শ্বিলং-ডাউকী পথত বৃহৎ ভূমিস্খলন: পাইনুৰ্ছলালৈ পথ যোগাযোগ বিচ্ছিন্ন

দেওবাৰে পুৱা মেঘালয়ৰ শ্বিলং-ডাউকী পথত সংঘটিত হোৱা এক বৃহৎ ভূমিস্খলনৰ ফলত লাইটলিংকট গাঁৱেৰে পাইনুৰ্ছলালৈ পথ যোগাযোগ ব্যাহত হৈছে।

চৰকাৰী সূত্ৰই জনোৱা মতে, নিৰ্মাণ কোম্পানীৰ এখন এক্সকেভেটৰ পাহাৰৰ পৰা বাগৰি পৰিলেও কোনো লোক হতাহত হোৱা নাই।

নেচনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড (NHIDCL)ৰ সূত্ৰই জিলা প্ৰশাসনক জনাইছে যে ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ পৰিমাণৰ বাবে মেৰামতি আৰু পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হ’বলৈ কেইবাদিনো লাগিব।

ৰাজহুৱা সুৰক্ষা আৰু চলি থকা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে লাইটলিংকট গাঁৱৰ পৰা শ্বিলং-ডাউকী পথটো সকলো ৰাজহুৱা আৰু যান-বাহনৰ চলাচলৰ বাবে তৎকালীনভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে।

কৰ্তৃপক্ষই যাত্ৰী আৰু পৰ্যটকসকলক বন্ধৰ সময়ছোৱাত লাইটলিংকট গাঁৱৰ সিপাৰে শ্বিলং-ডাউকী পথেৰে যাত্ৰা নকৰিবলৈ আৰু পৰৱৰ্তী তথ্যৰ বাবে চৰকাৰী জাননী অনুসৰণ কৰিবলৈ পৰামৰ্শ দিছে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *