ডিমৌ আৰু নাজিৰাৰ বানপীড়িত কৃষকক সহায়ৰ বাবে সমাজভিত্তিক ধানৰ পুলিৰ নাৰ্চাৰী আৰম্ভ

অসমৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই শুক্ৰবাৰে শিৱসাগৰ জিলাৰ বানপীড়িত ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টি পৰিদৰ্শন কৰে। তেওঁ জিলা প্ৰশাসনে লোৱা সাহায্য আৰু পুনৰসংস্থাপন ব্যৱস্থাৰ লগতে কৃষি বিভাগে বানপীড়িত কৃষক সহায়ৰ বাবে লোৱা পদক্ষেপসমূহো পৰ্যালোচনা কৰে।

দিনৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঞিৰ সৈতে ডিমৌ সমষ্টিৰ ২ নং ভাটগজ গাঁৱলৈ যায় আৰু বানপীড়িত কৃষকৰ বাবে স্থাপন কৰা সমাজভিত্তিক ধানৰ পুলিৰ নাৰ্চাৰী উদ্বোধন কৰে। শেহতীয়া বানপানীত খেতি নষ্ট হোৱা কৃষকসকলে যাতে সময়মতে উন্নত মানৰ ধানৰ পুলি পায়, তাৰ বাবে এই নাৰ্চাৰী স্থাপন কৰা হৈছে।

কৃষক আৰু বিভাগীয় বিষয়াসকলৰ সৈতে মত বিনিময় কৰি হাজৰিকাই কয় যে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে কৃষি কাম পুনৰ আৰম্ভ কৰাৰ বাবে দায়বদ্ধ। বানপীড়িত অঞ্চলসমূহত কৃষকে সময়মতে উন্নত মানৰ ধানৰ পুলি পাই পুনৰ খেতি আৰম্ভ কৰিব পাৰে তাৰ বাবেই সমাজভিত্তিক নাৰ্চাৰী স্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

পাছত মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সৈতে নাজিৰা গৈ সহকাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত বৰ্তমানৰ বানপৰিস্থিতিৰ ওপৰত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঞি, অসমৰ কৃষি সঞ্চালক, শিৱসাগৰ জিলা আয়ুক্ত, নাজিৰা সহকাৰী জিলা প্ৰশাসনৰ বিষয়া, কৃষি বিভাগ আৰু অন্যান্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত হাজৰিকাই সামগ্ৰিক বানপৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য কাৰ্যৰ অগ্ৰগতি আৰু বানপীড়িত লোকৰ পুনৰসংস্থাপনৰ বাবে লোৱা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পুনৰসংস্থাপনেই এতিয়া চৰকাৰ প্ৰধান অগ্ৰাধিকাৰ বুলি কৈ তেওঁ বানত ক্ষতিগ্ৰস্ত বা সম্পূৰ্ণৰূপে ভাঙি যোৱা ঘৰসমূহৰ পুনৰ নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

মন্ত্ৰীয়ে কয় যে বানপীড়িত পৰিয়ালসমূহে যাতে অতি শীঘ্ৰে ঘৰ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে বাঁহ আৰু চিজিআই চাদৰকে ধৰি প্ৰয়োজনীয় নিৰ্মাণ সামগ্ৰী সময়মতে যোগান ধৰা হ’ব। লগতে তেওঁ বানপীড়িত অঞ্চলত অতি সোনকালে স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য নিশ্চিত কৰিবলৈও কয়। ইয়াৰ উপৰি স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক বানপীড়িত অঞ্চলত ৰাইজৰ স্বাস্থ্য সুৰক্ষা আৰু নিৰাপদ খোৱা পানীৰ যোগানক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে।

হাজৰিকাই কয় যে শেহতীয়া বানপানীত নাজিৰা বিধানসভা সমষ্টি আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই সমষ্টিৰ পুনৰসংস্থাপন কামক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব। বিশেষকৈ গৃহীন হোৱা পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ, পৰ্যাপ্ত স্বাস্থ্যসেৱা আৰু নিৰাপদ খোৱা পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সুবিধা নিশ্চিত কৰাটো চৰকাৰ তাৎক্ষণিক লক্ষ্য বুলি তেওঁ কয়। লগতে জিলা প্ৰশাসনক বিদ্যালয়ৰ ভৱনসমূহ পৰিষ্কাৰ কৰি অতি সোনকালে পাঠদান আৰম্ভ কৰাৰ বাবে ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে। আন বিভাগসমূহৰ সাজুতাও তেওঁ পৰ্যালোচনা কৰি দ্ৰুত পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা ল’বলৈ বিষয়াসকলক কয়।

মন্ত্ৰীয়ে কৃষি বিভাগৰ বানৰ পাছৰ কৃষি পুনৰুদ্ধাৰ সাজুতাও পৰ্যালোচনা কৰে। ইয়াৰ ভিতৰত সমাজভিত্তিক নাৰ্চাৰীৰ জৰিয়তে ধানৰ পুলি যোগান, খেতিৰ ক্ষতিৰ আকলন আৰু বানপীড়িত কৃষক সহায়ৰ বাবে অন্যান্য পদক্ষেপ অন্তৰ্ভুক্ত।

হাজৰিকাই অহা এসপ্তাহ শিৱসাগৰ জিলাত থাকি কৃষি বিভাগৰ উদ্যোগ আৰু পুনৰসংস্থাপন ব্যৱস্থাৰ অগ্ৰগতি নিজে নিৰীক্ষণ কৰিব। যাতে সকলো বানপীড়িত পৰিয়ালে সময়মতে সহায় লাভ কৰে, তাক তেওঁ নিশ্চিত কৰিব বুলি জানিবলৈ দিয়ে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *