উত্তৰ-পূৱ

টীয়কৰ শিমলুগুৰি কৈৱত্ত গাঁৱত অঘটন

জাঁজীনদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল এগৰাকী ২৩ বছৰীয়া মহিলা। শিৱানী দাস নামৰ গৌৰীসাগৰ বেজগাওঁৰ নিৰ্মল দাসৰ পত্নী শিমলুগুৰিৰ পিতৃগৃহৰ পৰা সন্ধানহীন হৈ আছিল মহিলা গৰাকী। উল্লেখযোগ্য যে পুৱা জাঁজী নদীত গা ধুবলৈ গৈ কাপোৰ, বাল্টি নৈৰ পাৰতে এৰি সন্ধানহীন হৈ আছিল। দুটি কণমানি সন্তানৰ মাতৃ শিৱানী দাসে ১০ দিনৰ পূৰ্বে স্বামীৰ সৈতে তৰ্কত লিপ্ত হয় মাতৃগৃহত আশ্ৰয় লৈ আছিল। বৰ্তমান যোৰহাটৰ পৰা অহা এচ ডি আৰ এফৰ দলে কালিৰে পৰা অভিযান চলাই আছ যদিও সন্ধান পোৱা নাছিল মহিলাগৰাকীৰ মৃত দেহ। এইদৰে এগৰাকী মহিলাৰ আকস্মিক ভাবে সন্ধানহীন ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰি আছিল । কিন্তু আজি বিয়লি অভিযান কালত মহিলা…
Read More

মৈৰাবাৰী ৰেলৱে কৰ্তৃপক্ষৰ অধীনত থকা চৰকাৰী মাটিত উচ্ছেদ প্ৰশাসনৰ

ইমান দিনে পৰিত্যক্ত অৱস্থাত থকা মৈৰাবাৰী ৰেলৱেৰ অধীনৰ চৰকাৰী আবাস গৃহ সমূহ আজি ডি আৰ এমৰ নিৰ্দেশ মৰ্মে ৰেলৱে কৰ্তৃপক্ষই মৈৰাবাৰী আৰক্ষীৰ সহযোগত উচ্ছেদ কৰে।উল্লেখ যে মৈৰাবাৰী ৰেল ষ্টেচনৰ আহে পাশে অৱস্থিত ৰেলৱে আবাস গৃহ সমূহ ইমান দিনে অঞ্চলটোৰে একাংশ লোকে অবৈধ বাবে দখল কৰি চলাই আছিল অসমাজিক কাম কাজ।মদ, জুৱা,দেহ ব্যৱসায় আদিৰ দৰে জঘন্য কাম কাজবোৰ আৰক্ষীৰ চকুত ধূলি দি একাংশ লোকে চলাই থকা বুলি স্থানীয় অভিযোগ উত্থাপন কৰিছিল।ডি আৰ এমৰ নিৰ্দেশ মৰ্মে পিছলৈ মৈৰাবাৰী আৰক্ষীয়ে অবৈধ বাবে দখল কৰি থকা লোক সকলক উচ্ছেদ কৰি ৰেলৱে আবাস গৃহ সমূহ খালি কৰাৰ লগতে অবৈধ দখলকাৰী সকলক ৰেলৱে আবাস গৃহ খালি…
Read More

নামৰূপত আছুৰ পুত্তলিকা দাহ

কেন্দ্ৰীয় চৰকাৰে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানা বিক্ৰী কৰাৰ যি সিদ্ধান্ত গ্ৰহন কৰিছে তাৰ প্ৰতিবাদত ডিব্ৰুগড় জিলা আছুৰ আহ্বান মৰ্মে নামৰূপ আছুৰ উদ্যোগত নামৰূপ সাৰকাৰখানা প্ৰবেশ দ্বাৰ সম্মুখত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।আছুৰ দাবী যেতিয়া লৈকে কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানা বিক্ৰী কৰা সিদ্ধান্ত বাতিল নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিম বুলি হুংকাৰ প্ৰদান কৰে।
Read More

ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত অবস্থাত দাউ দাউকৈ জ্বলি উঠিল এখন ট্ৰাক

ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত অবস্থাত দাউ দাউকৈ জ্বলি উঠিল এখন ট্ৰাক । ৰহস্যজনক ঘটনাটো সংঘটিত হৈছে ৰাণীঘাট - কালাইন ৰাষ্ট্ৰীয় ঘাইপথতৰ ৰাণীঘাট এলাকাত। অবশেষত স্থানীয় ৰাইজৰ সহযোগত বহু প্ৰচেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও কি কাৰণত এনেদৰে জ্বলি উঠিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Read More

