মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা নতুন মাচুল আদায় দিব লাগিব

শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা নতুন মাচুল আদায় দিব লাগিব। কৰ্তৃপক্ষই ভিন্ন উদ্যানৰ পৰিৱেশ আৰু গুৰুত্ব অনুসৰি এই মাচুলসমূহ পুনৰ নিৰ্ধাৰণ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি ৫ জুলাইৰ পৰা কাৰ্যকৰী হব এই নতুন নিৰিখ। লগতে ২০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ২৫০ টকালৈকে এই প্ৰৱেশ মাচুল ধাৰ্য কৰা হৈছে। তলত উদ্যানসমূহৰ নতুন মাচুলৰ খতিয়ান উল্লেখ কৰা হ’ল-

১. জোৰপুখুৰীৰ পাৰ্কৰ প্ৰৱেশ মাচুল ২০ টকা
২.গান্ধী মণ্ডপৰ প্ৰৱেশ মাচুল ২০ টকা
৩.অমৃত উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা
৪.অটল উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা
৫.শ্ৰদ্ধাঞ্জলি কাননৰ প্ৰৱেশ মাচুল ৩০ টকা
৬.নেহৰু পাৰ্কৰ প্ৰৱেশ মাচুল ৫০ টকা
৭.বটানিকেল গাৰ্ডেনৰ প্ৰৱেশ মাচুল ৬০টকা
৮.সতী ৰাধিকা শান্তি উদ্যানৰ প্ৰৱেশ মাচুল ৬০ টকা
৯.ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ প্ৰৱেশ মাচুল ৬০ টকা
১০.ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ প্ৰৱেশ মাচুল ১৫০ টকা
১১.গুৱাহাটীৰ ৰ’পৱেৰ প্ৰৱেশ মাচুল ২৫০ টকা

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *