07
Sep
ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষৰ (আইআৰডিএআই) ৰাজ্যিক বীমা আঁচনি(এছআইপি)ৰ অধীনত নাগালেণ্ডৰ বাবে প্ৰধান বীমা প্ৰতিষ্ঠান টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ ৰাজ্যখনত অনুষ্ঠিত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ বীমা সমিতি(এছএলআইচি)ৰ বৈঠকত অংশগ্ৰহণ কৰে। নাগালেণ্ড চৰকাৰৰ বিত্তীয় আয়ুক্ত কেচন্যু য়হোম(আইএএছ)ৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আইআৰডিএআই, টাটা এআইজি, চৰকাৰী বিভাগ আৰু বীমা প্ৰতিষ্ঠানসমূহৰ বিষয়াসকল একত্ৰিত হৈ সমগ্ৰ নাগালেণ্ডত বীমাৰ প্ৰসাৰ শক্তিশালী কৰা আৰু বীমা সুৰক্ষাৰ ব্যৱধান দূৰ কৰাৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে। কেচন্যু য়হোমে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি ৰাজ্যখনৰ উচ্চ সংবেদনশীলতা, তীব্ৰ ভূমিকম্পপ্ৰৱণতা আৰু ভূমিস্খলন প্ৰৱণ পৰিস্থিতিৰ কথা উল্লেখ কৰি অঞ্চলটোৰ বাবে পৰ্যাপ্ত বীমা সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। য়হোমে মটৰ,…
