ক্ৰীড়া

কমনৱেলথ গেমছৰ জুডোত অস্মিতা দে’ৰ ঐতিহাসিক স্বৰ্ণ পদক

কমনৱেলথ গেমছৰ জুডোত অস্মিতা দে’ৰ ঐতিহাসিক স্বৰ্ণ পদক

ভাৰতৰ উদীয়মান জুডো খেলুৱৈ অস্মিতা দে’ই গ্লাছগো কমনৱেলথ গেমছ ২০২৬-ত এক নতুন ইতিহাস ৰচনা কৰিছে। মহিলাৰ ৪৮ কেজি শাখাৰ চূড়ান্ত যুঁজত কানাডাৰ হাইডি ক্ৰৱাক  পৰাস্ত কৰি অস্মিতাই স্বৰ্ণ পদক বুটলি লয়। এই সফলতাৰ জৰিয়তে তেওঁ কমনৱেলথ গেমছৰ জুডো প্ৰতিযোগিতাত সোণৰ পদক জিকা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। নিয়মীয়া সময়ত খেলখন সমতাত শেষ হোৱাৰ পাছত ‘গোল্ডেন স্ক’ৰ’ পৰ্যায়ত অস্মিতাই সুন্দৰ টেকনিক প্ৰদৰ্শন কৰি জয়সূচক পইণ্ট অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ ইভা ইৱিং আৰু চেমিফাইনেলত স্কটলেণ্ডৰেই ছাৰা এডলিংটনক পৰাস্ত কৰি ফাইনেলত স্থান সুনিশ্চিত কৰিছিল। ত্ৰিপুৰাৰ বেলোনিয়াৰ এক অতি সাধাৰণ পৰিয়ালৰ কন্যা অস্মিতাই নিজৰ কষ্ট আৰু একাগ্ৰতাৰে এই সাফল্য…
Read More
অজিংক্য ৰাহানেৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

অজিংক্য ৰাহানেৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ বেটাৰ তথা প্ৰাক্তন উপ-অধিনায়ক অজিংক্য ৰাহানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাহানে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে। মুম্বাই ক্ৰিকেট সংস্থাৰ সভাপতি অজিংক্য নাইকে ৰাহানেৰ এই সিদ্ধান্তৰ পিছত কয় যে অজিংক্য ৰাহানেৰ অৱসৰে ভাৰতীয় ক্ৰিকেটৰ এটা চমকপ্ৰদ অধ্যায়ৰ সামৰণি মাৰিলে। তেওঁৰ একাগ্ৰতা আৰু ধৈৰ্য্যই মুম্বাই ক্ৰিকেটক সদায় গৌৰৱান্বিত কৰি ৰাখিব। অৱসৰৰ বাৰ্তাত ৰাহানে কয়-ক্ৰিকেটত মই সদায় সময় বা 'টাইমিং'ৰ গুৰুত্ব বুজি পাইছোঁ। আজি মোৰ অনুভৱ হৈছে যে ক্ৰিকেটক বিদায় জনোৱাৰ এইটোৱেই সঠিক সময়। ডোম্বিৱলীৰ পৰা আৰম্ভ হোৱা মোৰ এই যাত্ৰাত মই সদায় দেশ আৰু দলক প্ৰথম স্থান দিছিলোঁ।…
Read More
গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ পদকৰে ইতিহাস মিৰাবাঈ চানুৰ

