অসম

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দর্ভত মুখ্যমন্ত্ৰীক এছ আই টিৰ প্ৰতিবেদন দাখিল

লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ সন্দর্ভত তদন্তৰ বাবে মুখ্যমন্ত্রীয়ে যি এছ আই টি গঠন কৰিছিল, সেই এছ আই টিয়ে তদন্ত সম্পূর্ণ কৰি নির্ধাৰিত সময়ত অর্থাৎ ১০ ছেপ্টেম্বৰত প্রতিবেদন দাখিল কৰে। এই এছ আই টিত আছিল আৰক্ষী বিষয়া ৰ'জী কলিতা, মুন্নাপ্রসাদ গুপ্তা, মৈত্রেয়ী ডেকা আৰু প্রণৱজ্যোতি গোস্বামী। তেওঁলোকে যোৱা কে'বামাহ ধৰি তদন্ত চলাই ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্রীক সাক্ষাৎ কৰি এছ আই টিৰ প্রতিবেদন দাখিল কৰে। এই প্রতিবেদনত কি আছে সেয়া পোহৰলৈ অহা নাই যদিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে যে প্রতিবেদনখন অধ্যয়ন কৰি এই সন্দর্ভত তথ্য ৰাজহুৱা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে যে ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম…
Read More
ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম ‘সমন্বয় তীৰ্থ’

ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নতুন নাম ‘সমন্বয় তীৰ্থ’

এবছৰীয়া কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰিছে চৰকাৰে। ইয়াৰ মাজতে হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম সলনি কৰে চৰকাৰে। এতিয়াৰ পৰা নতুন নাম সমন্বয় তীৰ্থ।এতিয়াৰ পৰা সমাধি ক্ষেত্ৰখনক ‘সমন্বয় তীৰ্থ’ হিচাপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।হাজৰিকাৰ জন্মতিথি উপলক্ষে আজি চৰকাৰৰ উদ্যোগত সমাধিস্থলীত এক বিশেষ অনুষ্ঠানৰ আয়োজন হয়। য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী বিমল বৰাকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই বিভিন্ন দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে।
Read More
সাংস্কৃতিক কাৰ্যসূচীৰে সৰগম সংগীত বিদ্যালয়ৰ প্রতিষ্ঠা দিৱস পালন

সাংস্কৃতিক কাৰ্যসূচীৰে সৰগম সংগীত বিদ্যালয়ৰ প্রতিষ্ঠা দিৱস পালন

গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্রিক মহাবিদ্যালয় চৌহদৰ সৰগম সংগীত বিদ্যালয়ৰ ২৪ সংখ্যক বার্ষিক প্রতিষ্ঠা দিবস দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। বিদ্যালয় প্রাঙ্গনত পতাকা উত্তোলন কৰে প্রতিষ্ঠা দিবস উদযাপন সমিতিৰ সভাপতি ডঃ অৰূপ কুমাৰ শর্মাই। বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্র বৈশ্যই সঞ্চালনা কৰা পতাকা উত্তোলন কার্যসূচীত উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ডঃ যোগেন চন্দ্ৰ কলিতা, উপদেষ্টা ৰমাকান্ত শৰ্মা বৰদলৈ আৰু কার্যকৰী সভাপতি ডঃ প্রশান্ত শর্মা উপস্থিত আছিল। প্রতিষ্ঠা দিৱসৰ দ্বিতীয় দিনৰ বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক কার্যসূচী ৩০ আগষ্টত গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত ফ্রেমাৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। বস্তি প্রজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী ডঃ ৰমেন চৌধুৰী, সাহিত্য অকাডেমি বঁটাপ্রাপক শিশু-সাহিত্যিক…
Read More
নেপালত নিষিদ্ধ ফেচবুক, এক্স, ইনষ্টাগ্ৰাম- ইউটিউব

