উত্তৰ-পূৱ

ত্ৰিপুৰা ক্ৰিকেট দলত যোগদান ঋদ্ধিমান সাহাৰ

ত্ৰিপুৰা ক্ৰিকেট দলত যোগদান ঋদ্ধিমান সাহাৰ

ভাৰতীয় দলৰ বাহিৰত থকা উইকেটকিপাৰ বেটছমেন ঋদ্ধিমান সাহাই ত্ৰিপুৰা ক্ৰিকেট দলত খেলুৱৈ-তথা-গাইড হিচাপে যোগদান কৰিব। ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েশ্যনৰ (টিচিএ) যুটীয়া সম্পাদক কিশোৰ দাসে এই বিষয়ে অৱগত কৰিছে। ভাৰতৰ হৈ ৪০ খন টেষ্ট খেলা অভিজ্ঞ সাহাই ইতিমধ্যে ক্ৰিকেট এছ'চিয়েচন অৱ বেংগলৰ (চিএবি) পৰা অনাপত্তি প্ৰমাণপত্ৰ (এনঅ'চি) লাভ কৰিছে। দাসে কয়, "আমি সাহাৰ সৈতে কথা পাতিছো আৰু তেওঁ ৰাজ্যখনৰ হৈ খেলিবলৈ সন্মত হৈছে। তেওঁ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবলৈ জ্যেষ্ঠ দলটোক পথ প্ৰদৰ্শন কৰাৰ ভূমিকাও পালন কৰিব।' তেওঁ লগতে কয় যে টিচিএ আশাবাদী যে সাহাই ১৫ জুলাইৰ ভিতৰত চুক্তিত স্বাক্ষৰ কৰিব। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটত সাহাৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত, যদি তেওঁ দলটোত…
Read More
কৃষি বিজ্ঞান কেন্দ্ৰৰ  উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা

কৃষি বিজ্ঞান কেন্দ্ৰৰ  উদ্যোগত পশুধনৰ স্বাস্থ্য পৰীক্ষা

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ ( কে ভি কে ) , কামৰূপৰ উদ্যোগত বানপানীৰ পাছত লবলগীয়া ব্যৱস্থাপনাৰ অংশস্বৰূপে কামৰূপ জিলাৰ  কমলপুৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত জালিমুৰা আৰু পিয়লিখাটাত ৩ জুলাইত এটা  পশুধন স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় । বিশেষকৈ শেহতীয়া বানত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চল হিচাপে চিহ্নিত জালিমুৰা আৰু পিয়লিখাটা গাঁৱত কে ভি কে আৰু  কমলপুৰ খণ্ড পশুধন চিকিৎসালয়ৰ উদ্যোগত  অনুষ্ঠিত শিবিৰত  পিয়লিখাটা আৰু জালিমুৰা গাঁৱত ক্ৰমে ৩২১ টা পশুধন তথা ৯৬৬ টা হাঁহ-কুকুৰাৰ আৰু ২৫৫ টা পশুধন তথা ১২৪০ টা হাঁহ-কুকুৰাৰ চিকিৎসা প্ৰদান কৰা হয় আৰু লগতে ঔষধ আৰু পৰিপূৰক যোগান ধৰা হয়।  শিৱিৰত ভালেসংখ্যক পশুধন বিষাক্ত পাৰ্থেনিয়ামৰ …
Read More
ভয়ংকৰ বান পৰিস্থিতিৰ  সময়তো ৪মাহ ধৰি নাই দৰমহা 

ভয়ংকৰ বান পৰিস্থিতিৰ  সময়তো ৪মাহ ধৰি নাই দৰমহা 

সদৌ অসম আৱাসিক বিষয়ে প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাৰ সভাপতি আব্দুৰ ৰাজিব আৰু সম্পাদক তনু সিংহই এক প্ৰেছ বিবৃত্তি যোগে জনাই যে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সামান্য মাননিৰ বিনিময়ত কৰ্মৰত প্ৰায় ৭০০ কৰ্মীক আজি ৪ মাহ ধৰি সেই মাননী খিনিও প্ৰদান কৰা নাই মিছন কৰ্তৃপক্ষই । অতি দুখৰ বিষয় ভয়ংকৰ বান পৰিস্থিতিৰ সময়তো ৪মাহে মাহিলী মাননী নোপোৱাৰ ফলত কৰ্মী সকলৰ পানীত হাঁহ নচৰা অৱস্থা । বিভিন্ন সময় মিছন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নোপোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কৰ্মী সংস্থাই ।  সমগ্ৰ শিক্ষা অভিযান মিছনৰ বিশেষ প্ৰশিক্ষণ গোটৰ ৰাজ্যিক আঁচনি বিষয়া নান্দিতা মেধিৰ চৰম গাফিলতিৰ ফলত ভুক্তভোগী হৈছে…
Read More

