Business Bureau

2980 Posts
উজনি অসমত বান সাহায্য বৃদ্ধি কৰি চিএছআৰ পদক্ষেপৰ জৰিয়তে ১,১০০টা পৰিয়ালক সহায় কৰিছে ইণ্ডাছ টাৱাৰ্ছে

উজনি অসমত বান সাহায্য বৃদ্ধি কৰি চিএছআৰ পদক্ষেপৰ জৰিয়তে ১,১০০টা পৰিয়ালক সহায় কৰিছে ইণ্ডাছ টাৱাৰ্ছে

টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছে অসমত বান সাহায্য কাৰ্যসূচী অব্যাহত ৰাখিছে। ৰাজ্যখনে ভয়াৱহ বানপানীৰ প্ৰভাৱৰ সৈতে যুঁজি থকাৰ সময়তে কোম্পানীটোৱে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰায় ১,১০০টা বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান কৰিছে। কোম্পানীটোৰ ধ্বজাবাহী কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) কাৰ্যসূচী প্ৰগতিৰ অধীনত সোণাৰী আৰু টীয়ক কেন্দ্ৰসমূহৰ জৰিয়তে এই সাহায্য বিতৰণ কাৰ্যসূচী চলোৱা হৈছে। বানাক্ৰান্ত পৰিয়ালসমূহক শুকান খাদ্য সামগ্ৰী, ৱাশ্ব(পানী, অনাময় আৰু স্বাস্থ্যবিধি) সামগ্ৰী আৰু প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী অন্তৰ্ভুক্ত থকা একোটা সম্পূৰ্ণ সাহায্য কিট যোগান ধৰা হৈছে। গৰ্ভৱতী মহিলা, প্ৰসূতী মাতৃ আৰু ছমাহৰ পৰা দুবছৰ বয়সৰ শিশুসকলৰ উপযোগী নিৰ্দিষ্ট পুষ্টি আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা কিট বিতৰণ কৰা হৈছিল।ইণ্ডাছ…
Read More
ভি ফাউণ্ডেচন আৰু এৰিকছনে ৰবোৎসৱ প্লেটফৰ্মৰ জৰিয়তে প্ৰসাৰ ঘটাইছে ষ্টেম শিক্ষাৰ

ভি ফাউণ্ডেচন আৰু এৰিকছনে ৰবোৎসৱ প্লেটফৰ্মৰ জৰিয়তে প্ৰসাৰ ঘটাইছে ষ্টেম শিক্ষাৰ

ভোডাফোন আইডিয়াৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা শাখা ভি ফাউণ্ডেচনে সমগ্ৰ ভাৰতৰে শিক্ষাৰ্থীসকলৰ মাজত ৰব’টিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তা শিক্ষা সম্প্ৰসাৰণৰ উদ্দেশ্যেৰে এক আন্তঃবিদ্যালয় ৰব’টিক্স প্লেটফৰ্ম ৰবোৎসৱ – দ্য ফেষ্টিভেল অৱ টেকন’লজি মুকলি কৰিবলৈ এৰিকছনৰ সৈতে অংশীদাৰিত্ব কৰিছে। জ্ঞান অংশীদাৰ মইনী ফাউণ্ডেচনৰ সহযোগত ৰব’টিক্স লেব প্ৰগ্ৰেমৰ অধীনত বিকশিত কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ডিজিটেল আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ সংমিশ্ৰণেৰে ষ্টেম শিক্ষাক অধিক আকৰ্ষণীয় কৰি তোলা। নতুনকৈ মুকলি কৰা ৰবোৎসৱ ৱেবছাইটে দেশজুৰি ছাত্ৰ-ছাত্ৰীসকলক কুইজ, ৰচনা লিখন প্ৰতিযোগিতা, ব্লগ আৰু ৰব’টিক্স, এআই, থ্ৰীডি প্ৰিণ্টিং, প্ৰগ্ৰামিং, ভাৰ্চুৱেল ৰিয়েলিটি তথা জেনেৰেটিভ এআই সামৰি লোৱা নিৰ্বাচিত শিক্ষণ সমলসমূহ লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে। এটা মুক্ত ডিজিটেল প্লেটফৰ্ম হিচাপে ডিজাইন…
Read More
জুনিয়ৰ প্ৰগ্ৰেমৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছক শক্তিশালী কৰিছে টিভিএছ মটৰে আপাচে

জুনিয়ৰ প্ৰগ্ৰেমৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছক শক্তিশালী কৰিছে টিভিএছ মটৰে আপাচে

টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ যুৱ ৰেচিং প্ৰতিভাক চিনাক্ত আৰু উদযাপনৰ উদ্দেশ্যে এক তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছ পদক্ষেপ— টিভিএছ আপাচে জুনিয়ৰ প্ৰগ্ৰেম মুকলি কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কোম্পানীটোৱে মাদ্ৰাজ মটৰ স্পৰ্টছ ক্লাৱক ১০ খন টিভিএছ আপাচে আৰআৰ ২০০ মিনি মটৰচাইকেল আগবঢ়াইছে। এমএমএচচিয়ে এই মটৰচাইকেলসমূহ এক সুপৰিকল্পিত ৰাইডাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত ১০ৰ পৰা ১৪ বছৰ বয়সৰ উদীয়মান ৰেচাৰসকলক প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰিব। এই পদক্ষেপৰ অধীনত মাদ্ৰাজ ইণ্টাৰনেচনেল কাৰ্টিং এৰিনাত পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াত অংশগ্ৰহণকাৰীসকলে অভিজ্ঞ প্ৰশিক্ষক আৰু টিভিএছ ৰেচিং চেম্পিয়নসকলৰ তত্ত্বাৱধানত বিশেষভাৱে প্ৰস্তুত কৰা আপাচে আৰআৰ ২০০ মিনি মটৰচাইকেলৰ সহায়ত প্ৰশিক্ষণ লাভ কৰিব। এই কাৰ্যসূচীয়ে এক নিয়ন্ত্ৰিত পৰিৱেশত অনুশাসন, সঠিকতা,…
Read More
২০টা অ’টিটি প্লেটফৰ্ম আৰু আনলিমিটেড ৫জি সুবিধাসম্পন্ন ২০০ টকীয়া মনোৰঞ্জন পেক মুকলি ভি-ৰ

২০টা অ’টিটি প্লেটফৰ্ম আৰু আনলিমিটেড ৫জি সুবিধাসম্পন্ন ২০০ টকীয়া মনোৰঞ্জন পেক মুকলি ভি-ৰ

ভোডাফোন আইডিয়াই ২০০ টকা মূল্যৰ এটা নতুন প্ৰিপেইড মনোৰঞ্জন পেক মুকলি কৰিছে, য’ত ২০টা অ'টিটি প্লেটফৰ্ম, ২০০তকৈও অধিক লাইভ টিভি চেনেল, ৩০জিবি হাই-স্পীড ডাটা আৰু ২৮ দিনৰ বৈধতাৰ সৈতে আনলিমিটেড ৫জি ডাটাৰ সুবিধা প্ৰদান কৰা হৈছে। টেলিকম অপাৰেটৰজনে জনোৱা মতে, এই নতুন ভি মুভিজ এণ্ড টিভি ভেল্যু পেকটোৰ লক্ষ্য হৈছে এটা একক ৰিচাৰ্জৰ অধীনত একাধিক ষ্ট্ৰীমিং সেৱা একত্ৰিত কৰি ডিজিটেল মনোৰঞ্জনক সহজ কৰি তোলা। এই পেকটোত অন্যান্য প্লেটফৰ্মৰ লগতে জিঅ' হটষ্টাৰ, ছনী লিভ, জি৫, লায়ন্সগেট প্লে, শ্বেমাৰু মি, মনোৰমা মেক্স, ফেনকোড, প্লেফ্লিক্স, ক্লিক, অটৰংগি, চৌপাল, অ'টিটি প্লে লাইভ, পকেট ফিল্মছ, য়ুপটিভি, আড্ডাটাইমছ, কাঁচা লংকা, টাইমছ প্লে আৰু নেক্সট জিটিভিৰ দৰে…
Read More
উত্তৰ-পূৰ্বাঞ্চলৰ তিব্বতীসকলৰ কণ্ঠত তিব্বতৰ স্বাধীনতাৰ প্ৰতিধ্বনি: চীনৰ জাতিগত একতা আৰু প্ৰগতি আইন প্ৰত্যাখ্যান