নেপালত নিষিদ্ধ ফেচবুক, এক্স, ইনষ্টাগ্ৰাম- ইউটিউব

নেপালে ফেচবুক, এক্স, ইনষ্টাগ্ৰাম, ইউটিউব আদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰিছে। নেপাল চৰকাৰে বৃহস্পতিবাৰে (৫ ছেপ্টেম্বৰ) কয় যে ফেচবুক, এক্স, ইউটিউবকে ধৰি অধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্লক কৰা হৈছে কাৰণ এই কোম্পানীসমূহে চৰকাৰত পঞ্জীয়ন কৰিবলৈ প্ৰয়োজনীয় নিয়ম মানি চলা নাই। মন্ত্ৰালয়ে জাৰি কৰা জাননীত কোৱা হৈছে যে এই ছ’চিয়েল মিডিয়া কোম্পানীসমূহক ২৮ আগষ্টৰ পৰা পঞ্জীয়ন কৰিবলৈ সাত দিনৰ সময় দিয়া হৈছে। মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে নিশা সময়সীমা শেষ হোৱাৰ সময়তো কোনো ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মে আবেদন দাখিল কৰা নাছিল। ইয়াৰ ভিতৰত আছে মেটা (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ), আলফাবেট (ইউটিউব), এক্স (পূৰ্বৰ টুইটাৰ), ৰেডিট আৰু লিংকডইন। অৱশ্যে মন্ত্ৰালয়ৰ তথ্য অনুসৰি টিকটক,…
Read More
বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ

বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। বুধবাৰে বিজয় দিৱসৰ পেৰেডত বৃহৎ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে। ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভাষণৰ পিছত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়। ইয়াৰ ভিতৰত আছিল পাৰমাণৱিক ক্ষমতাসম্পন্ন আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল। পেৰেডৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক একেলগে দেখা যায়। দ্বিতীয় বিশ্বযুদ্ধৰ শেষত জাপানে চীনৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হয়। এই পেৰেডক চীনৰ সামৰিক শক্তিৰ প্ৰদৰ্শন হিচাপেও দেখা গৈছে। পেৰেডৰ সময়ত চীনে বহু নতুন অস্ত্ৰ প্ৰদৰ্শন কৰে। পেৰেডত কিছু নতুন সৈন্যও আছিল, যিয়ে প্ৰথমবাৰৰ বাবে সমদল…
Read More
কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ দহটা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

কামাখ্যা মন্দিৰসহ গুৱাহাটীৰ দহটা স্থানত হিৰো এছিয়ান কাপ হকীৰ ট্ৰফী প্ৰদৰ্শন

বিহাৰৰ ৰাজগীৰত অহা ২৯ আগষ্টৰ পৰা আৰম্ভ হব এছিয়ান কাপ হকী - ২০২৫ প্ৰতিযোগিতা । প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত ২৫ আগষ্টত ৰাজধানী নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ট্ৰফীটো শুভ উদ্বোধন কৰিছিল ৷ এই ট্ৰফীটো দেশৰ ৬ খন ৰাজ্যৰ ৰাজধানী চহৰৰ ভিতৰত গুৱাহাটীৰ ১০ টা স্থানত মঙলবাৰে প্ৰথম প্ৰদৰ্শন কৰা হয়। আজি পুৱা ৮.২০ বজাত নতুন দিল্লীৰ পৰা বিমানত ট্ৰফীটো বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আহি পোৱাৰ পাছত বিমানবন্দৰত অসম অলিম্পিক সন্থাৰ কোষধ্যক্ষ অশোক কুমাৰ ভৰালীকে ধৰি সন্থাৰ একাংশ বিষয়ববীয়াই ট্ৰফীটো লৈ অনা বিহাৰ অলিম্পিক সন্থাৰ দলটোক আদৰণি জনায়। তাৰ পাছত পোনে পোনে ট্ৰফীটো শক্তিপীঠ কামাখ্যা মন্দিৰলৈ…
Read More
শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল যদিও এতিয়া ইয়াৰ সংখ্যা কমি আহিছে। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।মূলতঃ ৰাসায়নিক পদাৰ্থযুক্ত প্ৰাণীৰ মৃতদেহ ভক্ষণৰ বাবেই শগুনৰ মৃত্যু ঘটনা বিভিন্ন সময়ত আমি দেখি আহিছোঁ। যাৰ বাবে বিশেষজ্ঞসকলে সংৰক্ষণৰ প্ৰচেষ্টাত তৃণমূল পৰ্যায়ৰ লোকক অধিক জড়িত হোৱাৰ আহ্বান জনাইছে।শগুনৰ প্ৰধান খাদ্য হিচাপে পৰিগণিত জীৱ-জন্তুৰ মৃতদেহত ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী (NSAID) ঔষধ ব্যৱহাৰ কৰাৰ ফলতেই ৰাজ্যখনত ইয়াৰ জনসংখ্যা হ্ৰাস পোৱা পাবলৈ ধৰিছে।
Read More
এক মৰ্মান্তিক ঘটনা

