অসম

মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি দুবছৰে হায়ৰাণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্ব

মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি দুবছৰে হায়ৰাণ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ নেতৃত্ব

“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটকহে ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, ৰাজনৈতিক অধিকাৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন প্ৰাপ্য অধিকাৰৰ বাবে কেইবা দশক ধৰি সংগ্ৰাম অব্যাহত ৰখা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় বীৰ চিলাৰায় ভৱনটো ২০২২ চনৰ ১ মাৰ্চ তাৰিখে শিল সাঁকো বিলৰ উচ্চেদৰ অংশ হিচাপে বিনা বাধাই ভাঙি পেলোৱাৰ পিছত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি যোৱা দুবছৰে চিলাৰায় ভৱন নিৰ্মাণৰ বাবে আবন্টন নিদিলে প্ৰয়োজনীয় ভূমি ৷ কেৱল এইয়াই নহয়, সন্মিলনীৰ নেতৃত্বই যোৱা দুবছৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি বিচাৰি ভাগৰি পৰিল। সত্তৰ লক্ষাধিক জনসংখ্যাৰ এটা সৰ্ববৃহৎ জনগোষ্ঠীৰ আবেগ অনুভূতিক…
Read More
বানৰ কবলত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ

বানৰ কবলত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ

তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্য দুখনৰ বহুতো অঞ্চলত বানৰ কলবত পৰিছে। ৰেল আৰু বাছ সেৱা প্ৰভাৱিত হৈছে। দুয়োখন ৰাজ্যতে, বান প্ৰভাৱিত অঞ্চলৰ পৰা স্থানীয় লোকসকলক স্থানান্তৰ কৰা হৈছে আৰু সাহায্য শিবিৰলৈ লৈ যোৱা হৈছে। এনডিআৰএফৰ ২৬ টা দল মোতায়েন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে কথা পাতি কেন্দ্ৰৰ পৰা সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে। তেলেংগানাৰ ৰাজহ মন্ত্ৰী পংগুলেটি শ্ৰীনিবাস ৰেড্ডীয়ে কয় যে কেইবাটাও সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও তেলেংগানাত ৯ জন লোকৰ মৃত্যু হৈছে। তেলেংগানাৰ মহাবুবাবাদ আৰু খাম্মাম জিলাত বানপানীৰ ফলত…
Read More
শুকুৰবাৰৰ নামাজ বিৰতি প্রত্যাহাৰৰ অসম বিধানসভাৰ সিদ্ধান্তক সমৰ্থন মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ

শুকুৰবাৰৰ নামাজ বিৰতি প্রত্যাহাৰৰ অসম বিধানসভাৰ সিদ্ধান্তক সমৰ্থন মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু বিশ্ব হিন্দু পৰিষদৰ সৈতে জড়িত মুছলিম ৰাষ্ট্ৰীয় মঞ্চই শুকুৰবাৰৰ নামাজৰ বাবে দুঘণ্টাৰ বিৰতিৰ ব্ৰিটিছ কালৰ সিন্ধান্ত বাতিল কৰাৰ অসম বিধানসভাৰ সিদ্ধান্তক সমৰ্থন জনাইছে। অসম চৰকাৰৰ সিদ্ধান্তক দুয়োটা সংগঠনে আদৰণি জনাইছে। ইয়াৰ লগতে এই সংগঠনসমূহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰিছে। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক শ্বাহিদ ছাইদে কয় যে এই সিদ্ধান্তই দেশৰ ধৰ্মনিৰপেক্ষতাক শক্তিশালী কৰে।  লগতে, এই সিদ্ধান্তই দেশৰ প্ৰগতিশীল মূল্যবোধক শক্তিশালী কৰিব। তেওঁ আৰু কয় যে কৰ্ম হৈছে উপাসনা আৰু এই নীতি সকলো ধৰ্মৰ লোকৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক শ্বাহিদ ছাইদে লগতে কয় যে চৰকাৰী কামত ধৰ্মীয় ভিত্তিত…
Read More
অসম বিধানসভাত গৃহীত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক বিধেয়ক

অসম বিধানসভাত গৃহীত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক বিধেয়ক

১২৬ জনীয়া অসম বিধানসভাই বৃহস্পতিবাৰে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ বাবে এখন বিধেয়ক গৃহীত কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে সদনত উত্থাপন কৰা মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বিধেয়ক, ২০২৪-ৰ অসম বাধ্যতামূলক পঞ্জীয়ন বিধেয়কে ব্ৰিটিছ যুগৰ অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫-ৰ স্থান ল'ব।বিধেয়কখন ঐতিহাসিক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে মুছলমানসকলৰ মাজত বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ উপৰিও কাজী ব্যৱস্থা আঁতৰ কৰাৰ লক্ষ্য ৰাখিছে। তেওঁ কয় -আমি মুছলমান ব্যক্তিগত আইনক স্পৰ্শ কৰা নাই বা ইছলামিক বিবাহৰ ৰীতি-নীতিত হস্তক্ষেপ কৰা নাই। এই আইনে পঞ্জীয়নৰ বাবে কাজিসকলৰ পৰিৱৰ্তে উপ-পঞ্জীয়কক ক্ষমতা…
Read More
নন্দোৎসৱ উদযাপন

