28
May
পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথমটো অধিৱেশনৰ বুধবাৰে সফলতাৰে সামৰণি পৰে। এই ঐতিহাসিক অধিৱেশনৰ অন্তিম দিনটোত ৰাজ্য চৰকাৰে উত্থাপন কৰা অন্যতম গুৰুত্বপূৰ্ণ ‘অসম অভিন্ন দেৱানী বিধি বিধেয়ক ২০২৬’ সদনত গৃহীত কৰা হয়। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সামৰণি ভাষণত উল্লেখ কৰা অনুসৰি, নৱ-নিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ আৰু ৰাজ্যপালৰ ভাষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী এই চুটি অধিৱেশনখনত সম্পন্ন হৈ যায়। উল্লেখনীয় যে, অধিৱেশনৰ প্ৰথম দিনা সৰ্বজেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে তদাৰকী অধ্যক্ষ হিচাপে নৱ-নিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাস সৰ্বসন্মতিক্ৰমে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত হয়। অধিৱেশনৰ দ্বিতীয় দিনা ৰাজ্যপাল লক্ষ্মণ…
