ক্ৰীড়া

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ জোছ হেজলউড

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ জোছ হেজলউড

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউড আঘাতৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। হামষ্ট্ৰিঙৰ আঘাতৰ পৰা তেওঁ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। ক্ৰিকেট অষ্ট্ৰেলিয়াই এই খবৰ নিশ্চিত কৰি স্পষ্ট কৰি দিছে যে এই সময়ত হেজলউডৰ হৈ কোনো প্ৰতিস্থাপক খেলুৱৈ দলত অন্তৰ্ভুক্ত কৰা নহ’ব। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। অষ্ট্ৰেলিয়াৰ দলটোৱে ১১ ফেব্ৰুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰ প্ৰেমাদাছা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন খেল খেলিব। শ্ৰীলংকা, জিম্বাবুৱে, ওমান, আয়াৰলেণ্ডৰ সৈতে অষ্ট্ৰেলিয়াক গ্ৰুপ বি-ত স্থান দিয়া হৈছে। ১১ ফেব্ৰুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰ প্ৰেমাদাছা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়াৰ প্ৰথমখন খেল। অষ্ট্ৰেলিয়া নিজৰ গ্ৰুপৰ শক্তিশালী দল যদিও শ্ৰীলংকা আৰু আয়াৰলেণ্ডৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ…
Read More
শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ইংলেণ্ডৰ

শ্ৰীলংকাৰ বিৰুদ্ধে বৰষুণৰ ফলত প্ৰভাৱিত হোৱা দ্বিতীয়খন টি-২০ত ইংলেণ্ডে ডাকৱৰ্থ-লুইছ পদ্ধতিত ৬ উইকেটত জয়লাভ কৰে। খেলখনত টম বেনটনে ৩৩টা বলত অপৰাজিত ৫৪ ৰান সংগ্ৰহ কৰে, যাৰ সহায়ত ইংলেণ্ডে শৃংখলাটো দখল কৰে। তিনিখন মেচৰ শৃংখলাত ইংলেণ্ডে ২-০ ত অগ্ৰগতি লাভ কৰিছে। বেনটনে নিজৰ ইনিংছত তিনিটা ছয় আৰু চাৰিটা চাৰি ৰান সংগ্ৰহ কৰি ১৭ অভাৰত ১৬৮ ৰানৰ সংশোধিত লক্ষ্যৰ প্ৰতি সঁহাৰি জনাই ইংলেণ্ডক ১৬.৪ অভাৰত ৪ উইকেটত ১৭৩ ৰান সংগ্ৰহ কৰাত সহায় কৰে। জোছ বাটলাৰে ২৯টা বলত ৩৯ ৰান সংযোজন কৰে। ইয়াৰ পূৰ্বে শ্ৰীলংকাই ৫ উইকেটত ১৮৯ ৰান সংগ্ৰহ কৰিছিল। পৱন ৰত্নায়কে ২২টা বলত ৪০ ৰান সংগ্ৰহ কৰে। বৰষুণ প্ৰভাৱিত প্ৰথমখন খেলত…
Read More
ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে

ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে

বাংলাদেশক সমৰ্থন জনাই ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে। পাকিস্তান চৰকাৰে দেওবাৰে ঘোষণা কৰে যে পাকিস্তান ক্ৰিকেট দলে টি-২০ বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰিব যদিও প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰিব। অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া আছিল টি-২০ বিশ্বকাপৰ খেলখন।  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশে ভাৰতত নিৰাপত্তাৰ কথা দোহাই দি ভাৰতত বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত লৈছিল। বাংলাদেশৰ এই সিদ্ধান্তক সমৰ্থন কৰিলে পাকিস্তানে। পাকিস্তানেও বিশ্বকাপৰ পৰা আঁতৰি যাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সেয়া নহ’ল, পাকিস্তান চৰকাৰে বৰ্জন ভাৰত-পাকিস্তানৰ মেচতে সীমাবদ্ধ কৰি ৰাখিলে। পাকিস্তান চৰকাৰে…
Read More
টি-২০ বিশ্বকাপ বৰ্জন নকৰে পাকিস্তানে

টি-২০ বিশ্বকাপ বৰ্জন নকৰে পাকিস্তানে

পাকিস্তান ক্ৰিকেট দলেটি-২০ বিশ্বকাপ বৰ্জন নকৰাৰ সিদ্ধান্ত লৈছে । পিচিবিৰ সূত্ৰৰ উদ্ধৃতি দি নিউজ এজেন্সী পিটিআইয়ে দাবী কৰিছে যে পাকিস্তানী দলৰ সূচী চূড়ান্ত কৰা হৈছে। ২ ফেব্ৰুৱাৰীত কলম্বোলৈ ৰাওনা হ’ব দলটো। ইয়াৰ সৈতে পাকিস্তানে বিশ্বকাপৰ পৰা আঁতৰি যোৱা বা ভাৰতক খেলিব নোৱাৰাৰ জল্পনা-কল্পনাৰ কাৰ্যতঃ অন্ত পৰিল। শীঘ্ৰে পিচিবিয়ে অংশগ্ৰহণ নিশ্চিত কৰাৰ সম্ভাৱনা আছে। ভাৰতত খেলিব নোৱাৰা সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ নিৰাপত্তাজনিত উদ্বেগক পিচিবিয়ে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে। কিন্তু আইচিচিয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা কাঠামোৰ ভিতৰতে কৰিব বিচাৰে। বিচিচিআই, পিচিবি, আইচিচিৰ মাজত ত্ৰিপাক্ষিক চুক্তি। এই চুক্তিৰ অধীনত আইচিচি প্ৰতিযোগিতাত ভাৰত-পাকিস্তানৰ সকলো মেচ ২০২৭ চনলৈকে নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব।পিচিবিয়ে…
Read More
অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত ন’ভাক জ’কভিচ

অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত ন’ভাক জ’কভিচ

অষ্ট্ৰেলিয়ান অ’পেন ২০২৬ৰ পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ যুৱ টেনিছ তাৰকা লৰেঞ্জো মুছেট্টিয়ে আঘাতৰ বাবে মাজভাগতে আঁতৰি অহাৰ ফলত এক বৃহৎ অঘটন হয়। ইয়াৰ ফলত ছাৰ্বিয়াৰ কিংবদন্তি তথা ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ন’ভাক জ’কভিচে জয়ী নোহোৱাকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। প্ৰথম দুটা ছেটত জ’কভিচৰ বিৰুদ্ধে ৬-৪, ৬-৩ ত জয়লাভ কৰি মুছেট্টিয়ে মেচখনৰ আৰম্ভণি কৰে। তৃতীয় ছেটৰ সময়ত তেওঁৰ সোঁ ভৰিৰ ওপৰৰ অংশত অস্বস্তিৰ সন্মুখীন হোৱাৰ বাবে  মেডিকেল টাইমআউট লয় । চিকিৎসাৰ অন্তত মুছেট্টি ক’ৰ্টলৈ উভতি আহিছিল যদিও মাত্ৰ এখন খেল খেলি আঁতৰি যোৱাৰ সিদ্ধান্ত লয়। মুছেট্টী আঁতৰি যোৱাৰ সময়ত স্ক’ৰ আছিল ৬-৪, ৬-৩, ১-৩, যাৰ ফলত জ’কভিচে তেওঁৰ…
Read More
বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁইয়ে

বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক নেতৃত্ব দিব লাভলিনা বৰগোহাঁইয়ে

স্পেইনৰ লা নুচিয়াত ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৩৩ জনীয়া ভাৰতীয় বক্সিং দলটোক নেতৃত্ব দিব টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে। অৱশ্যে ছিজনৰ এই প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে কেইবাগৰাকীও শীৰ্ষ মহিলা বক্সাৰে। এই প্ৰতিযোগিতাখন ভাৰতৰ বাবে ব্যস্ত বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ’ব, য’ত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অন্তৰ্ভুক্ত। ভাৰতীয় বক্সিং ফেডাৰেচনৰ বাছনি নীতি অনুসৰি সদ্য সমাপ্ত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পৰা শীৰ্ষ দুগৰাকীক অলিম্পিক ওজন শাখাত নিৰ্বাচিত কৰা হৈছে, আনহাতে অ-অলিম্পিক শাখাত ৰূপৰ পদক বিজয়ীয়ে দেশক প্ৰতিনিধিত্ব কৰিব। দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰীনে (৫১ কেজি) আৰু বৰ্তমানৰ বিশ্ব চেম্পিয়ন মীনাক্ষী হুদা (৪৮ কেজি) আৰু জেচমিন লেম্বৰিয়া…
Read More
কাইলৈ বিশাখাপট্টনমত ভাৰত-নিউজিলেণ্ডৰ চতুৰ্থ টি-২০

কাইলৈ বিশাখাপট্টনমত ভাৰত-নিউজিলেণ্ডৰ চতুৰ্থ টি-২০

এতিয়ালৈকে খেলখনৰ প্ৰতিটো বিভাগতে আধিপত্য বিস্তাৰ কৰা ভাৰতীয় দলটোৱে বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত কোনো ধৰণৰ শিথিলতা গ্ৰহণ কৰিব নিবিচাৰিব আৰু দলটোৰ স্পিনাৰসকলৰ পৰাও ভাল প্ৰদৰ্শন আশা কৰিব। অভিষেক শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, আৰু ঈশান কিষানৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবেই ভাৰতে প্ৰথম তিনিখন মেচত জয়লাভ কৰি শৃংখলা দখল কৰে। ইফালে তেওঁলোকৰ দুই মূল স্পিনাৰ কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। কুলদীপে দুখন মেচত মাত্ৰ দুটা উইকেট দখল কৰি প্ৰতি অভাৰত ৯.৫ ৰান দি আকৰ্ষণ কৰিবলৈ ব্যৰ্থ হৈছে। পূৰ্বৰ মেচখনত কুলদীপেও ৩২ ৰান দি তিনিটা ব্যয়বহুল অভাৰত বলিং কৰিছিল। যশপ্ৰীত বুমৰাহ, ৰবি বিষ্ণোই, আৰু হাৰ্দিক পাণ্ডিয়াৰ উৎকৃষ্ট বলিঙৰ…
Read More
ছাৰ ড’নাল্ড ব্ৰেডমেনৰ টুপী ২.৯২ কোটি টকাত নিলাম

ছাৰ ড’নাল্ড ব্ৰেডমেনৰ টুপী ২.৯২ কোটি টকাত নিলাম

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট কিংবদন্তি ছাৰ ড’নাল্ড (ডন) ব্ৰেডমেনৰ ‘বেগী গ্ৰীণ’ টুপী নিলাম কৰা হৈছে। গোল্ড কোষ্টত অনুষ্ঠিত নিলামত ৪ লাখ ৬০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰত (প্ৰায় ২.৯২ কোটি টকা) ক্ৰয় কৰিছিল এজন বেনামী ক্ৰেতাই। ১৯৪৭-৪৮ চনত স্বাধীন ভাৰতৰ বিৰুদ্ধে প্ৰথম টেষ্ট শৃংখলাৰ সময়ত ব্ৰেডমেনে পিন্ধিছিল এই টুপীটো। ব্ৰেডমেনে ঘৰুৱা টেষ্ট ছিৰিজৰ অন্তিমখন টেষ্ট শৃংখলাৰ (১৯৪৭-৪৮)ৰ পিছত ভাৰতীয় অ’পেনিং বলাৰ শ্ৰীৰংগা সোহনী (এছ.ডব্লিউ. ছ’হনী)ক এই কেপটো উপহাৰ দিছিল। প্ৰায় ৭৫ বছৰ ধৰি সোহনী পৰিয়ালে ইয়াক সুৰক্ষিত কৰি ৰাখিছিল আৰু কেতিয়াও ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা নাছিল। লয়ডছ অকচনৰ চি অ’ অ’ লি হামেছে এই টুপিটোক “ক্ৰিকেট জগতৰ অন্যতম মূল্যৱান ধন” বুলি অভিহিত কৰিছে। তেওঁ কয়…
Read More
তিনিওটা ক্ৰিকেট ফৰ্মেটত ২৮ হাজাৰ সম্পূৰ্ণ বিৰাট কোহলীৰ

তিনিওটা ক্ৰিকেট ফৰ্মেটত ২৮ হাজাৰ সম্পূৰ্ণ বিৰাট কোহলীৰ

বিৰাট কোহলিৰ ৯৩ ৰানৰ সহায়ত ভাৰতে নিউজিলেণ্ডক প্ৰথমখন এদিনীয়াত ৪ উইকেটত পৰাস্ত কৰে। দেওবাৰে বদোদৰাত নিউজিলেণ্ডে ৩০০ ৰান সংগ্ৰহ কৰে। এদিনীয়া মেচত ৩০০ প্লাছ টাৰ্গেট অনুসৰণ কৰি ভাৰতে ২০ সংখ্যক বাৰৰ বাবে জয় লাভ কৰে। কোহলীয়ে তিনিওটা ক্ৰিকেট ফৰ্মেটত ২৮ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।বিৰাট কোহলীয়ে একেৰাহে পঞ্চমবাৰৰ বাবে এদিনীয়াত ৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰে। অক্টোবৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাৰ প্ৰথম দুখন মেচতো তেওঁ নিজৰ একাউণ্ট খুলিব পৰা নাছিল যদিও তৃতীয়খন মেচত অৰ্ধশতক অৰ্জন কৰিছিল। তাৰ পিছত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুটা শতক আৰু এটা অৰ্ধশতক…
Read More
ছিডনী এছেজ টেষ্টত অষ্ট্ৰেলিয়াৰ জয়, ৪-১ ত শৃংখলা দখল

ছিডনী এছেজ টেষ্টত অষ্ট্ৰেলিয়াৰ জয়, ৪-১ ত শৃংখলা দখল

ছিডনীত অনুষ্ঠিত ২০২৫–২৬ বৰ্ষৰ এছেজ শৃংখলাৰ পঞ্চম আৰু অন্তিম টেষ্টত অষ্ট্ৰেলিয়াই ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি ৪-১ত শৃংখলাটো জয় কৰে। ইংলেণ্ডে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ হৈ ১৬০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো পঞ্চম দিনত চাহ বিৰতিৰ পূৰ্বে আয়োজক দলে লাভ কৰে। উছমান খোৱাজাই কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলে। ছিডনী টেষ্টৰ পূৰ্বে খোৱাজাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। মেচখনৰ অন্তিম দিনটোত ইংলেণ্ডে ৮ উইকেটত ৩০২ ৰানত পুনৰ খেল আৰম্ভ কৰে যদিও ৩৪২ ৰানত অল আউট হয়। অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথম ইনিংছত ৩৮৪ ৰান সংগ্ৰহ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই ৫৬৭ ৰান সংগ্ৰহ…
Read More