উত্তৰ-পূৱ

ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণ

ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণ

ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই আক্ৰমণ ফলত গেছ প্লান্টটোত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। য়েমেনৰ হুথী বিদ্ৰোহীয়ে এই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ছৌদি আৰৱৰ অন্যতম বৃহৎ গেছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোত এই আক্ৰমণৰ পাছত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। নাছাৰ FIRMS উপগ্ৰহৰ ছবিতো প্ৰকল্পস্থলীত ভয়ংকৰ জুই দেখা গৈছে।
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি। কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব মোবাইল ফোন। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানত মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো পৰ্যটকে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
Read More
বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ জনলৈ বৃদ্ধি পাইছে।অসমৰ ভয়াৱহ বানত ৫৮ জন পুৰুষ আৰু ২৩ গৰাকী মহিলাৰ লগতে ১৮ টা শিশু (১২ ল’ৰা আৰু ৬ ছোৱালী)ৰ মৃত্যু হৈছে ৷ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শনিবাৰে গোলাঘাট জিলাত এজন লোকৰ মৃত্যু হয় ৷ ইফালে শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ ১ লাখ ৪৭ হাজাৰ ৩৭৬ জন লোক বানত আক্ৰান্ত হৈছে ৷অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিনত প্ৰকাশ তথ্য।
Read More
ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ

ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ

ৰাজ্যত আকৌ হ’ব ধুমুহা-বৰষুণ ৷ বিগত কেবাদিন ধৰি উজনি অসমৰ বানে ধ্বংসলীলা চলাই থকাৰ মাজতে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা অহা এই বাতৰিয়ে স্বাভাৱিকতে ৰাজ্যবাসীৰ শংকিত কৰি তুলিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) সদৰী কৰা মতে, আগন্তুক ২-৩ ধৰি অসমৰ বিভিন্ন প্ৰান্তত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷কেৱল অসমেই নহয়, বতৰ বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক কেবাদিনো উত্তৰ প্ৰদেশ, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।
Read More
বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন

বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন

কলিয়াবৰৰ বুঢ়াপাহাৰত পুনৰ ভূমিস্খলন সংঘটিত হৈছে। বুঢ়াপাহাৰৰ ৫টা স্থানত পাহাৰৰ শিল-মাটি খহিছে বুলি জানিব পৰা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলতে পুৱাৰে পৰা ভূমিস্খলন হৈছে।ৰাষ্ট্ৰীয় ঘাইপথত শিল-মাটি খহি পৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ কিছু পৰিমাণে যানজঁটৰ সৃষ্টি হৈছে। অৱশ্যে এই পৰ্যন্ত দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই।
Read More
ভয়ংকৰ বাছ দুৰ্ঘটনা

ভয়ংকৰ বাছ দুৰ্ঘটনা

হিমাচল প্ৰদেশৰ শনিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চাম্বা জিলাৰ তীছা-বৈৰাগড় পথৰ চালুজ মোড়ৰ সমীপত পৰ্যটৰক এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত সাতজন লোকৰ থিতাতে মৃত্যু হয়।আনহাতে, এই দুৰ্ঘটনাত ১১জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।বৈৰাগড়ৰ পৰা চাম্বাৰ দিশে গৈ থকা বাছখনত দুৰ্ঘটনাৰ সময়ত প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰী আছিল। চালুজ মোড়ৰ সমীপত হঠাতে বাছখন দুৰ্ঘটনাত পতিত হোৱাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।পৰৱৰ্তী সময়ত আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Read More
আকৌ সাজু হৈছে CJP

আকৌ সাজু হৈছে CJP

আকৌ সাজু হৈছে CJP। NEET প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি যন্তৰ-মন্তৰত আন্দোলন কৰা ক’কৰোচ জনতা পাৰ্টিয়ে এইবাৰ দেশজুৰি নতুন অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে জনাইছে যে- চলিত বৰ্ষৰ ছেপ্টেম্বত CJPয়ে ‘কি কয় জনতাই’ শীৰ্ষক এক দেশজুৰি অভিযান আৰম্ভ কৰিব।তেওঁ জানিবলৈ দিয়ে যে, ৫টা গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই অভিযান চলোৱা হ’ব আৰু ইয়াৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব শিক্ষা। অভিজিৎ দীপকেয়ে কয় যে- বহু লোকৰ মনত এতিয়াও এটা প্ৰশ্ন আছে যে ক’কৰোচ জনতা পাৰ্টিৰ আদৰ্শ বা মতাদৰ্শ কি? এই সন্দৰ্ভত তেওঁ কয়- “আমাৰ দলৰ মতাদৰ্শ এই দেশৰ সংবিধানৰ মতাদৰ্শই।”
Read More
ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি পাইছে আৰু ১৩খন জিলাৰ ১.৫৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে গোলাঘাট জিলাৰ গোলাঘাট চহৰ আৰু নুমলীগড়ত ধনশিৰি নদী আৰু শ্ৰীভূমি জিলাত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিনৰ শেহতীয়া তথ্য অনুসৰি চৰাইদেউ জিলাৰ মাহমৰাত শুকুৰবাৰে এটা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ আনহাতে শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ (মেট্ৰ’), লখিমপুৰ, ওদালগুৰি, যোৰহাট আৰু চৰাইদেউ জিলাৰ ৩৩টা ৰাজহ চক্ৰ আৰু ৪৬৪খন গাঁও বৰ্তমানো বানৰ কৱলত আছে ৷
Read More
বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

অসমত বানৰ সংহাৰ অব্যাহত আছে ৷ বুধবাৰে পুনৰ ৰাজ্যত ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে । ইফালে বানত ক্ষতিগ্ৰস্তৰ সংখ্যা ১৪খন জিলাত ১.৬ লাখলৈ বৃদ্ধি পাইছে ।ইফালে বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, আৰু ওদালগুৰি জিলাৰ ৩৮ টা ৰাজহ চক্ৰৰ ৫৬৩খন গাঁও বানত ডুব গৈছে আৰু ১ লাখ ৬০ হাজাৰ ৬০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ।
Read More
বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?

বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?

লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত বাজি উঠিল ভূপেন্দ্ৰ সংগীত ! বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?বানৰ ভয়াৱহ পৰিস্থিতিৰ পিছতে উজনি-নামনি-মধ্য অসমৰ পৰা সোঁত ববলৈ আৰম্ভ কৰিছে বানাক্ৰান্তৰ কাষলৈ ৷ যিয়ে যেনেকৈ পাৰে সাহায্য আগবঢ়াইছে ৷অসমৰ মনোৰঞ্জন জগতৰ বহু শিল্পীৰ দৰেই কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে বানপীড়িতৰ বাবে কিছু ধন সংগ্ৰহ কৰা উদ্দেশ্যৰে লৈছিল এক পদক্ষেপ ৷ তেওঁ লোৱা এইধৰণৰ পদক্ষেপ বিদেশত সঘনাই দেখিবলৈ পোৱা যায়, কিন্তু ভাৰতত ইয়াৰ প্ৰচাৰ খুব কম ৷ সেই লৈয়ে এতিয়া বহুতে সমালোচনা কৰিছে তেওঁক ৷ কিন্তু সামাজিক মাধ্যমত সমালোচনাৰ সমান্তৰালকৈ মেধিক প্ৰশংসাৰে উপচাই পেলোৱা লোকৰো সংখ্যা কম নহয় ৷মেঘৰঞ্জনী মেধি বৰ্তমান আছে লণ্ডনত ৷…
Read More