উত্তৰ-পূৰ্বাঞ্চলৰ তিব্বতীসকলৰ কণ্ঠত তিব্বতৰ স্বাধীনতাৰ প্ৰতিধ্বনি: চীনৰ জাতিগত একতা আৰু প্ৰগতি আইন প্ৰত্যাখ্যান

তিব্বতৰ ওপৰত চীনৰ অবৈধ দখলদাৰী আৰু তিব্বতী প্ৰতিৰোধক অপৰাধ হিচাপে গণ্য কৰিবলৈ আইনৰ অপব্যৱহাৰৰ বিৰুদ্ধে যোৱা ২ জুলাইত নিউয়ৰ্ক চহৰৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৫২ বছৰীয়া তিব্বতী কৰ্মী লোবগা ৰাংজেনে শৰীৰত জুই লগাই প্ৰতিবাদেৰে নিজকে আত্মজাহ কৰে। এই আত্মজাহৰ প্ৰতিবাদ এনে এক সময়ত পোহৰলৈ আহিছে, যি সময়ত তিব্বতীসকলে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা চীনৰ "জাতিগত একতা আৰু প্ৰগতি আইন"ক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। এই আইনে ৰাষ্ট্ৰীয় একতা আৰু প্ৰগতিৰ নামত তিব্বতীসকলক বলপূৰ্বকভাৱে অত্যাচাৰী হান জাতিৰ সৈতে মিলি যাবলৈ বাধ্য কৰিছে। লোবগাৰ আত্মজাহৰ ঘটনা বৰ্তমানৰ তিব্বতৰ স্বাধীনতা সংগ্ৰামক প্ৰতিফলিত কৰা ১৬০তকৈও অধিক আত্মজাহ প্ৰতিবাদৰ অন্যতম। বেইজিঙে নিজৰ ঔপনিৱেশবাদী লক্ষ্য আগবঢ়াই নিবলৈ আৰু…
Read More
এই বাৰিষাৰ সময়ছোৱাত সঠিক বীমাৰে আপোনাৰ বাহনখন সুৰক্ষিত ৰাখক

এই বাৰিষাৰ সময়ছোৱাত সঠিক বীমাৰে আপোনাৰ বাহনখন সুৰক্ষিত ৰাখক

অসমৰ বানপীড়িত অঞ্চলসমূহৰ লগতে বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত বাহনৰ গৰাকীসকল এক জটিল পৰিস্থিতিৰ মুখামুখি হৈছে। এনে সময়ত পানীৰ বাবে বাহনৰ ক্ষতিসাধন, হঠাতে বিকল হোৱা আৰু যাতায়াত ব্যাহত হোৱাৰ আশংকা বহুত বেছি থাকে। এই পৰিস্থিতিত বাহন চালকসকলে নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু বাহনৰ ক্ষতিৰ আশংকা হ্ৰাস কৰিবলৈ আৱশ্যকীয় সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। পানী জমা হোৱা পথ এৰাই চলা, যাত্ৰা কৰাৰ পূৰ্বে বতৰ আৰু পথৰ অৱস্থা পৰীক্ষা কৰা, টায়াৰ আৰু ব্ৰেক সঠিককৈ ৰখা, আৰু বাহনৰ জৰুৰী অংশসমূহ সক্ৰিয় হৈ থকাটো নিশ্চিত কৰিলে বাৰিষা কালত হ’ব পৰা দুৰ্ঘটনা আৰু বিকলতা বহুখিনি ৰোধ কৰিব পৰা যায়। ইয়াৰ উপৰিও এক নিৰ্ভৰযোগ্য মটৰ…
Read More
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অসমৰ বান সাহায্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত কাৰ্গ’ মাচুলত ৰেহাই

