উত্তৰ-পূৱ

আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা

আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা

বিগত আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ফলত একেটা পৰিয়ালৰ ৪ জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে ৷বিগত আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জালুকবাৰীৰ পাছত শুকুৰবাৰে পুৱা প্ৰায় ৯.১০ বজাত গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হয় আন এক বিধ্বংসী অগ্নিকাণ্ড । ঘটনাৰ স্থান কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ সমীপত মূলপথ ৷ কাহিলিপাৰা পথৰ দাতিত থকা 'ক্লাৱ ব্লুচ' নামৰ বাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৪ জনকৈ লোকৰ মৃত্যু…
Read More
পুৱাৰে পৰা অচল হৈ পৰিছে তিনিচুকীয়া জিলা

পুৱাৰে পৰা অচল হৈ পৰিছে তিনিচুকীয়া জিলা

শুকুৰবাৰে পুৱাৰে পৰা অচল হৈ পৰিছে তিনিচুকীয়া জিলা ৷ মৰাণ-মটক জনগোষ্ঠীৰ সংগঠনৰ আহ্বন মৰ্মে তিনিচুকীয়াত পুৱা ৫ বজাৰ পৰাই ৪৮ ঘণ্টীয়া এই বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে ৷ আনকি ঠায়ে ঠায়ে জিলাখনৰ ৰাজপথত টায়াৰ জ্বলাই, বিজেপি হায় হায়, প্ৰতিশ্ৰুতি পূৰণ নকৰা বিজেপি চৰকাৰ হায় হায়, আমাক জনজাতিকৰণ প্ৰদান কৰক, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰে ৷ এই সময়ছোৱাত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বাণিজ্যিক চহৰখনত যান-বাহনৰ চলাচলো বন্ধ হৈ পৰিছে ।পুৱা ৫ বজাৰ পৰা বন্ধ হৈ পৰিছে তিনিচুকীয়া জিলা ৷ ঠায়ে ঠায়ে ৰাজপথত প্ৰতিবাদত বহিছে প্ৰতিবাদকাৰীসকল ৷
Read More
চিকিৎসালয়ৰ আইচিউত ভয়ংকৰ অগ্নিকাণ্ড

চিকিৎসালয়ৰ আইচিউত ভয়ংকৰ অগ্নিকাণ্ড

বিহাৰৰ এখন চিকিৎসালয়ৰ আইচিইউ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড ৷ ২০ জনৰো অধিক ৰোগী গুৰুতৰভাৱে অগ্নিদগ্ধ, আন কেইবাজনো ৰোগীৰ মৃত্যু ।প্ৰত্যক্ষদৰ্শীৰ মতে জুইৰ লেলিহান শিখা আৰু ধোঁৱাই আগুৰি ধৰিছিল চিকিৎসালয়খন । চিকিৎসালয়ৰ কৰ্মচাৰী আৰু ওচৰৰ বাসিন্দাসকলে লগে লগে খিৰিকী ভাঙি আহত ৰোগীসকলক উলিয়াই আনে । তেওঁলোকৰ তৎপৰতাই বহুতৰে জীৱন ৰক্ষা কৰিলে । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ গৰাকী ৰোগী অগ্নিদগ্ধ হোৱাৰ লগতে ৪ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
Read More
কঠোৰ হৈছে চৰকাৰ

কঠোৰ হৈছে চৰকাৰ

কঠোৰ হৈছে চৰকাৰ। কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতিৰ লগতে ইন্ধন ৰাহিৰ বাবে নিতৌ নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। শেহতীয়াকৈ চৰকাৰে কৰ্মচাৰীসকলৰ বাবে আগন্তুক ৬মাহলৈ বিদেশ ভ্ৰমণ বন্ধ কৰাৰ সমান্তৰালভাৱে দুপৰীয়াৰ আহাৰ খাবলৈ ঘৰলৈ যোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে। এই ক্ষেত্ৰত সকলো বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিবে।পুডুচেৰী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এতিয়া হুৱাদুৱা লাগিছে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত।
Read More
কঠালৰ উপকাৰিতা: স্বাস্থ্যৰ বাবে কিমান লাভজনক?

কঠালৰ উপকাৰিতা: স্বাস্থ্যৰ বাবে কিমান লাভজনক?

কঠালৰ উপকাৰিতা: স্বাস্থ্যৰ বাবে কিমান লাভজনক?ডেস্ক ৰিপ’ৰ্ট: গ্ৰীষ্মকালত সহজে পোৱা ফলসমূহৰ ভিতৰত কঠাল অন্যতম। সুস্বাদু হোৱাৰ উপৰিও কঠালত বহু পুষ্টিগুণ থাকে, যি শৰীৰ সুস্থ ৰখাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে, নিয়মিতভাৱে পৰিমাণমতে কঠাল খালে বিভিন্ন স্বাস্থ্যজনিত লাভ পোৱা যায়। কঠালৰ পুষ্টিগুণকঠালত ভিটামিন A, ভিটামিন C, পটাছিয়াম, মেগনেছিয়াম, আঁহ (ফাইবাৰ) আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। এই উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কঠাল খোৱাৰ উপকাৰিতা✅ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেভিটামিন C সমৃদ্ধ কঠালে শৰীৰক বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে। ✅ হজম শক্তি উন্নত কৰেকঠালত থকা আঁহে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে আৰু হজম প্ৰক্ৰিয়া সুস্থ ৰাখে। ✅ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ…
Read More
পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পাছত এইবাৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পাছত এইবাৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পাছত এইবাৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। ৰাজ্যত সংগোপনে APDCLয়ে বৃদ্ধি কৰিলে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ২১ পইছাৰ পৰা সৰ্বাধিক ২৮ পইছালৈ বৃদ্ধি কৰিলে মাচুল। জুন মাহৰ বাবে প্ৰতি ইউনিটত বৃদ্ধি ২১ পইছা। জুলাই মাহৰ ১৮ পইছা, আগষ্ট মাহৰ ১৬ পইছা, ছেপ্টেম্বৰ-অক্টোবৰৰ ১৭ পইছা, নৱেম্বৰ মাহৰ ১৯ পইছা আৰু ডিচেম্বৰ মাহৰ বাবে ২৪ পইছা বৃদ্ধি কৰা হৈছে।
Read More
মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু স্বৰূপঃ নলবাৰীৰ ভুক্তভোগী যুৱতীটোলৈ ‘হিন্দু চেতনা বঁটা’ ঘোষণা সত্যৰঞ্জন বৰাৰ

মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু স্বৰূপঃ নলবাৰীৰ ভুক্তভোগী যুৱতীটোলৈ ‘হিন্দু চেতনা বঁটা’ ঘোষণা সত্যৰঞ্জন বৰাৰ

মাধুৰ্য বৰ্মন ৰামায়ণৰ জটায়ু পক্ষী স্বৰূপ। এগৰাকী নাৰীক বচাবলৈ গৈ তেওঁ মৃত্যুক সাবটিব লগাত পৰিল। নলবাৰীৰ গংগাপুৰৰ নৃশংস হত্যাকাণ্ডৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। ঘটনাৰ বলি হোৱা প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ চামতাৰ বালিপথাৰস্থিত বাসগৃহত উপস্থিত হৈ তেওঁ মৃতকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। ইয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ সমান্তৰালভাৱে চিকিৎসাধীন যুৱতীগৰাকীলৈ তেওঁ এক বিশেষ বঁটাও ঘোষণা কৰে। প্ৰয়াত মাধুৰ্য আৰু তেওঁৰ ভগ্নীৰ সাহসক ৰামায়ণৰ আখ্যানৰ সৈতে তুলনা কৰি সংবাদ মাধ্যমৰ আগত বৰাই কয়, "তেওঁৰ ভনীয়েকগৰাকী হৈছে ৰামায়ণৰ সীতা স্বৰূপ। আমাৰ অসমীয়া হিন্দু ছোৱালী-বোৱাৰীয়ে যদি নিবিচাৰে তেন্তে তেওঁলোকৰ গাত হাত দিবলৈ কোনো মানুহৰ কলিজাত ইমান সাহস…
Read More
নলবাৰী কাণ্ডৰ নতুন আপডেট

