উত্তৰ-পূৱ

চলন্ত বাছৰ পৰা পৰি কিশোৰীৰ কৰুণ মৃত্যু; অৰুণাচলৰ পশ্চিম চিয়াঙত শোকৰ ছাঁ

চলন্ত বাছৰ পৰা পৰি কিশোৰীৰ কৰুণ মৃত্যু; অৰুণাচলৰ পশ্চিম চিয়াঙত শোকৰ ছাঁ

চলন্ত স্কুল বাছৰ পৰা বাগৰি পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে। অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দৰকাৰ সমীপত শনিবাৰে বিয়লি সংঘটিত হয় এই হৃদয়বিদাৰক দুৰ্ঘটনা। জানিব পৰা মতে, বাছখন সম্পূৰ্ণৰূপে ৰৈ নৌপাৱোতেই নামিবলৈ চেষ্টা কৰাৰ ফলতে মৃত্যুক সাৱটি লয় ছি-য়োমি জিলাৰ লুংটে গাঁৱৰ বাসিন্দা ন্যায়িৰ কামেই। চালকৰ অসাৱধানতাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষী মেনাই জনোৱা মতে, পূব চিয়াং জিলাৰ পাছিঘাটৰ পৰা একাংশ শিক্ষাৰ্থীক কঢ়িয়াই লৈ আহিছিল এখন স্কুল বাছে। মৃত ন্যায়িৰ কামেও লেপাৰাডা জিলাৰ বাছাৰত গীৰ্জাই আয়োজন কৰা এটা যুৱ শিবিৰত অংশ লৈ নিজ গৃহলৈ উভতি…
Read More
লতাশিলত বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল সংগীতা ৰাভাৰ; বিহু কুঁৱৰী আৰু বিহুৰাণীৰ মুকুট জিকিলে কৃষ্ণা-বৰষাই

লতাশিলত বিহু সম্ৰাজ্ঞীৰ খিতাপ দখল সংগীতা ৰাভাৰ; বিহু কুঁৱৰী আৰু বিহুৰাণীৰ মুকুট জিকিলে কৃষ্ণা-বৰষাই

লতাশিলৰ গৌৰৱোজ্জ্বল মঞ্চত এই বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতীৰ খিতাপ জয় কৰি নতুন ইতিহাস ৰচিলে গুৱাহাটীৰ সংগীতা ৰাভাই। ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ যুঁজত কেইবাগৰাকীও দক্ষ প্ৰতিযোগীক চেৰ পেলাই সংগীতা ৰাভাই এই সন্মান আজুৰি আনিবলৈ সক্ষম হয়। শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে লতাশিল খেলপথাৰত উপস্থিত হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি সংগীতাই নিজৰ যোগ্যতা প্ৰমাণ কৰে। বিহু সম্ৰাজ্ঞীৰ খিতাপ জয় কৰা সংগীতা ৰাভাই পুৰস্কাৰ হিচাপে লাভ কৰে এটি উজ্জ্বল মুকুট, বিহু সম্ৰাজ্ঞী দণ্ড আৰু নগদ ১,৭১,১০১ টকা। ইয়াৰ উপৰিও তেওঁক সোণৰ গহণা, টেলিভিছন, ফ্ৰীজ আৰু ৱাশ্বিং মেচিনসহ বহুতো আকৰ্ষণীয় উপহাৰেৰে সন্মানিত কৰে উদ্যোক্তাসকলে। উল্লেখ্য যে, এইবাৰ লতাশিলৰ এই সন্মানীয়…
Read More
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ; ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল শুনানি প্ৰক্ৰিয়া

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ; ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল শুনানি প্ৰক্ৰিয়া

