16
Feb
মহা শিৱৰাত্ৰিৰ উছাহৰ মাজতে সোমবাৰে কলিয়াবৰৰ চুলুঙত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলায়। এখন পালচাৰ মটৰচাইকেল আৰু টাটা ডি আই বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। মৰিগাঁৱৰ পৰা তেজপুৰ অভিমুখী এ এচ ২১ ই ৯৭৯২ নম্বৰৰ মটৰচাইকেলখনে বিপৰীত দিশৰ পৰা অহা এ এচ ১২ চি চি ৪৪৭৪ নম্বৰৰ বাহনখনক খুন্দা মৰাৰ ফলতে এই মৰ্মান্তিক ঘটনাটো ঘটে। মৃত যুৱকজনক মৰিগাঁৱৰ বাসিন্দা জিয়াউৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৰ সময়ত তেওঁৰ সৈতে থকা পত্নী মমতাজ বেগম মটৰচাইকেলৰ পিছফালে বহি আছিল আৰু সংঘৰ্ষৰ ফলত তেওঁ বিশেষভাৱে আঘাতপ্ৰাপ্ত হয়। দুয়োকে ততাতৈয়াকৈ…
