Business

ট্ৰাই-ৰ ড্ৰাইভ টেষ্টত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মোবাইল নেটৱৰ্কৰ বাস্তৱিক ছবিখন প্ৰকাশ

ট্ৰাই-ৰ ড্ৰাইভ টেষ্টত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মোবাইল নেটৱৰ্কৰ বাস্তৱিক ছবিখন প্ৰকাশ

টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া(ট্ৰাই)-এ অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত চলোৱা ইণ্ডিপেণ্ডেণ্ট ড্ৰাইভ টেষ্ট(আইডিটি)ৰ ফলাফলসমূহ প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীসমূহৰ মোবাইল নেটৱৰ্কৰ গুণগত মানৰ এক বিতং খতিয়ান লাভ কৰিব পাৰিব। ট্ৰাইৰ কলকাতাস্থিত আঞ্চলিক কাৰ্যালয়ৰ তত্ত্বাৱধানত ২০২৬ চনৰ ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ এই পৰীক্ষা চলোৱা হৈছিল। ইয়াৰ অধীনত ৩৭৪.৫ কিলোমিটাৰ চহৰৰ পথ, ১৩টা হটস্পট আৰু ২.২ কিলোমিটাৰ ৱাক-টেষ্ট অঞ্চল সামৰি লোৱা হৈছিল।এই প্ৰক্ৰিয়াত ২জি, ৩জি, ৪জি আৰু ৫জি নেটৱৰ্কৰ লাইভ ভইচ আৰু ডাটা চেলন ব্যৱহাৰ কৰি নেটৱৰ্কৰ কভাৰেজ, কল ছেটআপ ছাকচেছ ৰেট (চিএছএছআৰ), কল ড্ৰপৰ হাৰ, কল চাইলেন্স, কথা-বতৰাৰ গুণগত মান আৰু ডাটা ডাউনলোড তথা আপলোড…
Read More
চ’নীয়ে ভাৰতত ৬৬.৮ মেগাপিক্সেলৰ ফ্লেগশ্বিপ কেমেৰা আলফা ৭আৰ VI মুকলি কৰি অধিক উন্নত কৰিলে নিজৰ মানদণ্ড

চ’নীয়ে ভাৰতত ৬৬.৮ মেগাপিক্সেলৰ ফ্লেগশ্বিপ কেমেৰা আলফা ৭আৰ VI মুকলি কৰি অধিক উন্নত কৰিলে নিজৰ মানদণ্ড

চ’নী ইণ্ডিয়াই ভাৰতত আলফা ৭আৰ VI মুকলি কৰি নিজৰ প্ৰিমিয়াম আলফা কেমেৰা পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ই হৈছে ৬৬.৮ মেগাপিক্সেলৰ বেক-ইলুমিনেটেড এক্সমৰ আৰএছ চিম'ছ চেন্সৰ আৰু শেহতীয়া বিয়ঞ্জ এক্সআৰ২ ইমেজ প্ৰচেছিং ইঞ্জিনযুক্ত এক ধ্বজাবাহী ফুল-ফ্ৰেম মিৰৰলেচ ইণ্টাৰচেঞ্জেবল-লেন্স কেমেৰা। পেছাদাৰী ফটোগ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে বিশেষধৰণে প্ৰস্তুত কৰা এই নতুন কেমেৰাটোত অতি-উচ্চ ৰিজ্যুলচন, এআই চালিত বিষয়বস্তু চিনাক্তকৰণ, প্ৰতি চেকেণ্ডত ৩০ ফ্ৰেম পৰ্যন্ত ব্লেকআউট-মুক্ত অবিৰত শ্বুটিং আৰু উন্নত ৮কে ভিডিঅ’ ৰেকৰ্ডিং সামৰ্থ্য অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও চ’নীয়ে উন্নত ভিডিঅ’ প্ৰডাকচনৰ বাবে পেছাদাৰী মানদণ্ডৰ ৩২-বিট ফ্ল’ট অডিঅ’ ৰেকৰ্ডিং কৰিব পৰা এক্সএলআৰ-এ৪ এক্সএলআৰ এডাপ্টৰো মুকলি কৰিছে।আলফা ৭আৰ VI কেমেৰাটোৱে ১৬ ষ্টপলৈকে ডাইনেমিক ৰেঞ্জ, ৫-এক্সিছ…
Read More
জুন মাহৰ পাইকাৰী বিক্ৰীত ৫৫% বৃদ্ধিৰে ৰেন’ ইণ্ডিয়াৰ বিকাশৰ গতি অব্যাহত

