তিনিচুকীয়াত নিৰীহ লোকক হত্যাৰ পৰিকল্পনা; দুজন আলফা (স্বাধীন) সদস্য গ্ৰেপ্তাৰ

তিনিচুকীয়া চহৰত নিৰীহ লোকক লক্ষ্য কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ এক ভয়ংকৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ৰ দুজন সশস্ত্ৰ সদস্যক অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

শনিবাৰে তিনিচুকীয়া জিলাৰ জাগুন অঞ্চলত অসম আৰক্ষীয়ে কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ সহযোগত এই অভিযান চলায়।

গ্ৰেপ্তাৰ হোৱা দুয়োজনক আলফা (স্বাধীন)ৰ স্বঘোষিত ছেকেণ্ড লেফটেনেণ্ট চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম ওৰফে পাপু মৰাণ বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই তিনিচুকীয়া জিলাৰ বাসিন্দা।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, কাকপথাৰ আৰু জাগুনত পূৰ্বে সংঘটিত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি চলোৱা আক্ৰমণতো জড়িত আছিল দুয়োজন।

অভিযানত আৰক্ষীয়ে দুটা একে-৫৬ ৰাইফল, ১৭২ জাঁই একে শৃংখলাৰ গুলী, দুটা হেণ্ড গ্ৰেনেড, ঔষধৰ কিট, চিৰিঞ্জ, অপিঅ’ইড, জংঘলত আত্মগোপন কৰি থকাৰ বাবে ব্যৱহাৰ কৰা খাদ্যসামগ্ৰী, বেগ আৰু আন যুদ্ধসামগ্ৰী জব্দ কৰে।

তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ময়ংক কুমাৰে কয়, “প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, তিনিচুকীয়া চহৰত নিৰীহ লোকক নিৰ্বিচাৰে হত্যা কৰি সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰাৰ দায়িত্ব দুয়োজনক দিয়া হৈছিল।”

তেওঁৰ মতে, এই পৰিকল্পনাৰ ধৰণে অঞ্চলটোক অস্থিৰ কৰি তোলাৰ আঁৰত বাহ্যিক শক্তিৰ প্ৰভাৱ থকাৰ ইংগিতো বহন কৰিছে।

সমগ্ৰ ঘটনাৰ অধিক তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *