অসম

পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

পুত্ৰ কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ আৱেগিক পত্ৰ মাতৃৰ

এতিয়াও শেষ হোৱা নাই এগৰাকী মাতৃৰ সংগ্ৰাম! পুত্ৰৰ মৃত্যুৰ পিছতো ন্যায়ৰ আশাত প্ৰতিদিনে তেওঁৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি আছে মাতৃয়ে। এইবাৰ সেই ন্যায়ৰ দাবীকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন আৱেগিক পত্ৰ প্ৰেৰণ কৰিলে কেতন আগৰৱালৰ মাতৃ ৰাখী আগৰৱালে। পত্ৰখনত ৰাখী আগৰৱালে লিখে যে, "প্ৰতিগৰাকী মাতৃৰ দৰেই মইও সপোন দেখিছিলোঁ, কেতনে সুন্দৰ জীৱন গঢ়িব, বিয়া কৰাব আৰু আমাৰ সৈতে বুঢ়া হ'ব। কিন্তু তাৰ সলনি নিজৰ সন্তানৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া হ'ল। এগৰাকী মাতৃৰ বাবে ইয়াতকৈ ডাঙৰ যন্ত্ৰণা আৰু একোৱেই হ'ব নোৱাৰে।" তেওঁ কয় যে, আজিও ঘৰৰ প্ৰতিটো কোণে কেতনৰ স্মৃতি সজীৱ কৰি ৰাখিছে। তেওঁৰ কোঠা, কাপোৰ, ফটো আৰু তেওঁৰ হাঁহিৰ…
Read More
পাক অধিকৃত কাশ্মীৰত পুনৰ অগ্নিগৰ্ভ পৰিস্থিতি; পাক সেনাৰ গুলীত নিহত ৬ অসামৰিক লোক

পাক অধিকৃত কাশ্মীৰত পুনৰ অগ্নিগৰ্ভ পৰিস্থিতি; পাক সেনাৰ গুলীত নিহত ৬ অসামৰিক লোক

পাক অধিকৃত কাশ্মীৰত পুনৰ জ্বলি উঠিছে জনৰোষ। বিগত কিছু মাহ ধৰি পাকিস্তানৰ শাসনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে এইবাৰ সাধাৰণ জনতাৰ ওপৰত গুলীচালনা কৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে। এই ঘটনাত কমেও ৬ জন অসামৰিক লোক নিহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। নতুনকৈ সংঘটিত এই ৰক্তক্ষয়ী ঘটনাই পাকিস্তান অধিকৃত কাশ্মীৰত চলি থকা অস্থিৰ পৰিস্থিতিক আৰু অধিক তীব্ৰ কৰি তুলিছে। বাতৰি অনুসৰি, ৰাৱালাকোট চহৰৰ নিউ বাছ টাৰ্মিনেলৰ সমীপত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে সাধাৰণ লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পিছতে সংঘৰ্ষৰ সূচনা হয়। সেই সময়তে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত ৬ জন অসামৰিক লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত বালুচ ছাধুনাটি জিলাৰ জাহিদ মুগল, জাফৰ মুগল, আৰছালান আকবৰ…
Read More
অসমীয়া ছবিজগতত অপূৰণীয় ক্ষতি; চিৰবিদায় বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ

অসমীয়া ছবিজগতত অপূৰণীয় ক্ষতি; চিৰবিদায় বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ

অসমীয়া ছবিজগতৰ এটা উজ্জ্বল অধ্যায়ৰ অৱসান ঘটিল। সুদীৰ্ঘ অভিনয় জীৱনত ৰূপালী পৰ্দা আৰু টেলিভিছনৰ জৰিয়তে লাখ লাখ দৰ্শকৰ হৃদয় জয় কৰা বিশিষ্ট অভিনেত্ৰী পূৰবী শৰ্মাৰ মঙলবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। অসুস্থ হৈ পৰাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। তেওঁৰ নশ্বৰদেহ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহলৈ অনা হয়। পৰিয়ালৰ সদস্য, সহশিল্পী, অনুৰাগী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হয়। অসমীয়া চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় মুখ পূৰবী শৰ্মাই 'আজলি নবৌ' ছবিৰে ৰূপালী পৰ্দাত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক সময়ৰ আন এখন ছবি 'ৰাগিনী'য়ে ৰাষ্ট্ৰীয়…
Read More
ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰয়াত পবিন চন্দ্ৰ গায়নৰ বাসগৃহত প্ৰেমানন্দ প্ৰভু

ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰয়াত পবিন চন্দ্ৰ গায়নৰ বাসগৃহত প্ৰেমানন্দ প্ৰভু

অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা গুৱাহাটীৰ সাওকুছি অঞ্চলৰ  বিশিষ্ট সমাজকর্মী পবিন চন্দ্র গায়নৰ ৩ জুলাইত অসুখত ভুগি মৃত্যু হয়।  আনহাতে আজি তেওঁৰ  আদ্যশ্ৰাদ্ধ উপলক্ষে সাওকুছিৰ মিলিজুলি পথত থকা প্ৰয়াত পবিন চন্দ্ৰ গায়নৰ বাসগৃহত আহি উপস্থিত হয় কৃষ্ণগুৰু ধৰ্মৰ মহাপ্ৰভু হিচাপে পৰিচিত প্ৰেমানন্দ প্ৰভু। প্ৰেমানন্দ প্ৰভুৱে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে  পবিন চন্দ্ৰ গায়নৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে।  উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উল্লেখ্য যে পবিন চন্দ্ৰ গায়নৰ বৰপুত্ৰ কুলদীপ গায়ন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিৰিক্ত…
Read More
অসমৰ সুদযুক্ত ঋণ ১.৪৩ লাখ কোটি, ২০২৪-২৫ ত ৯,৪৬৭ কোটি টকা সুদ দিলে চৰকাৰে

অসমৰ সুদযুক্ত ঋণ ১.৪৩ লাখ কোটি, ২০২৪-২৫ ত ৯,৪৬৭ কোটি টকা সুদ দিলে চৰকাৰে

বিগত দশকত অসমৰ বাকী ঋণ সৰে ৪.৫ গুণতকৈও বেছি বৃদ্ধি পাই ২০২৫ চনৰ ৩১ মাৰ্চলৈ ১.৬২ লাখ কোটি টকাত উপনীত হৈছে বুলি মঙলবাৰে ৰাজ্যিক বিধানসভাত অৱগত কৰা হয়। বিৰোধী বিধায়কসকলৰ প্ৰশ্নৰ উত্তৰ দি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ২০১৬ চনৰ ৩১ মাৰ্চত ৰাজ্যৰ বাকী ঋণৰ পৰিমাণ আছিল ৩৫,৬৯০ কোটি টকা। মহালেখাপৰীক্ষকৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি, ২০২৫ চনৰ ৩১ মাৰ্চলৈ মুঠ ঋণ ১,৬১,৭৬১ কোটি টকালৈ বৃদ্ধি পাইছে। তথাপি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে মুঠ দায়বদ্ধতাৰ ভিতৰত ১৮,৫৮২ কোটি টকা ৫০ বছৰীয়া সুদমুক্ত ঋণ। এই ঋণ বাদ দিলে অসমৰ সুদযুক্ত ঋণৰ পৰিমাণ ১,৪৩,১৭৯ কোটি টকা। বৰুৱাই সদনত আৰু কয় যে ২০২৪-২৫…
Read More
ভুৱা আইএএছ বিষয়াৰ পৰিচয় দি বিয়া; তাৰ পিছতে ৪০ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা

ভুৱা আইএএছ বিষয়াৰ পৰিচয় দি বিয়া; তাৰ পিছতে ৪০ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা

সামাজিক মাধ্যমত পৰিচয়, তাৰ পিছত বিয়া। কিন্তু সংসাৰ আৰম্ভ হোৱাৰ কিছুদিনৰ ভিতৰতে ওলাই পৰিল এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ কাহিনী। নিজকে আইএএছ বিষয়া বুলি পৰিচয় দি এজন যুৱকক বিয়া কৰোৱা এগৰাকী মহিলাক এইবাৰ গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। বিয়াৰ পিছতে স্বামীৰ ওচৰত ৪০ লাখ টকা দাবী কৰাৰ লগতে মিছা গোচৰত ফচোৱাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ ফৰিদপুৰ অঞ্চলত। আৰক্ষীৰ তথ্য অনুসৰি, অভিষেক নামৰ এজন যুৱকে দাখিল কৰা অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰাৰ পিছত সাধনা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অভিযোগ অনুসৰি, ফেচবুকৰ জৰিয়তে দুয়োৰে পৰিচয় হৈছিল। বিয়াৰ পূৰ্বে…
Read More
অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান

অসম-নেপালী সাহিত্য জগতলৈ অপূৰণীয় ক্ষতি; পদ্মশ্ৰী গীতা উপাধ্যায়ৰ দেহাৱসান

অসম আৰু নেপালী সাহিত্য জগতক শোকস্তব্ধ কৰি চিৰবিদায় ল'লে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা পদ্মশ্ৰী গীতা উপাধ্যায়ে। সাহিত্য, অনুবাদ আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সন্মানিত এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইবছৰেই লাভ কৰিছিল সতী সাধনী বঁটা। বৰ্তমানৰ বিশ্বনাথ জিলাৰ গংমথান গাঁৱত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায়ে লেখিকা, অনুবাদক, শিক্ষাবিদ আৰু সমাজকৰ্মী হিচাপে সুদীৰ্ঘ সময় ধৰি সুনাম অৰ্জন কৰিছিল। অসমীয়া আৰু নেপালী ভাষাৰ সাহিত্যৰ মাজত সেতুবন্ধন গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সাহিত্যিকগৰাকীয়ে। অসমীয়া নাটক 'কাৰেঙৰ লিগিৰী'ৰ নেপালী অনুবাদৰ বাবে সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল গীতা উপাধ্যায়ে। ২০১৬ চনত 'জন্মভূমি মেৰো স্বদেশ' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল। সাহিত্য আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা…
Read More
সন্তানসম্ভৱা বোৱাৰীক হত্যা কৰি মৃতদেহ পুতিলে চোতালত, বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য