জুন মাহৰ পাইকাৰী বিক্ৰীত ৫৫% বৃদ্ধিৰে ৰেন’ ইণ্ডিয়াৰ বিকাশৰ গতি অব্যাহত

ৰেন’ গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেন’ ইণ্ডিয়াই ভাৰতীয় যাত্ৰীবাহী বাহনৰ বজাৰত নিজৰ শক্তিশালী বিকাশৰ ধাৰা অব্যাহত ৰাখিছে। কোম্পানীটোৱে ২০২৬ চনৰ জুন মাহত ঘৰুৱা পাইকাৰী বিক্ৰী ৫৫ শতাংশ বৃদ্ধিৰে ৪,০৬৩ ইউনিট হোৱা বুলি প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰ লগতে কোম্পানীটোৱে বছৰটোৰ প্ৰথমাৰ্ধত বিক্ৰী ৬১ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, য’ত পাইকাৰী বিক্ৰী ২৫,৮৪৪ ইউনিট স্পৰ্শ কৰিছে। ইয়াৰ লগে লগে কোম্পানীটোৱে ক্ৰমাগতভাৱে দশম মাহৰ বাবে দুটা অংকৰ বিকাশ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ধাৰাবাহিক প্ৰদৰ্শনে ৰেন’ ইণ্ডিয়াৰ ক্ৰমবৰ্ধমান প্ৰডাক্ট ৰণনীতিৰ প্ৰতি গ্ৰাহকৰ ব্যাপক গ্ৰহণযোগ্যতা আৰু ইয়াৰ বাহনসমূহৰ বৰ্ধিত চাহিদাক প্ৰতিফলিত কৰিছে। প্ৰতিষ্ঠানটোৱে কয় যে এই অপৰিৱৰ্তিত বিকাশৰ গতিয়ে বজাৰত সক্ৰিয় উপস্থিতিক প্ৰমাণ…
Read More
নিয়ন্ত্ৰিত দীৰ্ঘম্যাদী বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি বন্ধন লাৰ্জ কেপ ফাণ্ডে সম্পূৰ্ণ কৰিলে ২০ বছৰ

নিয়ন্ত্ৰিত দীৰ্ঘম্যাদী বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি বন্ধন লাৰ্জ কেপ ফাণ্ডে সম্পূৰ্ণ কৰিলে ২০ বছৰ

বন্ধন লাৰ্জ কেপ ফাণ্ডে সম্পূৰ্ণ কৰিলে ২০ বছৰ। দুটা দশকৰ জৰিয়তে এই ফাণ্ডে স্থিৰতা, নিয়ন্ত্ৰিত পৰ্টফলিঅ’ পৰিচালনা আৰু অৰ্থনৈতিকভাৱে সুদৃঢ় লাৰ্জ-কেপ প্ৰতিষ্ঠানবোৰত বিনিয়োগৰ জৰিয়তে সম্পদ সৃষ্টিৰ এক দীৰ্ঘম্যাদী যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। ফাণ্ড কৰ্তৃপক্ষই জনোৱা মতে, বজাৰৰ বিভিন্ন উত্থান-পতন, তাৰতম্য আৰু অৰ্থনৈতিক প্ৰসাৰৰ সময়ছোৱাক অতিক্ৰমি ধাৰাবাহিক বিকাশ প্ৰদান কৰিব পৰা গুণগত ব্যৱসায়সমূহৰ ওপৰত এই ফাণ্ডে সদায় গুৰুত্ব দি আহিছে।এই ফাণ্ডে নিজৰ ব্যৱসায়, পৰিচালনা আৰু মূল্যায়ন চমুকৈ বিএমভি(বিজনেছ, মেনেজমেণ্ট আৰু ভেল্য়ুৱেচন) বিনিয়োগ নীতি অনুসৰণ কৰে। ইয়াৰ অধীনত সুপ্ৰতিষ্ঠিত ব্যৱসায়িক মডেল, সঠিক কৰ্পৰেট প্ৰশাসন, শক্তিশালী পৰিচালনা গোট আৰু যুক্তিসংগত মূল্যায়ন থকা কোম্পানীসমূহক বাছনি কৰা হয়। ইয়াৰ উপৰিও, ষ্টক বাছনিৰ…
Read More
ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ কৰিছে ভাৰতে

ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ কৰিছে ভাৰতে

ভেনিজুৱেলাৰ উত্তৰ প্ৰান্তত হোৱা বিধ্বংসী ভূমিকম্পৰ পাছত জৰুৰীকালীন সাহায্য আৰু চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ ভাৰতে অপাৰেচন অমিষ্টাদ নামৰ এটা মানৱীয় অভিযান আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বৈশ্বিক মঞ্চত প্ৰথম সঁহাৰিদাতা হিচাপে ভাৰতে নিজৰ ভূমিকাক পুনৰবাৰ প্ৰমাণ কৰিছে।ভাৰতীয় বায়ুসেনাৰ দুখন চি-১৭ বিমানেৰে এটা ৪১ জনীয়া বিশেষজ্ঞ চিকিৎসা দল, ভাৰতীয় সেনাৰ এটা ফিল্ড হাস্পতাল ইউনিট, দৰব-পাটি, থলুৱাভাৱে নিৰ্মিত দুটা ভীষ্ম কিউব আৰু প্ৰায় ৩৫ টন সাহায্য সামগ্ৰী হিন্দন বায়ুসেনা ঘাটিৰ পৰা ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ভেনিজুৱেলাত এটাৰ পাছত আনটোকৈ অহা দুটাকৈ শক্তিশালী ভূমিকম্প(ৰিখটাৰ স্কেলত যাৰ প্ৰাবল্য আছিল ৭.২ আৰু ৭.৫)ৰ পাছত এই অভিযান হাতত লোৱা হৈছে। এই ভূমিকম্পত বৰ্তমানলৈকে ২৩৫তকৈও…
Read More
প্ৰথম বিক্ৰীৰ সময়ত আটাইবোৰ ফোন সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱাৰ পিছত নভা ২ নিঅ’ আৰু নভা ২ প্ৰ’ৰ পৰৱৰ্তী বিক্ৰীৰ কথা ঘোষণা এআই+ স্মাৰ্টফোনৰ

প্ৰথম বিক্ৰীৰ সময়ত আটাইবোৰ ফোন সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱাৰ পিছত নভা ২ নিঅ’ আৰু নভা ২ প্ৰ’ৰ পৰৱৰ্তী বিক্ৰীৰ কথা ঘোষণা এআই+ স্মাৰ্টফোনৰ

২৬ জুনত ফ্লিপকাৰ্টত প্ৰথমবাৰ মুকলিৰ পিছতেই আটাইবোৰ ফোন সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱাৰ পিছত এআই+ স্মাৰ্টফোনে নিজৰ শেহতীয়াকৈ মুকলি কৰা নভা ২ নিঅ' আৰু নভা ২ প্ৰ'-ৰ পৰৱৰ্তী বিক্ৰীৰ কথা ঘোষণা কৰিছে। এই ফোন দুটা ২২ জুনত ব্ৰেণ্ডটোৰ ধ্বজাবাহী মুকলি অনুষ্ঠান ইণ্ডিয়াজ গট নোভা-ত উন্মোচন কৰা হৈছিল। প্ৰখ্যাত গেজেট গুৰু ৰাজীৱ মাখনিৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত জনপ্ৰিয় কমেডিয়ান আৰু ইউটিউবাৰ সময় ৰাইনাৰ লগতে এআই+ স্মাৰ্টফোনৰ চিইঅ' মাধৱ শেঠ উপস্থিত আছিল। এআই+ স্মাৰ্টফোনৰ অ’পেন ৰিভিউ প্ৰগ্ৰেম-ৰ অংশ হিচাপে এই অনুষ্ঠানত আগশাৰীৰ প্ৰযুক্তি সৃষ্টিকৰ্তা, পৰ্যালোচক, সংবাদ মাধ্যমৰ সদস্য আৰু গ্ৰাহকসকলক একত্ৰিত কৰা হৈছিল, যিয়ে ব্ৰেণ্ডটোৰ স্বচ্ছতা আৰু গ্ৰাহক-কেন্দ্ৰিক সামগ্ৰী উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাক…
Read More
ট্ৰিনিটি বিজনেছ পাৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম একত্ৰিকৃত বাণিজ্যিক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব

ট্ৰিনিটি বিজনেছ পাৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম একত্ৰিকৃত বাণিজ্যিক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব

ট্ৰিনিটি বিজনেছ পাৰ্কে উত্তৰ গুৱাহাটীত এক বৃহৎ পৰিসৰৰ একত্ৰিকৃত বাণিজ্যিক প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই প্ৰকল্পটো উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ সংগঠিত ব্যৱসায়িক পৰিৱেশ তন্ত্ৰসমূহৰ ভিতৰত অন্যতম হ'ব বুলি আশা কৰা হৈছে। আমিনগাঁৱত ১৬ একৰ মাটিত বিস্তৃত আৰু ৩ মিলিয়ন বৰ্গ ফুটতকৈও অধিক পৰিকল্পিত নিৰ্মিত এলেকাৰ এই প্ৰকল্পটোৰ ভিতৰতে এটা কেম্পাছত খুচুৰা ব্যৱসায়, কাৰ্যালয়ৰ স্থান, আতিথ্য আৰু প্ৰদৰ্শনীৰ সুবিধাসমূহ একত্ৰিত কৰা হ’ব। এই প্ৰকল্পটোক উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় প্ৰসাৰ কৰিব বিচৰা বহুজাতিক নিগম, প্ৰযুক্তি প্ৰতিষ্ঠান আৰু আগশাৰীৰ ভাৰতীয় উদ্যোগসমূহৰ বাবে এক কৌশলগত ঘাটি হিচাপে তৈয়াৰ কৰা হৈছে। ট্ৰিনিটি বিজনেছ পাৰ্কৰ মতে, এই প্ৰকল্পটোৱে ইতিমধ্যে ব্যৱসায়িক মহলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে।…
Read More
অৱসৰৰ প্ৰস্তুতি এতিয়াও অতি নিম্ন পৰ্যায়ত, দীৰ্ঘায়ুৰ বাবে বৃদ্ধি পাইছে বিত্তীয় উদ্বেগ : অধ্যয়ন

অৱসৰৰ প্ৰস্তুতি এতিয়াও অতি নিম্ন পৰ্যায়ত, দীৰ্ঘায়ুৰ বাবে বৃদ্ধি পাইছে বিত্তীয় উদ্বেগ : অধ্যয়ন

এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স আৰু কাণ্টাৰ-ৰ যৌথ সহযোগত চলোৱা ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্স ষ্টাডীৰ পঞ্চম সংস্কৰণ (আইআৰআইএছ ৫.০) অনুসৰি, ভাৰতত ক্ৰমান্বয়ে বৰ্ধিত গড় আয়ুসে অৱসৰকালীন প্ৰস্তুতিৰ এক বৃহৎ নাটনি বা ব্যৱধান পোহৰলৈ আনিছে। ইয়াৰ ফলত চহৰীয়া ভাৰতীয়সকলৰ এক বুজন অংশই নিজৰ অৱসৰকালীন সঞ্চয় শেষ হৈ যোৱাৰ পাছতো জীয়াই থকাৰ বিত্তীয় আশংকাৰ সন্মুখীন হৈছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতৰ অৱসৰ প্ৰস্তুতিৰ স্ক’ৰ ১০০ ৰ ভিতৰত মাত্ৰ ৪৮, যিয়ে মানুহৰ মাজত বৰ্ধিত সজাগতা থকাৰ পিছতো এক অপৰ্যাপ্ত দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনাকে সূচাইছে। এই অধ্যয়ন অনুসৰি, ৮৬ শতাংশ এম্পটি নেষ্টাৰ্ছ (যিসকল পিতৃ-মাতৃৰ সন্তান শিক্ষা বা চাকৰিৰ বাবে ঘৰৰ পৰা আঁতৰি থাকে) লোকসকলে অৱসৰৰ বাবে…
Read More
দিল্লীৰ নতুন ইভি পলিচীক আদৰণি টিভিএছ মটৰৰ, পুনৰ দোহাৰিলে বহনক্ষমতাৰ প্ৰতিশ্ৰুতি

