23
Jul
ভাৰতীয় তাৰকা বক্সাৰ তথা টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোহাঁইয়ে ২০২৬ চনৰ কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলিনাই মহিলাৰ ৭৫ কেজি ওজন শ্ৰেণীত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মাত্ৰ ৫ গৰাকী বক্সাৰ থকা খেলৰ তালিকাত প্ৰথম ৰাউণ্ডত 'বাই' লাভ কৰাৰ ফলত তেওঁ পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। বক্সিং প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা অসম জীয়াৰী লাভলিনাৰ এই সাফল্যই সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৭৫ কেজি ওজন শ্ৰেণীত অৱতীৰ্ণ হোৱা অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইৰ প্ৰথমটো…
