Business

অহা ১১-১২ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ’ব টিভিএছ মট’চ’ল ৬.০

অহা ১১-১২ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ’ব টিভিএছ মট’চ’ল ৬.০

টিভিএছ মটৰ কোম্পানীয়ে ফ্লেগশ্বিপ মটৰচাইকেল উৎসৱৰ ষষ্ঠ সংস্কৰণ টিভিএছ মট’চ’ল ৬.০ চলিত বৰ্ষৰ ১১ আৰু ১২ ডিচেম্বৰত গোৱাত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।এই দুদিনীয়া উৎসৱত বাইক আৰোহী, ৰেচাৰ, ক্ৰিয়েটৰ, সংগীতজ্ঞ আৰু মটৰচাইকেল প্ৰেমীসকল একত্ৰিত হ’ব, য’ত মূলতঃ প্ৰদৰ্শন, প্ৰযুক্তি, দুঃসাহসিক অভিযান, কাষ্টমাইজেচন, সংস্কৃতি আৰু সম্প্ৰদায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বিগত বৰ্ষসমূহত মট’চ’ল নতুন নতুন সামগ্ৰী মুকলি, প্ৰযুক্তি প্ৰদৰ্শন, কাষ্টম মটৰচাইকেল নিৰ্মাণ, মাৰ্চেণ্ডাইজ আৰু বাইক আৰোহীসকলৰ বৰ্ণিল কাৰ্যসূচীৰ বাবে এক উপযুক্ত মঞ্চ হিচাপে পৰিগণিত হৈ আহিছে।পূৰ্বৰ সংস্কৰণসমূহৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছিল ২০২৩ চনত ডুৱেল-চেনেল এবিএছ আৰু ভইচ এচিষ্টৰ সৈতে টিভিএছ আপাচি আৰটিআৰ ১৬০ ৪ভি মুকলি কৰা, ২০২৪ চনত থলুৱা প্ৰযুক্তিৰ…
Read More
চ’নী ইণ্ডিয়াই মুকলি কৰিলে বিশ্বৰ আটাইতকৈ পাতল ৪০০ এমএম আৰু ৬০০ এমএম জি মাষ্টাৰ চুপাৰ-টেলিফ’ট’ লেন্স

চ’নী ইণ্ডিয়াই মুকলি কৰিলে বিশ্বৰ আটাইতকৈ পাতল ৪০০ এমএম আৰু ৬০০ এমএম জি মাষ্টাৰ চুপাৰ-টেলিফ’ট’ লেন্স

চ’নী ইণ্ডিয়াই নিজৰ আলফা ফুল-ফ্ৰেম ই-মাউণ্ট চিষ্টেমৰ বাবে দুটা নতুন জি মাষ্টাৰ চুপাৰ-টেলিফ’ট’ প্ৰাইম লেন্স —এফই ৪০০এমএম এফ৪.৫ জিএম অএছএছ আৰু এফই ৬০০ এমএম এফ৬.৩ অএছএছ— মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যাক কোম্পানীটোৱে নিজৰ নিজৰ শ্ৰেণীত বিশ্বৰ আটাইতকৈ পাতল লেন্স বুলি অভিহিত কৰিছে।ক্ৰমে প্ৰায় ৯৯৪ গ্ৰাম আৰু ৯৯৫ গ্ৰাম ওজনৰ এই লেন্সকেইখন চৰাই, বন্যপ্ৰাণী আৰু ক্ৰীড়াৰ ফটোগ্ৰাফী কৰাৰ সময়ত অধিক পৰ্টেবিলিটী(সহজে কঢ়িয়াই নিব পৰা) আৰু হাতৰ নিয়ন্ত্ৰণ কৰিব পৰাকৈ বিশেষ ধৰণে ডিজাইন কৰা হৈছে। চ’নীয়ে কয় যে ইয়াৰ অনুকূলিত ওজনৰ সন্তুলনে চেণ্টাৰ অৱ গ্ৰেভিটী কেমেৰাৰ বডীৰ ওচৰলৈ আনে, যাৰ ফলত ফটোগ্ৰাফাৰসকলক ফ্ৰেমিং বজাই ৰখা, গতিশীল বস্তুক ট্ৰেক কৰা আৰু পেনিং…
Read More
টিভিএছ মটৰ আৰু ছি ফৰ ছচায়িটীৰ যুটীয়া পদক্ষেপ: বেংগালুৰুত মহিলা চালকসকলক সৱলীকৰণৰ বাবে ১৬খন গুলপীয়া ই-অটো মুকলি