দেশী জনগোষ্ঠীয় মঞ্চৰ আনন্দ উল্লাস

অসম চৰকাৰে কেবিনেটত গৰীয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ ৫ টা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাত মুছলমান জনগোষ্ঠীয় লোক সকলোৰ মাজত এক আনন্দ উল্লাসময় পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।এই উপলক্ষে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেশী জনগোষ্ঠীয় মঞ্চ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ সহযোগিতাত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা কৰি আনন্দ উল্লাস কৰি হাটশিঙিমাৰী প্ৰেছ ক্লাৱৰ সন্মুখত উপস্থিতহৈ নৃত্য প্ৰদৰ্শন কৰে ৷ সদস্য সকলে ফটকা ফুটুৱাই বিভিন্ন প্ৰতিধ্বনিৰে বিজয় উল্লাস পালন কৰে। দেশী জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ…
Read More

ৰাজ্যত পুনৰ বান সাহায্য হৰলুকি

বান সাহায্য হৰলুকি ৷ লাবদাংগুৰী আৰক্ষীৰ জালত আৰু এজন অভিযুক্ত কিছুদিন পূৰ্বে বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ ৩ নং বাৰাপেটাত বন্যাৰ্তৰ বাবে আবন্টিত খাদ্য সামগ্ৰী হৰলুকিৰ ঘটনা সংঘটিত হৈছিল ৷ উক্ত ঘটনাত ইতিমধ্যে তিনি অভিযুক্তক মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷ উক্ত ঘটনাৰ সৈতে জড়িত আনোৱাৰ হুছেইন নামৰ আন এগৰাকী অভিযুক্তক গোচৰ নং 90/22 ধাৰা 379/411/420/34 IPCত গ্ৰেপ্তাৰ কৰি আজি লাবদাংগুৰী আৰক্ষীয়ে মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে উক্ত ঘটনাত বৰ্তমানলৈকে ৪ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
Read More

পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যু

পুনৰ ত্ৰিপুৰাত অসমৰ চি আৰ পি এফ জোৱানৰ ৰহস্য জনক মৃত্যুজোৱান গৰাকী বাক্সাৰ থমনা উলুবাৰীৰ গাওৰ লক্ষেশ্বৰ দাস আৰু মাতৃ মুখ্যদা দাসৰ কনিষ্ঠ পুত্ৰ কমল দাস(27)।ত্ৰিপুৰাৰ ঢালাই জিলাৰ আম্বাচাস্থিত চিআৰপিএফৰ 140 নং বেটেলিয়েনৰ শিবিৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় জোৱান গৰাকীৰ মৃতদেহ।2017 চনৰ জুন মাহত দেশ মাতৃৰ বাবে ওলাই গৈ চিআৰপিএফত যোগদান কৰিছিল কমল দাসে।জোৱান গৰাকীৰ চিপলোৱা অৱস্থাত থকা ফটো পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।দৰিদ্ৰ পৰিয়ালৰ সন্তান কমল দাসে নৱনিৰ্মিত পকী ঘৰটো সম্পূৰ্ণ হলে আঘোন মাহত বিয়া পতাৰ কথা আছিল।শেষবাৰৰ বাবে ডেৰমাহ পূৰ্বে ঘৰলৈ চুটিত আহি পুনৰ কৰ্মস্থলীত যোগদান কৰে কমলে।ৰাতিপুৱা ত্ৰিপুৰাৰ…
Read More
টয়োটাই ভাৰতত আকাংক্ষিত বি-এছইউভি শাখাত প্ৰৱেশ কৰিছে

