অসম

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী যুঁজৰ হুংকাৰ ওৱেইচীৰ; ‘জেললৈ যাবলৈ সাজু’ বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

মুছলমান ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত প্ৰকাশ কৰা এটা আপত্তিজনক ভিডিঅ’ক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এ আই এম আই এমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইচীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে। ওৱেইচীৰ মতে, অসম বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলে শ্বেয়াৰ কৰা উক্ত ভিডিঅ’টোত মুছলমানসকলক বিৰূপ ধৰণে চিত্ৰিত কৰা হৈছে, যিটো গণতান্ত্ৰিক সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয়। এই বিতৰ্কিত ভিডিঅ’টোৱে ধৰ্মীয় বিদ্বেষ বিয়পাইছে বুলি অভিযোগ উত্থাপন কৰি ওৱেইচীয় কয়, "আমি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিম।" উল্লেখযোগ্য যে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাছতে ভিডিঅ’টো ছচিয়েল মিডিয়াৰ পৰা আঁতৰাই দিয়া হৈছে…
Read More
মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ

মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্রীৰ সংবাদমেলৰ প্রত্যুত্তৰ গৌৰৱ গগৈৰ। সংবাদমেল সম্বোধন কৰি তেওঁ কয় , " আমি আইনী প্রক্রিয়া সম্পূৰ্ণ কৰি পাকিস্তান ভ্রমণলৈ গৈছিলো। নিৰাপত্তা সম্পৰ্কীয় নিশ্চিতি প্রদান কৰা ছীল-মোহৰ লগাইহে পাকিস্তানলৈ গৈছিলো। ২০১৪ত মোৰ পাকিস্তান ভ্রমণৰ বিষয়ে অৱগত আছিল কেন্দ্রীয় চৰকাৰ...সাংসদ হোৱাৰ পিছত মই পাছপ’ৰ্ট জমা দি ডিপ্লোমেটিক পাছপ’ৰ্ট লৈছিলো। মোৰ পত্নীয়ে ২০১২চনত এবছৰৰ বাবে পাকিস্তানত আছিল। সেই কথাও মই স্পষ্টভাৱে জনাইছিলো।
Read More
কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

“ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বদেশী একাডেমিৰ সহযোগত শনিবাৰে কামৰূপ মহানগৰ জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কামৰূপ মহানগৰ জিলাৰ আগশাৰীৰ বিভিন্ন বিদ্যালয়ৰ ১৫টা দলে অৰ্থাৎ ৩০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ “স্কুলীয়া পাঠ্যক্ৰমত পথ সুৰক্ষাক এক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিলেহে ভৱিষ্যতে দুৰ্ঘটনামুক্ত সমাজ গঢ়া সম্ভৱ” শীৰ্ষক বিষয়ত অসমীয়া আৰু ইংৰাজী মাধ্যমত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে কটন মহাবিদ্যালয় প্ৰাক্তন তাৰ্কিক, “জীৱন” আলোচনীৰ সম্পাদক ড° সুৰেশ ৰঞ্জন গডুকাই । বিচাৰক হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ তৰ্ক বিভাগৰ সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ শ্ৰেষ্ঠ তাৰ্কিক গীতাৰ্থ বৰা আৰু “আৰণ্যক”ৰ সহকাৰী…
Read More
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীয়ে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীয়ে

বিৰোধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব। সূত্ৰৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানে। এই প্ৰস্তাৱ উত্থাপন কৰিবলৈ কমেও ৫০ জন সাংসদৰ সমৰ্থন প্ৰয়োজন। ১৪ দিন আগতীয়াকৈ সদনত লিখিত জাননী দাখিল কৰিব লাগিব। বাজেট অধিবেশনৰ নৱম দিন অৰ্থাৎ সোমবাৰেও বিৰোধীৰ প্ৰতিবাদ অব্যাহত থাকে। বিৰোধীয়ে ৰাহুল গান্ধীক ভাষণ দিবলৈ অনুমতি দিবলৈ দাবী জনায়। লোকসভাৰ অধ্যক্ষই তেওঁলোকক প্ৰশ্নকালীন ঘণ্টাৰ পিছত নিজৰ মতামত দাঙি ধৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু বিৰোধী নিজৰ স্থিতিত অটল থাকি সদন উত্তাল কৰি ৰাখে। ইয়াৰ পিছত লোকসভাৰ অধ্যক্ষই সংসদ মঙলবাৰে পুৱা ১১ বজালৈ স্থগিত বুলি ঘোষণা কৰে। প্ৰথমে দিনৰ ২ বজালৈ স্থগিত ৰাখিছিল।
Read More
কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণ ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ; সৰৱ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশালীন আচৰণ ভূপেন বৰা, দেৱব্ৰত শইকীয়াৰ; সৰৱ মুখ্যমন্ত্ৰী

