অসম

অসমক ১০ লাখ কোটিৰ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা বাজেটঃ শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিত অভূতপূৰ্ব গুৰুত্ব

অসমক ১০ লাখ কোটিৰ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা বাজেটঃ শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিত অভূতপূৰ্ব গুৰুত্ব

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটিটকীয়া অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্যৰে সোমবাৰে দাখিল কৰা হয় ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেট। অৰ্থনৈতিক বিকাশ, সমাজ কল্যাণ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু যুৱ সবলীকৰণক মূল স্তম্ভ হিচাপে লৈ বিত্ত মন্ত্ৰী অজন্তা নেওগে এই বাজেট বিধানসভাত উপস্থাপন কৰে। ৰাজ্যখনৰ বিত্তীয় স্থিতি ক্ৰমান্বয়ে শক্তিশালী হোৱাৰ কথা উল্লেখ কৰি বাজেটে দেখুৱাইছে যে ১৬ সংখ্যক বিত্তীয় আয়োগৰ অধীনত অসমৰ অংশ ৩.২৫৮ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ২০২৫-২৬ বৰ্ষত ৭.৪৫ লাখ কোটি টকাত উপনীত হ’ব বুলি ধাৰণা কৰা হৈছে। যোৱা পাঁচ বছৰত ৰাজ্যৰ নিজা কৰ ৰাজহ ৭৫ শতাংশ বৃদ্ধি পোৱাৰ লগতে মূলধনী ব্যয় আঠ গুণ বৃদ্ধি হৈ…
Read More
কংগ্ৰেছৰ চৰিত্ৰ সলনি হ’লেহে পদত্যাগ উঠাই লোৱাৰ কথা চিন্তা কৰিমঃ ভূপেন বৰা

কংগ্ৰেছৰ চৰিত্ৰ সলনি হ’লেহে পদত্যাগ উঠাই লোৱাৰ কথা চিন্তা কৰিমঃ ভূপেন বৰা

ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ মতভেদৰ মাজতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰে প্ৰাক্তন সভাপতি ভূপেন বৰাই। সোমবাৰে দলীয় পদৰ পৰা পদত্যাগ কৰা বৰাই এতিয়া স্পষ্ট কৰি দিছে যে যদিহে প্ৰদেশ কংগ্ৰেছে নিজৰ 'প্ৰকৃত চৰিত্ৰ'ত কাম কৰাটো নিশ্চিত হয়, তেন্তেহে তেওঁ পদত্যাগ পত্ৰ উঠাই লোৱাৰ কথা ভাবিব। বৰ্তমানৰ দলীয় গাঁথনিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে এইটো আচল এপিচিচি হৈ থকা নাই, ই এপিচিচি (আৰ) হে হৈ পৰিছে। ৰাজ্যিক কংগ্ৰেছৰ এই সংকটকালত এতিয়া সমগ্ৰ দায়িত্ব জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ আৰু দেবব্ৰত শইকীয়াৰ ওপৰত ন্যস্ত কৰিছে ভূপেন বৰাই। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "মই প্ৰদ্যুৎ বৰদলৈ আৰু…
Read More
আধৰুৱা আন্তঃগাঁথনিৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনত ২২ ফেব্ৰুৱাৰীৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ কৰাৰ তৎপৰতা

আধৰুৱা আন্তঃগাঁথনিৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনত ২২ ফেব্ৰুৱাৰীৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ কৰাৰ তৎপৰতা

