09
May
দক্ষিণ কামৰূপৰ অন্যতম পথিকৃৎ সাহিত্যানুষ্ঠান "বঙৰা আঞ্চলিক সাহিত্য মঞ্চ"ৰ সপ্তম বৰ্ষীয় অধিবেশনখনি আজি দিনযোৰা কাৰ্যসূচীৰে বঙৰাস্থিত "শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়" প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আজি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মঞ্চৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গৌৰীকান্ত নাথে। ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই। ইয়াৰ পিছত চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১১ বজাত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানৰ অন্তত আবেলি ২:৩০ বজাত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে মঞ্চৰ সভাপতি গৌৰীকান্ত নাথে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক যুগল চন্দ্র বৈশ্য আৰু কবি তথা নাট্যকাৰ…