দক্ষিণ কামৰূপৰ সোণতলীৰ চাউৰদিয়াত জৰাজীৰ্ণ দলং

দক্ষিণ কামৰূপৰ সোণতলীৰ চাউৰদিয়াত জৰাজীৰ্ণ দলং৷ বিপদসংকুল যাতায়াত ৰাইজৰ৷ কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ৷ চৰম অৱহেলা জনপ্ৰতিনিধিৰ৷উল্লেখযোগ্য যে বকো সমষ্টি আৰু চেঙা সমষ্টিৰ ৰাইজৰ যাতায়াত একমাত্ৰ পথ৷ বোকাময় পথটোত আছে দুখনকৈ বিপদসংকুল দলং৷ জৰাজীৰ্ণ দলংখনেৰে দৈনিক বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে দুয়োখন সমষ্টিৰ সীমান্তৱৰ্তী ৰাইজে৷ বকো সমষ্টিৰ চাউৰদিয়া, ৰৌমাৰী, সোণতলী সত্ৰ, পাথালিপাৰা, গৰৈমাৰী বিলৰজান, লটৰীয়াদিয়া, সৰু আৰিকাটি, বৰঘোল, পানীখাইতী আনহাতে বৰপেটা জিলাৰ মৰিচাকান্দি চৰ, লক্ষীপুৰ চৰ, কাছুমামাৰা, আণ্ডাভাংগা, কাছিমপুৰ, ম'হচৰা, শিমুলবাৰী আদিকে ধৰি প্রায় ৪০খনতকৈ অধিক গাঁৱৰ ৰাইজে যাতায়াত অব্যাহত ৰাখিছে এই দলং দুখনেৰে৷ কণ কণ শিশুৰ লগতে স্কুল-কলেজীয়া ছাত্র-ছাত্রীয়ে দৈনিক বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে মৰণফান্দ সদৃশ সাঁকোৰে৷অতি দুৰ্বল তথা…
Read More
শ্বপিং মলৰ কৰ্মচাৰী ৰাহুল দাসৰ গ্ৰন্থ উন্মোচন : ৰাহুলে এদিন আকাশ  চুব -ৰমণী মোহন বৰুৱা ।

শ্বপিং মলৰ কৰ্মচাৰী ৰাহুল দাসৰ গ্ৰন্থ উন্মোচন : ৰাহুলে এদিন আকাশ  চুব -ৰমণী মোহন বৰুৱা ।

নিজৰ একান্ত চেষ্টা আৰু একাগ্ৰতাৰ থাকিলে মানুহে নিজৰ সপোন চুব পাৰে ।মানুহে  কষ্ট সাধনাত ব্ৰতী হলেহে   সাহিত্য সৃষ্টি কৰিব পাৰে।এই মন্তব্য আগবঢ়াই জ্যেষ্ঠ  অধিবক্তা ৰমণী মোহন বৰুৱাই। উল্লেখযোগ্য যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত ভাষা প্ৰকাশনৰ  উদ্যোগত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত তৰুণ প্ৰজন্মৰ লেখক  ৰাহুল দাসৰ   "আউসী নিশাৰ তেজাল  জোনাক" শীৰ্ষক উপন্যাস খন উন্মোচন কৰি লেখক বৰুৱাই এই মন্তব্য আগবঢ়াই। নিজৰ ভাষণত অধিবক্তা বৰুৱাই লেখক ৰাহুল দাসে কিদৰে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰি থাকিও সাহিত্য সাধনাত ব্ৰতী হৈছে তাক সাৱলীল ভাবে প্ৰকাশ কৰে। নিজৰ বক্তব্যত ৰমণী মোহন বৰুৱাই  অসমীয়া ভাষা আৰু সাহিত্যৰ শংকৰ সময়ত ৰাহুল দাসৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠানত কাম…
Read More
অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণঃ মুখত কলা কাপোৰ বান্ধি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ বিক্ষোভ

অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণঃ মুখত কলা কাপোৰ বান্ধি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ বিক্ষোভ