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে  প্ৰায় চাৰি হাজাৰ কোটি টকা ব্যয়ৰে বৰ্তমানৰ বিমানবন্দৰটোৰ  টাৰ্মিনেল ভৱনটোৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত মিৰ্জাপুৰত বৰ্ত্তমানতকৈ কেবাগুণ ডাঙৰ এটা টাৰ্মিনেল ভৱন নিৰ্মাণ কৰিছে। আনকি প্ৰায় দুটা মাহ পূৰ্বে বিগত ২০২৫  বৰ্ষৰ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিৰ্মিত টাৰ্মিনেল ভৱনটো উদ্ধোধন কৰিছিল । সেই সময়ত বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্বত থকা আদনি গ্ৰুপৰ ফালৰ পৰা চলিত বৰ্ষৰ ১১ জানুৱাৰীৰ পৰা নতুন টাৰ্মিনেল ভৱনৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা হব বুলি কোৱা হৈছিল। কিন্তু ১১ জানুৱাৰী পাৰ হোৱাৰ পাঁচোটা সপ্তাহ পাৰ হোৱাৰ পাছতো এই পৰ্যন্ত…
Read More
বিজেপিত যোগদান কৰিব ভূপেন বৰাই! দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি

বিজেপিত যোগদান কৰিব ভূপেন বৰাই! দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি

কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অতি শীঘ্ৰেই গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বৰাৰ শেহতীয়া স্থিতি সন্দৰ্ভত এক বিস্ফোৰক ইংগিত প্ৰদান কৰে। শইকীয়াৰ মতে, যিধৰণে বৰাই নিজৰ দলক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে, তাৰ পৰা তেওঁ বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কংগ্ৰেছৰ সৈতে ৩২ বছৰীয়া সম্পৰ্ক ছেদ কৰিবলৈ ওলোৱা ভূপেন বৰাৰ মানসিকতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি শইকীয়াই কয়, "এতিয়া ভূপেন বৰাই কংগ্ৰেছক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে। মই অনুভৱ কৰোঁ যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব, কিন্তু তেওঁৰ মনত কি আছে মই ক’ব…
Read More
এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ

এইবাৰ বিপদত অভিনেত্ৰী আমিষা পেটেল! ১০ বছৰ পুৰণি গোচৰত জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি আদালতৰ

চেক বাউন্সৰ গোচৰত অভিনেতা ৰাজপাল যাদৱলৈ সকাহ অহাৰ বিপৰীতে এক পুৰণি গোচৰত এতিয়া বিপাঙত পৰিছে বলীউডৰ অভিনেত্ৰী আমিষা পেটেল। সোমবাৰে মোৰাদাবাদৰ এচিজেএম-৫ আদালতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। আদালতত নিৰ্ধাৰিত শুনানিৰ দিনা উপস্থিত নথকাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে, ২০১৭ চনতে মোৰাদাবাদৰ এখন বিবাহ অনুষ্ঠানত নৃত্য পৰিৱেশন কৰাৰ বাবে আমিষাই ১১ লাখ টকা মাছুল লৈছিল। কিন্তু উক্ত ধন গ্ৰহণ কৰাৰ পাছতো অভিনেত্ৰীগৰাকী অনুষ্ঠানত উপস্থিত নোহোৱাৰ অভিযোগ তুলি এটা ইভেণ্ট কোম্পানীয়ে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ পৰিপ্ৰেক্ষিততে আদালতে অহা ২৭ মাৰ্চত তেওঁক হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। দীৰ্ঘদিন ধৰি চলি…
Read More
অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল

অসম লোকসেৱা আয়োগৰ ল’ৰা ধেমালি! ভুলৰ অজুহাতত বাতিল কৰা হ’ল সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল

পৰীক্ষাৰ ফলাফল ঘোষণাৰ নামত ল'ৰা ধেমালি অসম লোকসেৱা আয়োগৰ। আজি ঘোষণা কৰা ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ (চিচিই) ফলাফল এক জাননীৰ জৰিয়তে হঠাতে বাতিল কৰাৰ সিদ্ধান্ত লয় আয়োগে। এটা গুৰুতৰ ভুলৰ অজুহাত দেখুৱাই আয়োগে এই নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকে স্বাক্ষৰ কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে পূৰ্বতে আপলোড কৰা ফলাফলত কেইবাটাও অনিচ্ছাকৃত ত্ৰুটি ধৰা পৰিছে। এই ভুলৰ বাবে ৪৬০ পিএছচি/কন/এক্সাম-৩৭/২০২৪-২০২৫ নম্বৰৰ পত্ৰ যোগে প্ৰকাশ পোৱা ফলাফলটো তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে। এই ঘটনাই ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। এপিএছচিয়ে জনোৱা মতে, অতি শীঘ্ৰেই এক নতুন আৰু ত্ৰুটিমুক্ত বাছনি তালিকা প্ৰস্তুত কৰি চৰকাৰী ৱেবছাইটত আপলোড কৰা হ’ব। এই…
Read More
দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন; অসম বিজেপিত ব্যাপক তৎপৰতা