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অসমৰ বান সাহায্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত কাৰ্গ’ মাচুলত ৰেহাই

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে অসমৰ বানপীড়িত অঞ্চলসমূহত চলি থকা সাহায্য অভিযানৰ প্ৰতি সমৰ্থন জনাই সাহায্য সামগ্ৰী পৰিবহণৰ বাবে কাৰ্গ’ মাচুল সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে বানপীড়িত ৰাইজৰ সহায়ৰ বাবে কাম কৰি থকা পঞ্জীয়নভুক্ত বেচৰকাৰী সংগঠন আৰু স্বীকৃতিপ্ৰাপ্ত সাহায্য সংস্থাসমূহৰ জৰুৰী সামগ্ৰীসমূহৰ সৰবৰাহ ক্ষিপ্ৰ কৰি তোলা। যোগ্য কাৰ্গ’সমূহৰ ভিতৰত খাদ্য আৰু শুকান ৰেচন, খোৱাপানী, ঔষধ, অনাময় আৰু স্বচ্ছতা কিট, কাপোৰ, কম্বল, তিৰ্পাল আৰু অন্যান্য জৰুৰী মানৱীয় যোগান সামগ্ৰী অন্তৰ্ভুক্ত হ’ব পাৰে, যিবোৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ নিয়ম আৰু নীতিৰ অধীনত নিৰীক্ষণ কৰা হ’ব। এই ৰেহাই ব্যৱস্থা দিল্লী, বেংগালুৰু আৰু কলকাতাৰ পৰা গুৱাহাটী অভিমুখে চলাচল কৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ…
Read More
২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ মুখ্য স্পনছৰ হিচাপে পিচিআইৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিলে এছবিআই লাইফে

২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ মুখ্য স্পনছৰ হিচাপে পিচিআইৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিলে এছবিআই লাইফে

এছবিআই লাইফ ইঞ্চুৰেন্সে ২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ বাবে ভাৰতীয় দলৰ মূল সহযোগী হৈ পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়া(পিচিআই)ৰ সৈতে থকা সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিছে। ইয়াৰ লগতে গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ পেৰা গেমছ আৰু জাপানৰ আইচি-নাগোয়াত হ’বলগীয়া এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰিবলগীয়া এথলীটসকলৰ বাবে এছবিআই লাইফ ইঞ্চুৰেন্স অফিচিয়েল লাইফ ইঞ্চুৰেন্স পাৰ্টনাৰ হিচাপে থাকিব। এই ঘোষণাই পেৰিছ ২০২৪ পেৰালিম্পিক গেমছৰ সময়ত গঢ়ি উঠা সহযোগিতাৰ পিছত ভাৰতৰ পেৰা-এথলীটসকলৰ সৈতে এছবিআই লাইফৰ অংশগ্ৰহণৰ পৰিসৰ অধিক বৃদ্ধিক বুজাইছে। এই নৱীকৃত অংশীদাৰিত্বৰ অধীনত বীমা প্ৰতিষ্ঠানটোৱে ২০২৬ চনত হ’বলগীয়া দুটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে সাজু হোৱা ভাৰতীয় দলটোক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। এছবিআই লাইফে জনাইছে যে,…
Read More
সাৰদাকেয়াৰ-হেল্থ চিটিয়ে ডিব্ৰুগড়ত স্পেচিয়েলিষ্ট অ’পিডি মুকলিৰে উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী কৰিলে নিজৰ স্থিতি

সাৰদাকেয়াৰ-হেল্থ চিটিয়ে ডিব্ৰুগড়ত স্পেচিয়েলিষ্ট অ’পিডি মুকলিৰে উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী কৰিলে নিজৰ স্থিতি

সাৰদাকেয়াৰ-হেল্থ চিটিয়ে ডিব্ৰুগড়ৰ আজিজ ডায়গনষ্টিক এণ্ড হাস্পতালৰ সৈতে যুটীয়াভাৱে এক বিশেষ অ'পিডি সেৱা আৰম্ভ কৰি উত্তৰ-পূব ভাৰতত নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে অসম আৰু প্ৰতিৱেশী ৰাজ্যসমূহৰ বাবে উন্নত স্বাস্থ্যসেৱাৰ সূচলতা বৃদ্ধি কৰা। এই পদক্ষেপৰ জৰিয়তে স্নায়ুৰোগ, বৃক্কৰোগ আৰু কেন্সাৰ ৰোগৰ বিশেষজ্ঞ চিকিত্সকৰ পৰামৰ্শ প্ৰদান কৰা হ’ব, যাৰ ফলত ৰোগীসকলে বিশেষজ্ঞৰ মূল্যায়ন আৰু চিকিৎসা পৰিকল্পনাৰ বাবে মহানগৰসমূহলৈ যাত্ৰা কৰাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। এই অ’পিডি পৰিচালনা কৰিব ক্ৰমে নিউৰ’চায়েন্সেচ বিভাগৰ ছিনিয়ৰ ডাইৰেক্টৰ তথা মুৰব্বী ডাঃ আতমপ্ৰীত সিং; নেফ্ৰ’লজী বিভাগৰ ডাইৰেক্টৰ ডাঃ কুনাল ৰাজ গান্ধী; আৰু মেডিকেল অংক’লজী বিভাগৰ ছিনিয়ৰ কনচুলেণ্ট ডাঃ অনিন্দ্য মুখাৰ্জীয়ে।এই অঞ্চলটোত দীৰ্ঘদিনীয়া আৰু সংক্ৰামক নোহোৱা ৰোগৰ বৰ্ধিত…
Read More
উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহত গ্ৰীষ্ম প্ৰবাহে গৰ্ভাৱস্থাত অধিক বিপদাশংকা কঢ়িয়াই আনিব পাৰে, অধ্যয়নত প্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহত গ্ৰীষ্ম প্ৰবাহে গৰ্ভাৱস্থাত অধিক বিপদাশংকা কঢ়িয়াই আনিব পাৰে, অধ্যয়নত প্ৰকাশ

সমগ্ৰ দেশজুৰি চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে গৰ্ভাৱস্থাত দীৰ্ঘদিন ধৰি উত্কট গৰমৰ সংস্পৰ্শত থাকিলে নৱজাতকৰ জন্মৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। পৰম্পৰাগতভাৱে শীতল জলবায়ু, উষ্ণতা কম থকা ভাৰতৰ পাৰ্বত্য অঞ্চলসমূহ—যেনে মেঘালয়, নাগালেণ্ড আৰু অসমৰ কিছু অংশকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মহিলাসকল এই ক্ষেত্ৰত আটাইতকৈ বেছি স্পৰ্শকাতৰ বুলি প্ৰমাণিত হৈছে। এনভাইৰনমেণ্টেল ৰিচাৰ্চ কমিউনিকেচনছ নামৰ পিৰ-ৰিভিউড জাৰ্নেল(সমকক্ষ-সমীক্ষা জাৰ্নেল) আলোচনীত প্ৰকাশিত এই অধ্যয়নটোত ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত দেশজুৰি পঞ্জীয়ন হোৱা ২,০৯,২৬৬টা নৱজাতকৰ তথ্য বিশ্লেষণ কৰা হৈছিল। গৱেষকসকলে গড় উষ্ণতা জুখিবলৈ যোৱাৰ পৰিৱৰ্তে ইণ্ডিয়া হিট ইণ্ডেক্স ব্যৱহাৰ কৰি ক্ৰমাগত ‘অসহ্যকৰ গৰম’ৰ দিনবোৰৰ সৈতে প্ৰতিটো গৰ্ভাৱস্থাৰ তুলনা কৰিছিল।ফলাফলত দেখা গৈছে…
Read More