ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । দেওবাৰে নিশা ৰামদেৱৰা আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰকী গাঁৱত সন্দেহজনক পৰিস্থিতিত একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয় । স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ দুই সৰু সন্তানৰ মৃত্য়ু হৈছে ।গাঁওখনৰ এটা পানীৰ টেংকিৰ পৰা গঞাই চাৰিওজনৰ মৃতদেহ উদ্ধাৰ কৰে । চাৰিওকে প্ৰত্য়ক্ষ কৰি গাঁৱৰ মানুহে টেংকিৰ পৰা উলিয়াই আনি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে পৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে । অৱেশ্য়ে এই ঘটনাটো কেনেদৰে সংঘটিত হ’বলৈ পালে সেয়া জানিব পৰা হোৱা নাই ।মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । নিহত লোকজনৰ নাম যশৰাজ (৩০), তেওঁৰ পত্নী নিৰ্মা (২৮), তেওঁলোকৰ ১০ বছৰীয়া পুত্ৰ আৰু ৫ বছৰীয়া কন্যা সন্তান ।
ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা
