ভাৰত

ভয়ংকৰ গতি লৈছে মন্থাই

ভয়ংকৰ গতি লৈছে মন্থাই

ভয়ংকৰ গতি লৈছে মন্থাই।অন্ধ্রপ্রদেশত ধাৰাষাৰ বৰষুণ হোৱাৰ লগতে ৰাজ্যখনৰ ৪৩ হাজাৰ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰে। অন্ধ্রপ্ৰদেশ আৰু য়ানামৰ ঠায়ে ঠায়ে আজি পাতলিয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো ঠাইত প্রবল বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। ঘূৰ্ণীবতাহ মন্থাই যোৱা নিশা ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগেৰে অন্ধ্রপ্রদেশ আৰু য়ানম উপকূলৰ মাজৰ মছিলিপটনম আৰু কলিংগপট্রনমৰ ওপৰেৰে পাৰ হৈ যায়।
Read More
আহি আছে সাগৰীয় ধুমুহা মন্থা

আহি আছে সাগৰীয় ধুমুহা মন্থা

হাই এলাৰ্ট জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ-ওড়িশাত ৷ মঙলবাৰে নিশা কাকিনাদাৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজেৰে অন্ধ্ৰপ্ৰদেশৰ উপকূল অতিক্ৰমৰ সম্ভাৱনা আছে মন্থাৰ ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মন্থাৰ আগমনক কেন্দ্ৰ কৰি জাৰি কৰিছে সতৰ্কতাবাণী ৷ মঙলবাৰে নিশা এই সাগৰীয় ধুমুহাই কোবাই যাব বংগোপসাগৰৰ সমীপৱৰ্তী অঞ্চলসমূহ ৷ বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে এই ঘূৰ্ণীবতাহজাকে ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, সোমবাৰে পুৱা ৫.৩০ বজাত দক্ষিণ-পশ্চিম আৰু সমীপৱৰ্তী দক্ষিণ-পূব উপসাগৰৰ ওপৰৰে ঘূৰ্ণীবতাহজাকে প্ৰতি ঘণ্টাত ১৫ কিলোমিটাৰ বেগেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশ অভিমুখে গতি কৰে ৷ আনহাতে, একেটা অঞ্চলকে কেন্দ্ৰ কৰি চেন্নাই(তামিলনাডু)ৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, কাকিনাড়া(অন্ধ্ৰপ্ৰদেশ) ৰ…
Read More
বিলাসী সামগ্ৰী আৰু ধঁপাতজাতীয় সামগ্ৰীত ২৮%ৰ পৰিৱৰ্তে ৪০% জি এছ টি আৰোপ

বিলাসী সামগ্ৰী আৰু ধঁপাতজাতীয় সামগ্ৰীত ২৮%ৰ পৰিৱৰ্তে ৪০% জি এছ টি আৰোপ

এতিয়াৰে পৰা ৪ টাৰ সলনি জি এছ টিত থাকিব মাত্ৰ দুটা শ্লেব। সেয়ে হৈছে ৫% আৰু ১৮%। ইয়াৰ ফলত চাবোন, চেম্পু, এচি আৰু গাড়ীৰ সামগ্ৰী সুলভ হ’ব। জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৩ ছেপ্টেম্বৰত এই ঘোষণা কৰে। বিত্তমন্ত্ৰী সীতাৰমনে কয় যে গাখীৰ, ৰুটি, পৰঠাকে ধৰি বহু খাদ্য সামগ্ৰী জি এছ টি বিনামূলীয়া হ’ব। ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত কোনো ধৰণৰ কৰ নাথাকিব। ৩৩ টা জীৱন ৰক্ষাকাৰী ঔষধ, বিৰল ৰোগ আৰু গুৰুতৰ ৰোগৰ ঔষধো কৰমুক্ত হ’ব। বিলাসী সামগ্ৰী আৰু ধঁপাতজাতীয় সামগ্ৰীয়ে এতিয়া ২৮%ৰ পৰিৱৰ্তে ৪০% জি এছ টি পৰিশোধ কৰিব লাগিব।…
Read More
ৰাজ্যত পঞ্জীয়ন হোৱা ৯৩ শতাংশ গোচৰৰ অভিযোগনামা দাখিল: হৰমীত সিং

