অসম

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত পাণ্ডু – মালিগাওঁ আৰু আদাবাৰী অঞ্চলত নিশা বিজেপিৰ বিশাল বিজয় সমদল

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত পাণ্ডু – মালিগাওঁ আৰু আদাবাৰী অঞ্চলত নিশা বিজেপিৰ বিশাল বিজয় সমদল

জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা একেৰাহে ছয়বাৰকৈ বিজয়ী হৈ বিৰল গৌৰব অৰ্জন কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজয়ত সমষ্টিটোৰ দলীয় কৰ্মী, কাৰ্যকৰ্তা - সমৰ্থকৰ মাজত ব্যাপক উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আজি সন্ধিয়াৰ পৰা নিশালৈ বিজেপিৰ জালুকবাৰী মণ্ডল কমিটীৰ উদ্যোগত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত আদাবাৰীৰ পৰা মালিগাওঁ হৈ বৃহত্তৰ পাণ্ডু অঞ্চলত এক বিশাল বিজয় সমদল উলিওৱা হয়। সন্ধিয়া ৬ বজাত পাণ্ডুৰ লকো কলনীত থকা জালুকবাৰী মণ্ডল কমিটীৰ কাৰ্যালয়ৰ সমীপত থকা পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত চাৰি হাজাৰৰো অধিক বিজেপিৰ কৰ্মী - সমৰ্থক মিলিত হয়। তাৰ পাছত মণ্ডল কমিটীৰ সভাপতি পিয়াল শঙ্কৰ দে, উপদেষ্টা দ্বিজেন লহকৰ, গুৱাহাটী…
Read More
অগপ বিধায়িনী দলৰ নেতা নিৰ্বাচিত অতুল বৰা; পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

অগপ বিধায়িনী দলৰ নেতা নিৰ্বাচিত অতুল বৰা; পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত নতুন চৰকাৰ গঠনৰ তৎপৰতাৰ মাজতে আজি আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এইবাৰৰ নিৰ্বাচনত ১০ খন আসনত জয়লাভ কৰি দলটোৱে পুনৰ এন ডি এ চৰকাৰৰ অংশ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। বিধায়িনী দলৰ এই বৈঠকতে দলৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰাক সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংবাদ মাধ্যমক জনোৱা মতে কেশৱ মহন্তক উপ-দলপতি, তপন দাসক সচিব আৰু ধৰ্মেশ্বৰ ৰয়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অগপৰ বিধায়িনী দলৰ বৈঠকত পৰৱৰ্তী চৰকাৰৰ নেতৃত্বৰ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰে। দলৰ আটাইকেইগৰাকী বিধায়কে যোৱা পাঁচ বছৰত ৰাজ্যৰ…
Read More
অসমত নতুন চৰকাৰ গঠনৰ কাউন্টডাউন আৰম্ভ; ১১ মে’ৰ পাছত শপত ল’ব ড৹ হিমন্ত বিশ্ব শৰ্মাই

অসমত নতুন চৰকাৰ গঠনৰ কাউন্টডাউন আৰম্ভ; ১১ মে’ৰ পাছত শপত ল’ব ড৹ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত নতুন চৰকাৰ গঠনৰ কুচকাৱাজৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ বাবেও অনুমতি গ্ৰহণ কৰে। সাংবিধানিক বিধি অনুসৰি নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ নকৰা পৰ্যন্ত ড৹ শৰ্মা অসমৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে বাহাল থাকিব। কেন্দ্ৰীয় পৰ্যৱেক্ষক জেপি নাড্ডা আৰু নায়াব সিং ছৈনীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত নতুন চৰকাৰৰ নেতা নিৰ্বাচন কৰা হ’ব। এই বৈঠকৰ পাছতেই এনডিএৰ অংশীদাৰ দলসমূহৰ মাজত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সন্দৰ্ভত আলোচনা হ’ব বুলি জানিবলৈ দিয়ে ড০ শৰ্মাই। অহা ১১ মে’ৰ পাছতহে অসমত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা…
Read More
বন্দে মাতৰামক ৰাষ্ট্ৰীয় সংগীত “জন গণ মন”ৰ দৰে মৰ্যাদা কেন্দ্রীয় চৰকাৰৰ

বন্দে মাতৰামক ৰাষ্ট্ৰীয় সংগীত “জন গণ মন”ৰ দৰে মৰ্যাদা কেন্দ্রীয় চৰকাৰৰ

কেন্দ্রীয় চৰকাৰে বন্দে মাতৰামক ৰাষ্ট্ৰীয় সংগীত "জন গণ মন"ৰ দৰে মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত লোৱা হয়। সভাত ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন সংশোধনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।কেবিনেটৰ সিদ্ধান্ত অনুসৰি বংকিম চন্দ্ৰ চেটাৰ্জীৰ ৰচনা কৰা বন্দে মাতৰমৰ ক্ষেত্ৰতো বৰ্তমান ৰাষ্ট্ৰীয় সংগীতৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা একে নিয়ম আৰু নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। অৰ্থাৎ ইয়াৰ গায়ন-বায়নত অপমান বা বাধা দিলে শাস্তি হ’ব। বৰ্তমান ৰাষ্ট্ৰীয় পতাকা, সংবিধান, জাতীয় সংগীতক অপমান কৰিলে কাৰাদণ্ড, জৰিমনা, ​​বা দুয়োটাৰে শাস্তি, এতিয়া বন্দে মাতৰমকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। বন্দে মাতৰমৰ ১৫০…
Read More
পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

অসম বিধান সভা নিৰ্বাচন-২০২৬ৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা পাছতে আৰু নতুন চৰকাৰ গঠনৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ।বুধবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত নিজৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ দাখিল কৰে।৷আনহাতে ৰাজ্যপালে এই পদত্যাগ গ্ৰহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰীসভাক নতুনকৈ চৰকাৰৰ কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত পূৰ্বৰ পদবী অনুসৰি দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়।
Read More
অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ; ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ; ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

অসমত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতিৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ বাবেও অনুমতি গ্ৰহণ কৰে। সাংবিধানিক বিধি অনুসৰি নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ নকৰা পৰ্যন্ত ড০ শৰ্মা ৰাজ্যখনৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে বাহাল থাকিব। ইফালে গুৱাহাটীত কাইলৈ এন ডি এৰ সকলো বিজয়ী প্ৰাৰ্থীক উপস্থিত থাকিবলৈ কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিছে। কেন্দ্ৰীয় পৰ্যৱেক্ষক জে পি নাড্ডা আৰু নাইব সিং ছাইনীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত নতুন চৰকাৰৰ নেতা নিৰ্বাচন কৰা হ’ব। এক বিশেষ সূত্ৰৰ মতে, অহা ১১ মে’ত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা…
Read More
শিৱসাগৰত আলফা (স্বা) সদস্য গ্ৰেপ্তাৰ; বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ পিষ্টল জব্দ

শিৱসাগৰত আলফা (স্বা) সদস্য গ্ৰেপ্তাৰ; বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ পিষ্টল জব্দ

উজনি অসমৰ জিলাসমূহত নিষিদ্ধ ঘোষিত সংগঠনৰ সঘন তৎপৰতাই এতিয়াও সাধাৰণ ৰাইজৰ মাজত শংকাৰ সৃষ্টি কৰিছে। শিৱসাগৰ আৰক্ষীয়ে আজি ডিমৌৰ পালেঙিত অভিযান চলাই আলফা (স্বা)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত কেডাৰজনৰ পৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বীৰেণ চেতিয়া ওৰফে ৰন্টু অসম নামৰ সদস্যজনৰ জিম্মাৰ পৰা ৮টা হেণ্ড গ্ৰেনেড আৰু এটা পিষ্টল জব্দ কৰা হয়। জিলাখনৰ আৰক্ষী অধীক্ষক পাপৰী চেতিয়াই সংবাদ মাধ্যমক জনোৱা মতে এক বিশেষ খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। সংগঠনটোৰ কেডাৰজনে মাৰণাস্ত্ৰসমূহ কোনো এজন ব্যক্তিক হস্তান্তৰ কৰিবলৈ পালেঙীলৈ অহাৰ কথা বিষয়াগৰাকীয়ে সদৰী কৰে। ধৃত সদস্যজনৰ পৰা নগদ ১৩,৫০০ টকা আৰু কেইবাখনো আপত্তিজনক নথিপত্ৰও…
Read More
অসম চুক্তি ৰূপায়ণত অগপৰ সমৰ্থন; ৰাজ্যৰ শান্তি আৰু উন্নয়নত এন ডি এৰ ভূমিকাৰ প্ৰশংসা অতুল বৰাৰ

অসম চুক্তি ৰূপায়ণত অগপৰ সমৰ্থন; ৰাজ্যৰ শান্তি আৰু উন্নয়নত এন ডি এৰ ভূমিকাৰ প্ৰশংসা অতুল বৰাৰ

অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ অসম গণ পৰিষদ এতিয়াও দায়বদ্ধ। দলৰ সভাপতি তথা বোকাখাতৰ নৱ-নিৰ্বাচিত বিধায়ক অতুল বৰাই আজি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে চুক্তিখনৰ সম্পূৰ্ণ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত মূল দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হাততহে ন্যস্ত আছে বুলিও মন্তব্য কৰে বৰাই। অসমীয়া মানুহৰ স্বাৰ্থৰ কথা উল্লেখ কৰি অতুল বৰাই দাবী কৰে যে সীমান্ত ছীল কৰা আৰু খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ দৰে দিশসমূহ কেন্দ্ৰীয় চৰকাৰৰ পৰিসৰত পৰে। বিশেষকৈ চুক্তিৰ ৬ নং দফাৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰই অগ্ৰাধিকাৰ দিব…
Read More
মণিপুৰত আৰক্ষীৰ বৃহৎ সাফল্য; নিষিদ্ধ ড্ৰাগছসহ ৪ ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ

মণিপুৰত আৰক্ষীৰ বৃহৎ সাফল্য; নিষিদ্ধ ড্ৰাগছসহ ৪ ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অব্যাহত থকা ড্ৰাগছৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল মণিপুৰ আৰক্ষী। মঙলবাৰে আৰক্ষীয়ে ৰাজ্যখনৰ চুৰচান্দপুৰত অভিযান চলাই চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোককেইজনৰ পৰা বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰা বুলি নিৰাপত্তা বাহিনীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ এক যুটীয়া দলে বেহিয়াং থানা এলেকাত এখন মটৰ চাইকেল ভেটি প্ৰথমে দুজন ব্যক্তিক আটক কৰে। বুয়ালকোট গাঁৱৰ পৰা আটক কৰা এই লোক দুজনৰ পৰা সন্দেহযুক্ত হেৰ'ইন ভৰ্তি ২২ টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। ইয়াৰ সমান্তৰালভাৱে চলোৱা আন এক অভিযানত বেহিয়াং গাঁৱৰ পৰা আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। তেওঁলোকৰ জিম্মাৰ পৰা অতিৰিক্ত ৪৪ টা…
Read More
ইভিএম সুৰক্ষা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ; মমতা বেনার্জীৰ অভিযোগ খাৰিজ বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

ইভিএম সুৰক্ষা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ; মমতা বেনার্জীৰ অভিযোগ খাৰিজ বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰসমূহত কোনো ধৰণৰ খেলিমেলি বা অনিয়মৰ সুযোগ নাই। বংগৰ সদ্য ঘোষিত বিধানসভা নিৰ্বাচনত ইভিএম টেম্পাৰিঙৰ অভিযোগ প্ৰসংগত মঙলবাৰে এই স্পষ্টীকৰণ প্ৰদান কৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ আগৰৱালে। নিৰ্বাচনী ফলাফলক লৈ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনার্জীয়ে উত্থাপন কৰা ষড়যন্ত্ৰৰ অভিযোগ আয়োগে খাৰিজ কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আগৰৱালে কয় যে গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে পৰিচালনা কৰা হৈছিল। উল্লেখ্য যে, যোৱা ২৯ এপ্ৰিলত নিৰ্বাচন শেষ হোৱাৰ পাছৰে পৰা তৃণমূল নেত্ৰীগৰাকীয়ে ইভিএমৰ সুৰক্ষাক লৈ সংশয় প্ৰকাশ কৰি আহিছিল। নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাজ কৰা বুলি তেওঁ দাবী কৰিছিল। ইফালে, কালি ফলাফল ঘোষণা হোৱাৰ পাছতো প্ৰায় ১০০ খন আসনত…
Read More