উত্তৰ-পূৱ

ৱেষ্ট ইণ্ডিজৰ ডমিনিকাত বিমান দুৰ্ঘটনা

ৱেষ্ট ইণ্ডিজৰ ডমিনিকাত বিমান দুৰ্ঘটনা

ৱেষ্ট ইণ্ডিজৰ ডমিনিকাত বিমান দুৰ্ঘটনা। ভূপতিত হৈ অগ্নিপিণ্ডিত পৰিণত ডমিনিকান বিমান। এখন ব্যক্তিগত জেট বিমান ভূপতিত হৈ মৃত্যু ২ পাইলটৰ। জৰুৰী অৱতৰণৰ সময়তে এই অঘটন।
Read More
যিকোনো মুহূৰ্তত ইৰাণে চলাব পাৰে ধ্বংসলীলা

যিকোনো মুহূৰ্তত ইৰাণে চলাব পাৰে ধ্বংসলীলা

ইজৰাইল-আমেৰিকাত যিকোনো মুহূৰ্তত ইৰাণে চলাব পাৰে ধ্বংসলীলা। পুনৰ অধিক অশান্ত হৈ পৰিছে মধ্য প্ৰাচ্যৰ পৰিস্থিতি। ইৰাণৰ সেনা চাউনিত ভয়ংকৰ আ**মণ ইজৰাইলৰ। পুনৰ ইৰাণ-ইজৰাইলৰ যুদ্ধই বিশ্বক অশান্ত কৰাৰ সম্ভাৱনা।
Read More
অপেক্ষাৰ অন্ত পৰিল

অপেক্ষাৰ অন্ত পৰিল

অপেক্ষাৰ অন্ত পৰিল ৷ হিমন্ত চৰকাৰৰ নতুন মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰা হ’ল ৷ নতুনকৈ শপত লোৱা ১২গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰিছিল ৷ সেই অনুসৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত ৰাখিছে গৃহ আৰু ৰাজনৈতিক বিভাগ, লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ), লোক নিৰ্মাণ বিভাগ (পথ), শক্তি বিভাগ, তথ্য আৰু জনসংযোগ, মুদ্ৰণ আৰু ষ্টেচনেৰীৰ দায়িত্ব । লগতে বিতৰণ নকৰা অন্যান্য দপ্তৰসমূহো মুখ্যমন্ত্ৰীৰ হাততে থাকিব বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিপৰীতে আন মন্ত্ৰীসকলক দিয়া বিভাগসমূহ হৈছে - ১। অশ্বিনী ৰায়…
Read More
আজিৰে পৰা বিশেষ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ আৰম্ভ হৈছে

আজিৰে পৰা বিশেষ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ আৰম্ভ হৈছে

আজিৰে পৰা বিশেষ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ আৰম্ভ হৈছে । এই প্ৰক্ৰিয়াৰ প্ৰথম দিনাই ৪ সাক্ষীৰ লোৱা হ'ব ভাষ্য । ইতিমধ্যে অধিবক্তা ৰাতুল বৰাৰ সাক্ষ্য গ্ৰহণ কৰিছে ফাষ্টট্ৰেক আদালতে । সমান্তৰালকৈ ৮ জুন ২০২৬ সোমবাৰে ফাষ্টট্রেক আদালতে অভিযুক্ত সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনক লৈ মন্তব্য কৰিব । ইতিপূৰ্বে সম্পন্ন হৈছে জামিন আবেদনৰ শুনানি । আদালতে সংৰক্ষিত ৰাখিছিল ৰায়দান । একে সময়তে আদালতত উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ।
Read More
আৰম্ভ হৈছে দুদিনীয়া “তেজপুৰ লিচু উৎসৱ–২০২৬”

আৰম্ভ হৈছে দুদিনীয়া “তেজপুৰ লিচু উৎসৱ–২০২৬”

তেজপুৰৰ প্ৰখ্যাত লিচুক বিশ্ববজাৰত অধিক পৰিচিত কৰি তোলাৰ লক্ষ্যৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়া "তেজপুৰ লিচু উৎসৱ–২০২৬" । তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণ আৰু আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত অনুষ্ঠিত হোৱা এই উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।এইবাৰ ডুবাইলৈ প্ৰায় এক টন লিচু প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও অহা কেইদিনমানৰ ভিতৰত ছিংগাপুৰলৈও বৃহৎ পৰিমাণৰ লিচু ৰপ্তানি কৰা হ’ব ৷
Read More
ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ খবৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ খবৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৬ চনৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ উত্তৰবহীৰ পৰীক্ষণ আৰু প্ৰশ্নৰ পুনৰ মূল্যায়নৰ বাবে আবেদন কৰাৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পূৰ্বৰ ৬ জুনৰ পৰিবৰ্তে এতিয়া ৭ জুনলৈকে বৃদ্ধি কৰা হৈছে আবেদন দাখিলৰ অন্তিম তাৰিখ ৷ ছাত্ৰ-ছাত্ৰীসকলক সময়মতে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ব’ৰ্ডে আহ্বান জনাইছে ৷
Read More
স্বাস্থ্যৰ বাবে সোনালী উপহাৰ, জানক ঘিউৰ আশ্চৰ্যজনক উপকাৰিতা