দিল্লীৰ নতুন ইভি পলিচীক আদৰণি টিভিএছ মটৰৰ, পুনৰ দোহাৰিলে বহনক্ষমতাৰ প্ৰতিশ্ৰুতি

টিভিএছ মটৰ কোম্পানীয়ে দিল্লী চৰকাৰৰ নতুন বৈদ্যুতিক বাহন (ইভি) নীতিক আদৰণি জনাইছে। টিভিএছ মটৰে ইয়াক এক সক্ৰিয় আৰু দূৰদৰ্শী পদক্ষেপ বুলি অভিহিত কৰিছে, যিয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত স্বচ্ছ গতিশীলতা সেৱাৰ প্ৰসাৰ দ্ৰুততৰ কৰিব।এই সন্দৰ্ভত মন্তব্য কৰি টিভিএছ মটৰ কোম্পানীৰ অধ্যক্ষ সুদৰ্শন বেণুৱে কয় যে, কোম্পানীটোৱে সমগ্ৰ দেশতে ইভি বাহন ব্যৱহাৰৰ হাৰ বৃদ্ধি কৰাৰ বাবে বহনক্ষম গতিশীলতা সামগ্ৰী আৰু সেৱা প্ৰস্তুত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ উপৰি টিভিএছ মটৰক দিল্লীৰ নম্বৰ ৱান বৈদ্যুতিক দুচকীয়া বাহন বিক্ৰেতা হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰাহকসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, দ্ৰুতগতিত বৃদ্ধি পোৱা ইভি খণ্ডত নিজৰ নেতৃত্বৰ স্থান ধৰি ৰাখিবলৈ কোম্পানীটোৱে উদ্ভাৱন আৰু গ্ৰাহক-কেন্দ্ৰিক…
Read More
কেন্সাৰ আৰু কেন্সাৰ ফাণ্ড: টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ’ আৰু ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ ফাণ্ড’

কেন্সাৰ আৰু কেন্সাৰ ফাণ্ড: টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ’ আৰু ‘সম্পূৰ্ণ কেয়াৰ – কেন্সাৰ ফাণ্ড’

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে ‘সম্পূৰ্ণ কেয়াৰ - কেন্সাৰ’, যি পৰিয়ালৰ প্ৰয়োজন অনুসৰি সালসলনি কৰিব পৰা নমনীয় পৰিশোধৰ সৈতে নিয়মীয়া আয়ৰ বিকল্প প্ৰদান কৰা টাটা এআইএ-ৰ প্ৰথমটো কেন্সাৰ প্লেন। ইয়াৰ লগতে মুকলি কৰা হৈছে ‘সম্পূৰ্ণ কেয়াৰ - কেন্সাৰ ফাণ্ড’, যি এক সঞ্চয়ভিত্তিক হেল্থ ফাণ্ডআৰু ইয়াৰ পৰা চিকিৎসাৰ বাবে কৰ-মুক্ত ধন উলিওৱাৰ সুবিধা পোৱা যায়। ৰাজন (কাল্পনিক নাম) নামৰ এজন ৪১ বছৰীয়া জ্যেষ্ঠ পৰিচালকৰ যেতিয়া এই ৰোগ ধৰা পৰিছিল, তেতিয়া তেওঁৰ দুটা সন্তান স্কুলত পঢ়ি আছিল আৰু গৃহ ঋণৰ ১১ বছৰ বাকী আছিল। অৱসৰৰ পৰিকল্পনা আৰু সন্তানৰ শিক্ষাৰ পুজি বাচকবনীয়াকৈ তৈয়াৰ কৰি ৰাখিছিল, কিন্তু "কেন্সাৰ" শব্দটো তেওঁৰ জীৱনৰ তালিকাৰ ক'তো…
Read More