উত্তৰ-পূৱ

ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকা

ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকা

ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকাই দেখা দিছে ৷ শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী জাৰি কৰিছে ৷ ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাজ্য যেনে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং, লোহিত, নামচাই, লংডিং, পাপুম্পাৰে, নামনি সোৱণশিৰি আৰু নামনি দিবাং উপত্যকাত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা হ’ব পাৰে ৷ইয়াৰ প্ৰভাৱ অসমৰ তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাত অধিক মাত্ৰাত পৰিব পাৰে ৷ যাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই তিনিচুকীয়া জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৷ ইয়াৰ উপৰিও নাগালেণ্ডৰ মন, মোককচাং আৰু ওখা জিলাৰ বাবেও অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৷ ইয়াৰ প্ৰভাৱ চুবুৰীয়া জিলা যেনে চৰাইদেউ, শিৱসাগৰ,…
Read More
আমেৰিকাৰ ঘাটিত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ

আমেৰিকাৰ ঘাটিত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ

পশ্চিম এছিয়াত থকা আমেৰিকাৰ সামৰিক ঘাটিত কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকম) এই আক্ৰমণক ‘আকস্মিক আক্ৰমণৰ চেষ্টা’ বুলি অভিহিত কৰে । এক্সৰ এটা পোষ্টত চেণ্টকমে কয় যে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আইআৰজিচি) নিক্ষেপ কৰা সকলো প্ৰজেক্টাইল আমেৰিকাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে নষ্ট কৰে ।পোষ্টটোত উল্লেখ কৰা হয়, "সন্ধিয়া ৫:৪৫ বজাত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ বাহিনীয়ে মধ্যপ্ৰাচ্যত আমেৰিকাৰ বাহিনীৰ ওপৰত আকস্মিক আক্ৰমণ চলোৱাৰ প্ৰয়াসত ইৰাণৰ পৰা একাধিক বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । ইৰাণৰ সকলো ক্ষেপণাস্ত্ৰ সফলতাৰে নষ্ট কৰা হয় ।"
Read More
অসমৰ বানক লৈ বলীউডত চিন্তা: আলিয়া ভাটৰ সজাগতা, ছলমান খানৰ প্ৰত্যক্ষ সাহায্য ৷

অসমৰ বানক লৈ বলীউডত চিন্তা: আলিয়া ভাটৰ সজাগতা, ছলমান খানৰ প্ৰত্যক্ষ সাহায্য ৷

অসমৰ বানত আশ্ৰয়হীন লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আলিয়া ভাট আৰু ছলমান খান । অভিনেত্ৰী আলিয়া ভাটে অসমৰ ভয়াৱহ বানৰ বিৰুদ্ধে মাত মাতিছে আৰু লোকসকলক সহায় কৰিবলৈ অনুৰোধ জনাইছে । জনপ্ৰিয় অভিনেতা ছলমান খানে বানপীড়িত পৰিয়ালসমূহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । বানে জুৰুলা কৰা অসমৰ কাষত থিয় দিছে বলীউডৰ কেইবাজনো তাৰকা । অভিনেত্ৰী আলিয়া ভাটে বানৰ সজাগতা বৃদ্ধি কৰাৰ লগতে লোকসকলক সহায় কৰিবলৈ আহ্বান জনাইছে । আনহাতে, অভিনেতা ছলমান খানে তেওঁৰ বেচৰকাৰী সংস্থা 'বিইং হিউমেন' (Being Human)-ৰ জৰিয়তে প্ৰত্যক্ষভাৱে পৰ্যায়ক্ৰমে বানসাহায্য অভিযান আৰম্ভ কৰিছে ।সামাজিক মাধ্যমত এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰি আলিয়া ভাটে অসমৰ বানৰ ভয়াৱহতা আৰু ইয়াৰ ফলত বিপৰ্যস্ত…
Read More
অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ মঙলবাৰে নতুন দিল্লীত অসমৰ সাংসদসকলৰ সৈতে মিলিত হৈ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে ৷ বানত ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ সদায় অসম চৰকাৰৰ লগত থিয় দি আছে বুলি আশ্বাস প্ৰদান কৰে মোদীয়ে ৷উল্লেখ্য যে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা অসমৰ সাংসদৰ দলটোত আছিল কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, কামাখ্যা প্ৰসাদ তাছা, কৃপানাথ মাল্লা, যোগেন মহন, তেৰছ গোৱালা, কনাড পুৰকায়স্থ আৰু অমৰছিং তিচ’ ৷নিজা এক্স হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘‘অসমৰ সাংসদসকলক সাক্ষাৎ কৰি…
Read More
অসমৰ বানক লৈ চিন্তিত লাভলীনা

অসমৰ বানক লৈ চিন্তিত লাভলীনা

বানে জুৰুলা কৰা উজনি অসমৰ তিনিখনকৈ জিলাত বৰ্তমানেও শেষ হোৱা নাই দুৰ্যোগ ৷ প্ৰলয়ংকাৰী বানে নিমিষতে শেষ কৰিলে বহু লোকৰ জীৱন, সম্পত্তি ৷ কোনেও কল্পনাই কৰিব নোৱৰা এটা দৃশ্য ৷ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বানাক্ৰান্ত ৰাইজলৈ সাহাৰ্য বিতৰণ কৰা হৈছে ৷তাৰ মাজতে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে অসমৰ বানক লৈ দুখ প্ৰকাশ কৰিছে ৷ লাভলীনা সম্প্ৰতি গ্লাছগো কমনৱেলথ গেমছত ব্যস্ত হৈ আছে ৷ স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ব্যস্ত হৈ থকাৰ পিছতো অসমৰ খবৰ লৈছে লাভলীনাই ৷ ৩১ তাৰিখে পুনৰ খেলত অৱতীৰ্ণ হ'ব অসম জীয়ৰী ৷
Read More
মেটাই ভুলতে ফেচবুকৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’

