উত্তৰ-পূৱ

দিল্লীৰ পৰা থিৰুৱনন্তপুৰমলৈ ব্যস্ততা বৃদ্ধি, কেৰালাৰ মুখ্যমন্ত্ৰী পদক লৈ অব্যাহত জল্পনা-কল্পনা

দিল্লীৰ পৰা থিৰুৱনন্তপুৰমলৈ ব্যস্ততা বৃদ্ধি, কেৰালাৰ মুখ্যমন্ত্ৰী পদক লৈ অব্যাহত জল্পনা-কল্পনা

কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেই লৈ দিল্লীত তীব্ৰ মন্থন চলিছে কংগ্ৰেছ হাইকামাণ্ডৰ মাজত। দলীয় নেতৃত্ব, কৰ্মী আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰি বৃহস্পতিবাৰে পুৱা ৰাহুল গান্ধীয়ে নিজ বাসভৱনত কে চি বেণুগোপালৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্তৰ দিশে অগ্ৰসৰ হোৱা যেন দেখিলেও এতিয়ালৈকে চৰকাৰী ঘোষণা সম্পূৰ্ণ গোপন কৰি ৰখা হৈছে। দিল্লীৰ পৰা চূড়ান্ত নিৰ্দেশ অহাৰ পূৰ্বে থিৰুৱনন্তপুৰমত থকা দলীয় মুখ্য কাৰ্যালয়ত সমবেত হ’বলৈ নিৰ্দেশ দিয়া হৈছে নৱ নিৰ্বাচিত সকলো বিধায়কক। দিনৰ ১ বজাত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে ৰাজ্যিক ৰাজনীতিৰ কেন্দ্ৰবিন্দু এতিয়া থিৰুৱনন্তপুৰমলৈ স্থানান্তৰিত হৈছে। দলীয় সূত্ৰই জনোৱা মতে, কেৰালা প্ৰদেশ…
Read More
কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ছেপ্টেম্বৰ পৰ্যন্ত চেনি ৰপ্তানি স্থগিত

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ছেপ্টেম্বৰ পৰ্যন্ত চেনি ৰপ্তানি স্থগিত

দেশৰ বজাৰত চেনিৰ পৰ্যাপ্ত নাটনি ৰোধ আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰপ্তানিৰ ওপৰত অহা ৩০ ছেপ্টেম্বৰলৈকে নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক জাননীৰ জৰিয়তে কেঁচা, বগা আৰু পৰিশোধিত চেনিৰ ৰপ্তানি নীতি ‘সংকুচিত’ শ্ৰেণীৰ পৰা ‘নিষিদ্ধ’ শ্ৰেণীলৈ সলনি কৰে। ঘৰুৱা উপলব্ধতা বৃদ্ধিৰ স্বাৰ্থত গ্ৰহণ কৰা এই সিদ্ধান্ত তৎকালীনভাৱে কাৰ্যকৰী হ’ব বুলি বৈদেশিক বাণিজ্য সঞ্চালকালয়ে স্পষ্ট কৰি দিয়ে। চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি ইউৰোপীয় ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ নিৰ্ধাৰিত কোটাৰ অধীনত চেনি ৰপ্তানি অব্যাহত থাকিব। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কয়, "চেনিৰ ৰপ্তানি নীতি ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে অথবা পৰৱৰ্তী…
Read More
মিতব্যয়িতাৰ বাৰ্তা ৰাজ্যপালৰ, কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশ কমোৱাৰ নিৰ্দেশ

মিতব্যয়িতাৰ বাৰ্তা ৰাজ্যপালৰ, কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশ কমোৱাৰ নিৰ্দেশ

দেশৰ ইন্ধন সংৰক্ষণ আৰু মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ নিজৰ চৰকাৰী কনভয়ৰ বাহনৰ সংখ্যা ৭০ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, অৰ্থনৈতিক স্বনিৰ্ভৰশীলতা আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ স্বাৰ্থতে ৰাজ্যপালে এই পদক্ষেপ গ্ৰহণ কৰিছে। কেৱল কনভয়ৰ বাহন কৰ্তনেই নহয়, ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবেও প্ৰয়োজনীয় নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বেও তেওঁ চৰকাৰী ইন্ধনৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাস কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল। প্ৰশাসনিক কাম-কাজত এনে ধৰণৰ সৰু সৰু পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদ সংৰক্ষণত গুৰুত্বপূৰ্ণ…
Read More
গোৱালপাৰাত ৮৬ গ্ৰাম হেৰ’ইনসহ দুজন আটক; জব্দ মটৰচাইকেল আৰু মোবাইল ফোন