নলবাৰী কাণ্ডৰ নতুন আপডেট

‘‘আছু কৰা প্ৰতিজন সদস্যৰ দুখনকৈ ঘৰ থাকে । এখন নিজৰ পৰিয়াল থকা, আনখন আছুৰ পৰিয়াল । আছুৰ সকলো সদস্য একেখন ঘৰৰেই সদস্য । মাধুৰ্য বৰ্মন হেৰাই যোৱাটো আছুৰ পৰিয়ালৰ সদস্য হেৰাই যোৱা । এজন ছাত্রনেতাক নৃশংসভাৱে হত্যা কৰিছে । আৰক্ষীয়ে তাৎক্ষণিকভাৱে ২৪ ঘণ্টা নৌহওঁতেই হত্যাকাৰীক এনকাউণ্টাৰ কৰিছে । এয়া মাথোঁ এটি সামূহিক সকাহ ।’’ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যৰ ৷তেওঁ আৰু কয়, ‘‘আগন্তুক সময়ত পুনৰ যাতে কোনেও নিৰাপত্তাহীনতাত ভুগিব নালাগে, অসমৰ ৰাইজে অতৰ্কিতে সু-নিৰাপত্তা পায়, তেনে ব্যৱস্থা গঢ়ি তুলিব লাগিব । ৰাইজো সজাগ হ’ব লাগিব । ভায়েকে-ভনীয়েক একেলগে ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত অসমত নিৰাপত্তা নিশ্চিত কৰিব লাগিব আৰু…
Read More
আইপিএলৰ জুৱাৰীক আটক

আইপিএলৰ জুৱাৰীক আটক

আইপিএলৰ সময়ত গুৱাহাটীত একাংশ চক্ৰই অতি গোপনে জুৱা অনুষ্ঠিত কৰি আহিছিল ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই কথা ৷আইপিএলৰ সময়ত দেশৰ আন প্ৰান্তৰ লগতে গুৱাহাটীটো একাংশ চক্ৰই অতি গোপনে জুৱা অনুষ্ঠিত কৰি আহিছিল ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই কথা ৷ আইপিএলৰ ফাইনেলৰ দিনা এনে জুৱাৰ আয়োজন কৰা এটা চক্ৰক দেওবাৰে উৎখাত কৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে কেবাটাও বৈদ্যুতিক যন্ত্ৰ আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷
Read More
মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত

মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত

ৰাজ্য কঁপাই যোৱা আছু নেতা মাধুৰ্য্য বৰ্মনৰ হত্যাকাণ্ডৰ পাছতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নলবাৰীৰ মুছলমান সমাজে ৷ দেওবাৰে সন্ধিয়া মাধুৰ্য্য বৰ্মনক হত্যা কৰাৰ লগতে এগৰাকী কিশোৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰা ৰ'জ আলী ওৰফে আছিফ খানক সোমবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৷ কিন্তু আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰা বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগীয়া হৈছিল আৰু আৰক্ষীৰ গুলীত নিহত হৈছিল মাধুৰ্য্য হত্যাকাৰী ৰ'জ আলী ওৰফে আছিফ খান ৷ইয়াৰ পাছতে নলবাৰীৰ দেহৰকালাকুছিৰ লগতে ছয়খন গাঁৱৰ ৰাইজে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কালাকুছি আশ্ৰাফুল উলুম মাদ্ৰাছা, ছয়খন গাঁৱৰ মছজিদ সমিতিয়ে আৰক্ষীৰ গুলীত নিহত হত্যাকাৰী ৰ'জ আলীৰ জানাজাত অংশগ্ৰহণ নকৰে ৷ লগতে…
Read More