উত্তৰ-পূৱ

বাইহাটা চাৰিআলিৰ পাত্ৰপুৰত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি

বাইহাটা চাৰিআলিৰ পাত্ৰপুৰত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি

 কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটবৰ্তি পাত্ৰপুৰ গাঁ‌ৱত হেঁপাহৰ ৰঙালী বিহুটি পালনৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে । পাত্ৰপুৰ ৰাইজৰ উদ্যোগত ১৪ নং পাত্ৰপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত ২ ব'হাগত একাদশ বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ বাবে ৰাইজ ব্যস্ত হৈ পৰিছে । বিহু উদযাপনৰ বাবে জ্যোতিষ ডেকাক সভাপতি,বিশ্বজিৎ ডেকাক উপ সভাপতি,প্ৰান্তিক ডেকা,সঞ্জয় ডেকাক সম্পাদক,মৃদুল ডেকা,নয়ন বৈশ্যক সহঃ সম্পাদক ,ধৰ্মেন্দ্ৰ বৰুৱা,হিৰক ডেকাক হিচাপ পৰীক্ষক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে । ৰঙালী বিহু উদযাপনৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা উদযাপন সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।
Read More
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ

দেশত হৈ থকা মূল্যবৃদ্ধিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে DA (Dearness Allowance) বৃদ্ধিৰ ঘোষণা কৰিছে। যাৰ ফলত  কেন্দ্ৰীয় কৰ্মচাৰী সকলৰ DA  ৩১ শতাংশৰ পৰা ৩৪ শতাংশলৈ বৃদ্ধি পায়। কেন্দ্ৰীয় কেবিনেটে সপ্তম দৰমহা আয়োগৰ আধাৰত দৰমহা আৰু পেঞ্চন লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক দিয়া DA(Dearness Allowance), DR (Dearness Relief)  তিনি শতাংশ বৃদ্ধিত অনুমোদন জনাইছে। এই বৃদ্ধি কাৰ্যকৰী হোৱাৰ পিছত, কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক বৰ্তমানৰ DA ৩১  শতাংশৰ পৰিৱৰ্তে ৩৪  শতাংশ লাভ কৰিব।
Read More
নিৰ্বাচনৰ পূৰ্বেই প্ৰমোদ বড়োৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

নিৰ্বাচনৰ পূৰ্বেই প্ৰমোদ বড়োৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষনত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বিষ্ফোৰক মন্তব্য ৷  পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰীক আগতীয়াকৈ অভিনন্দন জনালে মুখ্যমন্ত্ৰী,বিজেপিৰ ৰাজ্যিক সভাপতি আৰু অগপ আৰু বিপিএফৰ বিধায়কসকলক ৷  দুয়োগৰাকী প্ৰাৰ্থী ৰাজ্যসভাত জিকি অসম তথা বিটিআৰৰ সমস্যাকলৈ দিল্লীত উপস্থাপন কৰিব বুলিও মন্তব্য৷ তেওঁ কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতিত নতুন মাত্ৰা আৰু নতুন দিগন্তৰ সূচনা ঘটাইছে ৷
Read More
অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে শক্তিশালী ৰাজনৈতিক ইচ্ছা প্ৰদৰ্শিত

অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে শক্তিশালী ৰাজনৈতিক ইচ্ছা প্ৰদৰ্শিত

 ৰাষ্ট্ৰীয় সীমা বিবাদৰ মুঠ বাৰখন ক্ষেত্ৰৰ ভিতৰৰ ছখন ক্ষেত্ৰৰ বিবাদ নিষ্পত্তি কৰিবলৈ আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহৰ উপস্থিতিত এখন ঐতিহাসিক চুক্তিত হস্তাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ পূৰ্বোত্তৰৰ ভিজন সম্পূৰ্ণ কৰাৰ দিশত এয়া আৰু এটা মাইলৰ খুটি। এই উপলক্ষে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, অসম চৰকা আৰু মেঘালয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী  অমিত শ্বাহে কয় যে আজিৰ দিনটো এক বিবাদমুক্ত নৰ্থইষ্টৰ বাবে ঐতিহাসিক দিন। তেওঁ কয় যে ২০১৪ত যেতিয়া  নৰেন্দ্ৰ মোদীজী দেশৰ প্ৰধানমন্ত্ৰী হয়, তেতিয়াৰে পৰা মোদীজীয়ে নৰ্থইষ্টৰ শান্তি প্ৰক্ৰিয়া, বিকাশ, সমৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্যৰ সংবৰ্ধনৰ বাবে অনেক প্ৰয়াস কৰিছে, যাৰ আমি সকলো…
Read More
নেডাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত নিউজিলেণ্ডৰ জয়

নেডাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত নিউজিলেণ্ডৰ জয়

ৰাষ্ট্ৰীয় ক্ৰিকেট খেলত নেডাৰলেণ্ডক সাত উইকেটত পৰাস্ত কৰে। ইয়ঙে অপৰাজিত ১০৩ ৰান সংগ্ৰহ কৰে আৰু হেনৰী নিকোলছৰ (৫৭) সৈতে দ্বিতীয় উইকেটৰ বাবে ১৬২ ৰানৰ অংশীদাৰী ত্বৰান্বিত কৰে, যাৰ ফলত নিউজিলেণ্ডে ৩৮.৩ অভাৰত তিনি উইকেটত ২০৪ ৰান সংগ্ৰহ কৰি সহজ জয় নিশ্চিত কৰে। ইয়াৰ পূৰ্বে প্ৰথমখন এদিনীয়া খেলি থকা ফাষ্ট বলাৰ ব্লেয়াৰ টিকনাৰে ৫০ ৰানত চাৰিটা আৰু কাইল জেমিছনে ৪৫ ৰানত তিনিটা উইকেট লৈ নেডাৰলেণ্ডক ৪৯.৪ অভাৰত ২০২ ৰানত অলআউট কৰাত সহায় কৰে। নেডাৰলেণ্ডে এটা সময়ত পাঁচ উইকেটত ৪৫ ৰান কৰে, যাৰ পিছত মাইকেল ৰিপন আৰু অধিনায়ক পিটাৰ চিলাৰে ষষ্ঠ উইকেটৰ বাবে ৮০ ৰান যোগ কৰে। ৰিপনে ৬৭ ৰান কৰে আৰু…
Read More
সুৰজিৎ একাডেমীত বিশ্ব থিয়েটাৰ দিৱস পালন

সুৰজিৎ একাডেমীত বিশ্ব থিয়েটাৰ দিৱস পালন

আজি বিশ্ব থিয়েটাৰ দিৱস। বিশ্ব থিয়েটাৰ দিৱস হৈছে ২৭ মাৰ্চত উদযাপন কৰা এক আন্তৰ্জাতিক উৎসৱ পালন। ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান আইটিআইৰ দ্বাৰা বিশ্ব থিয়েটাৰ দিৱস আৰম্ভ কৰা হৈছিল।আইটিআই কেন্দ্ৰ আৰু আন্তৰ্জাতিক থিয়েটাৰ সম্প্ৰদায়ৰ দ্বাৰা ২৭ মাৰ্চত বাৰ্ষিক ভাৱে উদযাপন কৰে। এই উপলক্ষে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ অনুষ্ঠানে আয়োজন কৰি আহিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তাৰ প্ৰচলন যাৰ জৰিয়তে আইটিআইৰ আমন্ত্ৰণত, বিশ্বৰ মৰ্যাদাৰ এক ব্যক্তিয়ে থিয়েটাৰ আৰু শান্তিৰ সংস্কৃতিৰ বিষয়বস্তুৰ ওপৰত প্ৰতিফলন ভাগ বতৰা কৰা। এইবাৰ বিশ্ব থিয়েটাৰ দিৱস ২০২২ ৰ মুখ্য লক্ষ্য হৈছে থিয়েটাৰক সকলো ধৰণৰ প্ৰচাৰ কৰা, থিয়েটাৰ মূল্যৰ বিষয়ে লোকসকলক সজাগ কৰা,…
Read More
এদিনীয়া মহিলা বিশ্বকাপত অভিযান অন্ত টীম ইণ্ডিয়াৰ