ৰাজ্যত পঞ্জীয়ন হোৱা ৯৩ শতাংশ গোচৰৰ অভিযোগনামা দাখিল: হৰমীত সিং

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে কয় যে ৰাজ্যত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত পঞ্জীয়ন হোৱা ৯৩ শতাংশ গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে। মাহেকীয়া ৰাজ্যিক অপৰাধ পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰাৰ পাছত মঙলবাৰে নিশা ‘এক্স’ত এটা পোষ্টত ডিজিপিয়ে কয় যে চলিত বৰ্ষৰ জুলাই মাহত বিএনএছৰ অধীনত পঞ্জীয়ন হোৱা ৯৩ শতাংশ গোচৰত চাৰ্জ শ্বীট দাখিল কৰা হৈছে। ২০২৪ চনৰ জুলাই মাহত ভাৰতীয় দণ্ডবিধিৰ ঠাইত বিএনএছে লয়। সিঙে কয় যে গোচৰৰ দোষী সাব্যস্ত হোৱাৰ হাৰো ২০২০ চনত ৫.৫ শতাংশৰ পৰা ২০২৫ চনত ২৬.৭২ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে তদন্তৰ অধীনত।২০২০ চনত ১,৫৪,২৮০টা গোচৰৰ পৰা ২০২৫ চনৰ জুলাই মাহত ১২,৩৩৮টালৈ হ্ৰাস পাইছে ডিজিপিয়ে কয় যে…
Read More
আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা

আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্তভাৱে আৰোপ কৰা ২৫% শুল্ক কাৰ্যকৰী হ’ব বুধবাৰৰ পৰা। আমেৰিকাৰ সময় অনুসৰি ২৭ আগষ্টৰ দুপৰীয়া ১২ বজাৰ পৰা ভাৰতত এই শুল্ক কাৰ্যকৰী কৰা হ’ব। ইয়াৰ পিছত ভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ শুল্ক ৫০% লৈ বৃদ্ধি পাব।ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব। ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় ,কৰাৰ পৰিপ্ৰেক্ষিততেই ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰে আমেৰিকাই।কিন্তু, ৩টা চৰ্ত আছে?সামগ্ৰী লোডিঙৰ চৰ্ত: যদি ভাৰতৰ পৰা পঠোৱা সামগ্ৰীসমূহ ২৭ আগষ্ট ২০২৫ তাৰিখৰ দুপৰীয়া ১২:০১ বজাৰ আগতে (আমেৰিকাৰ সময়) জাহাজত ভৰাই আমেৰিকালৈ ৰাওনা হয়, তেন্তে ইয়াৰ ওপৰত কোনো অতিৰিক্ত শুল্ক নাথাকিব। প্ৰৱেশৰ…
Read More
চীন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চীন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে আলোচনাৰ সময়ত মঙলবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীন ভ্ৰমণ কৰিব। সীমান্ত বিষয়ক বিশেষ প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ শেহতীয়া সংস্কৰণত টেলিভিছনযোগে দিয়া ভাষণত ডোভালে ভাৰত-চীন সম্পৰ্কত নতুন শক্তি আৰু গতিবেগৰ লগতে সীমান্তত শান্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ডোভালে কয় যে সীমান্তত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিছে। তেওঁ কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক এতিয়া অধিক শক্তিশালী হৈছে। এন এছ এয়ে কয় যে আমাৰ প্ৰধানমন্ত্ৰীয়ে এছ চি অ’ শীৰ্ষ সন্মিলনৰ বাবে চীন ভ্ৰমণ কৰিব আৰু সেয়েহে আজিৰ আলোচনাৰ বিশেষ তাৎপৰ্য আছে। ৩১…
Read More
৭৮ নে ৭৯ এইবাৰ কিমান সংখ্যক স্বাধীনতা দিৱস পালন কৰিব দেশবাসীয়ে ?

৭৮ নে ৭৯ এইবাৰ কিমান সংখ্যক স্বাধীনতা দিৱস পালন কৰিব দেশবাসীয়ে ?