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন; অসম বিজেপিত ব্যাপক তৎপৰতা

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেন্দ্ৰীয় নেতাগৰাকীয়ে ডিব্ৰুগড়ত এক বিশাল বুথ সন্মিলনত অংশ লোৱাৰ লগতে উজনি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ প্ৰথম অসম ভ্ৰমণ। ভ্ৰমণসূচী অনুসৰি, ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত নীতিন নবীনে বাৰেকুৰিৰ বৰগাঁৱত অৱস্থিত ঐতিহাসিক বৰনামঘৰত উপস্থিত হৈ আশীৰ্বাদ গ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ গুইজানত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব। এই ভ্ৰমণে নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মকৰ্তাসকলক যথেষ্ট উৎসাহিত কৰিব বুলি বিজেপি নেতৃত্বই আশা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সভাপতিৰ আদৰণিৰ প্ৰস্তুতিৰ বুজ ল’বলৈ…
Read More
৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান

ডাউন টাউন হাস্পতালে ২ ফেব্ৰুৱাৰী ২০২৬ তাৰিখৰ পৰা চিকিৎসক আৰু কৰ্মচাৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ৩৭ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰে। এই উদ্‌যাপনৰ মাজত এটা দুদিনীয়া বৃহৎ স্বাস্থ্য মেলাৰো আয়োজন কৰে। উদ্‌যাপনৰ অন্তিম দিনা, ১৫ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে বিয়লি ৪ বজাত গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰেক্ষাগৃহত ৩৪তম ডাউন টাউন ৰাজহুৱা বক্তৃতা আৰু এটি বঁটা প্ৰদান অনুষ্ঠানেৰে সম্পন্ন কৰা হয় । দিনটোৰ পূৰ্বভাগত, পুৱা ১০ বজাত হাস্পতালৰ অডিট’ৰিয়ামত ৩৭ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ডাউন টাউন নিউজলেটাৰৰ ৬৭তম সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰে অনুষ্ঠানৰ মুখ্য অতিথি জ্যেষ্ঠ সাংবাদিক আৰু ‘দ্য আসাম ট্ৰিবিউন’ৰ পূৰ্বৰ কাৰ্যনিৰ্বাহী সম্পাদক শ্ৰী…
Read More
কংগ্ৰেছৰ পৰা পদত্যাগ ভূপেন বৰাৰ

কংগ্ৰেছৰ পৰা পদত্যাগ ভূপেন বৰাৰ

বিধানসভা নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমৰ ৰাজনীতিত ধুমুহা।‌ কংগ্রেছ এৰিলে  প্ৰাক্তন সভাপতি ভূপেন বৰাই। সোমবাৰে পুৱা ৮ বজাত অসন্তুষ্টি প্ৰকাশেৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী লৈ লিখিলে পদত্যাগ পত্র।
Read More
অসমবাসীলৈ কেইবাটাও উপহাৰ প্ৰধানমন্ত্ৰীৰ

অসমবাসীলৈ কেইবাটাও উপহাৰ প্ৰধানমন্ত্ৰীৰ

এদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহি অসমবাসীলৈ কেইবাটাও উপহাৰ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু  ৰাইজৰ বাবে মুকলি কৰাৰ লগতে  ৰাষ্ট্ৰীয় ডাটা চেণ্টাৰ, আই আই এম গুৱাহাটী ট্ৰানজিট কেম্পাছ উছৰ্গা আৰু ১০০খন বৈদ্যুতিক বাছৰ ফ্লেগ-অফ কৰি ৰাইজৰ বাবে মুকলি কৰে।
Read More