মেটাই ভুলতে ফেচবুকৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফেচবুকৰ এটা ভিডিঅ’ মেটাই সাময়িকভাৱে আঁতৰাই পেলোৱাত ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি । অৱশ্যে পাছত মেটাই স্বীকাৰ কৰিলে নিজৰ ভুল ৷মেটাই হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ’ ফেচবুকৰ পৰা আঁতৰাই দিয়ে । ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো খোলাৰ লগে লগে ভাৰতত কণ্টেণ্টটো উপলব্ধ নহয় বুলি এটা মেছেজ প্ৰত্যক্ষ কৰে । অৱশ্যে পিছত কোম্পানীটোৱে নিজৰ ভুলৰ স্বীকাৰ কৰি ভিডিঅ’টো পুনৰ সংস্থাপন কৰে। এই সন্দৰ্ভত মেটাই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । মেটাৰ এগৰাকী মুখপাত্ৰই কয়, “এই বিষয়বস্তুটো ভুলকৈ আঁতৰাই পেলোৱা হৈছিল আৰু এতিয়া পুনৰুদ্ধাৰ কৰা হৈছে ।” কোম্পানীটোৱে স্পষ্ট কৰি দিয়ে যে ভিডিঅ’টো আঁতৰোৱাটো কাৰিকৰী ভুল আছিল, আৰু এতিয়া ই স্বাভাৱিকভাৱে উপলব্ধ ।মাজনিশা…
Read More
কাশ্মীৰত হিংসাত্মক পৰিস্থিতি

কাশ্মীৰত হিংসাত্মক পৰিস্থিতি

চুবুৰীয়া দেশ পাকিস্তান অধিকৃত কাশ্মীৰত সংঘটিত হৈছে এক হিংসাত্মক পৰিস্থিতিৰ। ২৭ জুলাই ২০২৬ৰ সোমবাৰে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হয় এই অনাকাঙ্খিত পৰিস্থিতিৰ। তাৰোপৰি বেলট বাকচ জুই লগাই দিয়াৰ কথাও জানিব পৰা গৈছে।উল্লেখযোগ্য যে, এই হিংসাত্মক পৰিস্থিতিৰ ফলত এজন লোত নিহত হোৱাৰ উপৰি কেইবাজনো লোক গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
Read More
গ্লাছগ’কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰোত্তোলনত স্বৰ্ণ পদক লাভ ভাৰতৰ মীৰাবাঈ চানুৰ

গ্লাছগ’কমনৱেলথ গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰোত্তোলনত স্বৰ্ণ পদক লাভ ভাৰতৰ মীৰাবাঈ চানুৰ

বিদেশত ভাৰতীয় খেলুৱৈৰ দপদপনি ৷ বিশেষকৈ উত্তৰ-পূব ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুৱে ৷ দেওবাৰে গ্লাছগ’ কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টিৰে ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ কৰে তাৰকা খেলুৱৈ ছাইখম মীৰাবাঈ চানুৱে । ৩১ বছৰীয়া মীৰাবাঈয়ে ৮৫ কেজি ওজন দাঙি ধৰি কমনৱেলথ গেমছৰ মঞ্চত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
Read More
ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা

ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা

ৰাজস্থানৰ জয়ছেলমেৰ জিলাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । দেওবাৰে নিশা ৰামদেৱৰা আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰকী গাঁৱত সন্দেহজনক পৰিস্থিতিত একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয় । স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ দুই সৰু সন্তানৰ মৃত্য়ু হৈছে ।গাঁওখনৰ এটা পানীৰ টেংকিৰ পৰা গঞাই চাৰিওজনৰ মৃতদেহ উদ্ধাৰ কৰে । চাৰিওকে প্ৰত্য়ক্ষ কৰি গাঁৱৰ মানুহে টেংকিৰ পৰা উলিয়াই আনি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে পৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে । অৱেশ্য়ে এই ঘটনাটো কেনেদৰে সংঘটিত হ'বলৈ পালে সেয়া জানিব পৰা হোৱা নাই ।মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰে । নিহত লোকজনৰ নাম যশৰাজ (৩০),…
Read More
এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি

এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি

প্ৰতি বছৰে এই বানপানীৰ ফলত বহু পৰিয়াল সম্পত্তিৰ ক্ষতি হয় লগতে ঘৰ দুৱাৰ নোহোৱা হৈ পৰে। এতিয়া আমাৰ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ এক শক্তিশালী আৰু বহনক্ষম ব্যৱস্থা স্থাপন কৰাৰ সময়।৯ দিনে বানত বিধ্বস্ত উজনি অসমৰ বহু জিলা। এই পৰ্যন্ত মৃতকৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি পাইছে। বহু লোক সন্ধানহীনো হৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰশাসনে ৩৫০ তকৈও অধিক শিবিৰ আৰু সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে।শেহতীয়াকৈ এই বান পৰিস্থিতি সন্দৰ্ভত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কৰিছে পোষ্ট। তেওঁ সেই পোষ্টোত উল্লেখ কৰিছে যে, "অসমত বিধ্বংসী বানপানীত বহু লোক মৃত্যুমুখত পৰিছে। সচাঁকৈ এই খবৰ অত্যন্ত হৃদয়বিদাৰক। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্যোগত ক্ষতিগ্ৰস্ত…
Read More