09
Sep
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে নতুন ভিৰ’ ১.১ এক্সএক্সএল চিএনজি মুকলি আৰু উন্নীত ভিৰ’ ডিজেলৰ সৈতে নিজৰ ভিৰ’ লঘু বাণিজ্যিক বাহনৰ পৰিসৰৰ সম্প্ৰসাৰণ কৰিছে, যাৰ ফলত প্ৰতিষ্ঠানটোৰ বহু-শক্তি চালিত আৰ্বান প্ৰচপাৰ প্লেটফৰ্ম অধিক শক্তিশালী হৈ পৰিছে।নগৰৰ ভিতৰত চলাচল কৰাৰ বাবে বিশেষ ধৰণে ডিজাইন কৰা ভিৰ’ ভিৰ’ ১.১ এক্সএক্সএল চিএনজি-এ ১.১ টন বহন ক্ষমতা আৰু ২,৯০০ মিলিমিটাৰ কাৰ্গ’ ডেক প্ৰদান কৰে। বাহনখনৰ টাৰ্নিং ৰেডিয়াছ ৫.১ মিটাৰ আৰু ই ১.২ লিটাৰৰ নেচাৰেলী এস্পিৰেটেড ইঞ্জিনৰ দ্বাৰা চালিত, যিয়ে ৪৮.৫ কিলোৱাট শক্তি আৰু ৯৮ এনএম টৰ্ক উৎপাদন কৰে। বাহনখনে এ.আৰএআই-প্ৰমাণিত প্ৰতি কেজিত ২১.৪ কিলোমিটাৰ ইন্ধন দক্ষতা আৰু ৪৫০ কিলোমিটাৰতকৈও অধিক পেট্ৰ’ল+চিএনজি-ৰ সন্মিলিত পৰিসৰ প্ৰদান কৰে।…