আগন্তুক নিৰ্বাচনী বতৰৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ এক কথিত আচৰণে আজি ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰা অশালীন ইংগিতক লৈ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, কংগ্ৰেছ নেতাৰ এনে কৰ্মই সমগ্ৰ অসমীয়া মহিলা তথা কিশোৰীসকলৰ আত্মসন্মানত গভীৰ আঘাত হানিছে। শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে অত্যন্ত দুখেৰে কয়, "কংগ্ৰেছে নিম্নতম স্তৰলৈ গতি কৰিছে।" তেওঁ অভিযোগ কৰা মতে, যাত্ৰাৰ সময়ত একাংশ মহিলাই কংগ্ৰেছক ভোট নিদিওঁ বুলি দিয়া শ্ল’গানৰ প্ৰতিক্ৰিয়া স্বৰূপে বিৰোধী দলপতিগৰাকীয়ে যি অংগী-ভংগী কৰিলে, সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁ লগতে…
Read More
কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত শোনিতপুৰত উত্তপ্ত পৰিস্থিতি; বিজেপিৰ প্ৰতিবাদৰ সন্মুখত থমকি ৰ’ল গৌৰৱ গগৈৰ কনভয়

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত শোনিতপুৰত উত্তপ্ত পৰিস্থিতি; বিজেপিৰ প্ৰতিবাদৰ সন্মুখত থমকি ৰ’ল গৌৰৱ গগৈৰ কনভয়

আগন্তুক ৰাজনৈতিক সমীকৰণৰ মাজতে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীয়ে আজি গ্ৰহণ কৰে এক ভয়াৱহ ৰূপ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজিত ‘সময় পৰিৱৰ্তন যাত্ৰা’ই শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ বৰডুবিয়াত বিজেপিৰ তীব্ৰ বাধাৰ সন্মুখীন হোৱাত সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জ্যেষ্ঠ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ নেতৃত্বত উলিওৱা এই যাত্ৰাক এশৰো অধিক বিজেপি কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্তব্ধ কৰি দিয়ে। শনিবাৰে পুৱা প্ৰায় ১১ বজাত গৌৰৱ গগৈৰ কনভয়টো তেজপুৰৰ পৰা শিঙৰী অভিমুখে গৈ থকাৰ সময়তে বৰডুবিয়াত বিজেপি কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰীসকলে "গৌৰৱ গগৈ মুৰ্দাবাদ" আৰু "পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ হুচিয়াৰ"ৰ দৰে অতি আক্ৰমণাত্মক শ্ল’গান দি পৰিৱেশ উত্তপ্ত কৰি…
Read More
উত্তৰ-পূবৰ প্রথমটো ‘কোৱালিটি কনক্লেভ ২০২৬’ (Quality Conclave 2026) সফলতাপূর্বক সম্পন্ন অঞ্চলটোৰ স্বাস্থ্যসেরাত উৎকর্ষণ নতুন মানদণ্ড নির্ধাৰণ

উত্তৰ-পূবৰ প্রথমটো ‘কোৱালিটি কনক্লেভ ২০২৬’ (Quality Conclave 2026) সফলতাপূর্বক সম্পন্ন অঞ্চলটোৰ স্বাস্থ্যসেরাত উৎকর্ষণ নতুন মানদণ্ড নির্ধাৰণ

জিএনআৰচি (GNRC) হাস্পতালে কন্যটিযাম অফ এক্রেডিটেড হেল্পকেয়াব অর্গানাইজেচন (CAHO) আৰু এছ'চিয়েচন অফ হেলথকেয়াৰ প্রভাইডার্চ-ইন্ডিয়া (AHPI) NE-1 এ সহযোগত ৭ ফেব্রুৱাৰী, ২০২৬ তাৰিখে গুৱাহাটীৰ নেড়ফি (NEDFI) কনভেনচন চেন্টাৰত প্ৰথমটো উত্তৰ-পূব কোরালিটি কনক্লেভ 2026 সফলতাপূর্বক সামৰণি মানে। এই ঐতিহাসিক অনুষ্ঠানটোরে স্বাস্থ্যসেবার মানদণ্ড আৰু ৰোগীৰ সুৰক্ষাৰ দিশত উৎকর্ষ সাধনৰ লক্ষ্যৰে সমগ্র অঞ্চলটোৰ স্বাস্থ্যসেবা খণ্ডৰ নেতৃবৃন্দ, চিকিৎসক, গুণগত মানৰ বিশেষজ্ঞ আৰু সমাধান প্রদানকাৰীসকলক একেলগ কৰে। দিনজোৰা এই সমাবেশত উত্তৰ-পূব ভাৰতৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক, চৰকাৰী বিষয়া আৰু প্রতিনিধিসকলে সক্রিয়ভাবে অংশগ্রহণ কৰে। অনুষ্ঠানটোত চাৰিটা বিশেষ অধিবেশন, গুণগত মান উন্নয়ন প্রকল্পৰ উপস্থাপন আৰু এটা কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়, যাৰ মূল লক্ষ্য আছিল স্বাস্থ্যসেৱাৰ ধাৰাবাহিক উন্নতিৰ…
Read More
মস্কোত পুনৰ হাই-প্ৰফাইল আক্ৰমণঃ দুৰ্বৃত্তৰ গুলীত আহত ৰাছিয়াৰ সামৰিক চোৰাংচোৱা উপ-মুৰব্বী