বিহুৰ বন্ধৰ বিৰতিৰ অন্তত ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ শুনানি। ছিংগাপুৰত সংঘটিত এই চাঞ্চল্য্যকৰ ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপৰ প্ৰক্ৰিয়া আগবাঢ়ে। শুনানি কালত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই তদন্তৰ অনুমোদনক লৈ সৃষ্টি হোৱা আইনী জটিলতাৰ বিৰুদ্ধে আদালতত তীব্ৰ প্ৰত্যাহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা তদন্তৰ অনুমোদনত বিসংগতি থকা বুলি অভিযুক্ত পক্ষৰ অধিবক্তাই পূৰ্বে কৰা দাবী পোনপটীয়াকৈ নস্যাৎ কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই। শুকুৰবাৰে আদালতত যুক্তি দৰ্শাই শইকীয়াই কয় যে এই অনুমোদন প্ৰক্ৰিয়াত কোনো ধৰণৰ ত্ৰুটি ৰৈ যোৱা নাই। গোচৰটোত যাতে কোনো আইনী গাফিলতি নাথাকে, তাৰ বাবে জিয়াউল কামাৰৰ…
Read More
মহিলা সংৰক্ষণ বিধেয়কৰ পতন; বিৰোধীক ‘নাৰী বিৰোধী’ আখ্যা দি সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মহিলা সংৰক্ষণ বিধেয়কৰ পতন; বিৰোধীক ‘নাৰী বিৰোধী’ আখ্যা দি সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

লোকসভাৰ মজিয়াত মহিলা সংৰক্ষণ বিধেয়ক ধৰাশায়ী হোৱাক লৈ এতিয়া বিৰোধীৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শাসনৰ ১২ বছৰীয়া ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সংসদত চৰকাৰী বিধেয়ক এখনৰ এনে লজ্জাজনক পতনক লৈ সমগ্ৰ দেশতে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ সূচনা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই ১৭ এপ্ৰিলৰ দিনটোক সংসদীয় ইতিহাসৰ এক ‘কলা দিন’ বুলি অভিহিত কৰি বিৰোধীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। সামাজিক মাধ্যম এক্সত এক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়া আক্ৰমণ চলাই বিৰোধী দলসমূহক দোষী সাব্যস্ত কৰে। শৰ্মাই কয়, "এই পৰাজয়ৰ জৰিয়তে বিৰোধীৰ প্ৰকৃত মুখখন ওলাই পৰিল; তেওঁলোকে কেতিয়াও মহিলাসকলক অধিক ৰাজনৈতিক শক্তি দিয়াটো নিবিচাৰে।" মহিলাসকলক উচিত ৰাজনৈতিক অংশীদাৰিত্ব প্ৰদানৰ ক্ষেত্ৰত বিৰোধীৰ কোনো আন্তৰিকতা নাই…
Read More
সংসদত চৰকাৰৰ পৰাজয়! মহিলা সংৰক্ষণ বিধেয়ক পালে না অনুমোদন

সংসদত চৰকাৰৰ পৰাজয়! মহিলা সংৰক্ষণ বিধেয়ক পালে না অনুমোদন

কেন্দ্ৰীয় চৰকাৰৰ ১২ বছৰীয়া সংসদীয় ইতিহাসত মচি পেলাব নোৱাৰা এক দাগ সানিলে বিৰোধীয়ে। লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছতেই শুকুৰবাৰে সন্ধিয়া চৰকাৰৰ আটাইতকৈ অভিলাষী 'নাৰী শক্তি বন্দন অধিনিয়ম' অৰ্থাৎ মহিলা সংৰক্ষণ বিধেয়কখন ধৰাশায়ী হয়। নিৰ্বাচনৰ পূৰ্বে চৰকাৰী পক্ষৰ বাবে এই আইনী পৰাজয় এক বৃহৎ ৰাজনৈতিক মোক্ষম আঘাত হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'বিবেক ভোট'ৰ আৱেদন আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আশ্বাসক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে ঐক্যবদ্ধ বিৰোধীয়ে। সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়কখনৰ সপক্ষে ২৯৮ টা ভোট পৰাৰ বিপৰীতে ইয়াৰ বিৰোধিতা কৰে ২৩০ গৰাকী সাংসদে। বিধেয়কখন গৃহীত হ’বলৈ নিম্ন সদনত ৩৫২ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন আছিল যদিও বিৰোধীৰ অনমনীয়…
Read More
প্ৰথম স্থানত থকা ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাইছে আদানীয়ে

প্ৰথম স্থানত থকা ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাইছে আদানীয়ে