আজি এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক এইবাৰ দেশবাসীয়ে ৭৮ সংখ্যক নে ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব, তথা এই দিনটোৰ তাৎপৰ্য, ইতিহাস আৰু মহৎ বাণীসমূহ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰে ভাৰতে ৷ এইবাৰ স্বাধীনতা দিৱস শুকুৰবাৰে পৰিছে ৷ অৰ্থাৎ অহা শুকুৰবাৰে দেশবাসীয়ে গৌৰৱেৰে পালন কৰিব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ দিনটোৱে প্ৰায় ২০০ বছৰৰ পাছত ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভৰ বাবে কৰা দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু ত্যাগক সোঁৱৰাই দিয়ে ৷কিমান বৰ্ষত ভৰি দিলে স্বাধীন ভাৰতে ? ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে ৷ স্বাধীনতাৰ প্ৰথমটো বৰ্ষপূৰ্তি ১৯৪৮ চনৰ ১৫ আগষ্টত উদযাপন কৰা হয় ৷গতিকে, ২০২৫…
Read More
৬টা ভাৰতীয় কোম্পানীত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

৬টা ভাৰতীয় কোম্পানীত নিষেধাজ্ঞা আৰোপ আমেৰিকাৰ

ইৰাণৰ সৈতে পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল সামগ্ৰীৰ ব্যৱসায়ৰ বাবে ৬টা ভাৰতীয় কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। ভাৰতৰ এই ৬টা কোম্পানীয়ে শেহতীয়াকৈ আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱা বিশ্বৰ ২০টা কোম্পানীৰ ভিতৰত অন্যতম। ইৰাণৰ ওপৰত হেঁচা বৃদ্ধিৰ প্ৰয়াসত আমেৰিকাই এই পদক্ষেপ গ্ৰহণ কৰিছে। এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতৰ ছটা কোম্পানীকে ধৰি বিশ্বৰ ২০টা কোম্পানীয়ে ইচ্ছাকৃতভাৱে আমেৰিকাৰ নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰিছে। নিষিদ্ধ কৰা ভাৰতীয় কোম্পানীসমূহৰ ভিতৰত আছে গ্ল’বেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেড, ৰমনিক লাল এছ গোছালিয়া এণ্ড কো, পাৰ্চিষ্টেণ্ট পেট্ৰ’কেম প্ৰাইভেট লিমিটেড, এলকেমিকেল ছলিউচনছ প্ৰাইভেট লিমিটেড, জুপিটাৰ ডাইচেম প্ৰাইভেট লিমিটেড আৰু কাঞ্চন পলিমাৰছ। উল্লেখযোগ্য যে ইতিমধ্যে…
Read More
উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখৰৰ

উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখৰৰ

উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখৰে। তেওঁ সোমবাৰে নিশা ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰিছে।ৰাষ্ট্ৰপতিলৈ লিখা এখন পত্ৰত তেওঁ লিখিছে- স্বাস্থ্যক অগ্ৰাধিকাৰ হিচাপে ৰাখি আৰু চিকিৎসাৰ পৰামৰ্শ পালন কৰি মই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছো। পত্ৰখনত তেওঁ ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ সহযোগিতা আৰু আন্তৰিক সম্পৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰী আৰু কেবিনেটক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ২০২২ চনত জগদীপ ধনখৰে চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। ২০২২ চনৰ ৬ আগষ্টত অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ধনখৰে বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিছিল।মুঠ ৭২৫ টা ভোটৰ ভিতৰত ধনখৰে ৫২৮ টা ভোট লাভ কৰাৰ বিপৰীতে আলভাই…
Read More
পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক হেলিকপ্টাৰখনে । সূত্ৰৰ পৰা জানিব পৰা মতে, বহু প্ৰতীক্ষিত আপাচি আক্ৰমণাত্মক হেলিকপ্টাখন অৱশেষত ভাৰতৰ হাতলৈ আহিব।আপাচি হেলিকপ্টাৰক ‘আকাশৰ টেংক’ বুলি জনা যায়। AH-64E উন্নত আক্ৰমণাত্মক হেলিকপ্টাৰখনত অসাধাৰণ চেন্সৰ আৰু টাৰ্গেট ক্ষমতা আছে। দিনেই হওক বা ৰাতি হওক, এই হেলিকপ্টাৰখনে ধুমুহাৰ পৰা আৰম্ভ কৰি প্ৰচণ্ড বৰফ পৰালৈকে যিকোনো প্ৰত্যাহ্বানমূলক পৰিৱেশত শক্তিৰে কাম কৰিব পাৰে। ভাৰতে অহা ২১ জুলাইত আমেৰিকাৰ পৰা প্ৰথম বেটচ আপাচি আক্ৰমণকাৰী হেলিকপ্টাৰ লাভ কৰিব। প্ৰথম পৰ্যায়ত আহিব তিনিখন…
Read More