মস্কোত পুনৰ হাই-প্ৰফাইল আক্ৰমণঃ দুৰ্বৃত্তৰ গুলীত আহত ৰাছিয়াৰ সামৰিক চোৰাংচোৱা উপ-মুৰব্বী

ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াৰ সামৰিক চোৰাংচোৱা সংস্থাৰ এজন উপ-মুৰব্বীৰ ওপৰত আজি মস্কোত সংঘটিত হয় আক্ৰমণৰ ঘটনা। চোৰাংচোৱা সংস্থাৰ প্ৰথম উপ-প্ৰধান লেফটেনেণ্ট জেনেৰেল ভ্লাদিমিৰ আলেকচিভক উত্তৰ-পশ্চিম মস্কোৰ এটা আৱাসিক গৃহত এজন অচিনাক্ত দুষ্কৃতিকাৰীয়ে লক্ষ্য কৰি কেইবাজাইও গুলীবৰ্ষণ কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা আলেকচিভক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ৰাছিয়াৰ ব্যৱসায়িক দৈনিক 'কোমাৰচাণ্ট'ৰ বাতৰি অনুসৰি, এজন ডেলিভাৰী বয়ৰ বেশত অহা আক্ৰমণকাৰীয়ে জেনেৰেলগৰাকীক তেওঁৰ আৱাসগৃহৰ চিৰিত দুবাৰকৈ গুলীয়াই ভৰি আৰু হাতত আঘাতপ্ৰাপ্ত কৰে। আলেকচিভে বন্দুকটো কাঢ়ি ল’বলৈ চেষ্টা কৰাৰ সময়তে দুষ্কৃতিকাৰীয়ে তেওঁৰ বুকুত পুনৰ গুলীবৰ্ষণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উল্লেখ্য যে, ২০১১ চনৰ পৰা ৰাছিয়াৰ সামৰিক চোৰাংচোৱা…
Read More
ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকক ৰিজাৰ্ভ বেংকে প্ৰদান কৰিব ক্ষতিপূৰণ

ডিজিটেল জালিয়াতিৰ বলি হোৱা গ্ৰাহকক ৰিজাৰ্ভ বেংকে প্ৰদান কৰিব ক্ষতিপূৰণ

ডিজিটেল লেনদেনত প্ৰতাৰণাৰ বলি হোৱা বেংক গ্ৰাহকসকলৰ বাবে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই সংবাদমেল যোগে জানিবলৈ দিয়ে যে এতিয়াৰে পৰা যিকোনো ফ্ৰড ট্ৰানজেকচনৰ বাবে এজন গ্ৰাহকে ২৫ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব। বিশেষভাৱে মন কৰিবলগীয়া যে গ্ৰাহকে নিজৰ অজ্ঞাতে প্ৰবঞ্চকক অ'টিপি (OTP) দি দিলেও এই সুৰক্ষা ব্যৱস্থাৰ অধীনত তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। ৰিজাৰ্ভ বেংকৰ ৮৫ হাজাৰ কোটি টকাৰ 'ডিপজিটৰ এডুকেচন এণ্ড এৱেৰনেছ ফাণ্ড'ৰ পৰা এই ধন প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰীয় বেংকটোৰ বিষয়ালে জানিবলৈ দিছে। অৱশ্যে এজন গ্ৰাহকে জীৱনকালত কেৱল এবাৰহে এই সুবিধা লাভ কৰিব পাৰিব আৰু তাত কোনো ধৰণৰ…
Read More
খিলঞ্জীয়াৰ নে মিঞাৰ পক্ষত কংগ্ৰেছ? গৌৰৱ গগৈক স্থিতি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ

খিলঞ্জীয়াৰ নে মিঞাৰ পক্ষত কংগ্ৰেছ? গৌৰৱ গগৈক স্থিতি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰি আজি কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁৱত ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে খিলঞ্জীয়াৰ পক্ষত নে 'মিঞা' সমাজৰ পক্ষত আছে, সেই কথা স্পষ্ট কৰিবলৈ দাবী জনায়। তেওঁ অভিযোগ কৰে যে গগৈৰ নেতৃত্বত বৰ্তমানৰ কংগ্ৰেছ দলটোৰ আদৰ্শ আৰু সাংগঠনিক চৰিত্ৰৰ আমূল পৰিৱৰ্তন ঘটিছে। ৰাজ্যৰ ভূমি আৰু জনগাঁথনিৰ ওপৰত পৰা হেঁচাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰে যে অনুপ্ৰৱেশৰ ফলত অসমৰ প্ৰায় ৩২ লাখ বিঘা ভূমি বেদখলৰ কৱলত পৰিছে। তেওঁ কয়, "পূৰ্বতে এনে ধৰণৰ সংস্থাপন কেৱল বৰপেটা বা ধুবুৰীৰ দৰে…
Read More