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠিল ৰাজ্যৰ সাংবাদিক সমাজ৷ ন্যায় প্ৰদানৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰিলে দুই শতাধিক সাংবাদিকে৷ মুখত কলা কাপোৰ বান্ধি সাংবাদিক নিৰ্যাতনৰ ঘটনাক ধিক্কাৰ জনায় প্ৰতিবাদত অংশ লোৱা প্ৰতিগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীয়ে৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ আৰক্ষীৰ ময়মতালী নচলিব, সাংবাদিক সুৰক্ষা আইন প্ৰনয়ন কৰক, সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহব, অভিযুক্তৰ পক্ষ লোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লওক, নিৰ্যাতিত সাংবাদিক বনজিৎ ঠাকুৰীয়াক ন্যায় প্ৰদান কৰক, সাংবাদিকৰ নিৰপত্তা নিশ্চিত কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াই ৭ ছেপ্তেম্বৰৰ নিশা বাতৰি সংগ্ৰহৰ বাবে যাওতেই শাৰীৰিক নিৰ্যাতনৰ বলি…
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মবাৰ্ষিকী উদযাপন

গুৱাহাটী বিশ্ববিদ্যালয়ত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মবাৰ্ষিকী উদযাপন

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ  গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাস প্ৰাংগণত ৮ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাস আৰু ইন্দিৰা মিৰি ২নং দুমহলীয়া ছাত্ৰীনিৱাসৰ যৌথ উদ্যোগত বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মবার্ষিকী উলহ-মালহেৰে উদযাপন কৰা হয়। লগতে সুধাকন্ঠৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি ভূপেন্দ্ৰ সংগীত আৰু ভূপেন হাজৰিকাৰ গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাসৰ অধীক্ষক ড° প্ৰাঞ্জল শইকীয়াৰ দ্বাৰা সুধাকন্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পিছতে পৰিবেশন কৰা হয় বিশ্ববিদ্যালয়ৰ সংগীত 'জিলিকাব লুইতৰে পাৰ'। তাৰপিছত অনুষ্ঠানটোৰ মঞ্চ আনুষ্ঠানিকভাবে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ  কাকতিয়ে । চমু ভাষণত ডঃ কাকতিয়ে …
Read More
১১ ছেপ্টেম্বৰৰ ফাইনেলত  শ্ৰীলংকাৰে মুখামুখি হ’ব পাকিস্তান

১১ ছেপ্টেম্বৰৰ ফাইনেলত  শ্ৰীলংকাৰে মুখামুখি হ’ব পাকিস্তান

শাদাব খানৰ অলৰাউণ্ড খেল আৰু প্ৰবল চাপৰ মুহূৰ্তত নাছিম শ্বাহৰ দুটা ছয়ে (চাৰিটা বলত ১৪ নট আউট) বুধবাৰে এছিয়া কাপ টি-২০ টুৰ্ণামেণ্টৰ ছুপাৰ ৪ মেচত পাকিস্তাননে আফগানিস্তানক এটা উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। প্লেয়াৰ অব দ্য মেচ শাদাবে চাৰি অভাৰত ২৭ ৰানত এটা উইকেট লোৱাৰ পিছত ২৬ টা বলত ৩৬ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। তেওঁ ইফতেখাৰ আহমেদৰ (৩০ ৰাণ) সৈতে চতুৰ্থ উইকেটৰ বাবে ৪২ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব কৰে। পাকিস্তানৰ এই ৰোমাঞ্চকৰ বিজয়ৰ সৈতে, আফগানিস্তানৰ সৈতে ভাৰতীয় দলটোও ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে। ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ফাইনেলত পাকিস্তানে শ্ৰীলংকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কম স্ক'ৰৰ সৈতে এই অতি ৰোমাঞ্চকৰ…
Read More
অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা

অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা

অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াই নিশা বাতৰি সংগ্ৰহৰ বাবে যাওতেই আক্ৰমণৰ বলি হোৱা ঘটনাত আজি গভীৰ উদ্দ্যেগ প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাই৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মহানগৰীৰ বহু সংখ্যক সাংবাদিক সংবাদকৰ্মী উপস্থিত থাকি জেষ্ঠ সাংবাদিক ঠাকুৰীয়াৰ আক্ৰমণকাৰীক ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷ লগতে আক্ৰমণৰ সম্মূখীন হোৱা ঠাকুৰীয়াকহে অভিযুক্ত সজাই চানমাৰি আৰক্ষীয়ে পক্ষপাতমূলক আচৰন গ্ৰহন কৰাক লৈয়ো প্ৰতিবাদী সভাই গভীৰ উদ্দেগ প্ৰকাশ কৰি আৰক্ষীৰ এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহনা দিয়ে৷ আজিৰ সভাই এই সমগ্ৰ ঘটনাটো এক স্মাৰকপত্ৰ যোগে গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰীক অবাগত কৰি তেওঁৰ…
Read More