অসম

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা; চৰকাৰী ব্যয় কৰ্তনৰ বাবে কেবিনেটত কেইবাটাও বিশেষ সিদ্ধান্ত

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা; চৰকাৰী ব্যয় কৰ্তনৰ বাবে কেবিনেটত কেইবাটাও বিশেষ সিদ্ধান্ত

অসমৰ নৱগঠিত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে বুধবাৰে লোৱা হয় চৰকাৰী ব্যয় কৰ্তনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীত অনুষ্ঠিত এই বৈঠকৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰৰ প্ৰশাসনিক কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰে। অহা ২১, ২২, ২৫ আৰু ২৬ মে'ত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব, য’ত নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। এই অধিবেশনৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক সাময়িক অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ ৰাজ্যপালক অনুৰোধ জনোৱা হৈছে। প্ৰশাসনিক সংস্কাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আগন্তুক ছমাহৰ বাবে চৰকাৰী ব্যয় কৰ্তন কৰিবলৈ কেবিনেটে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’’ মন্ত্ৰীসকলৰ বিভাগসমূহ…
Read More
উন্মুক্ত নলাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ; ২৫ মে’ৰ ভিতৰত অগ্ৰগতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰক

উন্মুক্ত নলাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ; ২৫ মে’ৰ ভিতৰত অগ্ৰগতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰক

ৰাজ্যৰ নগৰীয়া আন্তঃগাঁথনিত থকা উন্মুক্ত নলাসমূহক জনসাধাৰণৰ জীৱনৰ প্ৰতি এক গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্যৰ চহৰ তথা নগৰসমূহৰ বিপজ্জনক নিষ্কাশন ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি সোমবাৰে আদালতে সকলো উন্মুক্ত নলা অতি শীঘ্ৰে বন্ধ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। অধিবক্তা সন্দীপ চামৰিয়াৰ এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে অহা ২৫ মে’ৰ ভিতৰত এই কামৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে চৰকাৰী পক্ষক সতৰ্ক কৰি দি কয় যে সমগ্ৰ অসমৰ চহৰসমূহৰ নিষ্কাশন ব্যৱস্থা এনেদৰে সুনিশ্চিত কৰিব লাগে যাতে ৰাজহুৱা স্থানত এটাও উন্মুক্ত নলা থাকিবলৈ নাপায়। এই প্ৰক্ৰিয়াৰ সৈতে জড়িত গুৱাহাটী পৌৰ নিগমৰ…
Read More
জনপ্ৰিয় কবি জোনমণি দাসৰ অকাল বিয়োগ! শোকস্তব্ধ অসমৰ সাহিত্য জগত

জনপ্ৰিয় কবি জোনমণি দাসৰ অকাল বিয়োগ! শোকস্তব্ধ অসমৰ সাহিত্য জগত

শব্দৰ সূতাৰে কবিতাৰ মালা গাঁথি জীৱন আৰু প্ৰকৃতিক ভাল পাবলৈ শিকোৱা মানুহজন আৰু নাই! জটিল ৰোগৰ সৈতে যুঁজি যুঁজি মঙলবাৰে ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অসমীয়া কবি জোনমণি দাসে। ডিব্ৰুগড়ৰ মেডিচিটী হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুৰ ওচৰত হাৰ মানে তৰুণ কবিগৰাকীয়ে। তেওঁৰ এই আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ অসমৰ সাহিত্য সমাজক ম্ৰিয়মাণ কৰি তুলিছে। ১৯৮৫ চনৰ ৩১ মে’ত শিৱসাগৰত জন্মগ্ৰহণ কৰা জোনমণি দাসে আধুনিক অসমীয়া কবিতাৰ জগতত এক বলিষ্ঠ আৰু স্বকীয় কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা লাভ কৰে। সাহসী আৰু স্পষ্ট…
Read More
আজি অসমৰ বাবে এটা মহৎ দিনঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণত অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

আজি অসমৰ বাবে এটা মহৎ দিনঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণত অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই দিনটোক ‘অসমৰ বাবে এক মহৎ দিন’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে শৰ্মাৰ নেতৃত্ব আৰু প্ৰশাসনিক দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নিজেই উপস্থিত থাকি চৰকাৰখনক আশীৰ্বাদ প্ৰদান কৰে। সামাজিক মাধ্যম এক্সত এক পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "অসমৰ বাবে এক মহৎ দিন! ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছে। শপত গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মা জীক অভিনন্দন জনাইছোঁ। তেওঁ এগৰাকী সুদক্ষ প্ৰশাসক হিচাপে…
Read More
একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ৰাজনীতিত আজি সংযোজন হৈছে এক ঐতিহাসিক অধ্যায়। বিজেপিৰ জ্যেষ্ঠ তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বলিষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যকাল গ্ৰহণ কৰে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত এন ডি এৰ গুৰুত্বপূৰ্ণ মিত্ৰ দলৰ চাৰিগৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। বিজেপিৰ ৰামেশ্বৰ তেলী, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, বিজেপিৰ অজন্তা নেওগ…
Read More
নীট-ইউ জি ২০২৬ পৰীক্ষা বাতিল, নতুনকৈ হ’ব পৰীক্ষা