টয়োটাই ভাৰতত আকাংক্ষিত বি-এছইউভি শাখাত প্ৰৱেশ কৰিছে

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) ভাৰতৰ বি এছইউভি শাখাত টয়োটাৰ প্ৰথম চেল্ফ-চাৰ্জিং ষ্ট্ৰং হাইব্ৰিড ইলেক্ট্ৰিক এছইউভি আৰু এনে ধৰণৰ প্ৰথম খন নতুন আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ উন্মোচন কৰে। আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰে টয়োটাৰ বিশ্বব্যাপী এছইউভি বংশৰ উত্তৰাধিকাৰী হয় ইয়াৰ সাহসী আৰু অত্যাধুনিক ষ্টাইলিং আৰু উন্নত প্ৰযুক্তিগত বৈশিষ্ট্যৰ সৈতে। ই এটা বিলাসী শান্ত কেবিনৰ সৈতে শ্ৰেণীৰ ইন্ধন দক্ষতাত শীৰ্ষ প্ৰদৰ্শন আৰু সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰে। উন্নত শৰীৰৰ গাঁথনিৰ ওপৰত আধাৰিত কৰি, নগৰীয়া ক্ৰুজাৰ হাইৰাইডাৰএক সেউজীয়া ভৱিষ্যতৰ বাবে ডিজাইন কৰা হৈছে, যি এক অনন্য সংমিশ্ৰণ প্ৰদান কৰে, যি অনুকৰণীয় গতিশীল প্ৰদৰ্শন, শ্ৰেণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ইন্ধন অৰ্থনীতি, দ্ৰুত ত্বৰণ, নিম্ন নিৰ্গমন, আৰু এক মসৃণ ড্ৰাইভৰ এক অনন্য…
Read More
সংবাদমেলত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই

সংবাদমেলত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই

ৰাজ্যখনৰ শেহতীয়া বানপানীত সৰ্বস্ব হেৰুওৱা বানাক্ৰান্ত ৰাইজক লৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বানত বহুলোকে সৰ্বস্ব হেৰুওৱাব লগীয়া হৈছে। ইমানৰ পিছতো কেৱল সস্তীয়া জনপ্ৰিয়তা অর্জনত জপিয়াই পৰিছে মুখ্যমন্ত্ৰীগৰাকী। তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ আশাত কেমেৰা বাহিনী লগত লৈ বনপীড়িতৰ কাষত থিয় হোৱাৰ নামত মুখ্যমন্ত্ৰীজনে চৰম প্ৰতাৰণা কৰিছে বান বিধ্বস্ত ৰাইজক। এই বুলি আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই। তেওঁ সংবাদ মেলত কয়- বনপীড়িত ৰাইজৰ মাজত চৰকাৰে এমুঠি চাউল, দাইল, সামান্য পৰিমাণৰ মিঠাতেল বিতৰণ কৰিয়ে দায় সাৰিবলৈ যত্ন কৰিছে।…
Read More
অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

কংগ্ৰেছ দলক প্ৰতিৰোধৰ স্বাৰ্থত ২০১৪ চনৰ পৰা অসমত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও অগপই নিজৰ আঞ্চলিকতাবাদৰ মূল লক্ষ্যৰ পৰা অলপো পাছুৱাই নাহে । বৰঞ্চ নতুন প্ৰজন্ম বা যুৱ প্ৰজন্মক কিদৰে আঞ্চলিকতাবাদত আকৰ্ষিত কৰিব পাৰি তাৰ লক্ষ্যৰে অগপ দলে কাম কৰি যাব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ২৫ জুনত গুৱাহাটীৰ সাওঁকুছিস্থিত জয়ৰাম ভৱনত অনুষ্ঠিত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ লক্ষৰে অনুষ্ঠিত সভাত  সভাপতিত্ব কৰি এইদৰে মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অসমত অগপ অবিহনে প্ৰকৃত আঞ্চলিকতাবাদৰ কথা কল্পনাই কৰিব নোৱাৰি ।…
Read More
সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

অসমৰ একমাত্ৰ আইন ছাত্ৰ সংগঠন সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন আৰু বিষয় বাচনি সভাখনি শনিবাৰে মহানগৰীৰ দিছপুৰ লাষ্টগেটস্থিত পি:ডব্লিউ:ডি সন্মিলন ও প্ৰশিক্ষন কেন্দ্ৰত অনুষ্ঠিত হয়।অসমৰ আইন শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰৰ অধিকাৰ আৰু অসমৰ জাতীয় সমস্যাৰ হৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা অসমৰ আইন সংগঠনটোৰ কেন্দ্ৰীয় অধিবেশনত অসমৰ  বিভিন্ন জাতি-জনগোষ্ঠীয়য় সংগঠনৰ নেতৃবৃন্দৰ লগতে অসমৰ কেইবাজনো জেষ্ঠ অধিবক্তা,দিশপুৰ আইন মহাবিদ্যালয়ৰ  অধ্যক্ষাৰ লগতে অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধি আৰু জিলা আৰু শাখা সমিতি সমূহৰ অংশগ্ৰহনেৰে এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠান অনুষ্ঠিত হয়।সভাৰ বিষয়বাচনি সভাত মূখ্য উপদেষ্টা ৰূপে দেৱাশীষ মেধি,চামচুল হক,কেন্দ্ৰীয় সভাপতি হিচাপে সঞ্জীৱ বৰা, উপ সভাপতি ক্ৰমে মৃন্ময় কলিতা, আব্দুল…
Read More