নন্দোৎসৱ উদযাপন

বৰপেটা সত্ৰত নন্দোৎসৱ উপলক্ষে পুৱাৰ নাম-প্ৰসঙ্গত চৰণ,যুগল পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ তাৰ পিছত 'ভাগৱত' আৰু 'পাঠ'পঢ়া হয় ৷ প্ৰসঙ্গৰ অন্ত হোৱাৰ পিছত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত 'গুৰুঘাত' বজাই পৰিতাল,ৰূপক,মানজ্যোতি আদি তালত শ্যাম আৰু ললিত ৰাগত দুটাকৈ পুৱাৰ গীত গাই গোপাল আতা বিৰচিত 'জন্মযাত্ৰা' নাটখন ৰূপায়ন কৰে ৷ সত্ৰৰ পাঠকে গুৰু আসনৰ সন্মুখত পুণৰ নাম-প্ৰসঙ্গ আৰাম্ভ কৰে ৷ শিশুলীলাৰ ঘোষা গাই প্ৰথমে গুৰু আসনৰ চাৰিওফালে তিনি বাৰ প্ৰদক্ষিণ কৰি পশ্চিম দুৱাৰেদি পাঠক সমন্বিতে ভকত সকল ওলাই আহি শিশুলীলাৰ " কেশৱ কৃষ্ণ কৰুণা সিন্ধু", "হে কৰুণাময়,ৰামকৃষ্ণ ও হৰি ৰামকৃষ্ণ"আদি ঘোষা গাই কীৰ্ত্তন ঘৰৰ চাৰিওফালে সাতবাৰ প্ৰদক্ষিণ কৰি মঠৰ চোতালত…
Read More
সাংবাদিক তফিকুৰ ৰহমানলৈ এআইজে মিডিয়া এৱাৰ্ড-২০২৪

সাংবাদিক তফিকুৰ ৰহমানলৈ এআইজে মিডিয়া এৱাৰ্ড-২০২৪

মাজদিয়া গাঁৱৰ যুৱ সাংবাদিক তফিকুৰ ৰহমানলৈ আগবঢ়োৱা হৈছে এছোচিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ এআইজে মিডিয়া এৱাৰ্ড-২০২৪ । এনিউজ ২৪×৭ ৰ সৰ্থেবাৰীৰ সংবাদাতা হিচাপে কৰ্মৰত তফিকুৰ ৰহমানে এই বঁটা গ্ৰহণ কৰে । সাংবাদিক কিৰণ কুমাৰ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে বিশিষ্ট সাংবাদিক জয়ন্ত কুমাৰ ডেকাই । ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা কেইবাগৰাকীও বিশিষ্ট সাংবাদিকে সভাখনত অংশগ্ৰহণ কৰে । এছোচিয়েচন অৱ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ ৰাষ্ট্ৰীয় সভাপতি বিক্ৰম সেন উপস্থিত থাকি এছোচিয়েচনৰ কাম-কাজ সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ লগতে সাংবাদিকসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথাও উল্লেখ কৰে । সভাখনত উত্তৰ-পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ বিষয়ে বক্তব্য প্ৰদান কৰে উত্তৰ- পূৰ্বাঞ্চলৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই । আনহাতে অসমৰ…
Read More
এছএফআইৰ দশম কয়াকুছি আঞ্চলিক সন্মিলন

এছএফআইৰ দশম কয়াকুছি আঞ্চলিক সন্মিলন

কয়াকুছি বজাৰৰ কুমুৰুদ্দিন মাৰ্কেটত কমৰেড আফাক হোছাইন আৰু জাহিৰুল ইছলামৰ সভাপতিত্বৰে অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত বৃহত্তৰ কয়াকুছি অঞ্চলৰ বিভিন্ন প্ৰান্তৰ শাখা কমিটি, বিদ্যালয়সমূহৰ শাখা কমিটিৰ পৰা প্ৰায় পঞ্চাশগৰাকী প্ৰতিনিধিৰে সভা সুকলমে অনুষ্ঠিত হয়। সন্মিলনৰ পতাকা উত্তোলন কৰে আঞ্চলিক কমিটিৰ সভাপতি কমৰেড শ্বাহিনুৰ ইছলামে |  ইয়াৰ পাছত শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মাল্যাৰ্পণ কৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ  ৰাজ্যিক কমিটিৰ সদস্য কমৰেড ৰেকিবুল হুছেইন আৰু ৰাজ্যিক কমিটিৰ সদস্য কমৰেড চৈয়দ আফতাদ হুছেইনে।  প্ৰতিনিধি সভাত বৰপেটা জিলা উপ-সভাপতি কমৰেড শ্বাহাজুল ইছলামে শোক প্ৰস্তাৱ উত্থাপন কৰাৰ পাছতে ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য কমৰেড মইনুল হক চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ৰাজনৈতিক আৰু সাংগঠনিক প্ৰতিবেদন (খচৰা) পাঠ…
Read More
বৰ্তমানৰ ১৫১ জন বিধায়ক-সাংসদৰ ওপৰত আছে মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ

বৰ্তমানৰ ১৫১ জন বিধায়ক-সাংসদৰ ওপৰত আছে মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ

শেহতীয়াকৈ কলকাতাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনা পোহৰলৈ আহিছিল, যিয়ে দেশবাসীক হতবাক কৰি তুলিছিল। দেশবাসী পুনৰ নাৰীৰ সুৰক্ষা বিচাৰি ৰাজপথত নামিবলৈ বাধ্য হৈছিল। ইয়াৰ মাজতে এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক প্ৰতিবেদন প্ৰকাশ কৰে, যি প্ৰতিবেদন অনুসৰি  ১৫১ জন বৰ্তমানৰ বিধায়ক আৰু সাংসদৰ মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ আছে। ৩০০ পৃষ্ঠাৰ এই প্ৰতিবেদনত কিমান জন সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে অপৰাধ, ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে সেই বিষয়ে তথ্য আছে। লগতে, কোন দলৰ পৰা কিমান জন বিধায়ক আৰু সাংসদ আছে সেই বিষয়ে তথ্য দিয়া হৈছে। এই প্ৰতিবেদনৰ বাবে এডিআৰ আৰু নেচনেল ইলেকচন ৱাচে দেশৰ মুঠ ৪,৮০৯জন বৰ্তমানৰ সাংসদ আৰু…
Read More
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদ

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদ

জনিয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত পশ্চিমবঙ্গৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ কৰি হত্যাৰ বিৰুদ্ধে জনিয়া শ্বহীদ ছুহেল ৰানা চ'কত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । জনিয়া আঞ্চলিক কৃষি সভা উদ্যোগত আৰু ৰাইজৰ সহযোগত পশ্চিমবঙ্গ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা জগন্য তথা বৰ্বৰ কাণ্ডৰ ৰাজকথৰ কৃষক সভাই ধ্বনিৰে উত্তল কৰি তোলে । অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে অন্যথা গণতান্ত্ৰিক ভাবে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আন্দোলন কাৰী সকলে। উক্ত প্ৰতিবাদী দলটিৰ নেতৃত্ব দিয়ে জনিয়া আঞ্চলিক কৃষক সভাৰ সভাপতি জয়নাল আব্দীনে । প্ৰতিবাদকাৰীৰ লগত সহযোগ কৰে জনিয়া সালেকুৰা বজাৰ কমিটিৰ সম্পাদক ছাহজাহান আলী আৰু অন্যান্য…
Read More
বহৰিত শ্রী শ্রীশনি মহাৰাজৰ নবনির্মিত মন্দিৰৰ দ্বাৰ উদ্ঘাটন

বহৰিত শ্রী শ্রীশনি মহাৰাজৰ নবনির্মিত মন্দিৰৰ দ্বাৰ উদ্ঘাটন

বহৰি বজাৰত নতুনকৈ নির্মাণ কৰা শ্ৰীশ্ৰী শনি মহাৰাজৰ মন্দিৰটো বহৰি ৰিজাৰ্ভ গাৱৰ সমাজ সেৱক গোপাল সাহাই শুভ উদ্বোধন কৰে। সমাজ সেৱক গোপাল সাহাই মন্দিৰৰ দ্বাৰ উদ্ঘাটনৰ জৰিয়তে শ্ৰী শ্ৰী শনি মহাৰাজদেৱৰ মন্দিৰ উদ্বোধন আৰু গৃহ প্রবেশ অনুষ্ঠান মুকলি কৰে । এনে ধৰ্মীয় অনুষ্ঠান সমুহেই সমাজখনক একত্রিত কৰি ৰাখিছে । প্ৰায় চাৰি দশক পূৰ্বেই প্ৰতিষ্ঠা কৰা মন্দিৰটোৰ ঠাইত নতুনকৈ সুদৃশ্য ভাৱে নিৰ্মাণ কৰা নতুন মন্দিৰটো নিৰ্মাণ হৈ উঠাৰ ফলত ভক্তসকলে শনিদেৱৰ পূজা অৰ্চনা কৰাত সহায়ক হব। মন্দিৰটো সুদৃশ্য ভাৱে নিৰ্মাণ কৰি তোলাৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজকো তেওঁ ধন্যবাদ জনায়। আনহাতে মন্দিৰটোৰ যিকোনো সমস্যা সম্পৰ্কে তেওক অবগত কৰিবলৈকো তেওঁ…
Read More