গ্লাছগো কমনৱেলথ গেমছত স্বৰ্ণ পদকৰে ইতিহাস মিৰাবাঈ চানুৰ

ভাৰতৰ তাৰকা ভাৰ উত্তোলনকাৰী মিৰাবাঈ চানুৱে পুনৰ এবাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। গ্লাছগোত অনুষ্ঠিত হৈ থকা ২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি ওজনৰ শ্ৰেণীত তেওঁ সোণৰ পদক জয় কৰিছে। ২০১৮ (গোল্ড ক'ষ্ট) আৰু ২০২২ (বাৰ্মিংহাম)ৰ পাছত কমনৱেলথ গেমছত মিৰাবাঈ চানুৰ ইয়া ধাৰাবাহিকভাৱে তৃতীয়টো স্বৰ্ণ পদক। তেওঁ 'স্নেচ' শাখাত ৮৫ কেজি আৰু 'ক্লিন এণ্ড জাৰ্ক' শাখাত ১০৫ কেজি, অৰ্থাৎ মুঠ ১৯০ কেজি ওজন দাঙি নতুন গেমছ ৰেকৰ্ড গঢ়ে। এই স্বৰ্ণ পদকৰ সৈতে ২০২৬ৰ কমনৱেলথ গেমছত ভাৰতৰ মুঠ পদকৰ সংখ্যা তিনিটালৈ বৃদ্ধি পালে। এই ঐতিহাসিক সফলতাৰ বাবে সমগ্ৰ দেশজুৰি আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ক্ৰীড়ানুৰাগীসকলে মিৰাবাঈ চানুলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
Read More
ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জ নিশ্চিত কৰিলে অসম জীয়াৰী লাভলিনাই

ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জ নিশ্চিত কৰিলে অসম জীয়াৰী লাভলিনাই

ভাৰতীয় তাৰকা বক্সাৰ তথা টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোহাঁইয়ে ২০২৬ চনৰ কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলিনাই মহিলাৰ ৭৫ কেজি ওজন শ্ৰেণীত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মাত্ৰ ৫ গৰাকী বক্সাৰ থকা খেলৰ তালিকাত প্ৰথম ৰাউণ্ডত 'বাই' লাভ কৰাৰ ফলত তেওঁ পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। বক্সিং প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা অসম জীয়াৰী লাভলিনাৰ এই সাফল্যই সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৭৫ কেজি ওজন শ্ৰেণীত অৱতীৰ্ণ হোৱা অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইৰ প্ৰথমটো…
Read More
ঘৰুৱা ক্ৰিকেটত কঠোৰতা: ইচ্ছাকৃত নো-বলত খেলৰ পৰা নিলম্বনৰ নিৰ্দেশ BCCI ৰ

ঘৰুৱা ক্ৰিকেটত কঠোৰতা: ইচ্ছাকৃত নো-বলত খেলৰ পৰা নিলম্বনৰ নিৰ্দেশ BCCI ৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ২০২৬-২৭ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ বাবে খেলৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি কৰিছে। খেলখন অধিক নিকা, শৃংখলাবদ্ধ আৰু আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যৰে মেৰিলেব'ন ক্ৰিকেট ক্লাৱৰ পৰামৰ্শ অনুসৰি এই নতুন নিয়মসমূহ প্ৰস্তুত কৰা হৈছে। কোনো বলৰে যদি ইচ্ছাকৃতভাৱে ফ্ৰন্ট-ফুট নো-বল বা পিটচত নপৰা বল কৰে, তেন্তে তেওঁক সমগ্ৰ মেচখনৰ বাবেই নিলম্বিত কৰা হ’ব। আগতে কেৱল সেইটো ইনিংছৰ বাবেহে নিলম্বন কৰা হৈছিল। মেচৰ অন্তিম ইনিংছত কোনো দলে নিজৰ ইনিংছ সমাপ্ত ঘোষণা বা পৰিত্যাগ কৰিব নোৱাৰিব। এদিনীয়া মেচৰ ‘ড্ৰিংকছ ব্ৰেক’ৰ সময়ত মুখ্য প্ৰশিক্ষক খেলপথাৰলৈ যাব পাৰিব। অহা মাহৰ পৰা ডলিপ ট্ৰফীৰ জৰিয়তে আৰম্ভ হ’বলগীয়া নতুন ছিজনৰ পৰাই এই নিয়মসমূহ কাৰ্যকৰী…
Read More
কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে লাভলিনা বৰগোহাঁইয়ে

কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে লাভলিনা বৰগোহাঁইয়ে

ভাৰতীয় তাৰকা বক্সাৰ তথা টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলিনা বৰগোহাঁইয়ে ২০২৬ চনৰ কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলিনাই মহিলাৰ ৭৫ কেজি ওজন শ্ৰেণীত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মাত্ৰ ৫ গৰাকী বক্সাৰ থকা খেলৰ তালিকাত প্ৰথম ৰাউণ্ডত 'বাই' লাভ কৰাৰ ফলত তেওঁ পোনে পোনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। বক্সিং প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা অসম জীয়াৰী লাভলিনাৰ এই সাফল্যই সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৭৫ কেজি ওজন শ্ৰেণীত অৱতীৰ্ণ হোৱা অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইৰ প্ৰথমটো…
Read More
বিশ্বকাপ ফাইনেলৰ পিছত খেলপথাৰত সৃষ্টি হোৱা বিশৃঙ্খলাৰ তদন্ত আৰম্ভ ফিফাৰ

বিশ্বকাপ ফাইনেলৰ পিছত খেলপথাৰত সৃষ্টি হোৱা বিশৃঙ্খলাৰ তদন্ত আৰম্ভ ফিফাৰ

২০২৬ৰ ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখনৰ শেষত স্পেইন আৰু আৰ্জেণ্টিনাৰ খেলুৱৈসকলৰ মাজত হোৱা অনাকাংক্ষিত সংঘাতৰ বিৰুদ্ধে বিশ্ব ফুটবল সংস্থা ‘ফিফা’ই আনুষ্ঠানিক তদন্ত আৰম্ভ কৰিছে। বিশ্বকাপ ফাইনেলৰ খেলখনত স্পেইনে আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে। কিন্তু খেলৰ অন্তিম হুচেইল বজাৰ লগে লগে দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত তীব্ৰ বাকবিতণ্ডা আৰু মাৰপিটৰ সৃষ্টি হয়। আৰ্জেণ্টিনাৰ খেলুৱৈ লিয়ান্দ্ৰ’ পাৰেডেছে স্পেইনৰ খেলুৱৈ এৰিক গাৰ্চিয়া আৰু গাভিক ঠেলা-হেঁচা কৰাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে।ফিফাৰ অনুশাসন সমিতিয়ে জনোৱা মতে, খেলপথাৰত নিয়ম ভংগ কৰা খেলুৱৈসকলৰ বিৰুদ্ধে এক বিশেষ তদন্ত চলোৱা হৈছে। তদন্তৰ প্ৰতিবেদন অহাৰ পাছতহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব। এফালে ফুটবল তাৰকা…
Read More
মেছিৰ আৰ্জেন্টিনাক হৰুৱাই দ্বিতীয়বাৰলৈ বিশ্ব চেম্পিয়ন স্পেইন

মেছিৰ আৰ্জেন্টিনাক হৰুৱাই দ্বিতীয়বাৰলৈ বিশ্ব চেম্পিয়ন স্পেইন

নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত ২০২৬ৰ ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেন্টিনাক ১-০ গ’লত পৰাস্ত কৰি স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰে। অতিৰিক্ত সময়ত ফেৰান টৰেছে দিয়া একমাত্ৰ গ’লটোৰে স্পেইনে এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে।নিকো উইলিয়ামছৰ হেডাৰৰ পৰা বল পাই খেলৰ অতিৰিক্ত সময়ত স্পেইনৰ ফৰৱাৰ্ড ফেৰান টৰেছে বিজয়ী গ’লটো দিয়ে। সমগ্ৰ প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন কৰা স্পেইনে ৮ খন মেচত মাত্ৰ এটা গ’ল হেৰুৱাই সমগ্ৰ টুৰ্নামেণ্টত নিজৰ আধিপত্য বজাই ৰাখে। ৩৯ বছৰীয়া লিয়নেল মেছিৰ বাবে এইখন অন্তিম বিশ্বকাপ আছিল। স্পেইনৰ সুসংগঠিত ডিফেন্স আৰু বল দখলৰ বাবে আৰ্জেন্টিনাৰ আক্ৰমণ একেবাৰেই নিস্তেজ হৈ পৰে। খেলৰ শেষৰফালে অসদাচৰণৰ বাবে আৰ্জেন্টিনাৰ খেলুৱৈ এনজো ফাৰ্নাণ্ডেজক ৰেফাৰীয়ে 'ৰেড…
Read More
লৰ্ডছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক জয়

লৰ্ডছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ঐতিহাসিক জয়

ভাৰতীয় মহিলা ক্ৰিকেট দলে ক্ৰিকেটৰ মক্কা স্বৰূপ লৰ্ডছত অনুষ্ঠিত প্ৰথমখন ঐতিহাসিক মহিলা টেষ্ট খেলত ঘৰুৱা দল ইংলেণ্ডক ২৭০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি এক নতুন ইতিহাস ৰচনা কৰিছে। ইংলেণ্ডৰ মাটিত এইখন ভাৰতীয় মহিলা দলৰ তৃতীয়টো টেষ্ট জয় আৰু সামগ্ৰিকভাৱে ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থটো টেষ্ট জয়। খেলখনত জিকিবলৈ ৪৫৭ ৰানৰ এক কঠিন লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে খেলৰ চতুৰ্থ তথা অন্তিম দিনটোত ১৩০ ৰানত ৬ টা উইকেট হেৰুৱাই বেটিং আৰম্ভ কৰিছিল। কিন্তু ভাৰতীয় স্পীনাৰসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ সন্মুখত ইংলেণ্ডৰ ইনিংছ বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলে। ভাৰতৰ অফ-স্পীনাৰ স্নেহ ৰাণাই ছফী এক্লেষ্টনক আউট কৰি ভাৰতৰ এই ঐতিহাসিক জয় সুনিশ্চিত কৰে। খেলখনত দীপ্তি শৰ্মাইও দুটা গুৰুত্বপূৰ্ণ…
Read More
উইম্বলডনৰ চেম্পিয়ন ইটালীৰ জানিক চিনাৰ

উইম্বলডনৰ চেম্পিয়ন ইটালীৰ জানিক চিনাৰ

ইটালীৰ তাৰকা খেলুৱৈ জানিক চিনাৰে পুনৰবাৰ উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষ একক শাখাৰ খিতাপ অৰ্জন কৰিছে। দেওবাৰে অনুষ্ঠিত হোৱা এখন ৰোমাঞ্চকৰ ফাইনেল খেলত চিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জ্ৱেৰেভক পৰাস্ত কৰে।খেলখনৰ ফলাফল আছিল ৬-৭(৭), ৭-৬(২), ৬-৩, ৬-৪। এই জয়েৰে বিশ্বৰ নম্বৰ ৱান খেলুৱৈ জানিক চিনাৰে কেৰিয়াৰৰ দ্বিতীয়টো উইম্বলডন আৰু পঞ্চমটো গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰে। চিনাৰে নিজৰ উইম্বলডন খিতাপ সফলতাৰে ৰক্ষা কৰিবলৈ সক্ষম হৈছে। প্ৰথম ছেটটোত হাৰিবলগীয়া হোৱা স্বত্ত্বেও, চিনাৰে দুৰ্দান্ত প্ৰদৰ্শন কৰি বাকী তিনিটা ছেটত জয়েৰে খেলখন নিজৰ নামত কৰে। এই বিজয়ৰ লগে লগে জ্ৱেৰেভৰ বিৰুদ্ধে চিনাৰে একেৰাহে ১০ খন খেলত জয়লাভ কৰাৰ অভিলেখ গঢ়িলে। ৰ’জাৰ ফেডাৰাৰ, নোভাক জ’কোভিচ আৰু কাৰ্লোচ আলকাৰাজৰ…
Read More