁ বিতংভাৱে ক’ব নোৱাৰিব।
Read More
নাৰিকলৰ উপকাৰী গুণৰ বিষয়ে জানেনে

নাৰিকলৰ উপকাৰী গুণৰ বিষয়ে জানেনে

নাৰিকল এক অতি পুষ্টিকৰ আৰু উপকাৰী ফল, যি শৰীৰত শক্তি যোগোৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা আইৰণ, মেগনেছিয়াম, আৰু ভিটামিন-ই হাড়ৰ স্বাস্থ্য উন্নত কৰে আৰু মেটাবলিজম বৃদ্ধি কৰে। ইয়াৰ উপৰিও, নাৰিকল পানীয়ে শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা কৰে আৰু হৃদযন্ত্ৰৰ বাবে উপকাৰী।নাৰিকলৰ বিভিন্ন উপকাৰিতা তলত উল্লেখ কৰা হ’ল:শক্তি প্ৰদান: নাৰিকলত থকা স্বাস্থ্যকৰ চৰ্বি (MCTs) দ্ৰুতগতিত শক্তি প্ৰদান কৰে।হাড়ৰ স্বাস্থ্য: মেংগানীজৰ উপস্থিতিৰ বাবে ই হাড় মজবুত কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ: ইয়াত থকা এণ্টিমাইক্ৰ’বিয়াল গুণাগুণে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।হৃদযন্ত্ৰ: নিয়মীয়াকৈ নাৰিকল খালে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে বুলি।সৌন্দৰ্য বৰ্ধক: নাৰিকলৰ তেল আৰু পানী ছাল আৰু চুলিৰ যত্নৰ বাবে অত্যন্ত উপকাৰী।ওজন নিয়ন্ত্ৰণ:…
Read More
চৰ্চাত থকা জনপ্ৰিয় নেতা ৰাঘৱ চাদ্দাই পুনৰবাৰ চৰ্চা লাভ কৰিছে

চৰ্চাত থকা জনপ্ৰিয় নেতা ৰাঘৱ চাদ্দাই পুনৰবাৰ চৰ্চা লাভ কৰিছে

শেহতীয়াকৈ দেশৰ জনতাৰ স্বাৰ্থত সংসদত সবল কণ্ঠৰে সংবাদ চৰ্চাত থকা জনপ্ৰিয় নেতা ৰাঘৱ চাদ্দাই পুনৰবাৰ চৰ্চা লাভ কৰিছে ৷ সদনৰ মজিয়াত নিতৌ নতুন বিষয়ত মাত মতাৰ বাবে এইবেলি ৰাঘৱৰ নাম চৰ্চালৈ অহা নাই ৷ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ কৰাটো বৃহস্পতিবাৰৰ দিনটোত দেশৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে । বিগত কিছুদিন ধৰি দলৰ ভিতৰচ’ৰাত ভিন্ন বিষয়ত চাদ্দাৰ সক্ৰিয় ভূমিকাক লৈ বহু প্ৰশ্নও উত্থাপন হৈছে । মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দলৰ তাৰকা প্ৰচাৰকৰ তালিকাৰ পৰা ৰাঘৱ চাদ্দাৰ নাম বাদ পৰিছিল ৷ সেই বিষয়টোৱেও যথেষ্ট চৰ্চা লাভ কৰিছিল । বৰ্তমান সংসদীয় দলত চাদ্দাক পদৰ পৰা আঁতৰ কৰাটোও সেই ধাৰাৰে অংশ বুলি…
Read More
আকৌ অসমলৈ আহিব আনন্দ মিশ্ৰ

আকৌ অসমলৈ আহিব আনন্দ মিশ্ৰ

আকৌ অসমলৈ আহিব আনন্দ মিশ্ৰ। পিছে এইবাৰ তেওঁ আৰক্ষী বিষয়াৰ ৰূপত অসমলৈ নাহে।৩দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব আনন্দ মিশ্ৰ।৫ এপ্ৰিলত তিনিচুকীয়াত চলাব নিৰ্বাচনী প্ৰচাৰ।৬ এপ্ৰিলত লখিমপুৰত আৰু ৭ এপ্ৰিলত নগাঁৱত প্ৰচাৰ চলাব আনন্দ মিশ্ৰই।
Read More
কমলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কমলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

অনিয়মিত খাদ্যাভ্যাস, বায়ু প্ৰদূষণ আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলত বহু লোকৰ মুখৰ ছাল নিস্তেজ, ৰুক্ষ আৰু প্ৰাণহীন হৈ পৰিছে। এই সমস্যাৰ সমাধানৰ বাবে বহুতে ক্ৰীম, ছিৰাম আৰু সৌন্দৰ্য্য চিকিৎসাৰ নামত হাজাৰ হাজাৰ টকা ব্যয় কৰে। কিন্তু এই সকলোবোৰ ৰাসায়নিক পদাৰ্থযুক্ত, যিয়ে ছালখনৰ উপকাৰৰ সলনি অপকাৰহে কৰে। ছালৰ যত্নত ব্যৱহাৰ কৰিব পৰা এবিধ প্ৰাকৃতিক উপাদান হৈছে কমলাৰ বাকলি। কমলা বাকলিৰ উপকাৰিতা---- কমলাৰ বাকলি ভিটামিন C, এন্টিঅক্সিডেন্ট আৰু ছাইট্রিক এচিডেৰে ভৰপূৰ, যি ছাল উজ্জ্বল কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা আৰু হজম শক্তি উন্নত কৰাত সহায় কৰে । ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে শালমইনা কমায় আৰু শুকান বাকলিৰ গুড়ি ফেচপেক হিচাপে ব্যৱহাৰ কৰিলে ছালৰ দাগ দূৰ…
Read More
পাকিস্তানত ভয়ংকৰ ঘটনা

পাকিস্তানত ভয়ংকৰ ঘটনা

পাকিস্তানী সেনাৰ ঘাটীত ভয়ংকৰ আক্ৰমণ আফগানিস্তানৰ। এয়াৰষ্ট্ৰাইকত উৰি গ'ল পাক সেনাৰ ঘাটী। থিতাতে কেইবাজনো পাক সেনাৰ প্ৰাণ গ'ল। ইৰান-ইজৰাইলৰ যুদ্ধত জুৰুলা পাকিস্তানত হাহাকাৰ পৰিৱেশ।
Read More
ৰাজ্যজুৰি ঘোষণা হ’ল ড্ৰাই ডে’

ৰাজ্যজুৰি ঘোষণা হ’ল ড্ৰাই ডে’

ৰাজ্যজুৰি ঘোষণা হ'ল ড্ৰাই ডে'। ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজা পৰ্যন্ত ড্ৰাই ডে' ঘোষণা। এই সময়চোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপনী। ৪ মে'ৰ ভোট গণনাৰ দিনটোত কামৰূপ (ম) জিলাত ড্রাই ডে'। ৪ মে'ত গণনা সম্পূর্ণ নোহোৱা পর্যন্ত জাৰি নিৰ্দেশনা। থলুৱা সুৰাৰ কাৰখানাও বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ (ম) জিলাত। নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব প্ৰশাসনে।
Read More
ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্স

ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্স

ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে সাধাৰণ জনতাৰ বাবে আহিছে এক অতি বেয়া খবৰ । ১ এপ্ৰিল অৰ্থাৎ আজিৰ পৰাই ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্সৰ (Toll Tax) হাৰ । ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি আৰু নাটনিৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই সিদ্ধান্তই এতিয়া সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে ।
Read More