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী। এই তালিকাত পূৰ্বে প্ৰথম স্থানত থকা ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক পিছ পেলাইছে আদানীয়ে। ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স অনুসৰি, ১৬ এপৰিল, ২০২৬ত গৌতম আদানীৰ সম্পত্তি বৃদ্ধি পাইছে ৩.৫৬ বিলিয়ন ডলাৰলৈ। তাৰপাছতে তেওঁৰ মূল সম্পত্তিৰ মূল্য হয়গৈ ৯২.৬ বিলিয়ন ডলাৰলৈ। ইফালে, ৰিলায়েন্সৰ অধ্যক্ষ আম্বানীৰ নেট ৱৰ্থ ৯০.৮ বিলিয়ন ডলাৰ।
Read More
কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ

কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ

কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ।জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰিবলৈ জনালে অনুৰোধ। সামাজিক মাধ্যমযোগে এনেদৰে মৰ্মিতা মিত্ৰক অনুৰোধ জনালে জুবিন গাৰ্গৰ ভগ্নীয়ে।পামী বৰঠাকুৰে সামাজিক মাধ্যমত লগতে লিখিছে-‘জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ'ব লাগিব’।
Read More
তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট

তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট

ৰন্ধন গেছৰ পাছত এইবাৰ তেল ডিপো, তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট। ফলত হাহাকাৰ কৰিব লগীয়া হৈছে কৃষক তথা ডিজেল চালিত বাহনৰ গৰাকীয়ে। তামাৰহাটৰ হাতীধুৰাস্থিত "তামাৰহাট গ্ৰাহক সেৱা কেন্দ্ৰ" নামৰ তেল ডিপো লৈ নিতৌ ডিজেলৰ বাবে আহি উভতি যাবলগীয়া হৈছে গ্ৰাহকসকল। বিশেষকৈ ডিজেল চালিত পাম্প ছেট মেচিনৰ সহায়ত ইৰি ধানৰ খেতি কৰা কৃষকসকলে পৰিছে বিপাঙত। ডিজেল অবিহনে খেতিপথাৰত যোগান ধৰিব পৰা নাই পানীৰ।
Read More
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা।২১ এপ্ৰিলৰ পাছতহে ঘোষণা হ’ব HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে কৰিছে এই ঘোষণা।পূৰ্বে ১৭ এপ্ৰিলত ফলাফল ঘোষণা হ’ব বুলি ভুৱা খবৰ বিয়পি পৰিছিল।
Read More
সংসদত বিতৰ্ক চলি থাকোঁতেই মাজনিশা কাৰ্যকৰী মহিলা সংৰক্ষণ আইন ২০২৩

সংসদত বিতৰ্ক চলি থাকোঁতেই মাজনিশা কাৰ্যকৰী মহিলা সংৰক্ষণ আইন ২০২৩

দেশৰ সংসদত মহিলাৰ আসন সংৰক্ষণক লৈ চলি থকা তীব্ৰ বাদানুবাদৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে হঠাতে কাৰ্যকৰী কৰিলে ২০২৩ চনৰ সেই পুৰণি আইনখন। লোকসভাত আসন বৃদ্ধি সংক্রান্তীয় নতুন সংবিধান সংশোধনী বিলৰ ওপৰত আলোচনা চলি থকাৰ মুহূৰ্ততে জাৰি কৰা হৈছে এই বিশেষ চৰকাৰী অধিসূচনা। কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ মতে ১০৬তম সংবিধান সংশোধনী আইনখন যোৱা ১৬ এপ্ৰিলৰ পৰাই সমগ্ৰ দেশতে বলৱৎ হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰই মহিলা সংৰক্ষণৰ এই ঐতিহাসিক বিলখন গৃহীত কৰিছিল। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সন্মতি দিয়াৰ পাছতো আঢ়ৈ বছৰ ধৰি স্থবিৰ হৈ থকা এই আইনখনক লৈ আজি গ্ৰহণ কৰা হৈছে এক তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত। চৰকাৰী গেজেটত আজি অধিসূচনা প্ৰকাশ কৰি…
Read More