24
May
লখিমপুৰৰ এটা খেতিয়কৰ পৰিয়ালৰ সন্তানে ভৰি থ'লে এভাৰেষ্টৰ শিখৰত । দুঃসাহসেৰে এভাৰেষ্ট আৰোহণ কৰি গৰ্বিত কৰিলে লখিমপুৰক । গৰ্বিত কৰিলে পিতৃ-মাতৃক । এইগৰাকী যুৱতী হ'ল লখিমপুৰৰ ৰূপামণি গড় । লখিমপুৰ নগৰৰ কিছু নিলগৰ কদম অঞ্চলৰ ন-গাঁও পথাৰ নিবাসী কৃষক জয় সিং গড় আৰু কমলাৱতী গড়ৰ কন্যা ৰূপামণি গড় । কোনোমতে খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়া জয় সিং গড়ৰ তিনিটা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ৰূপামণি ।আইটিবিপিৰ তৰফৰ পৰা এভাৰেষ্ট জয়ৰ এক অভিযানৰ প্ৰস্তুতি কৰা হয় । পৰ্বত আৰোহণকাৰী এই দলটোত অন্তৰ্ভুক্ত হয় ৰূপামণি । মুঠ ১৪ জনীয়া পৰ্বত আৰোহণকাৰী দলটো নেপাল হৈ এভাৰেষ্ট অভিমুখে ৰাওনা হয় । অৱশেষত কষ্ট আৰু সাহসেৰে…
