গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপে জেনেটিক প্লেটফৰ্ম একত্ৰীকৰণৰ সৈতে নিজৰ সংহত কী মেনেজমেণ্ট ব্যৱস্থা স্থাপনৰ বাবে য়োট্টা আৰু এনটিটি ডাটা চেণ্টাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ দায়িত্ব লাভৰ পিছত ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত ডিজিটেল আন্তঃগাঁথনি সুৰক্ষা খণ্ডত নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰিছে।
প্ৰথমাৱস্থাত এটা ডাটা চেণ্টাৰৰ বাবে প্ৰদান কৰা এই দায়িত্ব পৰৱৰ্তী সময়ত এক সফল পোনপটীয়া প্ৰদৰ্শনৰ পিছত একাধিক সুবিধা বা কেন্দ্ৰলৈ সম্প্ৰসাৰণ কৰা হয়, য’ত কেন্দ্ৰীভূত কী মেনেজমেণ্ট, কাৰ্যক্ষমতা, বৰ্ধিত সুৰক্ষা আৰু জেনেটেক ছফ্টৱেৰৰ বৰ্তমান তথা ভৱিষ্যতৰ সংস্কৰণসমূহৰ সৈতে সামঞ্জস্যতা প্ৰদৰ্শন কৰা হয়।
গড্ৰেজে কয় যে নিজৰ একত্ৰিকৰণ সামৰ্থ্য় আৰু জেনেটিকৰ সৈতে অংশীদাৰিত্বই এই সুযোগ লাভত সহায় কৰিছিল, লগতে কোম্পানীটোৱে দাবী কৰা অনুসৰি এই প্ৰতিষ্ঠানটো বৰ্তমান ভাৰতৰ একমাত্ৰ সংস্থা, যি এই সুৰক্ষা প্লেটফৰ্মৰ সৈতে একত্ৰিত হৈছে।
কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং, ডিজিটেল পেমেণ্ট, এণ্টাৰপ্ৰাইজ ডিজিটেলাইজেচন, ই-প্ৰশাসন আৰু ডেটা লোকেলাইজেচনৰ দ্বাৰা পৰিচালিত ভাৰতৰ ডাটা চেণ্টাৰ উদ্যোগৰ দ্ৰুত বিকাশৰ মাজতে এই সম্প্ৰসাৰণ ঘটিছে। ভাৰতৰ কাৰ্যক্ষম ডাটা চেণ্টাৰৰ সামৰ্থ্য ২০২৮ চনৰ ভিতৰত ৩ গিগাৱাট অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত স্থিতিস্থাপক আৰু সংহত সুৰক্ষা আন্তঃগাঁথনিৰ চাহিদা বৃদ্ধি পাইছে।
জিইজিৰ ছিকিউৰিটি ছল্যুচন ব্যৱসায়ে সংহত সুৰক্ষা, কী মেনেজমেণ্ট, এক্সেছ কণ্ট্ৰল আৰু আন্তঃগাঁথনি সুৰক্ষা সেৱাৰ পৰ্টফলিঅ’ৰ জৰিয়তে পৰৱৰ্তী দুবছৰত ডাটা চেণ্টাৰ খণ্ডৰ পৰা ৫০ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছে।
গুৱাহাটী মহানগৰীত এই অগ্ৰগতি যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিটেল আন্তঃগাঁথনি পৰিস্থিতিতন্ত্ৰৰ ধাৰাবাহিকভাৱে বিকাশ ঘটিছে। ক্লাউড সেৱা, চৰকাৰী ডিজিটেলাইজেচন, ডিজিটেল পেমেণ্ট আৰু এণ্টাৰপ্ৰাইজ কানেক্টিভিটীৰ ক্ৰমবৰ্ধমান চাহিদাই এই অঞ্চলত ডাটা আন্তঃগাঁথনিৰ বিনিয়োগ বৃদ্ধিৰ লগে লগে উন্নত সুৰক্ষা আৰু এক্সেছ-মেনেজমেণ্ট সেৱাৰ বাবে সুযোগ সৃষ্টি কৰিব পাৰে।
গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ সুৰক্ষা সেৱা শাখাৰ ব্যৱসায়িক মুৰব্বী পুষ্কৰ গোখলেই কয় যে গুৰুত্বপূৰ্ণ ডিজিটেল আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ বাবে এনে সংহত ব্যৱস্থাৰ প্ৰয়োজন যিয়ে এণ্ড-টু-এণ্ড দৃশ্যমানতা, ট্ৰেচেবিলিটী, কাৰ্যক্ষমতা আৰু এক বৃহৎ পৰিসৰত বৰ্ধিত সুৰক্ষা প্ৰদান কৰে।
ডাটা চেণ্টাৰ সুৰক্ষা খণ্ডৰ পৰা ৫০ কোটি উপাৰ্জনৰ লক্ষ্য গড্ৰেজৰ