গোৱালপাৰাত ৮৬ গ্ৰাম হেৰ’ইনসহ দুজন আটক; জব্দ মটৰচাইকেল আৰু মোবাইল ফোন

ৰাজ্যত অব্যাহত থকা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানৰ অংশ হিচাপে বুধবাৰৰ সন্ধিয়া গোৱালপাৰাৰ কৃষ্ণাইত ৮৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। এই অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে কৃষ্ণাই আৰক্ষীৰ এটা দলে। ধৃত অভিযুক্ত দুজনক ক্ৰমে শাহিদুল ইছলাম আৰু মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, সন্ধিয়া প্ৰায় ৭ বজাত চলোৱা এই তালাচীৰ সময়ত অভিযুক্ত দুজনৰ পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও ড্ৰাগছ সৰবৰাহৰ কামত ব্যৱহাৰ কৰা এখন মটৰচাইকেল আৰু দুটা মোবাইল ফোনো আৰক্ষীয়ে নিজৰ জিম্মাত লয়। বৰ্তমান দুয়ো অভিযুক্তক অধিক সোধা-পোছাৰ বাবে জিম্মাত লোৱাৰ লগতে অঞ্চলটোত সক্ৰিয় হৈ থকা ড্ৰাগছৰ নেটৱৰ্কৰ সৈতে…
Read More
পৱন খেড়াক পুনৰ ক্ৰাইম ব্ৰান্সত তলব, মানহানিৰ গোচৰত দীঘলীয়া জেৰা অব্যাহত

পৱন খেড়াক পুনৰ ক্ৰাইম ব্ৰান্সত তলব, মানহানিৰ গোচৰত দীঘলীয়া জেৰা অব্যাহত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বিদেশী পাছপৰ্ট তথা বিদেশী সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া। এই অভিযোগৰ তদন্তৰ অংশ হিচাপে বুধবাৰে ১০ ঘণ্টাতকৈও অধিক সময় ধৰি অসম আৰক্ষীৰ অপৰাধ শাখাই জেৰা কৰে পৱন খেৰাক। বুধবাৰে গুৱাহাটীৰ অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হোৱা নেতাগৰাকীক মুখ্যমন্ত্ৰী আৰু ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা গোচৰৰ ভিত্তিত সোধা-পোছা কৰা হয়। জেৰাৰ অন্তত পৱন খেৰাই সংবাদ মাধ্যমক কয়, "মই তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আৰু কাইলৈ অৰ্থাৎ ১৪ মে'ৰ পুৱা ৯:৩০ বজাত পুনৰ হাজিৰ হ'বলৈ মোক নিৰ্দেশ দিয়া হৈছে।" এজন আইন মানি চলা নাগৰিক হিচাপে…
Read More
ইন্ধন সঞ্চয়ৰ বাৰ্তা দিবলৈ বাছত যাত্ৰা কৰিব নীতিন গাডকাৰী

ইন্ধন সঞ্চয়ৰ বাৰ্তা দিবলৈ বাছত যাত্ৰা কৰিব নীতিন গাডকাৰী

দেশৰ বৰ্ধিত ইন্ধনৰ নাটনি আৰু বিত্তীয় মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। মহাৰাষ্ট্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘাইপথ প্ৰকল্প পৰিদৰ্শনৰ বাবে তেওঁ কোনো ব্যক্তিগত বিলাসীবহুল বাহনৰ পৰিৱৰ্তে এখন বাছ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰধানমন্ত্ৰীৰ ইন্ধন ৰাহিৰ পৰামৰ্শৰ প্ৰতি সন্মান জনাই তেওঁ আৰক্ষী, নিৰাপত্তাকৰ্মী আৰু সাংবাদিকৰ সৈতে একেলগে যাত্ৰা কৰিব বুলি মহাৰাষ্ট্ৰ আৰক্ষীক এক পত্ৰযোগে অৱগত কৰে। মহাৰাষ্ট্ৰ চৰকাৰক উদ্দেশ্যি লিখা পত্ৰখনত গাডকাৰীয়ে কয়, "অহা ১৪ আৰু ১৫ মে'ত সন্ত জ্ঞানেশ্বৰ মহাৰাজ আৰু সন্ত তুকাৰাম মহাৰাজ পালখি মাৰ্গ প্ৰকল্প পৰিদৰ্শন কৰা হ’ব। এই ভ্ৰমণৰ সময়ত ইন্ধন ৰাহি কৰাৰ বাবে মই বিষয়া আৰু সাংবাদিকৰ সৈতে একেখন বাছতে…
Read More
দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত

দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত

নেচাৰ এনভাৰমেণ্ট এণ্ড ৱাইল্ড লাইফ চচাইটি (নিউজ)য়ে দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিবেশন সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানত পৰীভ্ৰমী চৰাই পৰ্যবেক্ষণ আৰু নেচাৰ গাইড হিচাপে পেছাগত সুযোগ বিষয়ক শ্রেণীকক্ষ আলোচনা অন্তর্ভুক্ত আছিল। পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীটো নিউজৰ দলৰ উদ্যোগত বিগত নৱেম্বৰ মাহৰ পৰা যোৱা এপ্ৰিললৈ স্থানীয় যুৱ গোটৰ সক্ৰিয় অংশগ্রহণেৰে পৰিচালিত হয় । সমগ্র সমীক্ষা কালত যুৱ অংশগ্ৰহণকাৰীসকলক দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণ, ক্ষেত্ৰ নিৰ্দেশিকা পুথি (Field Guide Books) ব্যৱহাৰ, লগতে ই-বাৰ্ড আৰু আই নেচাৰেলিষ্টৰ  দৰে অনলাইন জৈৱবৈচিত্ৰ্যৰ তথ্য ভাণ্ডাৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়া হৈছিল । অংশগ্ৰহণকাৰীসলক চৰাইৰ অসমীয়া নাম শিকিবলৈ আৰু নথিভুক্ত কৰিবলৈও উৎসাহিত কৰা হৈছিল,…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা । চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়…অসম-অসমীয়া আৰু ভাৰতীয় যাতে অসমৰ চাৰিসীমাৰ ভিতৰত সদায় সুৰক্ষিত হৈ থাকিব পাৰে আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেইটো হৈছে আমাৰ দায়িত্ব ।’’ -মুখ্যমন্ত্ৰী ৷
Read More
বৃদ্ধি পাব সোণৰ মূল্য

বৃদ্ধি পাব সোণৰ মূল্য

পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ দুদিন পাছতেই মঙলবাৰে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে সোণ, ৰূপ, আৰু অন্যান্য বহুমূলীয়া ধাতুৰ ওপৰত আমদানি শুল্ক দুগুণতকৈও অধিক অৰ্থাৎ ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিছে ৷বিত্ত মন্ত্ৰালয়ে মঙলবাৰে অধিসূচনা জাৰি কৰি কয় যে ১৩ মে’ৰ পৰা এই হাৰ কাৰ্যকৰী হৈছে ৷ ফলস্বৰূপে অনাগত দিনত সোণ-ৰূপৰ দাম অধিক হ’ব পাৰে ৷
Read More
উপদেশতকৈ আৰ্হি শ্ৰেয়

উপদেশতকৈ আৰ্হি শ্ৰেয়

উপদেশতকৈ আৰ্হি শ্ৰেয়, ইন্ধন ৰাহিৰ উদ্দেশ্যে নিজৰ কনভয় সীমিত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। চৰকাৰী সূত্ৰৰ পৰা শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ’পণ্যৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে তেওঁৰ কনভয়ত গাড়ীৰ সংখ্য়া হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ৷হায়দৰাবাদত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনোৱাৰ পাছতেই গুজৰাট আৰু অসমত তেওঁৰ কনভয়ৰ আকাৰ হ্ৰাস পায় । প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ ক্ৰয় নকৰাকৈয়ে যদি সম্ভৱ হয়, তেন্তে তেওঁৰ কনভয়ত ইলেক্ট্ৰিক বাহন অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনাইছে ৷
Read More