07
Sep
"শিক্ষক দিৱস"ৰ দৰে গুৰুত্বপূৰ্ণ দিনটোতে ধেমাজি জিলাৰ গোগামুখৰ ৰাজেন বণিয়া নামৰ শিক্ষকজনে দীৰ্ঘদিনীয়া বঞ্চনাৰ সন্মুখীন হৈ অত্মহত্যাৰ পথ বাচি ল'বলগীয়া হৈছে। এই হৃদয়বিদাৰক ঘটনাত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু এয়া চৰকাৰৰ শিক্ষা আৰু শিক্ষক বিৰোধী নীতিৰ পৰিনামৰ ফলত হোৱা এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী সকলক দীৰ্ঘদিনে বঞ্চনা কৰি আহিছে। শিক্ষক, যুৱ-ছাত্ৰকে ধৰি কোনো সংগঠনৰ প্ৰতিবাদকে ভ্ৰুক্ষেপ নকৰি চৰকাৰৰখনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ নকৰে বুলি ৰাজহুৱা ঘোষণা কৰিছে। দীৰ্ঘদিনে এটকা মাননি নোপোৱাকৈ শিক্ষাদানৰ দৰে মহান কামত ব্যস্ত থকা শিক্ষাগুৰুসকল…