এদিনীয়া মহিলা বিশ্বকাপত অভিযান অন্ত টীম ইণ্ডিয়াৰ

ক্মিগনন ডু প্ৰিজে (৫২ অপৰাজিত) অন্তিম বলটোত মৰা বাউণ্ডেৰীৰ সহায়ত দক্ষিণ আফ্ৰিকাই আইচিচি মহিলা বিশ্বকাপ ২০২২ত ভাৰতীয় ক্ৰিকেট দলটোৰ বিৰুদ্ধে জয় লাভ কৰে আৰু এই পৰাজয়ৰ পিছত বিশ্বকাপত টীম ইণ্ডিয়াৰ যাত্ৰা ইতি পৰে। প্ৰতিযোগিতাখনৰ অন্তিম লীগ পৰ্যায়ত ভাৰতে দক্ষিণ আফ্ৰিকাৰ হাতত তিনিটা উইকেটত পৰাজিত হৈছিল। ক্ৰিষ্টচাৰ্চত খেলা খেলখনত ভাৰতে প্ৰথমে বেটিং কৰে আৰু ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৭৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই অন্তিম বলটোত সাতটা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে। আইচিচি বিশ্বকাপ ২০২২ ত ভাৰতীয় মহিলাৰ যাত্ৰা সমাপ্ত হৈছে। ছেমি ফাইনেলত উপনীত হোৱা ৱেষ্ট ইণ্ডিজ চতুৰ্থ দল হৈ পৰিছে।
Read More
অসমৰ লোক কলা পুতলা নাচক

অসমৰ লোক কলা পুতলা নাচক

মুকাক পাপেট থিয়েটাৰে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা স্কলাৰশ্বিপ প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতাই হেৰাই যাব ধৰা কলা পুতলা নাচকো পুন:ৰ্জীৱিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। মুকাক পাপেট থিয়েটাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আৰ্থিক অনুদানত পুতলা নাচৰ মাধ্যমত বিনীতা দেৱীৰ পৰিচালনাত "অঙ্কীয়া নাট ৰাম বিজয়" শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত  অলপতে অনুষ্ঠিত হৈ যায় । অঙ্কীয়া নাট খন উদ্ধোধন কৰে শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড. ময়ুৰী শৰ্মাই । ড. ময়ুৰী শৰ্মাই উদ্ধোধনী ভাষণত পুতলা নাচ শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত পথ। শিশু সকলক পাঠ্যক্ৰমৰ অধ্যায় সমূহ সুন্দৰকৈ নাটকীয় ভাৱে পুতলা নাট…
Read More
সৰুসজাই ষ্টেডিয়ামত প্রথম বাৰৰ বাবে  তিনিদিনীয়াকৈ সীমান্ত ক্ৰীড়া মহোৎসৱৰ আয়োজন

সৰুসজাই ষ্টেডিয়ামত প্রথম বাৰৰ বাবে তিনিদিনীয়াকৈ সীমান্ত ক্ৰীড়া মহোৎসৱৰ আয়োজন

 উত্তৰ পূৰ্বাঞ্চলৰ  আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা , একতা আৰু উন্নয়নৰ বাবে কাম কৰি অৰাজনৈতিক সামাজিক , সাংস্কৃতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিয়ে অহা ৪ - ৬ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে " সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২ " অনুষ্ঠিত কৰিব । আজি  সৰুসজাই ষ্টেডিয়ামৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সুজল বৰদলৈয়ে । সংবাদ মেলত সুজল বৰদলৈয়ে কয় আগন্তক ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা  ১৫ কিঃমিঃ ভিতৰৰ   ৯ খন জিলা ক্ৰমে - ধুবুৰী , কৰিমগঞ্জ , কাছাৰ , দক্ষিণ শালমাৰা   , কোকৰাঝাৰ , চিৰাং , বাগছা , তামুলপুৰ আৰু …
Read More
আজিৰ পৰা আই পি এল, CSK Vs KKR

আজিৰ পৰা আই পি এল, CSK Vs KKR

আজি সন্ধিয়া ৭.৩০বজাৰ পৰা আৰম্ভ হব আই পি এল ২০২২। এইবেলি ছিজনত ১০টা দলে অংশ গ্ৰহণ কৰিছে। ২০২২ ছিজনত আই পি এলত নতুনকৈ সংযোজন হোৱা দুটা দল হৈছে গুজৰাট আৰু লক্ষ্ণৌৰ। আই পি এল ২০২২ত প্ৰথম খন খেলত চি এছ কেৰ বিৰুদ্ধে ৰণ নামিব কে কে আৰ।
Read More