গুৱাহাটী

জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ

জনিয়াত খহনীয়াগ্ৰস্তক সাহায্য বিতৰণ

বৰপেটা জিলাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী বেচৰকাৰী সংস্থা আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত কাদং  গাওঁৰ খহনীয়াগ্ৰস্ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদংৰ বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াগ্ৰস্ত বিশটা দুৰ্ভোগীয়া পৰিয়ালৰ মাজত  তিৰপাল , পাটি , পানী ৰখা পাত্ৰ আদি সামগ্ৰী জৰুৰীকালীন ভাবে  বিতৰণ কৰা হয়। উক্ত বিতৰণী কাৰ্যসূচীত ক্ৰমে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিক, জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সমন্বয়ক ৰফিকুল ইছলাম, সমাজকৰ্মী নুৰুল হক, আসাম টকছৰ সাংবাদিক লুতফৰ ৰহমানকে আদি কৰি ভালেসংখ্যক মান্যবৰ ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ভুক্তভোগীয়ে নৈৰ খহনীয়াৰ কৰাল গ্ৰাসত পৰি নিজৰ সপোনৰ ঘৰ ভেটি, কৃষি ভূমি হেৰুৱাই নিজৰ…
Read More
সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন

সাংবাদিক দিলীপ বৰ্মনৰ গ্ৰন্থ ‘জ্ঞান সম্ভাৰ’ উন্মোচন

অসম চৰকাৰৰ পৰা লেখক সম্বর্ধনা পোৱা, ৰাষ্ট্ৰীয় বঁটাপ্রাপক, আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত কবিতা পাঠ কৰি প্ৰশংসিত হোৱা, ২০২৪ বৰ্ষৰ বৰ্ষশ্রেষ্ঠ গল্পকাৰ বঁটা লাভ কৰা, একাধিক গ্রন্থৰ প্রণেতা, সাহিত্যিক-সাংবাদিক দিলীপ বৰ্মনৰ 'জ্ঞান সম্ভাৰ'' নামৰ জীৱনী গ্রন্থখন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। সমন্বয় শিল্পী-সাহিত্যি পৰিষদ অসমৰ উদ্যোগত আৰু পদ্মা লাইব্ৰেৰীৰ সহযোগত অনুষ্ঠিত হোৱা সভাখনত দিলীপ বৰ্মনৰ গ্ৰন্থখন উন্মোচন কৰে নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই। সভাখনত সভাপতিত্ব কৰে সমন্বয় শিল্পী সাহিত্য পৰিষদ, অসমৰ সভাপতি প্রফুল্ল শইকীয়াই। সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। মৃণালিনী দেৱীয়ে ভাষণত কয় যে, সাহিত্য, সংগীত, কলাবিহীন মানুহ সাক্ষাৎ পশু। ভগৱানে মানুহক জীৱজ্যেষ্ঠ হিচাপে সৃষ্টি কৰিছে।…
Read More
প্ৰধানমন্ত্ৰীলৈ শতাধিক মহিলাৰ ধঁপাত বিৰোধী শ্লোগান প্ৰেৰণ

প্ৰধানমন্ত্ৰীলৈ শতাধিক মহিলাৰ ধঁপাত বিৰোধী শ্লোগান প্ৰেৰণ

আন্তৰ্জাতিক মহিলা দিৱসৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীত এক সজাগতামূলক কৰ্মশালা আৰু শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত হয়। কনজিউমাৰ ভয়েছ-নতুন দিল্লী, জ্যোতিশিখা মহিলা সমন্বয় পৰিষদ, প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট আৰু ইনাৰ হুইল ক্লাব অফ গুৱাহাটী ইষ্টৰ সহযোগত পাঞ্জাবাৰীত অনুষ্ঠিত এই কৰ্মশালাত শতাধিক মহিলাই অংশ লয়। 'ধঁপাত বিৰোধী আইন অধিক কঠোৰ আৰু শক্তিশালী কৰি জীৱন ৰক্ষা কৰা' শীৰ্ষক কৰ্মশালাত ৰাজ্যৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ ডিপি আগৰৱালাই 'ধঁপাতমুক্ত সুস্থ ভৱিষ্যত আৰু মহিলা সৱলীকৰণ' বিষয়ৰ ওপৰত মূল ভাষণ দি কয়- ধঁপাত যি কোনো ধৰণৰে নহওঁক কিয়, সেয়া অতি ক্ষতিকাৰক আৰু প্ৰাণঘাতক। শিশু আৰু যুৱ প্ৰজন্ম ধঁপাতৰ প্ৰতি আসক্ত…
Read More
অসম চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ সম্পন্ন

