শিক্ষাৰ্থীৰ মাজত প্ৰযুক্তিগত সজাগতা বৃদ্ধিৰ বাবে টিচিএছৰ ২৭ সংখ্যক গ্ৰাম্য আইটি কুইজৰ আৰম্ভণি

টাটা কনচেলটেন্সী চাৰ্ভিচেছ(টিচিএছ)-এ কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, আইটি আৰু বিটি বিভাগৰ সহযোগত ২৭ সংখ্যক টিচিএছ গ্ৰাম্য আইটি কুইজ প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে। এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে ভাৰতৰ সৰু চহৰ আৰু জিলাসমূহৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰযুক্তি সম্পৰ্কে সজাগতা বৃদ্ধি কৰা।
বেংগালুৰু টেক চামিট ২০২৬-ৰ এক অভিন্ন অংশ হিচাপে আয়োজিত এই কুইজ প্ৰতিযোগিতাখন অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি থাকিব। অৱশ্যে নগৰ নিগম এলেকাৰ অন্তৰ্গত বিদ্যালয়সমূহ ইয়াৰ বাবে যোগ্য নহ’ব। এই প্ৰতিযোগিতাত অনলাইন পৰীক্ষা, ভাৰ্চুৱেল কুইজ ৰাউণ্ড আৰু মুখামুখি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ভাৰতৰ প্ৰথমটো আইটি কুইজ হিচাপে লিম্কা বুক অৱ ৰেকৰ্ডছ-এ স্বীকৃতি দিয়া এই প্ৰতিযোগিতাখনত কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং, ব্যৱসায় আৰু উদীয়মান প্ৰযুক্তিৰ লগতে বেংকিং, শিক্ষা, ৰবটিক্স, সংবাদ মাধ্যম, ক্ৰীড়া, গেমিং আৰু মনোৰঞ্জন আদিসহ বিভিন্ন খণ্ডত তথ্যপ্ৰযুক্তিৰ প্ৰয়োগ আদি সামৰি লোৱা হ’ব।
পৃথকভাৱে মুঠ ৮খন আঞ্চলিক ফাইনেল অনুষ্ঠিত হ’ব আৰু ইয়াৰ বিজয়ীসকলে ২০২৬ চনৰ নৱেম্বৰ মাহত বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ফাইনেল প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। আঞ্চলিক পৰ্যায়ৰ বিজয়ী আৰু ৰানাৰ্ছ-আপসকলে ক্ৰমে ১০,০০০ টকা আৰু ৭,০০০ টকা মূল্যৰ গিফ্ট ভাউচাৰ লাভ কৰিব। একেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজয়ী আৰু ৰানাৰ্ছ-আপে ক্ৰমে ১ লাখ টকা আৰু ৫০,০০০ টকাৰ টিচিএছ শৈক্ষিক জলপানি লাভ কৰিব।
২০২৬ চনৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত আগ্ৰহীসকলে পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ পূৰ্বৰ সংস্কৰণত ২৮খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫.৬২ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।
২০০০ চনত আৰম্ভ হোৱাৰে পৰা এই কুইজ প্ৰতিযোগিতাখনে বৰ্তমানলৈকে ২২.৪ মিলিয়নতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ কাষ চাৰিবলৈ সক্ষম হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *