শুকুৰবাৰে নিশা তিনিচুকীয়াৰ জাগুনত গ্ৰেপ্তাৰ কৰা হৈছে আলফা (স্বাধীন)ৰ দুই দুৰ্ধৰ্ষ সদস্যক। জিলাখনত চলোৱা এক অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰে আলফা (স্বাধীন)ৰ সদস্য দুগৰাকী। ধৃত আলফা (স্বাধীন)ৰ কেডাৰ দুজন ক্ৰমে-চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম ওৰফে পাপু মৰাণ বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে- এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানৰ বাবেই সংগঠনটোৰ এক কূটাঘাতৰ আঁচনি ব্যৰ্থ কৰিব পৰা গ’ল। বৰ্তমান আৰক্ষী আৰু সেনাৰ উচ্চপদস্থ বিষয়াই ধৃত হোমেনজ্যোতি বৰুৱা আৰু পাপু মৰাণক কোনো অজ্ঞাত স্থানত ৰাখি তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
তিনিচুকীয়াত আটক দুই উগ্ৰপন্থী
