মহিলাৰ পোছাক ব্ৰেণ্ড ক্ৰউছ জিনছ-এ গুৱাহাটীত নিজৰ প্ৰথমটো ষ্ট’ৰ মুকলি কৰি উত্তৰ-পূব ভাৰতত ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিছে। এয়া সমগ্ৰ দেশৰ ভিতৰত কোম্পানীটোৰ ৩১ সংখ্যক এক্সক্লুছিভ ব্ৰেণ্ড আউটলেট। গুৱাহাটীৰ জি এছ ৰোডত অৱস্থিত ৰূদ্ৰাক্ষ মলত ২০ জুনত এই নতুন আউটলেটটো উদ্বোধন কৰা হয়। ৫৫০ বৰ্গফুট জুৰি থকা এই ষ্ট’ৰটোৰ আনুষ্ঠানিক শুভাৰম্ভণি উপলক্ষে গ্ৰাহকসকলৰ বাবে এটা বিশেষ প্ৰচাৰমূলক অফাৰ আগবঢ়োৱা হৈছে— নিৰ্বাচিত কিছুমান ডিজাইন বা ষ্টাইলৰ কাপোৰত দুটা বা তাতকৈ অধিক কিনিলে ৪০% ৰেহাই লাভ কৰিব।
এই ষ্ট’ৰত ক্ৰউছ জিনছৰ কেইবাটাও জনপ্ৰিয় কালেকচন উপলব্ধ হ’ব, যাৰ ভিতৰত আছে ছুপাৰ ৱাইড লেগ, ষ্ট্ৰেইট ফিট, ৱাইড লেগ ডেনিম, লিনেন কালেকচন আৰু বেবী টিজ। মহিলাৰ ডেনিম-কেন্দ্ৰিক ফেশ্বন আৰু আধুনিক কেজুৱেলৱেৰৰ বাবে পৰিচিত ব্ৰেণ্ডটোৱে জনোৱা অনুসৰি দেশৰ উদীয়মান ফেশ্বন বজাৰসমূহত নিজৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰেই এই সম্প্ৰসাৰণ কৰা হৈছে। ক্ৰউছ জিনছৰ প্ৰতিষ্ঠাপক ৰবি পঞ্জাৱীয়ে কয় যে, উত্তৰ-পূব ভাৰতক আধুনিক পোছাক আৰু ব্ৰেণ্ডেড ফেশ্বনৰ ক্ৰমবৰ্ধমান চাহিদা থকা এক গুৰুত্বপূৰ্ণ খুচুৰা ব্যৱসায়ৰ কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠানটোৱে প্ৰত্যক্ষ কৰিছে। তেওঁ উল্লেখ কৰে যে, উত্তৰ-পূবৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে গুৱাহাটীৰ যি স্থিতি, সেয়া ব্ৰেণ্ডটোৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ বাবে এক কৌশলগত বজাৰ।
বৰ্ধিত জনমুৰী আয়, মলৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু ব্ৰেণ্ডেড ফেশ্বনৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান আকৰ্ষণৰ বাবে গুৱাহাটী মহানগৰী বৰ্তমান উত্তৰ-পূব ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বিকাশশীল খুচুৰা বজাৰসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। ক্ৰউছ জিনছৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পোছাক ব্ৰেণ্ডৰ আগমনে চহৰখনত সংগঠিত খুচুৰা ব্যৱসায় আৰু ট্ৰেণ্ড-কেন্দ্ৰিক আকৰ্ষণীয় কাপোৰৰ ক্ৰমবৰ্ধমান চাহিদাকে প্ৰতিফলিত কৰে। বৰ্তমান মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তেলেংগানা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, দিল্লী আৰু ছত্তীশগড়কে ধৰি কেইবাখনো ৰাজ্যত ক্ৰউছ জিনছৰ এক্সক্লুছিভ ব্ৰেণ্ড আউটলেট আছে আৰু কোম্পানীটোৱে সমগ্ৰ ভাৰততে নিজৰ ব্যৱসায়িক পৰিসৰ অধিক বৃদ্ধিৰ পৰিকল্পনা কৰিছে।
