20
Feb
চেমচাঙে শেহতীয়া গেলেক্সি বুক৪ ছিৰিজ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যিয়ে ভাৰতীয় পিচি বজাৰত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সংকেত দিছে। এই বহুপ্ৰত্যাশিত ডিভাইচটোৰ বাবে প্ৰি-বুকিং আৰম্ভ হৈছে, এই গেলেক্সি বুক৪ ছিৰিজত অত্যাধুনিক প্ৰযুক্তি আৰু অতুলনীয় ব্যৱহাৰকাৰীৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চেমচাঙে।গেলেক্সি বুক৪ ছিৰিজত গ্ৰাহকৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা বুদ্ধিদীপ্ত পিচি প্ৰদান কৰাৰ চেমচাঙৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। এক নতুন বুদ্ধিদীপ্ত প্ৰচেছৰ আৰু এক জীৱন্ত ডিচপ্লেৰে সজ্জিত কৰা হৈছে। এই ডিভাইচে পিচি দৃশ্যপটত উৎপাদনশীলতা, গতিশীলতা আৰু পুনৰ সংযোগক নিৰ্ধাৰণ কৰিছে। ইয়াতচেমচাঙৰ এআই ক্ষমতাৰ কৌশলগত একত্ৰিকৰণ লাভ কৰিব গ্ৰাহকে, যাৰ ভিতৰত আছে ইণ্টেলৰ এআই পিচি এক্সেলেৰেচন(ত্বৰণ) কাৰ্যসূচী, অতুলনীয় প্ৰদৰ্শন আৰু দক্ষতা নিশ্চিতকৰণ ইত্যাদি।…
