উত্তৰ-পূৱ

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অবস্থান শুভেন্দু অধিকাৰীৰ, গুৱাহাটীত আহি দিলে ডাঙৰ ঘোষণা

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অবস্থান শুভেন্দু অধিকাৰীৰ, গুৱাহাটীত আহি দিলে ডাঙৰ ঘোষণা

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ মঙলবাৰে গুৱাহাটীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। বিমানবন্দৰত উপস্থিত হৈ তেওঁ নতুন চৰকাৰখনৰ বাবে অসমবাসীক অভিনন্দন জনোৱাৰ লগতে নিৰ্বাচনী প্ৰচাৰত সহায় কৰা বিজেপি কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এতিয়া চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে উন্নয়নৰ এক নতুন যাত্ৰা আৰম্ভ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অসম আৰু ত্ৰিপুৰাত বিজেপি চৰকাৰ থকাৰ বাবে অনুপ্ৰৱেশৰ সমস্যা প্ৰায় শেষ হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শুভেন্দু অধিকাৰীয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "পূৰ্বৰ চৰকাৰে বি এছ এফক ভূমি পৰ্যন্ত আবণ্টন দিয়া নাছিল। এতিয়া অসম আৰু ত্ৰিপুৰাৰ দৰে পশ্চিমবংগতো…
Read More
ভোটাৰ কৰ্তন অভিযোগেৰে উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছ, বংগ নিৰ্বাচনক লৈ নতুন বিতৰ্ক

ভোটাৰ কৰ্তন অভিযোগেৰে উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছ, বংগ নিৰ্বাচনক লৈ নতুন বিতৰ্ক

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত ব্যাপক ভোটাৰ কৰ্তনে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচন আয়োগৰ 'বিশেষ নিবিড় সংশোধন' বা এছআইআৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় সদ্য ক্ষমতাচ্যুত তৃণমূল কংগ্ৰেছ। ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলক লৈ সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া আইনী যুঁজৰ ৰূপ লৈছে। জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰি কয় যে ৰাজ্যখনৰ কমেও ৩১খন আসনত বিজেপি প্ৰাৰ্থীৰ জয়ৰ ব্যৱধানতকৈ কৰ্তন কৰা ভোটাৰৰ সংখ্যা অধিক আছিল। উদাহৰণস্বৰূপে, জংগীপাড়া সমষ্টিত তৃণমূল প্ৰাৰ্থীজন মাত্ৰ ৮৬২ টা ভোটত পৰাজিত হৈছিল যদিও সেই একেটা সমষ্টিতে প্ৰায় ৫,০০০ ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল। এই কাৰ্যই নিৰ্বাচনী ফলাফলত এক বৃহৎ…
Read More
জুবিন হত্যা কাণ্ডত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন ১৩ মে’ত উচ্চ ন্যায়ালয়ত শুনানিলৈ উঠিব

জুবিন হত্যা কাণ্ডত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন ১৩ মে’ত উচ্চ ন্যায়ালয়ত শুনানিলৈ উঠিব

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা সাংস্কৃতিক উদ্যোক্তা শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। অহা ১৩ মে’ত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত এই গুৰুত্বপূৰ্ণ আইনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। উল্লেখযোগ্য যে যোৱা ৩০ এপ্ৰিলত গুৱাহাটীৰ এক ফাষ্টট্ৰেক আদালতে মহন্তৰ জামিন আৱেদন নাকচ কৰাৰ পাছতেই তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অনুষ্ঠিত 'নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল'ৰ সময়তে সাগৰত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। এই ঘটনাৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে শ্যামকানু মহন্তক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰিছে। মহন্তৰ বিৰুদ্ধে…
Read More
অসম ৰাজনীতিত ব্যস্ততা তুঙ্গত, আজি শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব পাঁচ জ্যেষ্ঠ নেতা; অধ্যক্ষ পদত ৰঞ্জিত দাসৰ নাম ঘোষণা

অসম ৰাজনীতিত ব্যস্ততা তুঙ্গত, আজি শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব পাঁচ জ্যেষ্ঠ নেতা; অধ্যক্ষ পদত ৰঞ্জিত দাসৰ নাম ঘোষণা

অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। আজি অৰ্থাৎ ১২ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ভব্য শপত গ্ৰহণ অনুষ্ঠানত ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আন চাৰিজন জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। সোমবাৰে নিশা মুখ্যমন্ত্ৰী হিচাপে মনোনীত শৰ্মাই এই কথা ঘোষণা কৰে। ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে এই নতুন দলটোৱে কাম কৰিব বুলিও তেওঁ আশাপ্ৰকাশ কৰে। অসম মন্ত্ৰীপৰিষদত অন্তৰ্ভুক্ত হ’বলগীয়া এই চাৰিজন নেতা হ’ল ক্ৰমে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগ। ইয়াৰ উপৰিও শৰ্মাই ঘোষণা কৰে যে বিজেপি বিধায়ক ৰঞ্জিত দাস হ’ব শাসকীয় মিত্ৰজোঁটৰ বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী।…
Read More
গুৱাহাটীত কটকটীয়া নিৰাপত্তা, আজি এনডিএ চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব নৰেন্দ্ৰ মোদী