এক মৰ্মান্তিক ঘটনা

এক মৰ্মান্তিক ঘটনা । পুৱাই পুত্ৰক বিদ্য়ালয়ত থবলৈ আহিছিল পিতৃ । পিতা-পুত্ৰই ঘৰৰ পৰা হাঁহিমুখে ওলাই আহিছিল । খগেন বৰুৱা (৪৫) নামৰ লোকজনে নিজৰ বাহনখনেৰেই পুত্ৰক লৈ বিদ্য়ালয়লৈ যাত্ৰা কৰাৰ সময়তেই ৰাজপথতেই ৰৈ আছিল মৃত্য়ুদূত । হঠাতেই ঘটিল কোনোৱে নভৱা হৃদয়বিদাৰক ঘটনাটো ।এই দুৰ্ঘটনাৰ ফলত খগেন বৰুৱাই চলাই যোৱা বাহনখন চুচূৰ্মৈ হৈ পৰে । আনহাতে ব'লেৰ' পিকআপখন পথৰ ওপৰতে বাগৰি পৰে ৷ বাহনত অহা মৰাণৰ পথালিবামৰ খগেন বৰুৱা আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা (১৩) থিতাতে নিহত হয় ৷চাৰিলেনযুক্ত পথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতে মৰাণত এটাৰ পাছত আন এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । ইয়াৰ মাজতে আজি পুনৰ এক…
Read More
২৫ আগষ্টৰ পৰা বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত মহিলা ক্ৰীড়া সমাৰোহ

২৫ আগষ্টৰ পৰা বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত মহিলা ক্ৰীড়া সমাৰোহ

সীমান্ত নিৰাপত্তা বাহিনী ( বি এছ এফ ) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত ২৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হব বি এছ এফৰ আন্তঃ কমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ। বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি সমাৰোহত জুদো, ৱেটলিফটিং, আৰ্মৰেষ্টলিং আৰু বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হব। আনহাতে সমাৰোহত মুঠ বি এছ এফৰ ১৪০ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লব। য'ত কেবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ আছে। ২৫ আগষ্টৰ দিনা পুৱা ৯ বজাত ক্ৰীড়া সমাৰোহখন আৰম্ভ হব ।
Read More
মুম্বাই বন্দৰ কৰ্তৃপক্ষই অসম চৰকাৰক চাৰি বিঘা ভূমি আবণ্টন: সৰ্বানন্দ সোণোৱাল

মুম্বাই বন্দৰ কৰ্তৃপক্ষই অসম চৰকাৰক চাৰি বিঘা ভূমি আবণ্টন: সৰ্বানন্দ সোণোৱাল

ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মুম্বাই বন্দৰ কৰ্তৃপক্ষই অসম চৰকাৰক চাৰি বিঘা (প্ৰায় ২.৫ একৰ) মাটি আবণ্টন দিছে বুলি দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰে। এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমি অসম চৰকাৰক ৬০ বছৰৰ বাবে পট্টাত আবণ্টন দিয়া হৈছে। তেওঁ কয় যে মুম্বাইৰ কোলাবাৰ এক প্ৰধান স্থানত অৱস্থিত এই ভূমিত ৰাজ্যখনৰ নাগৰিকৰ প্ৰত্যক্ষ সুবিধাৰ বাবে প্ৰয়োজনীয় ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ পথ মুকলি কৰিব। অসমৰ মুখ্য সচিবে ৰাইজৰ দীৰ্ঘম্যাদী প্ৰয়োজন পূৰণৰ বাবে এটা নিৰ্দিষ্ট কেন্দ্ৰ বা আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ভূমি আবণ্টন বিচাৰি কেন্দ্ৰীয় মন্ত্ৰালয়ক কৰা অনুৰোধৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Read More