টিভিএছ মটৰ আৰু ছি ফৰ ছচায়িটীৰ যুটীয়া পদক্ষেপ: বেংগালুৰুত মহিলা চালকসকলক সৱলীকৰণৰ বাবে ১৬খন গুলপীয়া ই-অটো মুকলি

টিভিএছ ভেন্যুৰ অন্তৰ্গত টিভিএছ মটৰ কোম্পানীয়ে বাণিজ্যিক পৰিবহনৰ জৰিয়তে মহিলাৰ অৰ্থনৈতিক সৱলীকৰণক সমৰ্থন জনাবলৈ ছি ফৰ ছচায়িটী আৰু টালিৰু ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ অধীনত “বিল্ডিং কুইনছ ফ্ৰম দ্য গ্ৰাছৰুটছ” কাৰ্যসূচীৰ অংশ হিচাপে বেংগালুৰুত ১৬খন গুলপীয়া ইলেক্ট্ৰিক অটো মুকলি কৰা হৈছে।টালিৰু ফাউণ্ডেচনৰ দ্বাৰা নিৰ্বাচিত কৰা মহিলা হিতাধিকাৰীসকলক এই ১৬খন ই-অটো প্ৰদান কৰা হৈছে, যিয়ে এনে বাহনৰ পৰিমাণ মুঠ ১০০খন বাহনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে, আঁচনিৰ প্ৰথমটো পৰ্যায় সফলতাৰে সমাপ্তি ঘটিল। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মহিলা অটো চালকসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰা আৰু ইয়াৰ লগতে উদ্যোগী হোৱাৰ প্ৰৱণতা, উপাৰ্জন বৃদ্ধি আৰু বাণিজ্যিক গতিশীলতাৰ পৰিৱেশতন্ত্ৰত অধিক অংশগ্ৰহণক উদগনি…
Read More
বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিঙেৰে ভি-এ ভ্ৰমণ খণ্ডলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন

বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিঙেৰে ভি-এ ভ্ৰমণ খণ্ডলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন

ভি-এ নিজৰ নতুন ব্ৰেণ্ড প্ৰতিশ্ৰুতি “ভি পে চব হ্যে ভিআইপি”ক গ্ৰাহকৰ বাবে এক প্ৰকৃত লাভালভলৈ ৰূপান্তৰিত কৰি বৈপ্লৱিক অফাৰ ঘোষণা কৰিছে, যাৰ অধীনত প্ৰধান পোষ্টপেইড, প্ৰিপেইড আৰু এণ্টাৰপ্ৰাইজ প্লেনসমূহৰ সৈতে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং সেৱা আগবঢ়োৱা হৈছে। এই যুগান্তকাৰী অফাৰৰ জৰিয়তে গ্ৰাহক আৰু পৰিয়ালৰ সদস্যসকলে এতিয়া বিশ্বজুৰি ১৭০তকৈও অধিক দেশত ভ্ৰমণ কৰাৰ সময়ত সম্পূৰ্ণ বিনামূলীয়াকৈ সংযুক্ত হৈ থাকিব পাৰিব।দশক দশক ধৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে ভ্ৰমণ কৰাৰ সময়ত সংযুক্ত হৈ থকাৰ অৰ্থ আছিল একাধিক চিম কাৰ্ড সলনি কৰা, যাত্ৰাৰ পূৰ্বে স্থানীয় বা ট্ৰেভেল চিম ক্ৰয় কৰা, নিজৰ ভাৰতীয় ম’বাইল নম্বৰটো ব্যৱহাৰ কৰাৰ সুবিধা হেৰুওৱা, গুৰুত্বপূৰ্ণ অ’টিপিসমূহ নোপোৱা, অসুৰক্ষিত ৰাজহুৱা/বিনামূলীয়া ৱাই-ফাইৰ ওপৰত নিৰ্ভৰ কৰা, আমনিদায়ক…
Read More
জিটিএচিৰ ৫৬ বছৰ সম্পূৰ্ণ: ২০২৬ চনত উচ্চ গড় মূল্যত ১০৬ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী

জিটিএচিৰ ৫৬ বছৰ সম্পূৰ্ণ: ২০২৬ চনত উচ্চ গড় মূল্যত ১০৬ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী

বিশ্বৰ অন্যতম প্ৰভাৱশালী চাহ নিলাম কেন্দ্ৰ তথা পৰিমাণৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম চিটিচি (CTC) চাহ নিলাম প্লেটফৰ্ম গুৱাহাটী চাহ নিলাম কেন্দ্ৰই (GTAC) ইয়াৰ কাৰ্যকালৰ ৫৬ বছৰ সম্পূৰ্ণ কৰিছে। ই অসমৰ চাহ উদ্যোগৰ বাবে আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। অসমৰ চাহ উৎপাদকসকলক এক সমৰ্পিত বিপণন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা জিটিএচিয়ে চাহৰ মূল্য নিৰ্ধাৰণ শক্তিশালী কৰা, চাহ ব্যৱসায়ত স্বচ্ছতা নিশ্চিত কৰা আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ প্ৰসাৰত এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। বিগত দশকবোৰত ই ৰাজ্যৰ অৰ্থনীতি আৰু চাহ খণ্ডৰ বিকাশত এক মুখ্য অৱদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। নিলাম কেন্দ্ৰটোৱে ২০২৬ চনত উল্লেখনীয় প্ৰদৰ্শন…
Read More
চিএছআইআৰ-এনআইআইএছটি আৰু টাটা কনজিউমাৰ প্ৰডাক্টছৰ যৌথ উদ্যোগত খাদ্য পুষ্টিকৰণ কেন্দ্ৰ স্থাপন

চিএছআইআৰ-এনআইআইএছটি আৰু টাটা কনজিউমাৰ প্ৰডাক্টছৰ যৌথ উদ্যোগত খাদ্য পুষ্টিকৰণ কেন্দ্ৰ স্থাপন

চিএছআইআৰ-নেচনেল ইনষ্টিটিউট ফৰ ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স এণ্ড টেকন’লজী (চিএছআইআৰ-এনআইআইএছটি) আৰু টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(টিচিপিএল)-এ যুটীয়াভাৱে থিৰুৱনন্তপুৰমৰ থন্নাক্কলস্থিত বায়' ৩৬০ লাইফ ছায়েন্সেছ পাৰ্কৰ চিএছআইআৰ-এনআইআইএছটি উদ্ভাৱন, প্ৰযুক্তি আৰু উদ্যোগী হাবত চেণ্টাৰ অব্ এক্সেলেন্স ফৰ ফুড ফৰ্টিফিকেচন ইনোভেচন, ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (চিইএফআইআৰটি) স্থাপনৰ বাবে সহযোগিতা কৰিছে। ২০২৬ চনৰ ২৫ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত ৮৫ সংখ্যক চিএছআইআৰৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি তথা ভূ বিজ্ঞান মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত) ড° জিতেন্দ্ৰ সিং আৰু চিএছআইআৰৰ সঞ্চালক প্ৰধান ড° এন কালাইচেলভিৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই সহযোগিতাক আনুষ্ঠানিক ৰূপ দিয়া হয়।চিইএফআইআৰটি-এ খাদ্য পুষ্টিকৰণৰ গৱেষণা, উদ্ভাৱন আৰু প্ৰশিক্ষণৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ হিচাপে কাম কৰিব।…
Read More
মুম্বাই লিটফেষ্টৰ টাইটেল পাৰ্টনাৰ হিচাপে গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ সহযোগিতা, ২৩-২৫ অক্টোবৰত অনুষ্ঠিত হ’ব মহোৎসৱ

মুম্বাই লিটফেষ্টৰ টাইটেল পাৰ্টনাৰ হিচাপে গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ সহযোগিতা, ২৩-২৫ অক্টোবৰত অনুষ্ঠিত হ’ব মহোৎসৱ

১৭ সংখ্যক গড্ৰেজ লিটাৰেচাৰ লাইভ! দ্য মুম্বাই লিটফেষ্ট সংস্কৰণ ২৩ৰ পৰা ২৫ অক্টোবৰলৈ মুম্বাইৰ নেচনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টচ (এনচিপিএ) অনুষ্ঠিত হ'ব, এইবেলি গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে এক নতুন বহুদিনীয়া চুক্তিৰ অধীনত টাইটেল পাৰ্টনাৰ হিচাপে সহযোগিতা কৰিছে। ১৬টা সংস্কৰণ সম্পূৰ্ণ হোৱা এই উৎসৱত সাহিত্য, চলচ্চিত্ৰ, সাংবাদিকতা, অৰ্থনীতি, চিকিৎসা, ইতিহাস, কলা, ক্ৰীড়া, প্ৰযুক্তি, পৰিৱেশ, পৰিচয় আৰু ডিজিটেল পৰিস্থিতিতন্ত্ৰক সামৰি বিভিন্ন আলোচনা আৰু অধিৱেশন অনুষ্ঠিত হ’ব।বক্তা আৰু বিশিষ্ট ব্যক্তিসকলৰ এই তালিকাত অন্তৰ্ভুক্ত আছে অদিতি মিট্টাল, গুলজাৰ, জাভেদ আখতাৰ, শশী থাৰুৰ, ৰামচন্দ্ৰ গুহ, কৌশিক বসু, ৰত্না পাঠক শ্বাহ, শেফালী শ্বাহ, সোণালী কুলকাৰ্ণী, ফে ডি'ছুজা, বৰিয়া মজুমদাৰ আৰু কেইবাজনো লেখক তথা বিশিষ্ট ব্যক্তি।উৎসৱৰ মুখ্য…
Read More
আইডিএফচি ফাৰ্ষ্ট বেংকে ইউপিআই, কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে প্ৰদান কৰিছে প্ৰত্যক্ষ কৰ পৰিশোধৰ সুবিধা

আইডিএফচি ফাৰ্ষ্ট বেংকে ইউপিআই, কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে প্ৰদান কৰিছে প্ৰত্যক্ষ কৰ পৰিশোধৰ সুবিধা

আইডিএফচি ফাৰ্ষ্ট বেংকে পেমেণ্ট গেটৱেক চিবিডিটি(কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড) সংগ্ৰহ প্ৰণালীৰ সৈতে সমন্বয় সাধন কৰিছে, যাৰ ফলত সমগ্ৰ ভাৰতৰে কৰদাতাসকলে একাধিক ডিজিটেল আৰু ভৌতিক চেনেলৰ জৰিয়তে প্ৰত্যক্ষ কৰ পৰিশোধ কৰিব পাৰিব।কৰদাতাসকলে ইউপিআই, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু আইডিএফচি ফাৰ্ষ্ট বেংকৰ ৰিটেইল আৰু কৰ্পৰেট ইণ্টাৰনেট বেংকিং প্লেটফৰ্মৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব। চেক, ডিমাণ্ড ড্ৰাফ্ট বা নগদ ধনৰ জৰিয়তে যিকোনো আইডিএফচি ফাৰ্ষ্ট বেংকৰ শাখাত অফলাইন পৰিশোধো কৰিব পৰা যাব। অন্যান্য বেংকৰ গ্ৰাহকসকলে আইডিএফচি ফাৰ্ষ্ট বেংকৰ পেমেণ্ট গেটৱেৰ জৰিয়তে নিজ নিজ বেংকৰ ইণ্টাৰনেট বেংকিং সুবিধা ব্যৱহাৰ কৰিব পাৰিব। এই সুবিধাই ব্যৱহাৰকাৰীসকলক চালান আৰু পৰিশোধৰ নিশ্চিতকৰণ চাব পৰা আৰু ডাউনলোড কৰাৰ সুবিধাও প্ৰদান কৰে।আইডিএফচি…
Read More
বাজাজ বিয়ণ্ডে লাকুৱাৰ বান-বীৰসকলক জনালে সন্মান, অসমত সম্প্ৰদায়-কেন্দ্ৰিক চিএচআৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ

বাজাজ বিয়ণ্ডে লাকুৱাৰ বান-বীৰসকলক জনালে সন্মান, অসমত সম্প্ৰদায়-কেন্দ্ৰিক চিএচআৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ

বাজাজ গ্ৰুপৰ ধ্বজাবাহী চিএচআৰ পদক্ষেপ বাজাজ বিয়ণ্ডে শেহতীয়া বলিয়া বানৰ সময়ত দেখুওৱা সাহস আৰু নিঃস্বাৰ্থ প্ৰচেষ্টাৰ বাবে লাকুৱাৰ স্থানীয় বাসিন্দা অৰ্থাৎ বানবীৰসকলক সন্মান জনায়। এই স্বীকৃতি প্ৰদান অনুষ্ঠানত সেইসকল নাগৰিকক উদযাপন কৰা হয় যিয়ে নিজৰ সম্প্ৰদায়-চুবুৰীয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল, যিসকল লোকে বানত আৱদ্ধ পৰিয়ালসমূহক উদ্ধাৰ কৰিছিল, ভয়াৱহ বানৰ মাজেৰে নিজৰ জীৱনলৈ ভ্ৰূক্ষেপ নকৰি আগবাঢ়িছিল আৰু সংকটৰ সময়ত চুবুৰীয়াক সাহায্য সমৰ্থন আগবঢ়াইছিল। এই পদক্ষেপে তৃণমূল পৰ্যায়ৰ সঁহাৰি জনোৱাসকলৰ ভূমিকাক আলোকপাত কৰে, যাৰ প্ৰচেষ্টাই সম্প্ৰদায়সমূহক বানপানীৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত সহায় কৰিছিল।বাজাজ গ্ৰুপক প্ৰতিনিধিত্ব কৰি বাজাজ জেনেৰেল ইঞ্চুৰেন্সৰ এটা দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বেংকশ্বুৰেন্স (আৰআৰবি আৰু কো-অপাৰেটিভ বেংক)ৰ ইভিপি তথা…
Read More
অসমৰ প্ৰতি ৫গৰাকী বিনিয়োগকাৰীৰ ভিতৰত ১গৰাকীয়েই নিজৰ বিনিয়োগ যাত্ৰাৰ বাবে বাচনি কৰিছে গ্ৰ’-ক

অসমৰ প্ৰতি ৫গৰাকী বিনিয়োগকাৰীৰ ভিতৰত ১গৰাকীয়েই নিজৰ বিনিয়োগ যাত্ৰাৰ বাবে বাচনি কৰিছে গ্ৰ’-ক

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ডিজিটেল সংযোগ আৰু বিত্তীয় সজাগতাৰ ফলস্বৰূপে পূৰ্বতকৈ বহু অধিক বিনিয়োগকাৰীয়ে এতিয়া মূলধনী বজাৰত অংশগ্ৰহণ কৰিছে। এই ৰূপান্তৰক প্ৰতিফলিত কৰি ভাৰতৰ সৰ্ববৃহৎ সক্ৰিয় ব্যৱহাৰকাৰী থকা বিনিয়োগ প্লেটফৰ্ম গ্ৰ'-এ প্ৰকাশ কৰিছে যে ২০২৬ চনৰ জুন মাহলৈকে অসমত এনএছইৰ মুঠ সক্ৰিয় বিনিয়োগকাৰীৰ ২০তকৈও অধিক অংশ কেৱল এই প্লেটফৰ্মৰে আছিল। অৰ্থাৎ ৰাজ্যখনৰ প্ৰতি ৫গৰাকী বিনিয়োগকাৰীৰ ভিতৰত বৰ্তমান এগৰাকীয়ে এই প্লেটফৰ্মৰ জৰিয়তে বিনিয়োগ কৰে। স্মাৰ্টফোনৰ বৰ্ধিত ব্যৱহাৰ, ইণ্টাৰনেটৰ ব্যাপক প্ৰসাৰ আৰু ডিজিটেল প্লেটফৰ্মসমূহৰ জৰিয়তে বিত্তীয় সামগ্ৰীসমূহৰ সহজলভ্যতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল বৰ্তমান ডিজিটেল বিনিয়োগৰ ক্ষেত্ৰত আটাইতকৈ দ্ৰুতগতিত বিকাশশীল অঞ্চল হিচাপে ধৰা দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ মুঠ ৩৬.৩১ লাখ এনএছই বিনিয়োগকাৰীৰ প্ৰায় ২৪% কেৱল…
Read More