27
Jul
স্ক’ডা অটো ইণ্ডিয়াই নিজৰ শ্লাভিয়া মণ্টে কাৰ্ল’ মডেলত দুটা নতুন এক্সক্লুচিভ ডুৱেল-টোন ৰং— চিমলা গ্ৰীন আৰু ষ্টীল গ্ৰে অন্তৰ্ভুক্ত কৰি নিজৰ প্ৰিমিয়াম চেডান শ্ৰেণীটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। স্ক’ডাই ঘোষণা কৰা অনুসৰি, এই সীমিত সংস্কৰণৰ গাড়ী কেৱল ২০০ খনহে প্ৰস্তুত কৰা হ’ব। এই ৰংসমূহ ১.০ লিটাৰ টিএছআই অটোমেটিক আৰু ১.৫ লিটাৰ টিএছআই ডিএছজি অটোমেটিক দুয়োটা পাৱাৰট্ৰেইনতে উপলব্ধ হ’ব। এই শেহতীয়া সংযোজনৰ উদ্দেশ্য হৈছে শ্লাভিয়া মণ্টে কাৰ্ল’ৰ ক্ৰীড়াসুলভ ষ্টাইল, ব্লেক-আউট বাহ্যিক অংশ, মণ্টে কাৰ্ল’ৰ স্বকীয় ডিজাইন, ক'লা আৰু ৰঙা ৰঙৰ কেবিন থিম আৰু অত্যাধুনিক ইণ্টেৰিঅ'ৰ অক্ষুণ্ণ ৰাখি গ্ৰাহকক অধিক এক্সক্লুচিভ বা অনন্য অনুভৱ প্ৰদান কৰা। ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই কয় যে…