নীট-ইউ জি ২০২৬ পৰীক্ষা বাতিল, নতুনকৈ হ’ব পৰীক্ষা

নীট-ইউ জি ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বে ফাদিল হোৱাৰ ঘটনা সন্দৰ্ভত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ২০২৬ৰ ৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে নেচনেল টেষ্টিং এজেন্সীয়ে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰাখিব পৰা যায়। নেচনেল টেষ্টিং এজেন্সীয়ে উল্লেখ কৰে যে তদন্তৰ সময়ত উন্মোচিত তথ্য আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিবেদনে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ পৰীক্ষা প্ৰক্ৰিয়া অব্যাহত ৰখাটো উপযুক্ত নহ’ব। গতিকে নীট-ইউ জি ২০২৬ পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব। অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অতি সোনকালে…
Read More
আচল চিনেমা এতিয়াহে আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰীৰ শপত লৈয়েই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

আচল চিনেমা এতিয়াহে আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰীৰ শপত লৈয়েই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ শাসনত বিজেপিৰ একছত্ৰী আধিপত্য পুনৰ সাব্যস্ত কৰি মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল ড° হিমন্ত বিশ্ব শৰ্মা। উত্তৰ-পূৰ্বাঞ্চলত গেৰুৱা দলৰ অভ্যুদ্বয়ৰ মূল কাণ্ডাৰী হিচাপে পৰিচিত শৰ্মাই এন ডি এৰ বিপুল বিজয়ৰ পাছত এতিয়া ৰাজ্যখনত নেতৃত্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। ১২৬ খন আসনৰ ভিতৰত ৮২ খন আসনত বিজেপিৰ এই বিৰল জয়ৰ লগতে ড° শৰ্মাৰ প্ৰত্যাৱৰ্তনে ৰাষ্ট্ৰীয় ৰাজনীতিতো বিশেষ চৰ্চা লাভ কৰিছে। শপত গ্ৰহণৰ পাছতেই এক অত্যন্ত আক্ৰমণাত্মক ভংগীত সমৰ্থকক সম্বোধন কৰে নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, "মোৰ প্ৰথমটো কাৰ্যকাল আছিল কেৱল এটা ট্ৰেইলাৰহে, আচল চিনেমাখন এতিয়া দ্বিতীয়টো কাৰ্যকালতহে উন্মোচিত হ’ব।" তেওঁৰ এই মন্তব্যই আগন্তুক সময়ত শাসন ব্যৱস্থা আৰু সংস্কাৰৰ নামত চৰকাৰে…
Read More
দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি মঙলবাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক ভব্য অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° শৰ্মাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এই শপত গ্ৰহণ সমাৰোহত দেশৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। শপত গ্ৰহণৰ পাছতেই সংবাদ মাধ্যমৰ আগত ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব আৰু অসমৰ শান্তি, প্ৰগতি তথা উন্নয়নৰ বাবে কাম কৰি যাব। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিপুল জনাদেশ লাভ কৰি ধাৰাবাহিকভাৱে…
Read More
কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ সফলতাঃ অভিযানত আটক তিনি অভিযুক্ত

কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ সফলতাঃ অভিযানত আটক তিনি অভিযুক্ত

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। এই অভিযানকালত বিভাগৰ সজাগ বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰাৰ লগতে মাৰণাস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাজিৰঙাৰ পৰিচালক সোণালী ঘোষে জনোৱা মতে, বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত পূব বনাঞ্চল, গামিৰি আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধানকাৰী শাখাৰ এটা দলে যুটীয়াভাৱে এই অভিযান চলায়। ধৃত চোৰাং চিকাৰী কেইটাক কিৰণ পেগু, ৰিজু পেগু ওৰফে ৰিজুকান্ত আৰু পুলেন কামান বুলি চিনাক্ত কৰা হৈছে। মাজুলী, লক্ষ্মীমপুৰ আৰু বিশ্বনাথৰ বাসিন্দা এই তিনি অভিযুক্তক পূৰ্বৰ বন্যপ্ৰাণী অপৰাধৰ তথ্যৰ ভিত্তিত গ্ৰপ্তাৰ কৰে আৰক্ষীয়ে। অভিযানৰ সময়ত মাজুলীৰ উখল…
Read More
বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

পশ্চিমবংগত নতুন চৰকাৰ গঠন কৰিয়েই এতিয়া সম্পূৰ্ণ একশ্যন মুডত দেখা গৈছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক। ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকতে সীমান্তৰ ভূমি হস্তান্তৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। বিশেষকৈ বাংলাদেশ সীমান্তত কাঁটাতাঁৰৰ বেৰ নিৰ্মাণৰ বাবে বি এছ এফক ভূমি হস্তান্তৰৰ যি সিদ্ধান্ত লোৱা হৈছে, সি ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। বাংলাদেশ সীমান্তৰ এই ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া আজিৰ পৰাই আৰম্ভ কৰা হ’ব বুলি বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, "বংগ চৰকাৰে সীমান্তত বেৰ দিয়াৰ বাবে বি এছ এফক ভূমি হস্তান্তৰত অনুমোদন জনাইছে। এই সমগ্ৰ…
Read More