উত্তৰ-পূৱ

১০ আগষ্টৰ পৰা বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় ৰ পাঠদান আৰম্ভ হব

১০ আগষ্টৰ পৰা বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় ৰ পাঠদান আৰম্ভ হব

১০ আগষ্টৰ পৰা শিৱসাগৰ- চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব।এই কথা জনালে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। জানিবলৈ দিয়া মতে, যদিও বহু শিক্ষানুষ্ঠানত পাঠদান নিয়মীয়াকৈ আৰম্ভ কৰাৰ পৰিৱেশ ঘূৰি অহা নাই তথাপিও চৰকাৰে বিকল্প ব্যৱস্থাৰে ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ১০ আগষ্ট ২০২৬ৰ পৰা পাঠদান পৰ্ব আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁ লগতে জনাই যে, যিবোৰ বিদ্যালয় পানীৰ তলত বা বোকাত পোত গৈ আছে, সেইবোৰ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক আশ্ৰয় শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰা হ’ব।
Read More
বৰ্তমান সময়ত ৰাজনীতি নহয়

বৰ্তমান সময়ত ৰাজনীতি নহয়

বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱতাৰ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত । মানুহ বিপদত আছে । এতিয়া কেৱল উদ্ধাৰ আৰু সহায়ৰ কথা ভাবিব লাগে । এনে সময়তো যদি কোনোবাই হিন্দু-মুছলিমৰ কথা কয়, তেনে মানুহ লাজত ডুবি মৰা উচিত ।" বান পৰিস্থিতিৰ সন্দৰ্ভত ধুবুৰীত বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে ৷আজমলে আৰু কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ মানুহেও বানপীড়িতসকলৰ সহায়ৰ বাবে উদাৰভাৱে আগবাঢ়ি আহিছে । বদৰপুৰত ১০ লাখ টকাৰ এখন এম্বুলেঞ্চ আৰু নগদ ৫ লাখ টকা সংগ্ৰহ হোৱাৰ কথা উল্লেখ কৰি ধুবুৰীতো উল্লেখযোগ্য সঁহাৰি লাভ কৰা বুলি তেওঁ মন্তব্য কৰে । অহা ৭ ৰ পৰা ১০ দিনৰ…
Read More
গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

'গাজিনী'ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান।বলীউড আৰু দক্ষিণ ভাৰতৰ চলচিত্ৰ অভিনেতা প্ৰদীপ ৰাৱটে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ লগানৰ সহ অভিনেতা যশপাল শৰ্মাই ইনষ্টাগ্ৰামত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰে ।যশপাল শৰ্মাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰদীপ ৰাৱটক স্মৰণ কৰি কয়, "আমাৰ গাজনী, লগানৰ দেৱ প্ৰদীপ ৰাৱট আৰু নাই । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।"
Read More
লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায় বিচাৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে ।সামাজিক মাধ্যম যোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনালে অভিনেত্ৰী তথা নৃত্যশিল্পীগৰাকীয়ে । অভিনেত্ৰীগৰাকীক এই অনুষ্ঠানত সংগ দিয়ে তেওঁৰ স্বামী তথা অভিনেতা নীল দাস আৰু ছাত্ৰী ইন্দ্ৰানীয়ে ।
Read More
দ্ৰুতগতিত বৃদ্ধি চাণ্ডীপুৰা ভাইৰাছ

দ্ৰুতগতিত বৃদ্ধি চাণ্ডীপুৰা ভাইৰাছ

চাণ্ডীপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখি(বালি মাখি)ৰ (Sandfly) কামোৰৰ পৰা বিয়পে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ'ব পৰা ভাইৰাছ। ই শিশুসকলৰ মাজত দ্ৰুতগতিত বিয়পে আৰু গুৰুতৰ ক্ষেত্ৰত মগজুত প্ৰদাহ (Encephalitis) সৃষ্টি কৰিব পাৰে।দ্ৰুতগতিত বৃদ্ধি পোৱা চাণ্ডীপুৰা ভাইৰাছ (Chandipura Virus)য়ে এতিয়া সমগ্ৰ দেশজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ ১৫ বছৰৰ তলৰ শিশুসকলক লক্ষ্য কৰি লোৱা এই সংক্ৰমণৰ ফলত ইতিমধ্যে ২২টা শিশুৰ মৃত্যু হৈছে, আনহাতে বহু শিশু চিকিৎসালয়ত জীৱনৰ সৈতে যুঁজি আছে। স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ক নিৰ্দেশ দিয়া হৈছে যে যদি কোনো শিশুৰ শৰীৰত চাণ্ডীপুৰা ভাইৰাছৰ দৰে লক্ষণ দেখা যায়,…
Read More
২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।আমেৰিকা- ইৰাণৰ যুদ্ধৰে অংশ হিচাপে এই আক্ৰমণ চলোৱা হৈছে বুলি ইৰাণী সংবাদ মাধ্যমে সদৰি কৰিছে যদিও বিষয়টোৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো পক্ষই একো তথ্য প্ৰকাশ কৰা নাই। ডুবাই প্ৰশাসনে এই ঘটনাৰ পাছতে অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰিছে।ডুবাইৰ সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰা হৈছে।
Read More
গ্লাছগ’ৰ সোণৰ পিছত দিল্লীত মীৰাবাই চানুৰ সৈতে সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ; উত্তৰ-পূবত ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়াৰ আলোচনা

