11
Jul
২০১৯ চনৰ উইম্বলডন চেম্পিয়ন ৰোমানিয়াৰ চিমোনা হালেপে উইম্বলডনত একেৰাহে দ্বাদশ জয়লাভ কৰি তৃতীয়বাৰৰ বাবে ছেমি ফাইনেলত উপনীত হৈছে। বুধবাৰে নিশা কোৱাৰ্টাৰ ফাইনেলত চিমোনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২০তম স্থানৰ আমাণ্ডা আনিচিমোভাক পোনপটীয়া ছেটত ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। একে সময়তে কাজাখস্তানৰ ১৭ তম শ্ৰেণীৰ এলিনা ৰিবাচিনাই অষ্ট্ৰেলিয়াৰ আজলা টমজানোভিকক ৪-৬, ৬-২, ৬-৩ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে যিকোনো গ্ৰেণ্ড শ্লেমৰ অন্তিম চাৰিখনত উপনীত হয়। আনিচিমোভাক পৰাস্ত কৰিবলৈ চিমোনাই এক ঘণ্টা তিনি মিনিট সময় লৈছিল। উল্লেখ্য যে চিমোনা হালেপে আঘাতৰ বাবে যোৱা বছৰ উইম্বলডনত খেলিব নোৱাৰিলে আৰু নিজৰ খিতাপ ৰক্ষা কৰিব নোৱাৰিলে। চিমোনাই কৈছিল যে এইবাৰ তেওঁ বহু প্ৰস্তুতি চলাই অৱতীৰ্ণ হৈছে। আনহাতে,…
