06
May
অসম এথলেটিকচ্ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আজি গুৱাহাটীস্থ ভিভান্টা বাই তাজ হোটেলত সফলতাৰে সামৰণি পৰে। অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আৰম্ভনিতে অসম এথলেটিকচ্ সন্থাৰ প্ৰাক্তন উপ-সভাপতি প্ৰয়াত ত্ৰৈলোক্য দুৱৰাৰ লগতে অকালতে মৃত্যুবৰন কৰা ৰাজ্যৰ ক্ৰীড়া সংগঠক সকললৈ সভাত উপস্থিত সকলোৱে সমবেদনা জ্ঞাপন কৰে।অসম এথলেটিকচ্ সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যখনৰ জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসলে অংশগ্ৰহন কৰা সভাত সভাপতি লক্ষ্য কোঁৱৰে আদৰণি ভাষনত কভিডৰ ভয়াবহ সময়ছোৱাত এথলেটিকছৰ বাবে সহযোগিতা আগবঢ়োৱা ক্ৰীড়া সন্থাসমূহক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ২০০মিঃ দৌৰত দেশৰ ভিতৰতে দ্ৰুততম মানৱ হিচাপে পৰিগণিত হোৱা অসমৰ অম্লান বৰগোঁহাই আগন্তুক এচিয়ান গেমছত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰে। ইপিনে উক্ত…