অসম চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত আলোচনা চক্ৰ সম্পন্ন

চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ অষ্টলক্ষ্মীৰ সময়তে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি ডি হলত ৰাজ্য চৰকাৰৰ উদ্যোগত ক্ৰীড়া আৰু শিক্ষাৰ সমন্বয় বিষয় লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখনৰ মূল উদ্যেশ্য হ’ল অসমৰ বিশ্ববিদ্যালয়সমূহৰ মাজত ক্ৰীড়া বিষয়টোক লৈ সজাগতা বৃদ্ধি কৰা লগতে ৰাজ্য চৰকাৰে খেল আৰু খেলুৱৈৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা অভিলাসী ব্যৱস্থা আৰু পদক্ষেপসমূহৰ বিষয়ে উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহক অবগত কৰা৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জে হিলালীয়ে আঁত ধৰা আলোচনাত অংশগ্ৰহণ কৰে ক্ৰীড়া ভাৰতী অসমৰ যুটীয়া সম্পাদক আলোক ত্ৰিপাঠী, ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা আৰু প্ৰাৰ্থনা হাজৰিকা, আই আই টি গুৱাহাটীৰ জীৱ বিজ্ঞান আৰু জৈৱ…
Read More
গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত পংকজ নেওগৰ ৰম্য ৰচনা “হাজ বেণ্ড অব ডেট গাই” উন্মোচন

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শিল্পী আবৃত্তিকাৰ, গল্পকাৰ পংকজ নেওগৰ ৰম্যৰচনা " হাজবেণ্ড অব্ ডেট গাই" আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় । ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক মনীষা  শৰ্মাই কয় যে,ৰম্য ৰচনা মানে হ'ল হাস্য ৰস সৃষ্টি কৰা।বিংশ শতিকাৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাই সেই শ্ৰেণীৰ গদ্য-সাহিত্য ৰচনা কৰি আমাৰ সাহিত্যত অনন্যসাধাৰণ লঘু-হাস্যৰসাত্মক-ব্যঙ্গকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে। এই ধৰণৰ সাহিত্য খুৱ কম পোৱা যায়।সাহিত্যৰ বাবে সাহিত্য নহয়।যিবিলাক সাহিত্য দায়বদ্ধ সেইবোৰহে আচল সাহিত্য। সাহিত্যই সমাজ পৰিবৰ্তন কৰিব পাৰিব লাগিব। আজিৰ সময়ত অন্য ধৰণৰ সাহিত্য ৰচনা বহু পোৱা যায় কিন্তু এই ধৰণৰ সাহিত্য কম কৈ পোৱা যায়।।বেজবৰুৱাৰ  কৃপাবৰ বৰুৱা…
Read More
গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব: অশোক সিংঘাল

গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব: অশোক সিংঘাল

গুৱাহাটী চহৰত দুই হাজাৰ চিচিটিভি কেমেৰা স্থাপন কৰা হ'ব। ৰাজ্যৰ নগৰ উন্নয়ন আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে বিধান সভাত জনায় যে গুৱাহাটীৰ বিভিন্ন স্থানত ২,০০০ চিচিটিভি কেমেৰা স্থাপন কৰা হ'ব। এই সকলোবোৰ কেমেৰা এই বছৰ স্থাপন কৰা হ'ব। ইয়াৰ দ্বাৰা, গুৱাহাটীৰ সকলো কাৰ্যকলাপ নিৰীক্ষণ কৰিব পৰা যাব বুলি তেওঁ কয়। এনে পৰিস্থিতিত, নদী আৰু নলাবোৰত কোনে আৱৰ্জনা পেলাইছে সেয়া স্বাভাৱিকতে জনা যাব বুলিও তেওঁ কয়। মন্ত্ৰী অশোক সিংঘালে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত গুৱাহাটীত নদীৰ অৱস্থা সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি এই কথা কয়। বিধায়ক কলিতাই প্ৰশ্ন উত্থাপন কৰে যে মহানগৰীত বৈ অহা আৱৰ্জনা আৰু…
Read More
যুৱতীসকলৰ বিশ্বাস বিবাহতকৈ চাকৰি অধিক গুৰুত্বপূৰ্ণ