গ্লাছগ’ৰ সোণৰ পিছত দিল্লীত মীৰাবাই চানুৰ সৈতে সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ; উত্তৰ-পূবত ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়াৰ আলোচনা

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত টানা তৃতীয়বাৰৰ বাবে সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰাৰ পিছত বিশ্বখ্যাত ভাৰোত্তোলক মীৰাবাই চানুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতীৰাদিত্য এম. সিন্ধিয়াক সাক্ষাৎ কৰে। মীৰাবাই চানুক তেওঁৰ এই উল্লেখযোগ্য সাফল্যৰ বাবে অভিনন্দন জনাই সিন্ধিয়াই তেওঁৰ অটল দৃঢ়তা, অনুশাসন আৰু অধ্যৱসায়ৰ প্ৰশংসা কৰে। তেওঁ কয় যে মীৰাবাইৰ সফলতা দেশৰ কোটি কোটি যুৱ খেলুৱৈ, বিশেষকৈ উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস। আলাপৰ সময়ত মীৰাবাই চানুৱে নিজৰ সংগ্ৰাম আৰু প্ৰত্যাহ্বানৰ কাহিনী ভাগ-বতৰা কৰি দেশৰ অন্যতম সফল খেলুৱৈ হৈ উঠাৰ যাত্ৰাৰ কথা কয়। মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে প্ৰশিক্ষণৰ ৰুটিন, পুষ্টি, পুনৰুদ্ধাৰ চক্ৰ আৰু শীৰ্ষ প্ৰদৰ্শনৰ…
Read More
১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে

১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে

দেওবাৰে ১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে ৷ ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ সৈতে ৩৯টা পদকৰে প্ৰতিয়োগিতাখনত চতুৰ্থ স্থান দখল কৰে ৷ বক্সিং চেম্পিয়ন জেচমিন লেম্ব’ৰিয়াক সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হিচাপে নিৰ্বাচিত কৰা হয় ৷গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত চাৰি বছৰ পূৰ্বৰ বাৰ্মিংহামৰ ২১০ জন খেলুৱৈৰ তুলনাত মাত্ৰ ১২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ পাছতো ভাৰতে চতুৰ্থ স্থান অক্ষুণ্ণ ৰাখি পদক জয়ৰ হাৰ উন্নত কৰিলে ৷ পদক লৈ ঘৰলৈ উভতি আহিল ৩৯ গৰাকী খেলুৱৈ । দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলৱীৰ সিং আছিল একমাত্ৰ ভাৰতীয় যিয়ে দুটা পদক লাভ কৰিছিল ।২০৩০ চনৰ কমনৱেলথ গেমছ হ’ব শতবাৰ্ষিকী সংস্কৰণ আৰু ভাৰতক…
Read More
উজনিৰ বানপীড়িত প্ৰায় ৬২ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা মুকলি

উজনিৰ বানপীড়িত প্ৰায় ৬২ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা মুকলি

উজনিৰ ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ অসম চৰকাৰ তৎপৰ হৈ পৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ ১৫ হাজাৰ ঘোষণা কৰিছিল । সোমবাৰে পুৱাৰ ভাগতে এই ধন বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ।এই আৰ্থিক সাহায্য চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় ৬২,৬৯৬ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ চৰকাৰে আগবঢ়াইছে । শিৱসাগৰ জিলাৰ ৩৫ হাজাৰ ২৯৮টা পৰিয়াল, চৰাইদেউৰ ১৯ হাজাৰ ৮৮৩টা পৰিয়াল, গোলাঘাটৰ ২ হাজাৰ ৫৯৩টা পৰিয়াল আৰু যোৰহাটৰ ৪ হাজাৰ ৯২২টা পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা আগবঢ়াইছে ।দ্বিতীয় পৰ্যায়ত বানত ক্ষতিগ্ৰস্ত ৰাইজে ১০ হাজাৰ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।…
Read More
কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে

কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে

ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে । আই এম ডিয়ে সোমবাৰে ৰাজ্যখনত ‘ইয়ে’ল্ল এলাৰ্ট’ জাৰি কৰিছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলত জৰুৰীকালীন সাৱধানতা অৱলম্বন কৰাৰ লগতে দ্ৰুতগতিত সাহায্য অভিযান চলোৱা হৈছে ।বৰষুণ আৰু ধুমুহাৰ ফলত মুঠ ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ জন নিৰুদ্দেশ হৈছে । ইয়াৰ উপৰিও ১৩ জন লোক আহত হৈ চিকিৎসাধীন হৈ আছে । ২৭টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ১৯৬টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰিও ৫,৭৯২ জন লোকক ২০৯টা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ।
Read More