মে’ ২০২৩-ৰ পৰা মণিপুৰত আৰম্ভ হোৱা গোষ্ঠীগত হিংসাত্মক ঘটনাত বৰ্তমানলৈকে কমেও ৩০৬ জন লোক নিহত হৈছে আৰু ৪৯ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। শেহতীয়াকৈ ৰাজ্যিক বিধানসভাত এই কথা প্ৰকাশ কৰিছে চৰকাৰে। বিধানসভাৰ অধিবেশনৰ সময়ত এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃহমন্ত্ৰী গোবিন্দাস কন্থৌজামে জনায় যে ২০২৬ চনৰ ৩১ আগষ্ট পৰ্যন্ত ৰেকৰ্ড কৰা পৰিসংখ্যা অনুসৰি এই হিংসাই সমগ্ৰ ৰাজ্যখনতে ব্যাপক স্থানান্তৰ আৰু স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাইছে।
উল্লেখ্য যে মে’ ২০২৩-ত মেইটেই আৰু কুকি-জো-হমাৰ সম্প্ৰদায়ৰ মাজত এই সংঘাত আৰম্ভ হৈছিল। বিজেপি নেতা এন বিৰেণ সিঙে পদত্যাগ কৰাৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰীলৈকে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ আছিল। ২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত য়ুমনাম খেমহান্দ সিঙে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী য়ুমনাম খেমহান্দ সিঙে বিধানসভাত জানিবলৈ দিয়া মতে, এই অভূতপূৰ্ব সংকটৰ সময়ত প্ৰায় ৬০,০০০ লোক স্থানচ্যুত হৈছিল। ইয়াৰে ৩৬,০০০ গৰাকী অন্তৰ্বৰ্তীনভাৱে স্থানচ্যুত লোকক পুনৰসংস্থাপিত কৰা হৈছে আৰু ২৪,০০০ গৰাকী লোক এতিয়াও বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ আছে।