যুৱতীসকলৰ বিশ্বাস বিবাহতকৈ চাকৰি অধিক গুৰুত্বপূৰ্ণ

অধ্যয়নৰ পিছত কৰ্মশক্তিত যুৱতীসকলৰ অংশগ্ৰহণৰ ওপৰত শেহতীয়া জৰীপত এটা কথা পোহৰলৈ আহিছে যে যুৱতীসকলে বিশ্বাস কৰে যে বিবাহতকৈ চাকৰি এটা অধিক গুৰুত্বপূৰ্ণ। এই জৰীপটো ইউনিচেফৰ যুৱ মঞ্চ যুৱাহ আৰু ইউ-ৰিপ'ৰ্টৰ দ্বাৰা কৰা হৈছিল, য'ত সমগ্ৰ দেশত ১৮-২৯ বছৰ বয়সৰ ২৪,০০০ৰো অধিক যুৱক-যুৱতীয়ে তেওঁলোকৰ মতামত দিছিল। জৰীপৰ ফলাফল অনুসৰি, প্ৰায় ৭৫ শতাংশ যুৱতী আৰু পুৰুষে বিশ্বাস কৰে যে অধ্যয়নৰ পিছত চাকৰি পোৱাটো যুৱতীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ বিপৰীতে, এক চতুৰ্থাংশতকৈও অধিক অংশগ্ৰহণকাৰীয়ে শিক্ষাৰ পিছত বিবাহৰ পোষকতা কৰিছিল। জৰীপটোৰ ওপৰত মন্তব্য কৰি শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ সচিব আৰতি আহুজাই কৰ্মশক্তিত মহিলাৰ অংশগ্ৰহণত সহায় কৰাৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।…
Read More
নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা

নৱবৰ্ষ উদযাপনৰ মাজতে মহানগৰীত অপ্ৰীতিকৰ পৰিস্থিতি, উদণ্ড বাহন ৰখাবলৈ আৰক্ষীৰ গুলীচালনা

নৱবৰ্ষক আদৰাৰ উছাহৰ মাজতে মহানগৰীত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। মহানগৰীৰ হাতীগাঁও অঞ্চলত আৰক্ষীৰ বেৰিকেডত যান বাহন পৰীক্ষাৰ সময়তে সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, AS01AQ6674 নম্বৰৰ এখন স্কৰ্পিঅ’ বাহনে ভেটাপাৰাৰ পৰা হাতীগাঁও অভিমুখে গৈ থকা সময়ত প্ৰথমে এখন ডাম্পাৰৰ খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত কৰি বাহনচালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাধা দিবলৈ গুলীচালনা কৰে। অৱশ্যে বাহনখনে সিজুবাৰী অভিমুখে পলায়ন কৰিবলৈ সক্ষম হয়। এই ঘটনাক লৈ গুৱাহাটীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাইছে। পিছত চিটি আৰক্ষীয়ে গাড়ীখন ঢাকি ৰখা এটা ঘৰৰ পৰা স্ক’ৰপিঅ’খন উদ্ধাৰ কৰে। লগে লগে হাউছফেডৰ পৰা অহা লোক দুজনক হাতীগাঁও আৰক্ষীয়ে আটক কৰি নুৰুল হুছেইন…
Read More
মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা

মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা

মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বুধবাৰে সন্ধিয়া নিজ বাসগৃহত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ। গুৱাহাটীৰ বৰগাঁও অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ইফালে ঘৰৰ ভিতৰত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ পিতৃ বনজিৎ দাসকো। দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি পিতৃ-কন্যাৰ ওপৰত আক্ৰমণ চলোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো অধিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত লোকজনক হাস্পতালত ভৰ্তি কৰোৱায়।
Read More
৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা পোলেণ্ডৰ নাগৰিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিগত ৭ বছৰ ধৰি গুৱাহাটীত অবৈধভাৱে বাস কৰি অহা এজন পোলেণ্ডৰ নাগৰিকক দেওবাৰে বশিষ্ঠপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ বশিষ্ঠপুৰৰ পৰা হাতীগাঁও আৰক্ষীয়ে (সীমা শাখা) গ্ৰেপ্তাৰ কৰে লোকজনক। অজনিকা মিলছ এণ্টনি নামৰ পোলেণ্ডৰ নাগৰিকগৰাকীয়ে ২০১৬ চনৰ পৰা চহৰখনত বাস কৰি আহিছিল। ইফালে একেই কথা নিশ্চিত কৰি হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দৱেৰাহে কয় যে পোলেণ্ডৰ বিদেশী নাগৰিকগৰাকীয়ে অবৈধভাৱে চহৰখনত বাস কৰিছিল। হাতীগাঁও থানাৰ অ’চিয়ে কয় যে, "যিহেতু তেওঁৰ হাতত বৈধ ভিছা নাছিল, সেয়েহে আমাৰ দলটোৱে বশিষ্ঠপুৰ অঞ্চলৰ পৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে।" বৈধ ভিছা নথকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক। ইফালে বিদেশী নাগৰিকজনৰ পাছপ’ৰ্টৰ অনুমতিত ২০২৬ চনলৈকে দেখা গৈছে যদিও…
Read More