স্বাস্থ্যৰ বাবে সোনালী উপহাৰ, জানক ঘিউৰ আশ্চৰ্যজনক উপকাৰিতা

ডিজিটেল ডেস্ক: ভাৰতীয় খাদ্য সংস্কৃতিত ঘিউৰ স্থান অতি বিশেষ। বহু শতাব্দী ধৰি মানুহে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ বাবেও ঘিউ ব্যৱহাৰ কৰি আহিছে। বিশেষজ্ঞসকলৰ মতে, সীমিত পৰিমাণে ঘিউ সেৱনে শৰীৰক বহু উপকাৰ প্ৰদান কৰিব পাৰে। শক্তিৰ এক উৎকৃষ্ট উৎসঘিউত স্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে শৰীৰক দ্ৰুত শক্তি যোগায়। দৈনন্দিন কাম-কাজৰ বাবে প্ৰয়োজনীয় শক্তি লাভ কৰাত ঘিউ সহায়ক হ’ব পাৰে। ভিটামিনেৰে সমৃদ্ধঘিউত ভিটামিন A, D, E আৰু K থাকে। এই ভিটামিনসমূহে চকুৰ স্বাস্থ্য, হাড়ৰ শক্তি, ছালৰ যত্ন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰে। পাচনত সহায়কঘিউত থকা কিছুমান উপাদানে পাচন প্ৰক্ৰিয়াক সুস্থ ৰখাত সহায় কৰিব পাৰে। সঠিক পৰিমাণে ঘিউ খালে…
Read More
প্ৰেমিকে কৰিলে আচৰিত কাণ্ড

প্ৰেমিকে কৰিলে আচৰিত কাণ্ড

মহানগৰীৰ ডিমৰীয়াত এগৰাকী যুৱতীক নিৰ্মমভাৱে হত্যা কৰা প্ৰেমিকক আত্মগোপন কৰি থকা অৱস্থাত শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।জানিব পৰা মতে, ১৭বাৰকৈ ডেগাৰেৰে আঘাত কৰি হত্যা কৰিছিল যুৱতীগৰাকী।নিজ ডিমৰীয়াৰ নিবাসী বিপুল মল্লিক নামৰ প্ৰেমিকজনে ইতিমধ্যে যুৱতীগৰাকীক হত্যা কৰা কথা স্বীকাৰ কৰিছে আৰক্ষীৰ আগত।
Read More
সাজু হিমন্ত বিশ্ব শৰ্মাৰ টীম

সাজু হিমন্ত বিশ্ব শৰ্মাৰ টীম

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই ১২ জনীয়া মন্ত্ৰীসভাই আজি দিনৰ ১২-৪৫ বজাত জ্যোতি- বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰা শপতগ্ৰহণ অনুষ্ঠানত লয় শপত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আটাইকেইগৰাকী নৱ-নিযুক্ত মন্ত্ৰীক শপতবাক্য পাঠ কৰোৱায়। আজি শপত লোৱা অসম মন্ত্ৰীসভাৰ ১২ গৰাকী মন্ত্ৰী হৈছে- ডা০ ৰণোজ পেগু, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, পীযুষ হাজৰীকা, অশোক সিংহল, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, বিমল বৰা, সুশান্ত বৰগোঁহাই আৰু কেশৱ মহন্ত ৷ ইয়াৰে কেশৱ মহন্ত একমাত্ৰ অসম গণ পৰিষদৰ বিধায়ক। বাকী আটাইকেইজন বিজেপিৰ বিধায়ক।
Read More
এক নতুন অভিলেখ গঢ়িবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

এক নতুন অভিলেখ গঢ়িবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

অহা ১০ জুনত এক নতুন অভিলেখ গঢ়িবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই বিশেষ দিনটোত তেওঁ ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব। এই মাইলৰখুঁটি স্পৰ্শ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নিৰ্বাচিত কাৰ্যকালৰ অভিলেখ ভংগ কৰিব। ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ তৃতীয়টো কাৰ্যকাল চলাই আছে আৰু অহা ১০ জুনত তেওঁৰ ধাৰাবাহিক কাৰ্যকালৰ ৪,৩৯৯ দিন সম্পূৰ্ণ হ’ব।
Read More