সন্তানসম্ভৱা বোৱাৰীক হত্যা কৰি মৃতদেহ পুতিলে চোতালত, বিলাসীপাৰাত তীব্ৰ চাঞ্চল্য

বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত হাজাৰীপাৰা গাঁৱত সংঘটিত হৈছে এক জঘন্য আৰু লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এগৰাকী সন্তানসম্ভৱা বোৱাৰীৰ মৃতদেহ। নিহত মহিলাগৰাকী গাঁৱৰে বাসিন্দা হাকিমুল কৰিমৰ দ্বিতীয় পত্নী ছাহেবা বিবি বুলি চিনাক্ত কৰা হৈছে। এই নৃশংস হত্যাকাণ্ডৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত স্বামী আৰু তেওঁৰ প্ৰথমা পত্নী। প্ৰাপ্ত খবৰ মতে, ফকিৰাগ্ৰামৰ পাখৰীতলৰ মাহিদ আলীৰ কন্যা ছাহেবা বিবিৰ সৈতে প্ৰায় এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল হাকিমুল কৰিম। প্ৰথমা পত্নী থকাৰ পিছতো হাকিমুলৰ এই দ্বিতীয় বিবাহক লৈ ইমানদিনে তিনিও একেটা পৰিয়ালতে বসবাস কৰি আছিল। ছাহেবাৰ পৰিয়ালৰ লোকে উত্থাপন কৰা গুৰুতৰ অভিযোগ অনুসৰি, সন্তানসম্ভৱা…
Read More
গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা ফটাশিলৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ দাঁতিকাষৰীয়া গড়ভঙা বনাঞ্চলৰ জলপ্ৰপাতত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লয় ফটাশিলৰ এজন যুৱকে। তিনিজন বন্ধুৰ সৈতে ফুৰিবলৈ গৈ সলিল সমাধি ঘটা যুৱকজনক ফটাশিলৰ নিখিল ঝা (২৫) বুলি চিনাক্ত কৰা হৈছে। কালি অসম-মেঘালয় সীমান্তৱৰ্তী জালুকপাহামত সংঘটিত হয় এই কৰুণ ঘটনা। নিখোজ হোৱাৰ পিছৰে পৰা চলোৱা এক ব্যাপক অভিযানৰ অন্তত আজি পুৱা উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ। প্ৰাপ্ত তথ্য অনুসৰি, দেৱেশ, পদ্ম আৰু অমন চেত্ৰী নামৰ তিনিজন বন্ধুৰ সৈতে নিখিলে কালি দুপৰীয়া বাইকেৰে গৈছিল জালুকপাহামলৈ। তাত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ পিছত সন্ধিয়া প্ৰায় ৫.৩০ বজাত গা ধুবলৈ জলপ্ৰপাতত নামিছিল তেওঁলোক। ইয়াৰ কিছু সময়ৰ পিছতে নিখিল জলপ্ৰপাতৰ গভীৰ পানীত ডুব যোৱাত…
Read More
হোম ষ্টে’ত তাণ্ডৱ চলাই পলায়ন; ছয় অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

হোম ষ্টে’ত তাণ্ডৱ চলাই পলায়ন; ছয় অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

অতিথিশালাত তাণ্ডৱ চলাই ক্ষতিসাধন কৰাৰ অভিযোগত এইবাৰ ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে মেঘালয় আৰক্ষীয়ে। অভিযুক্তসকলৰ ভিতৰত তিনিজন প্ৰাপ্তবয়স্ক আৰু তিনিজন নাবালক। আদালতত হাজিৰ কৰাৰ পিছত জামিনত মুকলি পায় আটাইকেইজনে। ১১ জুলাইত শ্বিলঙৰ ৰিছা কলনীত অৱস্থিত 'অ'ক' নামৰ হোম ষ্টে'ৰ কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। অভিযোগ অনুসৰি, কেইবাজনো লোকে অতিথিশালাৰ কৰ্মচাৰীক ভাবুকি প্ৰদান কৰাৰ লগতে সম্পত্তিৰ ব্যাপক ক্ষতিসাধৰণ কৰে। ক্ষতিপূৰণ নিদিয়াকৈয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তসকল। ঘটনাৰ তদন্ত আৰম্ভ কৰি পূব খাচী পাহাৰ জিলাৰ আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত অভিযান চলায়। কোকৰাঝাৰ, আলিপুৰদুৱাৰ আৰু সাপটগ্ৰাম আৰক্ষীৰ সহযোগত আলিপুৰদুৱাৰত বিকাশ সিং, অবিনাশ সিং, আকন্দ প্ৰতাপ সিংৰ লগতে ১৭ বছৰীয়া তিনিজন নাবালকক আটক কৰা…
Read More