গুৱাহাটীত কটকটীয়া নিৰাপত্তা, আজি এনডিএ চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব নৰেন্দ্ৰ মোদী

অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ সোমবাৰে নিশা গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ জ্যেষ্ঠ নেতৃত্বই। আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এক ভব্য সমাৰোহত প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনক অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ক্ষণ বুলি অভিহিত কৰি সামাজিক মাধ্যম এক্সত এক পোষ্ট কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, "আদৰণীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীক অসমলৈ স্বাগতম জনাইছোঁ। তেওঁৰ এই ভ্ৰমণে ৰাজ্যখনত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে বিজেপি-এন ডি এ চৰকাৰৰ এক ঐতিহাসিক যাত্ৰাৰ সূচনা কৰিব।" আজিৰ এই…
Read More
তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ ৷ আনহাতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে দায়িত্ব ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন আৰু ৰাজ্যপালৰ অনুমোদনৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে ১২ মে'ত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ মন্ত্রীসভাই শপত ল'ব ৷ ১২ মে'ৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব ৷ আনহাতে উপস্থিত থাকিব এনডিএ শাসিত ২১ খন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকল ৷ তদুপৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতি, ৰাজ্যৰ সত্রাধিকাৰসকল, বিজেপি আৰু অগপৰ বুথ কমিটীৰ…
Read More
এই খবৰ জানিলে আচৰিত হব আপুনি

এই খবৰ জানিলে আচৰিত হব আপুনি

সদ্যসমাপ্ত হ’ল ভাৰতৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন ২০২৬ ৷ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ভাৰতীয় নিৰ্বাচন আয়োগে এক তথ্য সদৰী কৰিছে ৷ দেশৰ নিৰ্বাচন আয়োগ চমুকৈ ইচিআইৰ তথ্যত এক ভয়ংকৰ কথা পোহৰলৈ আহিছে ৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে, বিভিন্ন বলৱৎকাৰী সংস্থাই তালাচী চলাই নিৰ্বাচনী ভোটগ্ৰহণৰ দিন ৯ এপ্ৰিলৰ পূৰ্বে অসমৰ বিভিন্ন স্থানৰ পৰা মুঠ ১১৭.২৪ কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰে ৰাজ্যৰ একাধিক নিৰ্বাচনী প্ৰচাৰ এলেকাৰ পৰা ৮২৮২৪৮.৩৩ লিটাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল, এই সুৰাৰ বজাৰ মূল্য ২২.৭১ কোটি টকা বুলি জানিব পৰা গৈছে ৷
Read More
সাৱধান দেশবাসী

সাৱধান দেশবাসী

ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কমকৈ কৰক ৷’’ পশ্চিমৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে এই আহ্বান জনোৱাৰ পিছতে বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ লোকসভাৰ বিৰোধী দলপতি তথা শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক উভতি ধৰি কঠোৰ সমালোচনা কৰে ৷ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এনেধৰণৰ মন্তব্যই অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰিচালনাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিফলন ঘটাইছে বুলি মন্তব্য কৰে । ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সামাজিক মাধ্যমতো আক্ৰমণ কৰি কঠোৰ সমালোচনা কৰে ৷ সামাজিক মাধ্য়মত প্ৰকাশিত এটা পোষ্টত ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে দেশবাসীকহে দোষাৰোপ কৰিছে ৷কংগ্ৰেছ নেতা গান্ধীয়ে কয়, ‘‘কালি মোদীজীয়ে দেশবাসীক সম্বোধন কৰি কৈছিল…
Read More
আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা

আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা

আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা। 'লাডেন আৰু আছাদুদ্দিন ওৱেছিৰ মাজত নাই কোনো পার্থক্য'। 'লাডেনে আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে ওৱেছিয়ে' । AIMIMৰ জড়িয়তে ওৱেছিয়ে জেহাদ চলোৱাৰ অভিযোগ। 'নির্বাচনত জয়ী হৈ আজিলৈকে সমাজৰ একো ভাল কৰা নাই ওৱেছিয়ে'।
Read More
ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী?

ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী?

ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী? ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতন। দুগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে। অসম আৰু ডিমাপুৰৰ যুৱতীক অশ্লীল ইংগিত। ২ যুৱতীক প্ৰহাৰৰো অভিযোগ যুৱকৰ দলটোৰ বিৰুদ্ধে।
Read More